উদ্ভিদৰ পৰিপুষ্টি Class 7 Science Chapter 1

SCERT Assam class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি (Nutrition in Plants) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 1 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam উদ্ভিদৰ পৰিপুষ্টি class 7 Science Lesson 1 free notes.

উদ্ভিদৰ পৰিপুষ্টি (Nutrition in Plants)

পাঠ ১

অনুশীলনী (Exercises)

প্ৰশ্ন (1) জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন?

উত্তৰ— জীৱই শৰীৰৰ বৃদ্ধিৰ লগতে জীৱন প্ৰক্ৰিয়া চলাই নিবৰ বাবে বিভিন্ন ধৰনৰ পুষ্টিকাৰক দ্ৰব্য যেনে কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, চৰ্বী, ভিটামিন আৰু খনিজ দ্ৰব্যৰ প্ৰয়োজন। খাদ্যই এই পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক সমূহ জীৱক যোগান ধৰে। 

প্ৰশ্ন (2) পাৰ্থক্য (Distinguish) লিখা পৰজীৱী আৰু মৃতজীৱী।

উত্তৰ— পৰজীৱী জীৱই আন জীৱিত জীৱৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে । আনহাতে মৃতজীৱী জীৱই মৰা, পচা আদি বস্তুৰ পৰাহে খাদ্য শােষণ কৰি জীয়াই থাকে।

পৰজীৱী জীৱই পোষকৰ অনিষ্টসাধন কৰে, কিন্তু মৃতজীৱী জীৱই এনে নকৰে।

অমৰলতা বা আকাশীলতা পৰজীৱী জীৱৰ উদাহৰন, আনহাতে কাঠফুলা মৃতজীৱী জীৱৰ উদাহৰন।

প্ৰশ্ন (3) পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

উত্তৰ— টাবত ৰােৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ’দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত প্রায় ৭২ ঘণ্টাৰ বাবে ৰাখি থােৱা হ’ল । ৭২ ঘণ্টাৰ পিছত দুয়ােডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত দুটোপালমান আয়ডিনৰ দ্ৰব্য পেলাই দিয়া হ’ল । আয়’ডিনৰ দ্ৰবই শ্বেতসাৰৰ লগত বিক্রিয়া কৰি পাতৰ ৰং ডাঠ নীলা কৰে । এতিয়া দেখা যাব যে যিটো পাত সূৰ্যৰ পােহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয় । ইয়াৰ পৰা দেখা গ’ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে ।

প্ৰশ্ন (4) সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া।

উত্তৰ— উদ্ভিদৰ পাত হ’ল খাদ্য প্রস্তুত কৰা কাৰখানা । সেউজীয়া উদ্ভিদে বায়ুৰ পৰা কাৰ্বন-ডাই অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। সূৰ্যৰ পােহৰ ( আলােক )ত এই প্রক্রিয়া সংঘটিত হয় বাবে ইয়াক সালোক সংশ্লেষণ (Photosynthesis : Photo – light , Synthesis – to combine) বোলে।Class 7 Science

সালােক সংশ্লেষণৰ প্রক্রিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি—

কাৰ্বন-ডাই-অক্সাইড + পানী কাৰ্বহাইড্ৰেট + অক্সিজেন

প্ৰশ্ন (5) চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস।

উত্তৰ—

Class 7 science chapter 1

প্ৰশ্ন (6) খালী ঠাই পূৰ্ণ কৰা

(a) সেউজীয়া উদ্ভিদক …………….. বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

উত্তৰ— সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

(b) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ……………. হিচাপে সঞ্চিত হৈ থাকে।

উত্তৰ— উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে।

(c) সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক …………….. বোলা হয়।

উত্তৰ— সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ বোলা হয়।

(d) সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে …………… লয় আৰু …………… এৰি দিয়ে।

উত্তৰ— সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন-ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে।

প্ৰশ্ন (7) তলত দিয়াসমূহৰ নাম লিখা ( Name the following)

(a) এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড (stem) হালধীয়া, মিনি আৰু নলীকাসদৃশ ।

উত্তৰ— অমৰালতা। (ঠাই বিশেষে ইয়াক স্বৰ্ণলতা বা আকাশীলতা নামেৰেও জনা যায়)।

(b) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰনে পৰিপুষ্টি গ্ৰহণ কৰে।

উত্তৰ— লাইকেন (Lichens)।

(c) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।

উত্তৰ— পত্ৰৰন্ধ্ৰ ।

প্ৰশ্ন (8) শুদ্ধ উত্তৰত চিন দিয়া (Tick the correct answer)

(a) অমৰলতা

(i) স্বপোষী (ii) পৰজীৱী (iii) মৃতজীৱী (iv) পোষকৰ উদাহৰণ।

উত্তৰ— (ii) পৰজীৱী

(b) বিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে

(i) অমৰালতা  (ii) জৱাফুল  (iii) কলচী উদ্ভিদ  (iv) গোলাপ

উত্তৰ— (iii) কলচী উদ্ভিদ

প্ৰশ্ন (9) 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা।

1 নং স্তম্ভ 2 নং স্তম্ভ
পত্ৰহৰিৎ বেক্টেৰিয়া
নাইট্ৰ’জেন পৰপুষ্ট জীৱ
অমৰলতা কলচী উদ্ভিদ
প্ৰাণী পাত
পোক-পতংগ পৰজীৱী

