SCERT Assam class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ (Fibre to Fabric) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 3 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam আঁহৰ পৰা কাপোৰলৈ class 7 Science Lesson 3 free notes.
আঁহৰ পৰা কাপোৰলৈ
পাঠ ৩
অনুশীলনী (Exercises) :
প্ৰশ্ন (1) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।
(i) Baa-Baa black sheep, have you any wool.
(ii) Marry had a little lamb, whose fleece was white as snow.
তলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ দিয়া।
(ক) Black sheepৰ কোনটো অংশত ঊণ আছে।
উত্তৰ— Black sheepৰ ছালৰ ওচৰৰ মিহি কোমল অধঃস্থ অংশত ঊণ থাকে।
(খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?
উত্তৰ— ভেড়াৰ পোৱালিৰ বগা নোমবোৰে ঊণ বুজায়।
প্ৰশ্ন (2) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (Caterpiller), (খ) লাৰভা (Larva)।এতিয়া তলৰ কোনটো শুদ্ধ?
(i) ক (ii) খ (iii) ক আৰু খ দুয়োটা (iv) ক আৰু খ এটাও নহয়।
উত্তৰ— (iii) ক আৰু খ দুয়োটা
প্ৰশ্ন (3) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে।
(i) য়াক (ii) উট (iii) ছাগলী (iV) নোমাল কুকুৰ
উত্তৰ— (iv) নোমাল কুকুৰ
প্ৰশ্ন (4) তলত দিয়া শব্দবোৰে কি বুজায়?
(i) ৰিয়েৰিং (Rearing) বা পালন (ii) শ্বীয়েৰিং (Shearing) বা নোম খুৰোৱা (iii) ৰেচম বা পাট শিল্প (Sericulture)
উত্তৰ— (i) ৰিয়েৰিং বা পালন: কোনো বস্তু অধিক পৰিমানে বা লাভজনকভাৱে আহৰণ কৰিবলৈ কোনো জীৱক ৰখা, খোৱা, প্ৰজনন কৰা আৰু যত্ন লোৱাৰ প্ৰক্ৰিয়াটোক ৰিয়েৰিং বা পালন বোলে। উদাহৰণ স্বৰূপে, ঊণ আহৰণ কৰিবৰ বাবে ভেড়া পালন কৰা হয় ।
(ii) শ্বীয়েৰিং (Shearing) বা নোম খুৰোৱা: শ্বিয়েৰিং হৈছে ঊণ পাবৰ বাবে ভেড়াৰ নোমবোৰ সংগ্ৰহ কৰা ৷ এই পদ্ধতিত ভেড়াৰ শৰীৰৰ পৰা পাতল তৰপ ছালৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক শ্বিয়েৰিং বা প্ৰাণীৰ নোম খুৰোৱা বুলিও কোৱা হয় ৷
(iii) ৰেচম বা পাট শিল্প: পাট পলুৰ পৰা পাটৰ আঁহ সংগ্ৰহ কৰিবৰ বাবে পাট পলু প্ৰতিপালন কৰা প্ৰক্ৰিয়াটোকে ৰেচম বা পাট শিল্প বোলে।
প্ৰশ্ন (5) তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবোৰ।নথকা স্তৰবোৰ বাছি লিখা।
শ্বীয়েৰিং (Shearing) বা নোম খুৰোৱা, ———-, চৰ্টিং বা ভাগ কৰা, ———–, ———–, ———–
উত্তৰ— শ্বীয়েৰিং (Shearing) বা নোম খুৰোৱা, পৰিস্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, আঁহবোৰ শুকুওৱা, ৰং দিয়া, পাঁজিকাটি ঊণ তৈয়াৰ কৰা।
প্ৰশ্ন (6) পাট চকৰীৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা যিবোৰ পাট উৎপাদনত পোণপটীয়াকৈ জড়িত।
