চম্পাৱতী জলপ্ৰপাতৰ ইতিহাস : নগাওঁ জিলাৰ চাপানলা অঞ্চলত অৱস্থিত চম্পাৱতী জলপ্ৰপাত (Champawati waterfall) হৈছে অসমৰ অন্যতম বনভোজস্থলী বিলাকৰ ভিতৰত এখন। লেম্লেমী পাহাৰৰ শিলাময় বুকুত অৱস্থিত এই চম্পাৱতীলৈকে নৱেম্বৰ-ডিচেম্বৰ মাহত আগমন হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ বনভোজ দলৰ । চম্পাৱতীৰ গাতে লাগি থকা সেউজ পৰিৱেশত নিজৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ সৈতে যি এসাজঁ খাই পাইছে, সেই মাদকতা তেওঁ জীৱনত কেতিয়াও পাহৰিব নোৱাৰে।
চাপানলা – অসমৰ অন্যতম ঐতিহাসিক স্থান
এই চম্পাৱতীৰ লগতেই জড়িত হৈ আছে বহুতো লোক কাহিনী । সৰস্বতী পূজাৰ পিছদিনাৰ পৰা তিনিদিনীয়কৈ নগাওঁ জিলা প্ৰশাসনৰ সহযোগত চাপানলাবাসী ৰাইজে মহাকুণ্ড মেলাৰ আয়োজন কৰে । জনবিশ্বাস অনুযায়ী মাঘী সপ্তমীৰ দিনা চম্পাৱতী কুণ্ডত গা ধুলে পুণ্য অৰ্জন হয় লগতে বেমাৰ-আজাৰো নিৰাময় হয়৷ এই চম্পাৱতীৰ কথাই লিখিবলৈ গৈ আছো আজি। হংসধ্বজ ৰজাৰ জীয়ৰী চম্পাৱতীৰ কথা। ব্ৰহ্মপুত্ৰৰ হ’বলগীয়া কইনা (ভাবী পত্নী) চম্পাৱতীৰ কথা। কথিত আছে যে যিদিনা বহ্মপুত্ৰ চম্পাৱতীৰ বিয়া হ’ব, সেইদিনাই নগাওঁ চনগাওঁ হ’ব।
যাতায়ত
এই স্থানত উপস্থিত হ’বলৈ যদিও কেইবাটাও পথ আছে, প্ৰধানকৈ ব্যৱহৃত হয় দুটা পথ- এটা হৈছে কঠীয়াতলী-বঢ়মপুৰ-বামুনী হৈ আৰু আনটো হৈছে পুৰণিগুদাম গড়মূৰৰ পৰা চলচলি বালিজুৰি হৈ চাপানলা যোৱা পথটো। নগাঁও চহৰৰ পৰা ২২-২৩ কিল’মিটাৰ আঁতৰত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চামগুৰি ৷ তাৰ উত্তৰ-পূব দিশত কাৰ্বি আংলঙৰ পাহাৰবোৰ, তাৰ পৰাই ওলাই আহিছে চম্পাৱতীৰ জলধাৰা৷ নগাওঁ টাউনৰ পৰা চম্পাৱতী জলপ্ৰপাত পাবলৈ গাড়ী বা মটৰ চাইকেলত সময় লাগে প্ৰায় ১ ঘন্টা।
চম্পাৱতী জলপ্ৰপাতৰ বনভোজস্থলীৰ সন্মুখতে আছে আছাম টুৰিজমে বাঁহৰ সাঁচত নিৰ্মাণ কৰা এখন গে’ট যাৰ সোঁমাজতে লিখা আছে চম্পাৱতী বনভোজথলী, নগাঁও, অসম৷ তোৰণখনৰ সোঁকাষে জিৰণি চ’ৰাসহ এটা ৰখীয়া গৃহ৷ ইয়াতেই বনভোজৰ বতৰত পাৰ্কিং ফ্ৰি বা এনট্ৰি ফ্ৰি সংগ্ৰহ কৰা হয়। ইয়াৰ পৰা বাওহাতে সোমাই গ’লেই দেখা যায় পাহাৰৰ পাদদেশেৰে বৈ যোৱা নৈ এখন৷ নৈৰ পাৰে পাৰে বহাৰ ব্যৱস্থা হিচাপে পকী বেঞ্চ কিছুমান৷ সেউজীয়া টিনপাতেৰে কেইবাটাও ৱেইটিং শ্বেড আৰু ফুটপাথো সজা আছে৷ এই ঠাইৰ পৰা ২-২.৫ কিল’মিটাৰ আগলৈ গ’লেই পোৱা যায় চম্পাৱতী জলপ্ৰপাত৷ কিন্তু এই পথ মুঠেই মসৃণ নহয়। খোজকাঢ়ি অতিক্ৰম কৰিব লগা পাহাৰীয়া, শিলাময় এই পথেৰে চম্পাৱতী জলপ্ৰপাত পাবলৈ লাগে প্ৰায় একৰ পৰা দেৰ ঘণ্টা সময়। কিন্তু অকণমান কষ্ট কৰি ২-২.৫ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰিলেই দেখা যায়, শব্দৰে বৰ্ণনা কৰিব নোৱাৰা এক দৃশ্য। আচলতে প্ৰকৃতিৰ সৰ্বোত্তম আৰু সুন্দৰতম বস্তুবোৰ কেতিয়াও সহজে দেখা নাযায় । থলতে বনভোজ খাই উভতি যোৱা সকলে এই দৃশ্য কেতিয়াও উপভোগ কৰিব নোৱাৰে।
