SCERT Assam class 7 Science Chapter 9 মাটি (Soil) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 9 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Science Chapter 9
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam মাটি class 7 Science chapter 9 free notes.
মাটি
পাঠ ৯
অনুশীলনী (Exercises)
প্ৰশ্ন 1 আৰু 2 ৰ অতি উপযোগী উত্তৰত চিন দিয়া—
প্ৰশ্ন (1) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে
(a) বায়ু আৰু পানী
(b) পানী আৰু উদ্ভিদ
(c) খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী
(d) পানী, বায়ু আৰু উদ্ভিদ
উত্তৰ— (c) খনিজ লৱণ, জৈৱ পদার্থ, বায়ু আৰু পানী ।
প্ৰশ্ন (2) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল—
(a) বালিচহীয়া মাটিৰ
(b) আলতীয়া মাটিৰ
(c) দোমোজা মাটিৰ
(d) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ
উত্তৰ— (b) আলতীয়া মাটিৰ
প্ৰশ্ন (3) স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা ।
স্তম্ভ 1 | স্তম্ভ 2 |
(a) জীৱৰ বাসস্থান হ’ল | (a) ডাঙৰ কণিকা |
(b) মাটিৰ উপৰিভাগ | (b) সকলো প্ৰকাৰৰ মাটি |
(c) বালিচহীয়া মাটি | (c) ডাঠ ৰঙৰ |
(d) মাটিৰ মধ্য তৰপ | (d) সৰু কণিকা আৰু টানকৈ বন্ধা |
(e) আলতীয়া মাটি | (e) কম পৰিমাণৰ হিউমাছ |
উত্তৰ—
স্তম্ভ 1 | স্তম্ভ 2 |
(a) জীৱৰ বাসস্থান হ’ল | (b) সকলো প্ৰকাৰৰ মাটি |
(b) মাটিৰ উপৰিভাগ | (c) ডাঠ ৰঙৰ |
(c) বালিচহীয়া মাটি | (a) ডাঙৰ কণিকা |
(d) মাটিৰ মধ্য তৰপ | (e) কম পৰিমাণৰ হিউমাছ |
(e) আলতীয়া মাটি | (d) সৰু কণিকা আৰু টানকৈ বন্ধা |
প্ৰশ্ন (4) মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা।
উত্তৰ— বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ উৎপত্তি বা সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বুলি কোৱা হয়। মাটিৰ প্ৰকৃতি ই উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনি প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ চাৰিটা স্তৰ থাকে যদিও আমি একেবাৰে ওপৰৰ ডাঠ ৰঙৰ হিউমাছ আৰু খণিজ পদাৰ্থৰে সমৃদ্ধ স্তৰটোহে দেখিবলৈ পাওঁ । শিলৰ সৰু সৰু কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোকে মাটি বুলি কোৱা হয়। মাটিত থকা বিভিন্ন কণিকাবোৰৰ ওপৰত ভিত্তি কৰি মাটিক চাৰিটা ভাগত বিভক্ত কৰা হয়- বালিচঁহীয় মাটি, আলতীয়া আৰু দোমোজা বা পলসুৱা মাটি।
প্ৰশ্ন (5) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ?
