Class 6 Social Science Chapter 20 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

SCERT class 6 Social Science Chapter 20 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 6 social Science chapter 20 “কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ” Lesson 20 free notes. You can even download SCERT Assam class 6 social science PDF.

কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

পাঠ নং ২০

অনুশীলনী :

প্ৰশ্ন ১) প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা ।

উত্তৰ— প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন প্ৰণালী অভূতপূৰ্ব ভাৱে সলাই পেলাইছে।  ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰায় সকলো ক্ষেত্ৰতে প্ৰযুক্তিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে ৰেডিঅ’, টেলিভিছন ব্যৱহাৰ কৰি দেশ-বিদেশৰ বাতৰি ঘৰতে বহি মুহুৰ্তৰ ভিতৰতে লাভ কৰিব পাৰো । অকল এয়াই নহয়, কৃষি, উদ্যোগ আৰু সেৱাখণ্ডতো প্ৰযুক্তিৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয় । কৃষকসকলে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে । উন্নতমানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । কৃষি ক্ষেত্ৰত বন নিৰোৱা, শস্য কটা, মৰাণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট লাঘৱ হোৱাৰ লগতে সময় ৰাহি হৈছে আৰু অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । শীতল ভঁৰাল ব্যৱহাৰ কৰি কৃষকসকলে ফচলসমূহ বহুত দিনলৈ সতেজভাৱে সংৰক্ষণ কৰি ৰাখিব পাৰে।

কৃষিৰ লগতে উদ্যোগ খণ্ডৰ সামগ্ৰিক বিকাশতো প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে। উদাহৰণ স্বৰূপে আমাৰ অসমৰে শুৱালকুছিৰ পাট-মুগা, হাজোৰ পিতল, ধেমাজিৰ মুগা শিল্প আদিত জৰিত লোকসকলে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কম খৰছ আৰু কম কষ্টত উন্নতমানৰ সা-সামগ্ৰী অধিক পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছে।

চিকিৎসা সেৱাৰ মান উন্নত কৰাতো প্ৰযুক্তিৰ যথেষ্ট অৱদান আছে। বিভিন্ন ধৰনৰ উন্নত যন্ত্ৰপাতি যেনে চি. টি স্কেন, এম.আৰ.আই আদিৰ সহায়ত ৰোগ চিনাক্তকৰণ খুবেই সহজ হৈ পৰিছে। চিকিৎসা সেৱা উন্নত হোৱাৰ ফলস্বৰূপে মানুহ দীৰ্ঘজীৱী হ’ৱলৈ ধৰিছে আৰু মানুহৰ মৃত্যুৰ সংখ্যাও কমিছে।

প্ৰশ্ন ২) কৃষি আৰু উদ্যোগখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে ?

উত্তৰ— কৃষি আৰু উদ্যোগখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰে আমূল পৰিৱৰ্তন ঘটাইছে। বৰ্তমান কৃষকসকলে নাঙলৰ পৰিবৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে, জলসঞ্চিন ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান সম্ভৱ হৈছে । উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । বন নিৰোৱা, শস্য কটা আৰু মৰনা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমানে লাঘৱ হৈছে । শীতল ভঁড়াল ব্যৱহাৰ কৰি ফচলসমূহ সংৰক্ষণ কৰাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰনৰ ফল-মূল, শাক-পাচলি পোৱাতো সম্ভৱ হৈছে। সেইদৰে প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় । উদাহৰণ স্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা হয় । কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয় । এইদৰেই উদ্যোগ খণ্ডৰ সামগ্ৰিক বিকাশত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে।

প্ৰশ্ন ৩) কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে ?

উত্তৰ— কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ কৃষকসকলে নাঙলৰ পৰিবৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মাটি চহাই খেতি কৰে । জলসঞ্চিন ব্যৱহাৰৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানী যোগান সম্ভৱ হৈছে । উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমানে লাঘৱ হৈছে । এইবিলাক ব্যৱস্থাৰ সহায়তে কৃষকসকলে কম সময়ত অধিক শষ্য উৎপাদন কৰিবলৈ সক্ষম হৈছে।

প্ৰশ্ন ৪) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা ।

উত্তৰ— মই জনা অসমৰ কেইটামান উদ্যোগ হৈছে- শিলঘাটৰ মৰাপাট উদ্যোগ, বোকাজানৰ চিমেন্ট কাৰখানা, ধুবুৰীৰ জুইশলাৰ কৰখানা, নাজিৰাৰ তেল আৰু প্ৰাকৃতিৰ গেছ ইত্যাদি।

প্ৰশ্ন ৫) ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভবান হব পাৰি লিখা ।

উত্তৰ— ইণ্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰনে লাভবান হ’ব পাৰিছোঁ । ই-মেইলৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলে যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ’ ছবি প্ৰেৰণ কৰিব পাৰো । ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখিব পাৰি।

