SCERT Assam class 7 Science Chapter 13 গতি আৰু সময় (Motion and Time) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 13 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERET Class 7 Science Chapter 13
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam গতি আৰু সময় class 7 Science chapter 13 free notes. You can also download SCERT class 7 science chapter 13 PDF version for free.
গতি আৰু সময়
পাঠ ১৩
অনুশীলনী (Exercises)
প্ৰশ্ন (1) তলৰ গতিসমূহ সৰল ৰৈখিক, বৃত্তীয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা।
(a) দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি ।
উত্তৰ— দোলন গতি ।
(b) এটা পোণ ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি।
উত্তৰ— সৰল ৰৈখিক গতি ।
(c) ঘূৰণ-দোলনা (Merry-go-round)ত উঠি থকা অৱস্থাত শিশু এটাৰ গতি ।
উত্তৰ— বৃত্তীয় গতি ।
(d) ঢেঁকী পাত (See-saw)ত উঠি থকা অৱস্থাত শিশু এটাৰ গতি ।
উত্তৰ— দোলন গতি ।
(e) বৈদ্যুতিক ঘন্টাৰ হাতুৰিৰ গতি ।
উত্তৰ— দোলন গতি ।
(f) এখন পোণ দলঙত ৰেলৰ গতি ।
উত্তৰ— সৰল ৰৈখিক গতি ।
প্ৰশ্ন (2) তলৰ কোনবোৰ উক্তি শুদ্ধ নহয় ?
(a) সময়ৰ মৌলিক একক ছেকেণ্ড ।
উত্তৰ— শুদ্ধ ।
(b) প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে ।
উত্তৰ— অশুদ্ধ ।
(c) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় ।
উত্তৰ— শুদ্ধ ।
(d) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয় ।
উত্তৰ— অশুদ্ধ ।
(e) এখন ৰে’লৰ দ্ৰুতি মি/ঘত প্ৰকাশ কৰা হয় ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন (3) এটা সৰল দোলকে 20 বাৰ দুলিবলৈ 32 ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা ।
সমাধান— দিয়া আছে ,
দোলকৰ দোলন সংখ্যা = 20
মুঠ সময় = 32 ছে .
আমি জানাে ,পর্যায় কাল = মুঠ সময়/ মুঠ দোলন সংখ্যা
এতেকে নির্ণেয় পর্যায় কাল = 20/16
উত্তৰ = 1.6 ছেকেণ্ড ।
প্ৰশ্ন (4) দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কি মি । এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘন্টা সময় লয় । ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা ।
সমাধান— দিয়া আছে,
ষ্টেচন দুটাৰ দূৰত্ব = 240 কি.মি .
সময় = 4 ঘণ্টা
আমি জানো, দ্রুতি = দূৰত্ব/ সময়
∴ নির্ণেয় দ্রুতি = 240/4 কি.মি. /ঘণ্টা
উত্তৰ = 60 কি.মি. / ঘণ্টা ।
প্ৰশ্ন (5) ঘড়ীয়ে পুৱা 08:30 বজা সময় দেখুওৱা মুহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই 57321.0 কি মি পাঠ দেখুৱায়। যদি পুৱা 08.50 বজাত দূৰত্বমেতাৰ পাঠ 57336.0 কি মিলৈ পৰিৱৰ্তন হয় তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি মি/ মিনিট এককত গাড়ীখনৰ দ্ৰুতি গণনা কৰা। দ্ৰুতি কি মি/ঘ এককতো প্ৰকাশ কৰা।
সমাধান— দিয়া আছে,
দূৰত্বমেতাৰ আদি পাঠ = 57321.0 কি.মি. দূৰত্বমেতাৰ শেষ পাঠ = 57336.0 কি.মি .
ঘড়ীৰ আদি পাঠ = 08:30 AM
ঘড়ীৰ অন্তিম পাঠ = 08:50 AM
এতিয়া, মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি.
মুঠ সময় = ( 08.50 – 08.30 ) মিনিট = 20 মিনিট
∴ নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট
উত্তৰ = 0.75 কি.মি. / মিনিট
আকৌ, আমি জানো যে 1 ঘণ্টা = 60 মিনিট
∴ কি.মি. / ঘণ্টাত দ্রুতি = 0.75 x 60
উত্তৰ = 45 কি.মি. / ঘণ্টা ।
প্ৰশ্ন (6) চালমাই চাইকেলেৰে ঘৰৰপৰা বিদ্যালয়লৈ যাবলৈ 15 মিনিট সময় লয়। যদি চাইকেলখনৰ দ্ৰুতি 2 মি/ছে হয়, তেন্তে ঘৰৰপৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা ।
সমাধান— দিয়া আছে,
চাইকেলৰ দ্রুতি = 2 মি . / ছে .
