SCERT Assam class 7 Social Science Chapter 13 প্ৰাক্ঐতিহাসিক অসম free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 13
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 13 “প্ৰাক্ঐতিহাসিক অসম” Lesson 13 free notes. You can even download SCERT Assam class 7 social science chapter 13 PDF.
প্ৰাক্ঐতিহাসিক অসম
পাঠ ১৩
অনুশীলনী :
প্ৰশ্ন ১ । উত্তৰ লিখা :-
ক) নৱগ্ৰহ মন্দিৰ ক’ত অৱস্থিত ?
উত্তৰ— নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত ।
খ) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
উত্তৰ— পূষ্য বৰ্মণ ।
গ) হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ?
উত্তৰ— হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ।
ঘ) বৰ্তমান কামৰূপ জিলাক কি কি ভাগত ভাগ কৰা হৈছে ?
উত্তৰ— বৰ্তমান কামৰূপ জিলাক চহৰ আৰু গ্ৰাম্য এই দুটা ভাগত ভাগ কৰা হৈছে ।
ঙ) দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ— দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা মহীৰঙ্গদানৱে ।
চ) ডুবি আৰু নিধানপুৰ তাম্ৰলিপি কাৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল ?
উত্তৰ— ডুবি আৰু নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল ।
প্ৰশ্ন ২। শুদ্ধ / অশুদ্ধ বিচাৰ কৰা ।
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য ।
উত্তৰ— শুদ্ধ ।
খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ ।
উত্তৰ— অশুদ্ধ ।
গ) বৰ্মণ বংশৰ আদি ৰজা হ’ল পূষ্য বৰ্মণ ।
উত্তৰ— শুদ্ধ ।
ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা ।
উত্তৰ— শুদ্ধ ।
ঙ) ইৎচিঙে চি-উ-কি পুথিখন ৰচনা কৰিছিল ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৩। ক্ৰমানুসাৰে সজোৱা—
বৰ্মণ বংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ বংশ, ভৌম বংশ ।
প্ৰশ্ন ৪। খালী ঠাই পূৰ কৰা—
ক) দানব ৰাজ্যৰ ৰাজধানী আছিল ——— ।
উত্তৰ— দানব ৰাজ্যৰ ৰাজধানী আছিল মইৰাংখ ।
খ) সমুদ্ৰগুপ্তৰ ———ত কামৰূপৰ উল্লেখ পোৱা যায় ।
উত্তৰ— সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ পোৱা যায় ।
গ) ——— কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল ।
উত্তৰ— হৰ্ষবৰ্ধন কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল ।
ঘ) মদন কামদেব মন্দিৰ ——— ৰজাসকলৰ স্থাপত্য কীৰ্তি ।
উত্তৰ— মদন কামদেব মন্দিৰ পাল ৰজাসকলৰ স্থাপত্য কীৰ্তি ।
ঙ) ——— হ’ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক ।
উত্তৰ— শালস্তম্ভ হ’ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক ।
প্ৰশ্ন ৫। চমু টোকা লিখা :
(ক) শালস্তম্ভ বংশ (খ) পালবংশ (গ) কুণ্ডিল ৰাজ্য (ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা ।
উত্তৰ— (ক) শালস্তম্ভ বংশ :— বর্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে । শালস্তম্ভ এই বংশৰ প্রতিষ্ঠাতা । এই বংশৰ ২১ জন ৰজাই প্ৰায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল। আদি ৰজা শালস্তম্ভই কামৰূপৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰিত কৰি ঠাইখনৰ নাম হৰুপেশ্বৰ ৰাখিছিল । শালস্তম্ভসকলৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যই সকলো দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল।শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকাৰ সময়ত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক ইৎচিংৰ লিখনিত সেই সময়ত কামৰুপ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ (বৰ্তমান বিহাৰ) বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়। তেওঁলোক নিজে শৈৱপন্থী আছিল যদিও তান্ত্ৰিক ধৰ্ময়ো তেওঁলোকৰ ৰাজত্বকালতে প্ৰসাৰতা লাভ কৰিছিল। কলিঙ্গ,কৌশল, গৌড় আদি ৰাজ্যসমূহ তেওঁলোকৰ অধীনত থকাৰ সময়ত সেই ঠাইবোৰৰপৰা যথেষ্ট সংখ্যক স্থাপত্যবিদ, গুণী-জ্ঞানী মানুহক কামৰূপলৈ আনিছিল।
(খ) পালবংশ :— শালস্তম্ভসকলৰ পাছত পাল ৰাজবংশই কামৰূপ ৰাজ্যৰ সিংহাসন দখল কৰে । ব্রহ্মপাল পাল বংশৰ প্রতিষ্ঠাতা । এওঁলােকৰ ৰাজ্যৰ ৰাজধানী আছিল দুর্জয়নগৰ (বৰ্তমানৰ উত্তৰ গুৱাহাটী)। এই বংশৰ ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল ইত্যাদি ৰজাৰ নাম বিভিন্ন সমলত উল্লেখ থকা পোৱা যায়। পালসকল হিন্দুধৰ্মী আছিল। বৰ্তমান কামৰূপ (গ্ৰাম্য) জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত থকা মদন কামদেৱ মন্দিৰৰ ভগ্নাৱশেষ পালবংশী ৰজাসকলৰ স্থাপত্য কীৰ্তি।
(গ) কুণ্ডিল ৰাজ্য :— প্ৰাক্ঐতিহাসিক অসম যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল ৰাজ্য অৱস্থিত আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখনত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীকে শ্ৰীকৃষ্ণই বিবাহ কৰিছিল।
(ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা :— অতি প্ৰাচীন কালত অসমখন অনাৰ্য লোকসকলৰ অধ্যুষিত অঞ্চল আছিল। সেয়ে ইয়াত আৰ্য সংস্কৃতিৰ হিন্দু বৰ্ণাশ্ৰমৰ প্ৰভাৱ দেখিবলৈ পোৱা নগৈছিল। সমাজ ব্যৱস্থাত জাতি-ভেদপ্ৰথাৰ কঠোৰতাৰো বৰ বিশেষ প্ৰচলন নাছিল। পৰবৰ্ত্তী সময়ত আৰ্যসকল আৰু হিন্দু-ধৰ্মৰ প্ৰভাৱ পৰাত ইয়াত বৰ্নাশ্ৰমৰ প্ৰভাৱ পৰে। প্ৰাচীন অসমৰ অধিবাসীসকল প্ৰকৃতিৰ উপাসক আছিল। শিৱ আৰু শক্তিৰ উপাসনা ইয়াত অধিক হৈছিল। পুৰণি কামৰূপৰ অৰ্থনীতি মূলত: কৃষিভিত্তিক আছিল। হিউৱেন চাঙৰ লিখনিতো এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথা উল্লেখ পোৱা যায়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল, যেনে-কঠাঁল, নাৰিকল, তামোল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী, পাট, মুগা আদি বস্ত্ৰৰ প্ৰচলন আছিল। মাছ ধৰা, নৈৰ পৰা সোন উলিওৱা, কাপোৰ বোৱা আদি প্ৰাচীন কামৰূপৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল।
প্ৰশ্ন ৬। ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ।
(ক) আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য ।
উত্তৰ— আখ্যান হৈছে পুৰণিকালৰ পৰা মানুহৰ মুখে মুখে চলি অহা কিছুমান ধৰ্মীয় কাহিনী, যিবোৰ কল্পনাৰ ৰহন সানি প্ৰকাশ কৰা হয় । যিবোৰৰ সত্যতা সঠিকভাৱে নিৰূপণ কৰিব পৰা নাযায় । দেৱ-দেৱী বা কোনো বিশেষ ব্যক্তি সৰ্ম্পকে বছৰ বছৰ ধৰি চলি অহা কিছুমান প্ৰবাদ অথবা জনশ্ৰুতি মাত্ৰ। আনহাতে ইতিহাস হৈছে আগতে, ঘটি যােৱা বিভিন্ন ঘটনা বা কাম-কাজৰ নির্ভৰযােগ্য তথ্যৰ ভিত্তিত কৰা বৰ্ণন ।
(খ) ভাস্কৰ বৰ্মণ আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক ।