উত্তৰ— মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। আলতীয়া মাটিয়ে কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালি ঠাইবোৰত পানী ধৰি ৰাখিব পাৰে। সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে। পানী অধিক পৰিমাণে ধৰি ৰাখিব পাৰে বাবে আলতীয়া মাটি শস্যৰ বাবে উপযোগী।
প্ৰশ্ন (6) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা।
উত্তৰ— আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰ হ’ল-
আলতীয়া মাটি | বালিচহীয়া মাটি |
আলতীয়া মাটিৰ কণিকাবোৰ মিহি | বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ |
আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে | বালিচহীয়া মাটিত বায়ু যথেষ্ট পৰিমাণে থাকে |
পানী অন্ত:স্ৰৱণৰ হাৰ আলতীয়া মাটিত সৰ্বনিম্ন | পানী অন্ত:স্ৰৱণৰ হাৰ বালিচহীয়া মাটিত সৰ্বাধিক |
ঘেঁহু, বুটমাহজাতীয় শস্যৰ খেতিৰ বাবে উপযোগী | কপাহ খেতিৰ বাবে উপযোগী |
প্ৰশ্ন (7) মাটিৰ পাৰ্শ্ব চিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা।
উত্তৰ—
প্ৰশ্ন (8) ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মি.লি. পানী অম্তঃস্ৰবণ হ’বলৈ 40 মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা।
সমাধান:
Sl. No. | Contents ( Class 7 science ) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
উত্তৰ— যেতিয়া মাটিত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰে, যি মানৱ স্বাস্থ্য আৰু পৰিৱেশ তন্ত্ৰৰ বাবে অপকাৰী, তেতিয়াই মাটিৰ প্ৰদূষণ হৈছে বুলি কোৱা হয়। সৰল ভাষাত মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক মাটিত হোৱা পৰিৱৰ্তনকে মাটি প্ৰদূষণ বোলে।
মাটিৰ প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে পলিথিন, প্লাষ্টিক, কীটনাশক আৰু ৰাসায়নিক দ্রব্যৰ বহুল ব্যৱহাৰ। পলিথিন আৰু প্লাষ্টিক পচি মাটিৰ লগত মিলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায়। সেইকাৰণে আমি প্লাষ্টিক, পলিথিনৰ সলনি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। লগতে খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোৱৰ ব্যৱহাৰ কৰিব লাগে।
আনহাতে মাটিৰ খহনীয়া ৰোধ কৰিবলৈ হ’লে আমি যথেষ্ট পৰিমাণে গছ-গছনি ৰোপন কৰিব লাগিব। আজিকালি মানুহে বনাঞ্চলবোৰ ধ্বংস কৰি নানা ধৰণৰ উদ্যোগ, কল-কাৰখানা, ৰাস্তা গঢ় দিছে। লগতে বিভিন্ন কাৰণত নদ-নদীবোৰ বাম হৈ অহাত কম বৰষুণতে নদ-নদী ওপচি পৰি বানপানীৰ সৃষ্টি হয়, যি খহনীয়াৰ অন্যতম এক কাৰণ। গতিকে নদ-নদীবোৰ খান্দিও আমি মাটিৰ খহনীয়া ৰোধ কৰিব পাৰো।
প্ৰশ্ন (10) তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা।
থিয়কৈ :
(1) ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো
(3) মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য
(5) দোমাজা মাটিত বালি,বোকাৰ বাহিৰেও থকা আনবিধ উপাদান
পঠালিকৈ :
(2) মাটিত খকা পচা পদাৰ্থ
(4) কম পৰিমাণৰ হিউমাছ আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো
(6) হিউমাছ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় সি
♦ মাটি জীৱনৰ বাবে আৱশ্যকীয়।♦ মাটিৰ পাৰ্শ্ব-চিত্ৰ হ’ল মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা এক উলম্ব ছেদন। বিভিন্ন তৰপবোৰক স্তৰ বুলি কোৱা হয়।♦ মাটি বিভিন্ন প্ৰকাৰৰ : আলতীয়া, দোমোজা আৰু বালিচহীয়াঁ ।♦ পানী অন্তঃস্ৰৱণৰ হাৰ বেলেগ বেলেগ মাটিত বেলেগ বেলেগ হয়। ই বালিচহীয়া মাটিত সৰ্বাধিক আৰু আলতীয়া মাটিত সৰ্বনিম্ন হয়।♦ বিভিন্ন প্ৰকাৰৰ মাটি বিভিন্ন খেতি কৰিবলৈ ব্যৱহাৰ কৰা হয়। আলতীয়া আৰু দোমোজা মাটি ঘেঁহু, বুটমাহ আৰু ধানৰ বাবে উপযোগী।♦ বালিচহীয়া-দোমোজা মাটিত কপাহ উৎপাদন হয়।♦ মাটিয়ে পানী ধৰি ৰাখে। ইয়াক মাটিৰ আৰ্দ্ৰতা বোলে। বিভিন্ন শস্যৰ বাবে মাটিৰ পানী ধাৰণ ক্ষমতা আবশ্যকীয়।
♦ মাটিৰ পাত্ৰ, পুতলা আৰু মূৰ্তি তৈয়াৰ কৰাত আলতীয়া মাটি ব্যৱহাৰ কৰা হয়। |