জীৱৰ শ্বাস-প্ৰশ্বাস Class 7 Science Chapter 10

SCERT Assam class 7 Science Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস (Respiration in Organism) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 10 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Science Chapter 10

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam জীৱৰ শ্বাস-প্ৰশ্বাস class 7 Science chapter 10 free notes.

জীৱৰ শ্বাস-প্ৰশ্বাস

পাঠ ১০

অনুশীলনী (Exercises)

প্ৰশ্ন (1) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ?

উত্তৰ— দৌৰ প্রতিযােগী এজনক দৌৰাৰ সময়ত আৰু দৌৰাৰ পাছত সাধাৰণতে প্রয়ােজন হােৱাতকৈ বেছি শক্তিৰ প্রয়ােজন হয় । সেই শক্তি উৎপন্ন কৰিবৰ বাবে যথেষ্ঠ পৰিমানৰ অক্সিজেনৰ আৱশ্যক হয় । সেইবাবেই দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ উশাহ-নিশাহ ল’ব লগা হয়।

প্ৰশ্ন (2) বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা।

উত্তৰ— বায়বীয় আৰু অবায়বীয় শ্বসনৰ মাজৰ সাদৃশ্য হ’ল-

(1) দুয়ােৰে ক্ষেত্ৰত গ্লুকজৰ ভাঙন ঘটে ।

(2) ৰাসায়নিক বিক্রিয়াত কার্বন ডাই অক্সাইড, জলীয় ভাপ আৰু শক্তি উৎপন্ন হয় ।

(3) দুয়োটা শ্বসনৰ দ্বাৰা শৰীৰে শক্তি পায়।

বায়বীয় আৰু অবায়বীয় শ্বসনৰ পাৰ্থক্যসমূহ হৈছে-

বায়বীয় শ্বসন অবায়বীয় শ্বসন
বায়বীয় শ্বসনত অক্সিজেন ব্যৱহাৰ কৰি খাদ্য বস্তু ভঙা হয় অবায়বীয় শ্বসনত অক্সিজেনৰ ব্যৱহাৰ নহয়
শক্তি উৎপাদৰ পৰিমাণ বেছি শক্তি উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম
উচ্চ শ্ৰেণীৰ প্ৰাণীত এই শ্বসন ঘটে সাধাৰণতে নিম্ন খাপৰ প্ৰাণীত এই শ্বসন ঘটে ।

প্ৰশ্ন (3) যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰো, তেতিয়া আমি কিয় সঘনাই হাঁচিয়াও ?

উত্তৰ— যেতিয়া আমি উশাহত ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰো তেতিয়া নাসিকা গহ্বৰত থকা নোমত এই কণাবােৰ লাগি ধৰে । ইয়াৰ মাজতে কাতিয়াবা এই কণিকাবােৰ নাসিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায় আৰু নাসিকা গহ্বৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তোলে, ফলস্বৰূপে আমাৰ সঘনাই হাঁচি আহে।

প্ৰশ্ন (4) তিনিটা  পৰীক্ষানলী লোৱা। প্ৰত্যকটোৰ ৩\৪ অংশ পানীৰে বৰাই লোৱা। ‘ক’ ‘খ’ আৰু ‘গ’ নামেৰে লেবেল লগাই দিয়া। ‘ক’ পৰীক্ষানলীত এটা শামুক লোৱা ‘খ’ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু ‘গ’ পৰীক্ষানলীত উদ্ভিদ, শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ’ব ?

উত্তৰ— ‘ক’ পৰীক্ষানলীত আটাইতকৈ বেছি কাৰ্বন-ডাই-অক্সাইড (CO₂) গেছ জমা হ’ব । ইয়াৰ কাৰণ হৈছে- খ’ পৰীক্ষানলীত উদ্ভিদে শ্বসনত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ পুনৰ সালােক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰিব । ফলত কাৰ্বন-ডাই-অক্সাইড ৰ পৰিমাণ কম হ’ব। ‘গ’ পৰীক্ষানলীত শামুক আৰু উদ্ভিদ উভয়ে শ্বসনত CO₂ ত্যাগ কৰিলেও ইয়াৰে কিছু অংশ উদ্ভিদে সালােক সংশ্লেষণত ব্যৱহাৰ কৰিব। ফলত তুলনামূলকভাৱে কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ ‘খ’ ত কৈ বেছি হ’ব যদিও ‘ক’ ত কৈ কম হ’ব ।

প্ৰশ্ন ৫। সঠিক উত্তৰত চিন দিয়া :