চম্পাৱতীৰ জলধাৰা তিনিটা কুণ্ডত বিভক্ত৷ আটাইতকৈ ওপৰৰ কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত৷ এটা শিলৰ ওপৰেৰে তীব্ৰ বেগে তললৈ নামিছে প্ৰথম কুণ্ডটিত আবদ্ধ জলধাৰা৷ তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেদি বৈ আকৌ তীব্ৰ বেগেৰে তলৰ শিলাখণ্ডত পৰি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি কৰিছে৷ দ্বিতীয় কুণ্ডৰ জলধাৰা নমা স্থানৰ পৰা ৭৫ মিটাৰমান তলত অৱস্থিত তৃতীয় কুণ্ড৷
চম্পাৱতী জলপ্ৰপাতৰ ইতিহাস আৰু ইয়াৰ লগত জড়িত লোককাহিনী সমূহ
চম্পাৱতী জলপ্ৰপাতৰ সৃষ্টি সম্পৰ্কে মুখ বাগৰি অহা কেইবাটাও কিংবদন্তিমূলক কাহিনী আছে৷ তাৰে এটা কাহিনী অনুসৰি মহাকাব্য মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাই চাপানলা অঞ্চলতে ৰাজত্ব কৰিছিল৷ তেওঁৰে চম্পাৱতী নামে এগৰাকী অপূৰ্বসুন্দৰী ৰাজকুঁৱৰী আছিল৷ ৰাজকুঁৱৰীৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ তেওঁৰ প্ৰেমত পৰিছিল৷ কিন্তু সেই প্ৰেমে পোৱাৰ আগতেই ব্ৰহ্মপুত্ৰতকৈ যথেষ্ট শক্তিশালী যশোদানন্দন শ্ৰীকৃষ্ণও চম্পাৱতীৰ ৰূপত মুগ্ধ হৈ তেওঁক বিয়া কৰাব বিচাৰিলে৷ কিন্তু চম্পাৱতীৰ মনৰ মানুহজন আছিল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক নিজৰ কৰি নোপোৱাৰ দুখত চম্পাৱতী শিললৈ ৰূপান্তৰিত হৈ পৰিল৷ শিলাৰূপী চম্পাৱতীয়েই এই চম্পাৱতী জলপ্ৰপাত বুলি জনসমাজত এক বিশ্বাস প্ৰচলিত হৈ আছে৷ কথিত আছে যে চম্পাৱতী ব্ৰহ্মপুত্ৰ নদীৰ নিবিড় প্ৰেম এদিন হ’লেও সাৰ্থক হ’ব। আৰু সেইদিনাই সম্পূৰ্ণ নগাওঁ চহৰ ব্ৰহ্মপুত্ৰত বিলীন হ’ব। অৰ্থাৎ নগাওঁ চন গাওঁ হ’ব। লোকবিশ্বাস অনুসৰি চম্পাৱতী ব্ৰহ্মপুত্ৰৰ বিবাহৰ বাবে চামগুৰি বিলত গহনা, হালধিআটিত হালধি, দৰা-কইনাৰ মূৰত দিবৰ বাবে তেলীয়া জলাহৰ তেলকে আদি কৰি বিভিন্ন বস্তু সাজু হৈ আছে।
চাপানলা অঞ্চলৰ নামটোও চম্পাৱতী নামটোৰ পৰাই সৃষ্টি হোৱা বুলি বহুতে ক’ব খোজে। চম্পাৱতী জলপ্ৰপাতৰ পৰা বৈ অহা জলধাৰাই কালক্ৰমত ‘চম্পা-নলা’, পিছলৈ মানুহৰ মুখ বাগৰি ‘চাপানলা’ হ’ল ৷
চম্পাৱতী জলপ্ৰপাতৰ আশে-পাশে বহুটো ৰজাদিনীয়া স্মৃতিচিহ্ন সিঁচৰতি হৈ আছে ৷ চাপানলাৰ পৰা ২ কিল’মিটাৰ নিলগৰ জীয়াজুৰি চাহ বাগিচাত মূৰ্তি খোদিত শিলেৰে তৈয়াৰী এখন তোৰণ দেখা যায়। জীয়াজুৰিৰে শনিবৰীয়া বজাৰৰ কাষত দেখা যায় ৰজাদিনীয়া পুৰনি পুখুৰী।ৰজা হংসধ্বজে সত্য ৰক্ষা কৰিবৰ নিমিত্তে নিজ পুত্ৰদ্বয় সুৰথ আৰু সুধম্বাক সেই পুখুৰীতে গৰম তেলত ডুবাই মাৰিছিল হেনো৷ ৰজাৰ পুখুৰীৰ লোৰ শিকলি, কন্দলী পাহাৰৰ বাদুলী খোৰোং, চাপানলাৰ কাষৰ উদমাৰীত ষাঁড়সদৃশ শিল, তাৰ পৰা কিছু দূৰৈত বুঢ়ী-বুঢ়ী থান, লুংচুঙৰ হদ্হদী জলপ্ৰপাত, পেৰেডাইজ লেক (Blue Lake) আদিও যথেষ্টখিনি পৌৰাণিক কীৰ্তিচিহ্ন তথা ঐতিহাসিক সমলেৰে ভৰি আছে।
এনেধৰনৰ বহু নজনা কথা জানিবলৈ eStudyAssam ব্লগটো নিয়মীয়াকৈ পঢ়ক।
(adsbygoogle = window.adsbygoogle || []).push({});