উত্তৰ—

1 নং স্তম্ভ 2 নং স্তম্ভ
পত্ৰহৰিৎ পাত
নাইট্ৰ’জেন  বেক্টেৰিয়া
অমৰলতা  পৰজীৱী
প্ৰাণী  পৰপুষ্ট জীৱ
পোক-পতংগ  কলচী উদ্ভিদ

প্ৰশ্ন [10] শুদ্ধ বাক্যত (শু) আৰু অশুদ্ধ বাক্যত (অ) লিখা।

(i) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়। (শু/অ)

উত্তৰ— শু

(ii) যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। (শু/অ)

উত্তৰ—

(iii) সালােক সংশ্লেষণত প্র’টিন উৎপন্ন নহয় । (শু/অ)

উত্তৰ— শু

(iv) সালােক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় । (শু/অ)

উত্তৰ— শু

প্ৰশ্ন [11] তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।

সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে?

(i) মূলৰোম (ii) পত্ৰৰন্ধ (iii) পাতৰ সিৰা (iv) বৃতি

উত্তৰ— (ii) পত্ৰৰন্ধ

প্ৰশ্ন [12] তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।

উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে?

(i) শিপা (ii) কাণ্ড (iii) ফুল (iv) পাত

উত্তৰ— (iv) পাত

অন্যান্য প্ৰশ্ন (Class 7 Science Chapter 1)

প্ৰশ্ন 1) পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে?

উত্তৰ— কাৰন পতংগভোজী উদ্ভিদসমূহে সালোক-সংশ্লেষণৰ জৰিয়তে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব নোৱাৰে।

প্ৰশ্ন 2) স্বপোষী উদ্ভিদ কাক বোলে?

উত্তৰ— যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰাৰ লগতে আৰু বৃদ্ধি আৰু বিকাশৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে, সেইবোৰ উদ্ভিদকে স্বপোষী উদ্ভিদ বোলা হয়।

প্ৰশ্ন 3) স্বপোষণ পৰিপুষ্টি মানে কি?

উত্তৰ— জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পৰাকে স্বপোষণ পৰিপুষ্টি বোলে।

প্ৰশ্ন 4) কোষ কাক বোলে?

উত্তৰ— জীৱৰ শৰীৰটো কিছুমান সৰু সৰু এককেৰে গঠিত। এই সৰু এককবোৰকে কোষ বোলে।

প্ৰশ্ন 5) পত্ৰহৰিৎ কি?

উত্তৰ— পাতত থকা সেউজীয়া ৰঞ্জক কণিকা বোৰেই হৈছে পত্ৰহৰিৎ ।

প্ৰশ্ন 6) সকলো জীৱৰে শক্তিৰ মূল উৎস কি?

উত্তৰ— সূৰ্য।

প্ৰশ্ন 7) এবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা।

উত্তৰ— কলচী উদ্ভিদ। (Pitcher plant)

Sl. No. Contents (Class 7 science)
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

তোমালোকে কি শিকিলা (What you have learnt) : [Class 7 Science Lesson 1]

সকলো জীৱই খাদ্য গ্ৰহণ কৰে আৰু শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তি পাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে। সিহঁত স্বপোষী।

উদ্ভিদে সাধাৰণ ৰাসায়নিক দ্ৰব্য যেনে- কাৰ্বন-ডাই-অক্সাইড, পানী আৰু খনিজ পদাৰ্থ খাদ্য সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰে।

সালোকসংশ্লেষণৰ বাবে পত্ৰহৰিৎ আৰু সূৰ্যৰশ্মি আৱশ্যকীয় উপাদান।

জটিল ৰাসায়নিক দ্ৰব্য যেনে- কাৰ্ব’হাইড্ৰেট সালোকসংশ্লেষণৰ দ্বাৰা উৎপাদিত সামগ্ৰী।পাতে পত্ৰহৰিৎৰ সহায়ত খাদ্যৰ ৰূপত সৌৰশক্তি সঞ্চয় কৰে।

সালোকসংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন হয়।

সালোকসংশ্লেষণ প্ৰক্ৰিয়াত নিৰ্গত হোৱা অক্সিজেন জীৱই জীয়াই থাকিবৰ বাবে ব্যৱহাৰ কৰে।

ভেঁকুৰে মৃত, গেলি-পচি যোৱা সামগ্ৰীৰপৰা পৰিপুষ্টি গ্ৰহণ কৰে। সিহঁত মৃতজীৱী। পৰজীৱী উদ্ভিদ যেনে- অমৰলতা আদিয়ে পোষক উদ্ভিদজোপাৰ পৰা খাদ্য গ্ৰহণ কৰে।

কিছুমান উদ্ভিদ আৰু সকলো প্ৰাণীয়েই পুষ্টিৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল আৰু এইবোৰক পৰপুষ্ট জীৱ বোলা হয়।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close