উত্তৰ— হর্ষবর্ধনৰ সৈতে কুমাৰ ভাস্কৰ বৰ্মণৰ সু-সম্পর্ক আছিল । ভাস্কৰ বৰ্মন হর্ষবর্ধনৰ সমসাময়িক ৰজা আছিল । ফলত কামৰূপৰ সৈতে কনৌজৰ সু–সম্পর্ক গঢ়ি উঠিছিল । ভাস্কৰ বর্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হর্ষবর্ধনৰ সৈতে মিত্রতা স্থাপন কৰিছিল ।
(গ) হিউৱেন চাঙৰ টোকাত বৰ্নিত কামৰূপ ৰাজ্য ।
উত্তৰ— কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে কামৰূপলৈ আহি এমাহ কাল অতিথি ৰূপে কটাইছিল। তেওঁৰ টোকা মতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় সোতৰশ মাইল আছিল। ইয়াৰ লোকসকল সহজ-সৰল আৰু চহকী আছিল। কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ আছিল। সেইসময়ত ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা আছিল। ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথা উল্লেখ পোৱা যায়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল, যেনে-কঠাঁল, নাৰিকল, তামোল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। প্ৰাগজ্যোতিষপুৰ ৰাজ্য পৰ্বতমালাৰে সুৰক্ষিত আছিল আৰু উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীনদেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল।
প্ৰশ্ন ৭। পুৰণি কামৰূপ ৰাজ্যৰ মানচিত্ৰত থকা ঠাইবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ— প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, কুণ্ডিল নগৰ, ডবকা, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ, দূৰ্জ্জয়নগৰ আদি।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Class 7 Social Science Chapter 13)
প্ৰশ্ন ১। প্ৰাচীন কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিল আৰু কি কি ?
উত্তৰ— প্ৰাচীন কামৰূপ ৰাজ্য চাৰিভাগত বিভক্ত আছিল- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।
প্ৰশ্ন ২। ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
উত্তৰ— নৰকাসুৰ।
প্ৰশ্ন ৩। কামাখ্যা মন্দিৰলৈ যোৱা বাটটো পোন প্ৰথমে কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ— নৰকাসুৰে।
প্ৰশ্ন ৪। “ভাস্কৰাব্দ” নামৰ নতুন সময়সূচীৰ প্ৰচলন কেতিয়াৰ পৰা হয় ?
উত্তৰ— কুমাৰ ভাস্কৰ বৰ্মণে কামৰূপৰ সিংহাসনত আৰোহণ কৰা সময়ৰ পৰা ।
প্ৰশ্ন ৫। পাল বংশৰ প্ৰতিষ্ঠাতা কোন ?
উত্তৰ— ব্ৰহ্মপাল।
মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Assam)
♦ কামৰূপৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ।
♦ প্ৰাচীন প্ৰাগজ্যোতিষত অতি উচ্চমানৰ জ্যোতিষ চৰ্চা হৈছিল।
♦ এটা সময়ত অসমখনেই কামৰূপ নামেৰে জনাজাত আছিল।
♦ মহাকাব্য ৰামায়ন আৰু মহাভাৰতত কামৰূপ ৰাজ্যৰ উল্লেখ পোৱা যায়।
♦ যোগিনী তন্ত্ৰমতে কামৰূপ ৰাজ্যখন চাৰি ভাগত বিভক্ত আছিল- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।
♦ কামৰূপৰ বাদেও এই অঞ্চলত বহুতো সৰু সৰু ৰাজ্য আছিল।
♦ বৰ্মণ বংশৰ ৰজা কুমাৰ ভাস্কৰবৰ্মণৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল।
♦ হিউৱেন চাঙৰ টোকা কামৰূপৰ ইতিহাসৰ এক অমূল্য সম্পদ।
♦ উত্তৰ ভাৰতৰ প্ৰখ্যাত সম্ৰাট হৰ্ষবৰ্ধন কামৰূপৰ ৰজা ভাস্কৰ বৰ্মণৰ সমসাময়িক আছিল।
♦ বৰ্মণ বংশৰ পাছত শালস্তম্ভ, পালবংশৰ ৰজাসকলে কামৰূপ ৰাজ্যত ৰাজত্ব কৰে।
♦ শালস্তম্ভসকলৰ সময়ত হাৰুপেশ্বৰ কামৰূপৰ ৰাজধানী আছিল।
♦ পুৰণি কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা উন্নত আছিল।
(adsbygoogle = window.adsbygoogle || []).push({});