উত্তৰ—
প্ৰশ্ন (7) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।
ৰেচম শিল্প (sericulture), পুষ্পোদ্যান বিজ্ঞান (Floriculture), নুনীগছৰ খেতি (Moriculture), মৌ-পালন (Apiculture), বৃক্ষবিজ্ঞান (Silviculture)।
ইংগিত: (i) পাটৰ উৎপাদন নুনীগছৰ খেতি আৰু পাটপলু পালনৰ লগত জড়িত।
(ii) নুনীগছৰ বৈজ্ঞানিক নাম মৰাচ আলবা (Morus alba)
উত্তৰ— ৰেচম শিল্প (sericulture), নুনীগছৰ খেতি (Moriculture)।
প্ৰশ্ন (8) ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা-
ক অংশ | খ অংশ |
(1) স্কাউৰিং বা নিৰ্ঘৰ্ষণ | (a) পাটৰ সূতা উৎপাদন কৰে। |
(2) নুনী গছৰ পাত | (b) ঊণ উৎপাদন কৰা প্ৰাণী |
(3) য়াক | (c) পাট পলুৰ খাদ্য |
(4) লেটাগুটি | (d) মহুৰা ফুৰা |
(e) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিস্কাৰকৰণ |
উত্তৰ—
ক অংশ | খ অংশ |
(1) স্কাউৰিং বা নিৰ্ঘৰ্ষণ | (e) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিস্কাৰকৰণ |
(2) নুনী গছৰ পাত | (c) পাট পলুৰ খাদ্য |
(3) য়াক | (b) ঊণ উৎপাদন কৰা প্ৰাণী |
(4) লেটাগুটি | (a) পাটৰ সূতা উৎপাদন কৰে। |
Class 7 Science Chapter 3
প্ৰশ্ন (9) পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰ কৰা।
তললৈ | পথালিকৈ |
(2) এখন ঠাই য’ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। | (1) পাটপলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ |
(3) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ | (4) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। |
(5) পাটৰ আন এটি নাম | (6) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ। |
(7) ভেড়া, য়াক আদি জন্তুৰ ছালৰ এক অংশ য’ৰ পৰা আঁহ পোৱা যায়। |
উত্তৰ—
Sl. No. | Contents (Class 7 science) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
তোমালোকে কি শিকিলা (What you have learnt)
♦ পাটপলুৰপৰা পাট সূতা আৰু ভেড়া, ছাগলী আৰু য়াকৰপৰা ঊণ সূতা পাওঁ। সেয়ে পাট আৰু ঊণ প্ৰাণীৰপৰা আহৰণ কৰা সূতা।♦ উট, লামা আৰু আলপাকাৰ পৰাও ঊণ আহৰণ কৰা হয়।♦ ভাৰতত ভেড়া প্ৰধানকৈ ঊণ আহৰন কৰিবলৈ পালন কৰা হয়।♦ ভেড়াৰ শৰীৰৰপৰা নোমবোৰ খুৰাই বা শ্বীয়েৰিং কৰি পৰিস্কাৰকৰণ আৰু বৰ্গীকৰণ কৰা হয় আৰু আঁহবোৰ শুকুৱাই, ৰং দি পাঁজিকাটি ঊণ তৈয়াৰ কৰা হয়।♦ পাটপলুবোৰ পাট চকৰীৰ পৰা হোৱা পোৱালি।♦ সিহঁতৰ জীৱনচক্ৰত পলুবোৰে পাটৰ আঁহৰ লেটাগুটি তৈয়াৰ কৰে।♦ পাটৰ আঁহবোৰ প্ৰ’টিনেৰে গঠন হয়।
♦ লেটাগুটিৰ পৰা পাটৰ আঁহবোৰ পৃঠক কৰা হয় আৰু পাটৰ সূতাৰ ৰীল বা নেছা বনোৱা হয়। ♦ তাঁতী/শিপিনীয়ে পাট সূতাবোৰ শালত বৈ পাটৰ কাপোৰ তৈয়াৰ কৰে। |