বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Class 7 Science Chapter 7

SCERT Assam class 7 Science Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন (Physical and Chemical Changes) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 7 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Science Chapter 7

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন class 7 Science chapter 7 free notes.

বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

পাঠ ৭

অনুশীলনী (Exercises) :

প্ৰশ্ন (1) ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰ— ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে- উষ্ণতা, আদ্রর্তা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি।

প্ৰশ্ন (2) দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ?

উত্তৰ— দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত হয়।

প্ৰশ্ন (3) খালী ঠাই পূৰ্ণ কৰা :

(a) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ——— বোলে।

উত্তৰ— সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে।

(b) এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু ——— আৰু ———

উত্তৰ— এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান

(c) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ’ল ——— আৰু ———

উত্তৰ— জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ’ল গ্ৰীষ্মমণ্ডল আৰু মেৰু অঞ্চল

প্ৰশ্ন (4) তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া

(a)  জম্মু আৰু কাশ্মীৰ ———– ।

উত্তৰ— মধ্যমীয়া গৰম আৰু সেমেকা।

(b)  কেৰালা ———– ।

উত্তৰ— বৰ গৰম আৰু সেমেকা।

(c)  ৰাজস্থান ———– ।

উত্তৰ— গৰম আৰু সেমেকা।

(d)  উত্তৰ-পূব ভাৰত ———– ।

উত্তৰ— সেমেকা।

প্ৰশ্ন (5) বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?

উত্তৰ— বতৰ সঘনে সলনি হয় ।

প্ৰশ্ন (6) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য :

(a)  খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।                      (c)  প্ৰব্ৰজন হ’ব বিচাৰে।

(b)  বগা নোমযুক্ত ছাল।                                                               (e)  ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।

(d)  ডাঙৰ মাত।                                                                          (g)  বহল আৰু ডাঙৰ হাতোৰা।

(f)  ছালৰ তলত চৰ্বীৰ তৰপ।                                                          (i)  শক্তিশালী নেজ ।

(h)  উজ্জ্বল ৰং।

(j)  দীঘল আৰু ডাঙৰ ঠোঁট।

প্ৰত্যেকটো বৈশিষ্ট্য(characteristics)ৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব পাৰে বুলি ভাবানে?

(a)  খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

(b)  বগা নোমযুক্ত ছাল।

উত্তৰ— মেৰু অঞ্চল।

(c)  প্ৰব্ৰজন হ’ব বিচাৰে।

উত্তৰ— মেৰু অঞ্চল।

(d)  ডাঙৰ মাত।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

(e)  ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

(f)  ছালৰ তলত চৰ্বীৰ তৰপ।

উত্তৰ— মেৰু অঞ্চল।

(g)  বহল আৰু ডাঙৰ হাতোৰা।

উত্তৰ— মেৰু অঞ্চল।

(h)  উজ্জ্বল ৰং।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

(i)  শক্তিশালী নেজ ।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

(j)  দীঘল আৰু ডাঙৰ ঠোঁট।

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ।

প্ৰশ্ন (7) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।

উত্তৰ— অবিৰত গৰম আৰু বৰষুণৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায়। ফল–মূল আদি এই অঞ্চলত যথেষ্ট পৰিমানে পোৱা যায় বাবে বিভিন্ন প্ৰকাৰৰ জীৱৰ আহাৰৰ নাটনি নহয় । গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত প্ৰাণীৰ বাবে বিচৰণ ভূমিও যথেষ্ট । বছৰৰ যিকোনাে সময়তে আশ্রয়স্থলৰ অভাৱ নঘটে । এইবোৰ কাৰণতেই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়।

প্ৰশ্ন (8) কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰ— নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পোৱাৰ প্ৰধান কাৰণ হৈছে জলবায়ু অনুযায়ী প্ৰাণীবােৰে নিজকে এক বিশেষ অঞ্চলতহে খাপ খুৱাব পাৰে। যেতিয়া কোনো প্ৰাণীয়ে নিজকে সেই ঠাইৰ জলবয়ুৰ লগত খাপ খুৱাব নোৱাৰে তেতিয়া সেই প্ৰাণী তাত বৰ্তি থাকিবও নােৱাৰে ।

উদাহৰণস্বৰূপে সিংহ নেজীয়া মেকাক বান্দৰৰ কথাই ধৰা যাওক। ইহঁতক সাধাৰনতে পশ্চিমঘাট বৰ্ষাৰণ্য অঞ্চলতহে পোৱা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে এই অঞ্চলত মেকাক বান্দৰে নিজকে খুব ভাল ধৰণে খাপ খুৱাব পাৰে। ইহঁতবোৰ ভাল আৰোহী আৰু জীৱনৰ সৰহখিনি সময় গছতেই কটায়। মেকাক বান্দৰে সিহঁতৰ প্ৰয়োজনীয় আহাৰ যেনে গছৰ গুটি, কুমলীয়া পাত, ফুল আৰু কলি লগতে গছৰ বাকলিৰ ভিতৰত থকা কীট-পতংগও গছৰ পৰাই পায়। সেয়ে কেতিয়াবাহে সিহঁত মাটিলৈ নামি আহে।

প্ৰশ্ন (9) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ?