(a) পঁইতাচোৰাৰ শৰীৰলৈ ___________ৰ যোগেদি বায়ু সোমাই আহে।

(i) হাওঁফাওঁ                                                     (ii) ফুল

(iii) বায়ু ছিদ্ৰ                                                   (iv) ছাল

উত্তৰ— পঁইতাচোৰাৰ শৰীৰলৈ বায়ু ছিদ্ৰৰ যোগেদি বায়ু সোমাই আহে।

(b) গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা ___________ৰ বাবে সিৰামূৰি ধৰে ।

(i) কাৰ্বন-ডাই-অক্সাইড                                  (ii) লেকটিক এছিড

(iii) এলক’হল                                                 (iv) পানী

উত্তৰ— গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা লেকটিক এছিডৰ বাবে সিৰামূৰি ধৰে ।

(c) এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাবিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি

(i) 9-12                                                         (ii) 15-18

(iii) 21-24                                                     (iv) 30-33

উত্তৰ— এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাবিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি 15-18

(d) নিশাহৰ সময়ত কামিহাড়বোৰ ___________

(i) বাহিৰলৈ গতি কৰে                                        (ii) তললৈ গতি কৰে

(iii) ওপৰলৈ গতি কৰে                                        (iv) কোনো ধৰণৰ লৰচৰ নকৰে

উত্তৰ— নিশাহৰ সময়ত কামিহাড়বোৰ তললৈ গতি কৰে

প্ৰশ্ন (6) স্তম্ভ 1 ৰ লগত স্তম্ভ 2 ৰ বিষয়সমূহ মিলোৱা

স্তম্ভ 1 স্তম্ভ 2
(a) ইষ্ট (i) কেঁচু
(b) মধ্যচ্ছদা (ii) ফুল
(c) ছাল (iii) এলক’হল
(d) পাত (iv) বক্ষ গহ্বৰ
(e) মাছ (v) পত্ৰৰন্ধ
(f) ভেকুলী (vi) হাঁওফাঁও আৰু ছাল
(vii) শ্বাসনলী

উত্তৰ—

স্তম্ভ 1 স্তম্ভ 2
(a) ইষ্ট (iii) এলক’হল
(b) মধ্যচ্ছদা (iv) বক্ষ গহ্বৰ
(c) ছাল (i) কেঁচু
(d) পাত (v) পত্ৰৰন্ধ
(e) মাছ (ii) ফুল
(f) ভেকুলী (vi) হাঁওফাঁও আৰু ছাল

প্ৰশ্ন (৭) উক্তিবোৰ শুদ্ধ হ’লে ‘শু’ আৰু অশুদ্ধ হ’লে ‘অ’ লিখা :

(i) ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ-নিশাহৰ হাৰ কমি যায় । (শু\অ) 

উত্তৰ—

(ii) উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে । (শু\অ) 

উত্তৰ— শু ।

(iii) ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰেঁ । (শু/অ)

উত্তৰ— শু ।

(iv) মাছৰ শ্বসনৰ বাবে হাঁওফাওঁ আছে । ( শু\অ)

উত্তৰ—

(v) বক্ষগহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় । ( শু\অ)

উত্তৰ— শু ।

প্ৰশ্ন (8) জীৱৰ শ্বসণৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে। এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ, পথালিকৈ, বেঁকাকৈ থাকিব পাৰে। শ্বসনতন্ত্ৰৰ শব্দবোৰ বিচৰা। শব্দবোৰৰ ইংগিত বৰ্গটোৰ তলত দিয়া হৈছে।SCERT Class 7 Science

(i) পতংগৰ বায়ুনলী।

(ii) বক্ষ গহ্বৰক আৱৰি থকা হাড়ৰ সাজোন।

(iii) বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল।

(iv) পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ।

(v) পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা।

(vi) মানুহৰ শ্বাস-প্ৰশ্বাস অংগ।

(vii) যি বিন্ধাৰে আমি উশাহ-নিশাহ লওঁ ।

(viii) শ্বাসনলীকা থকা এবিধ পতংগ।

(ix) এবিধ অবাত জীৱ।Class 7 Science Chapter 10

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

প্ৰশ্ন (9) পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ,

(a) ৫ কি মি তকৈ অধিক উচ্চতাত বায়ু নাথাকে।

(b) এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পৃষ্ঠতকৈ কম হোৱা বাবে।

(c) বায়ুৰ উষ্ণতা ভূ-পৃষ্ঠতকৈ বেছি।

(d) বায়ুৰ চাপ ভূ-পৃষ্ঠতকৈ বেছি।

উত্তৰ— এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পৃষ্ঠতকৈ কম হোৱা বাবে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close