প্ৰশ্ন ৬) চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা ? সেইবোৰৰ সহায়ত কি কৰা হয় ? শিক্ষকৰ সহায়ত জানি লোৱা ।

উত্তৰ— চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰ হৈছে- এক্স-ৰে’, আল্ট্ৰা চাউণ্ড, চি. টি. স্কেন, এম.আৰ.আই।

এক্স-ৰে’ : শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বিসংগতি জানিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ৷

আল্ট্ৰা চাউণ্ড : শৰীৰৰ ভিতৰৰ অংশৰ প্ৰতিচ্ছবি সৃষ্টি কৰিবলৈ উচ্চ-কম্পনাঙ্কৰ শব্দ তৰংগই হৈছে আল্ট্ৰা চাউণ্ড । গৰ্ভজাত কেঁচুৱা এটা নিৰীক্ষণ কৰিবলৈ, স্থিতি নিৰ্ণয় কৰিবলৈ, বা কিছুমান প্ৰক্ৰিয়াৰ সময়ত শল্য চিকিৎসকক নিৰ্দেশনা দিবলৈ আল্ট্ৰাচাউণ্ড স্কেন ব্যৱহাৰ কৰিব পাৰি ৷

চি.টি .স্কেন : চিটি স্কেন হ’ল কম্পিউটাৰৰ দ্বাৰা ৰঞ্জন ৰশ্মিৰ সহায়ত গৃহীত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা কৰা হয় ৷

এম.আৰ.আই : ই এবিধ অত্যাধুনিক ৰোগ নিৰ্ণায়ক যন্ত্ৰ। ইয়াত এখন চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় আৰু এই ক্ষেত্ৰখনৰ মাজেৰে বৈদুতিক তৰংগ পাৰ কৰি মগজুৰ ছবি লোৱা হয় ।

Class 6 Social Science Answers

প্ৰশ্ন ৭) প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থালৈ অনা পৰিৱৰ্তন সমূহ আলোচনা কৰা ।

উত্তৰ— প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থা পূৰ্বৰ তুলনাত বহু পৰিমাণে সুচল আৰু খৰতকীয়া কৰি তুলিছে । চকাৰ আৱিস্কাৰৰ পিছৰে পৰা , মানুহে বিভিন্ন ধৰণৰ যান-বাহন প্ৰস্তুত কৰি ল’ব পৰা হ’ল । যেনে- চাইকেল, ৰিক্সা , মটৰ গাড়ী , ৰেলগাড়ী , এৰোপ্লেন , বিদ্যুৎ চালিত ৰেল , মেট্ৰ-ৰেল আদি । ইয়াৰ উপৰি ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী , সাগৰ , মহাসাগৰ আদি জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিবহন কৰিব পাৰি ।

প্ৰশ্ন ৮) কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে আলোচনা কৰা ।

উত্তৰ— কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে তাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল –

কম্পিউটাৰৰ জৰিয়তে আমি অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰো ৷ ইয়াৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়েৰে আমি দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে নিজৰ ঠাইত থাকিয়েই আঁতৰৰ শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পাৰো ৷ প্ৰজেক্টৰৰ সহায়ত স্থিৰ ছবি বা ভিডিঅ’ ছবিৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলক বিষয়সমূহ সহজে বুজাব পৰা যায় আৰু তেওঁলোকেও অতি সহজে বুজি পায় ৷

প্ৰশ্ন ৯) খালি ঠাই পূৰ কৰা

ক) উন্নত মানৰ ―――― আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে ―――― ফচল উৎপাদন হয় ।

উত্তৰ— উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে অধিক ফচল উৎপাদন হয় ।

খ) বৰ্তমান সময়ত ―――― স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ―――― সংৰক্ষণ কৰিব পাৰি ।

উত্তৰ— বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজভাৱে সংৰক্ষণ কৰিব পাৰি ।

গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য পাতি সহজতে ―――― আৰু ―――― কৰিব পাৰি ।

উত্তৰ— ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ।

ঘ) ――  ―― হ’ল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ।

উত্তৰ— কৃত্ৰিম উপগ্ৰহ হল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

অন্যান্য প্ৰশ্ন (Class 6 Social Science Chapter 20)

Class 6 social science chapter 20১) ‘সেউজ বিপ্লৱ’ৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ— তামিলনাডুৰ ড° এম্ এচ্ স্বামীনাথন।

২) মাটি চহোৱা দুবিধ আধুনিক যন্ত্ৰৰ নাম লিখা।

উত্তৰ— টেক্টৰ আৰু পাৱাৰটিলাৰ।

৩) কোন দশকত ‘সেূজ বিপ্লৱ’ৰ সূচনা হয়?

উত্তৰ— ষাঠি দশকত।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close