সময় = 15 মিনিট
= 15 x 60 ছে,
= 900 ছে
আমি জানো যে,
অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময়
= 2 মি . / ছে , x 900 ছে ,
= 1800 মি .
উত্তৰ— ছালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব = 1.800 কি.মি .।
Sl. No. | Contents ( Class 7 science ) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
প্ৰশ্ন (7) তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব-সময় লেখৰ আকৃতি দেখুৱা—
(a) ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী ।
(b) ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী ।
প্ৰশ্ন (8) তলৰ সম্বন্ধবোৰৰ কোনটো শুদ্ধ ?
উত্তৰ— (b) দ্রুতি=সময়/ দূৰত্ব
প্ৰশ্ন (9) দ্ৰুতিৰ মূল একক হ’ল
(a) কি মি/মিনিট (b) মি/মিনিট (c) কি মি/ঘ (d) মি/ছে
উত্তৰ— (d) মি/ছে ।
প্ৰশ্ন (10) এখন গাড়ীয়ে 15 মিনিট সময় 40 কি মি/ঘ দ্ৰুতিৰে আৰু পিছৰ 15 মিনিট 60 কি মি/ঘ দ্ৰুতিৰে গতি কৰে। গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ’ল
(a) 100 কি মি (b) 25 কি মি (c) 15 কি মি (d) 10 কি মি
উত্তৰ— (b) 25 কি মি ।
প্ৰশ্ন (11) ধৰা হওক চিত্ৰ 13.1 আৰু 13.2ত দেখুওৱা ছবি দুখন 10 ছেকেণ্ড ব্যৱধানত লোৱা হৈছিল। যদি এই ছবি দুখনত 100 মিটাৰ দূৰত্ব 1 চে মি বুলি দেখুওৱা হয়, তেন্তে ছবিৰ নীলা গাড়ীখনৰ দ্ৰুতি গণনা কৰা ।
সমাধান— চিত্ৰ দুখন জুখি চাই দেখা গৈছে যে নীলা গাড়ীখনে 10 ছেকেণ্ড, পাছত 8.5 – 7.5 = 1 চে মি অৰ্থাৎ 100 মিটাৰ আগবাঢ়িছে ।
দিয়া আছে, দূৰত্ব = 100 মি .
সময় = 10 ছে.
এতেকে নির্ণেয় দ্রুতি হ’ব = 100/10
উত্তৰ =10 মি . /ছে
প্ৰশ্ন (12) চিত্ৰ 13.15ত A আৰু B দুখন গাড়ীৰ গতিৰ দূৰত্ব-সময়ৰ লেখ দেখুওৱা হৈছে। কোনখন গাড়ী দ্ৰুততৰ ?
উত্তৰ— A গাড়ীখনৰ দ্রুতি বেছি ।
প্ৰশ্ন (13) তলৰ কোনডাল দূৰত্ব-সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰী এখন সূচায় ?
উত্তৰ— (c)
Class 7 Science গতি আৰু সময়
তোমালোকে কি শিকিলা (What you have learnt)
♦ কোনো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক তাৰ দ্ৰুতি বুলি কোৱা হয়।
♦ বস্তুবোৰৰ দ্ৰুতিয়ে সিহঁতৰ কোনটো আনটোতকৈ বেগী তাক জানিবলৈ দিয়ে।
♦ এটা বস্তুৱে অতিক্ৰম কৰা দূৰত্বক, সেই দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময়েৰে ভাগ কৰিলে বস্তুটোৰ দ্ৰুতি পোৱা যায়। ইয়াৰ মূল একক হৈছে মিটাৰ/ছেকেণ্ড (মি/ছে)।
♦ সময়ৰ জোখ নিৰ্ণয়ৰ বাবে পৰ্যাবৃত্ত ঘটনা বোৰ ব্যৱহাৰ কৰা হয়। ঘড়ী আৰু হাতঘড়ী বনাবৰ বাবে দোলকৰ পৰ্যাবৃত্ত গতি ব্যৱহাৰ কৰা হয়।
♦ দূৰত্ব-সময় ৰ লেখৰ সহায়ত বস্তুৰ গতি চিত্ৰাকাৰে প্ৰকাশ কৰিব পাৰি।
♦ এক স্থিৰ দ্ৰুতিৰে গতি কৰি থকা কোনো কোনো বস্তুৰ দূৰত্ব-সময়ৰ লেখ ডাল সদায় এক সৰল ৰেখা।
(adsbygoogle = window.adsbygoogle || []).push({});