SCERT class 6 Science Chapter 8 দেহৰ চলন free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “দেহৰ চলন” Lesson 8 notes.
দেহৰ চলন
পাঠ ৮
অনুশীলনী
প্ৰশ্ন ১। খালী ঠাই পূৰ কৰা :
(ক) হাড়ৰ সন্ধিয়ে দেহৰ ——— ত সহায় কৰে।
উত্তৰ— হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।
(খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ ——— গঠন কৰে।
উত্তৰ— হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে।
(গ) কিলাকুটিৰ হাড় ——— সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।
উত্তৰ— কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।
ঘ) ——— সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।
উত্তৰ— পেশীয়ে সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।
প্ৰশ্ন ২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিহ্নিত কৰা।
(ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ
উত্তৰ— অসত্য ǀ
(খ) কোমলাস্থিবোৰ হাড়তকৈ টান ǀ
উত্তৰ— অসত্য ।
প্ৰশ্ন ৩। স্তম্ভ ১ৰ কথাৰ লগত স্তম্ভ ২ৰ এক বা অধিক কথাৰ লগত মিলোৱা ।
স্তম্ভ ১ | স্তম্ভ ২ |
উৰ্দ্ধ হনু | শৰীৰত পাখি আছে |
মাছ | বহিঃ জঁকা আছে |
কামিহাড় | বতাহত উৰিব পাৰে |
কুমজেলেকুৱা | লৰচৰ কৰিব নোৱাৰা সন্ধি |
পঁইতাচোৰা | কলিজাক ৰক্ষণাবেক্ষণ দিয়ে |
ধীৰ গতিত চলন দেখায় | |
ধাৰা অপ্ৰতিৰোধী শৰীৰ |
উত্তৰ—
স্তম্ভ ১ | স্তম্ভ ২ |
উৰ্দ্ধ হনু | লৰচৰ কৰিব নোৱাৰা সন্ধি |
মাছ | ধাৰা অপ্ৰতিৰোধী শৰীৰ |
কামিহাড় | কলিজাক ৰক্ষণাবেক্ষণ দিয়ে |
কুমজেলেকুৱা | ধীৰ গতিত চলন দেখায় |
পঁইতাচোৰা | শৰীৰত পাখি আছে |
পঁইতাচোৰা | বতাহত উৰিব পাৰে |
পঁইতাচোৰা | বহিঃ জকা আছে |
প্ৰশ্ন ৪। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-
(ক) বল আৰু চকেট সন্ধি কি?
উত্তৰ— এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই যি সন্ধি গঠন কৰে তাক বল আৰু চকেট সন্ধি বোলা হয় । এনেকুৱা সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে।
(খ) লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে ?
উত্তৰ— লাওখোলাৰ কোমলাস্থিৰে গঠিত হোৱা অংশবোৰ লৰচৰ কৰে।
(গ) আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ?
উত্তৰ— কব্জা সন্ধি থকা বাবে আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ।
জানো আহা
সাৰাংশ
- অস্থি আৰু কোমলাস্থীয়ে মানৱ দেহৰ জঁকাটো গঠন কৰে। ই দেহক দেহাৱয়ব আৰু আকৃতি দিয়ে আৰু চলনত বা লৰচৰ কৰাত সহায় কৰে। ই দেহৰ ভিতৰৰ অংগক সুৰক্ষা দিয়ে।
- লাওখোলা, ৰাজহাড়, কামিহাড় আৰু বুকুৰ হাড়, কান্ধ আৰু উৰুসন্ধিৰ হাড় আৰু হাত আৰু ভৰিৰ হাড়বোৰ লগলাগি মানুহৰ জঁকাটো গঠন হয়।
- দুটা নিৰ্ধাৰিত পেশীৰ পাল পাতি হোৱা সংকোচন আৰু প্ৰসাৰণৰ ফলত হাড়বোৰে লৰচৰ কৰে।
- সন্ধিৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি হাড়ৰ সন্ধিবোৰ বিভিন্ন প্ৰকাৰৰ হয় আৰু ইহঁতে নিৰ্দিষ্ট দিশতহে চলাচল কৰে।
- শক্তিশালী পেশী আৰু পাতল হাড়ে চৰাইৰ উৰণত একে লগে সহায় কৰে। সিহঁতে ডেউকা কোবাই উৰি যায়।
- মাছে শৰীৰৰ দুয়োফালে পালপাতি চক্ৰাকাৰ পথ সৃষ্টি কৰি সাঁতোৰে।
- সাপে দুয়ো কাষে চক্ৰাকাৰে মাটিৰ ওপৰত বুকুৰে চুচৰি যায়। বহু সংখ্যক হাড় আৰু পেশী একেলগহৈ দেহটোক আগলৈ ঠেলি দিয়ে।
-
পঁইতাচোৰাৰ দেহটো আৰু ভৰি কেইখন এটা টান আৱৰণৰ দ্বাৰা আবৃত আৰু ইয়ে বাহিৰৰ জঁকাটো গঠন কৰে। বুকু বা বক্ষৰ পেশীত তিনিযোৰা ভৰি আৰু দুযোৰা পাখি লাগি আছে আৰু ইহঁতে পইঁতাচোৰাক খোজ কঢ়া আৰু উৰাত সহায় কৰে।
-
কেঁচুৱে সংকোচন আৰু প্ৰসাৰণত দেহৰ পেশীক ব্যৱহাৰ কৰি চলন কৰে। দেহৰ তলৰ ফালে থকা ক্ষুদ্ৰ শুঙৰ সহায়ত মাটিত খামোচ মাৰি ধৰিব পাৰে।
- শামুকবোৰে এবিধ পেশীয়ে অংগৰ সহায়ত চলাচল কৰে।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
মূল শব্দ
মেৰুদণ্ড | Backbone |
বল আৰু চকেট সন্ধি | Ball and socket joint |
শুং | Bristles |
কোমলাস্থি | Cartilage |
কোটৰ | Cavity |
অচল সন্ধি | Fixed joint |
প্ৰাণীৰ চলন বা খোজ কঢ়া | Gait of animals |
কব্জা সন্ধি | Hinge joint |
পেশী | Muscle |
শ্ৰোণি হাড় | Pelvic bones |
বহিঃ জঁকা | Outer skeleton |
কেন্দ্ৰীয় সন্ধি | Pivotal joint |
কামি হাড়ৰ সঁজা | Rib cage |
কান্ধৰ হাড় | Shoulder bone |
জঁকা | Skeleton |
ধাৰা অপ্ৰতিৰোধী | Streamlined |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন (ক) কোমলাস্থি কাক বোলে?
উত্তৰ— আমাৰ জঁকাটোৰ কিছুমান অতিৰিক্ত অংশ হাড়ৰ নিচিনা কঠিন নোহোৱা হেতু সেই অংশবোৰক ভাঁজ লগাব পাৰি। এই অংশবোৰক কোমলাস্থি বোলে।
প্ৰশ্ন (খ) ‘প্ৰাণীৰ চলন’ কিতাপখন কোনে ৰচনা কৰিছিল?
উত্তৰ— গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে ৰচনা কৰিছিল।
(adsbygoogle = window.adsbygoogle || []).push({});