উত্তৰ— গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে সিহঁতৰ শুৰডাল আহাৰ সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰাৰ লগতে নাকৰ দৰেও ব্যৱহাৰ কৰে, যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি সবল। হাতীৰ মূখৰ পৰা ওলোৱা দীঘল জোঙা দাঁত দুটাৰে গছৰ বাকলি ছিঙি খায় । শুৰৰ সহায়ত ওখ গছৰ পাত চিঙি আনি সহজে খাব পাৰে । সেইবাবে হাতীয়ে খাদ্যৰ বাবে হোৱা প্ৰতিযোগিতা সহজে প্ৰতিহত কৰিব পাৰে। লগতে হাতীৰ ডাঙৰ ডাঙৰ কাণ দুখনে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা ৰখাত সহায় কৰে।

প্ৰশ্ন (10) শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে। ইয়াক পোৱা যায়-

(a) মেৰু অঞ্চলত ।                               (b) মৰুভূমিত ।

(c) সাগৰত ।                                       (d) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

উত্তৰ— (d) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

প্ৰশ্ন (11) বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?

(a) বগা নোমাল ছাল ,ছালৰ তলৰ চৰ্বী, তীক্ষ্ন ঘ্ৰাণ শক্তি।

(b) পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।

(c) এডাল দীঘল নেজ, তীক্ষ্ন আকোৰা নখ, বগা ডাঙৰ হাতোৰা।

(d) বগা শৰীৰ, সাতুৰিবলৈ হাতোৰা, উশাহ-নিশাহ (Gills for respiration) ৰ ফুল।

উত্তৰ— (a) বগা নোমাল ছাল ,ছালৰ তলৰ চৰ্বী, তীক্ষ্ন ঘ্ৰাণ শক্তি।

প্ৰশ্ন (12) গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?

(a) গৰম আৰু আৰ্দ্ৰ।

(b) মধ্যমীয়া উঞ্চতা, প্ৰচুৰ বৃষ্টিপাত ।

(c) ঠাণ্ডা, আৰু আৰ্দ্ৰ।

(d) গৰম আৰু শুকান।

উত্তৰ— (a) গৰম আৰু আৰ্দ্ৰ।

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

Class 7 Science chapter 7

তোমালোকে কি শিকিলা ( What you have learnt)- Class 7 Science Chapter 7

উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমান, বতাহৰ গতি আদিয়ে প্ৰতিদিনে এখন ঠাইৰ বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়।যিকোনো দুদিনৰ বতৰ আৰু এটা সপ্তাহৰ পিছৰ সপ্তাহৰ বতৰো সাধাৰণতে একে নাথাকে।দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত হয়।সূৰ্য উদয় হোৱাৰ আৰু অস্ত যোৱাৰ সময় বছৰটোৰ ভিতৰত সলনি হয়।বতৰৰ সকলো পৰিৱৰ্তন সূৰ্যৰ দ্বাৰা প্ৰভাবিত হয়।দীঘলীয়া সময়, ধৰা ২৫ বছৰৰ বতৰৰ গড় নমুনাক সেই ঠাইৰ জলবায়ু বোলে।গ্ৰীষ্মমণ্ডল আৰু মেৰু অঞ্চল পৃথিৱীৰ দুটা অঞ্চল, য’ত জলবায়ুৰ অৱস্থা চৰম পৰ্যায়ৰ হয়।

প্ৰাণীসমূহ সিহঁতৰ বাসস্থানৰ অৱস্থাৰ লগত অভ্যস্ত হয়।

গোটেই বছৰ ধৰি মেৰু অঞ্চলত শীতৰ প্ৰকোপ থাকে।সূৰ্য বছৰটোৰ ছমাহ কাল অস্ত নাযায় আৰু বাকী ছমাহত সূৰ্য উদয় নহয়।

মেৰু অঞ্চলৰ প্ৰাণীবোৰ অত্যন্ত ঠাণ্ডা জলবায়ুত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰে অভ্যস্ত হয়, যেনে- বগা নোমযুক্ত ছাল, তীব্ৰ ঘ্ৰাণ শক্তি, ছালৰ তলত থকা চৰ্বীৰ তৰপ, সাঁতোৰা আৰু খোজ কঢ়াৰ বাবে বহল আৰু ডাঙৰ হাতোৰা ইত্যাদি।

অত্যন্ত শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা ব্যৱস্থা হ’ল প্ৰাণীৰ প্ৰব্ৰজন।

অনুকুল জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা যায়।

গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ প্ৰাণীবোৰে খাদ্য আৰু আশ্ৰয়ৰ প্ৰতিযোগিতা প্ৰতিহত কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰাত অভ্যস্ত হয়।

গ্ৰীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ কিছুমান অভিযোজন হ’ল- গছত বাস কৰা, শক্তিশালী নেজৰ বিকাশ, দীঘল আৰু ডাঙৰ ঠোট, উজ্জ্বল ৰং, সুন্দৰ গঢ়, ডাঙৰ মাত, খাদ্য হিচাপে ফল, সংবেদনশীল শ্ৰৱণ শক্তি, তীক্ষ্ন দৃষ্টি শক্তি, ডাঠ ছাল, নিজক হিংস্ৰ প্ৰাণীৰ পৰা ৰক্ষা কৰাৰ বাবে আৱৰণেৰে ভ্ৰম ওপজোৱাৰ ক্ষমতা ইত্যাদি।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close