ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা Class 7 Social Science Chapter 9

SCERT Assam class 7 Social Science Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 9

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 9 “ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা” Lesson 7 free notes. You can even download SCERT Assam class 7 social science chapter 9 PDF.

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

পাঠ ৯

অনুশীলনী :

প্ৰশ্ন ১। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।

উত্তৰ— শুদ্ধ ।

(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰথম।

উত্তৰ— শুদ্ধ ।  (এপ্ৰিল ২০২৩ ত চীন দেশক অতিক্ৰম কৰি ভাৰত সৰ্বাধিক জনসংখ্যাৰ দেশ হয়)

(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

উত্তৰ— শুদ্ধ ।

(ঘ) দক্ষিণ ভাৰতৰ ক’লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।

উত্তৰ— শুদ্ধ ।

(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা

(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ/লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

উত্তৰ— দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

(খ) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিল’মিটাৰত ৩৮০/৩৮২/৩২৪ জন ।

উত্তৰ— ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিল’মিটাৰত ৩৮২ জন ।

(গ) ফলমূল উৎপাদনত পাঞ্জাব/জম্মু-কাশ্মীৰ/হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।

উত্তৰ— ফলমূল উৎপাদনত জম্মু-কাশ্মীৰৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।

(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া/কাঁইটীয়া/তৃণজাতীয় উদ্ভিদ পোৱা যায়।

উত্তৰ— মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়।

(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল অৰুণাচল প্ৰদেশ/মহাৰাষ্ট্ৰ/উত্তৰ প্ৰদেশ।

উত্তৰ— ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ

প্ৰশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ   ‘খ’ অংশ’
১। মৌচুমীয় উদ্ভিদ২। তৃণজাতীয় উদ্ভিদ৩। কাঁইটীয়া মৰুজ উদ্ভিদ৪। চিৰসেউজীয়া উদ্ভিদ ১। ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।২।  বছৰি ৫০ চেন্টিমিটাৰতকৈ কম বৰষুণ হয়।৩।  বছৰি ৫০ চেন্টিমিটাৰৰপৰা ১০০ চেন্টিমিটাৰ বৰষুণ হয়।৪। বছৰি ১০০ চেন্টিমিটাৰৰপৰা ২০০চেন্টিমিটাৰ বৰষুণ হয়।

উত্তৰ—

‘ক’ অংশ   ‘খ’ অংশ’
১। মৌচুমীয় উদ্ভিদ২। তৃণজাতীয় উদ্ভিদ৩। কাঁইটীয়া মৰুজ উদ্ভিদ৪। চিৰসেউজীয়া উদ্ভিদ ৪। বছৰি ১০০ চেন্টিমিটাৰৰপৰা ২০০চেন্টিমিটাৰ বৰষুণ হয়।৩।  বছৰি ৫০ চেন্টিমিটাৰৰপৰা ১০০ চেন্টিমিটাৰ বৰষুণ হয়।২।  বছৰি ৫০ চেন্টিমিটাৰতকৈ কম বৰষুণ হয়।১। ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।

Class 7 Social Science Chapter 9

প্ৰশ্ন ৪।  চমু উত্তৰ লিখা (৪০ টা মান শব্দৰ ভিতৰত)

(ক)  জনসংখ্যা হ্ৰাস-বৃদ্ধি কি কি কাৰণত হ’ব পাৰে ?

উত্তৰ— কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। সময়ৰ লগে লগে ইয়াৰ হ্ৰাস-বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্ৰাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয়। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয়। কিন্তু কেতিয়াবা প্ৰাকৃতিক কাৰণ, যেনে- প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ- বিগ্ৰহ, মহামাৰী, স্হায়ীভাৱে ঠাই এখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰবজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িব ধৰে।

(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি ?

উত্তৰ— ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হল – দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ- প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।

গ) ভাৰতৰ ক’ত ক’ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় ?

উত্তৰ— ভাৰতৰ চিৰসেউজীয়া উদ্ভিদ পোৱা ঠাই সমূহ হৈছে- পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশ ।

(ঘ) ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?

উত্তৰ— ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ হৈছে— মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশ ।

প্ৰশ্ন ৫। উত্তৰ লিখা (৮০টা মান শব্দৰ ভিতৰত)

(ক) ভাৰতৰ জলবায়ু ওপৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।

উত্তৰ— Class 7 Social Science Chapter 9বিভিন্ন কাৰকৰ ভিতৰত ভাৰতৰ জলবায়ু আটাইতকৈ বেছি প্ৰভাৱিত কৰে মৌচুমী বতাহে। গ্ৰীষ্মকালত ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ফলত ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। ঠিক সেই সময়তে, এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপপুষ্ট গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে। আকৌ আন এটি সোত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল আদি স্হানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিমঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।

খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন বাখ্যা কৰা।

উত্তৰ— জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যাকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হয়। আনহাতে বৰষুণো ১০০ চেন্টিমিটাৰৰ অধিক হয়। পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তগৰ্ত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী। বৃষ্টিপাত তুলনামূলক ভাৱে কম হলেও পঞ্জাব আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা, কাৱেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয়।

পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হৈছে। ইয়াৰ বাহিৰেও মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আদি প্ৰদেশতো ঘেঁহু খেতি কৰা হয়।

মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্য প্ৰদেশ, পূব মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিম বংগ, দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাব ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি কৰা হয়। পশ্চিম বংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাট খেতি কৰা হয়। তাৰোপৰি, মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মচলা জাতীয় শস্যৰ খেতি কৰা হয়। জন্মু- কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফলমূলৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি বহুল ভাৱে কৰা হয়।

গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন ? মৌচুমীয় উদ্ভিদৰ উদাহৰণ দি ভাৰতৰ ক’ত ক’ত সেইবোৰ পোৱা যায় উল্লেখ কৰা ।

উত্তৰ— যিবোৰ ঠাইত বছৰি ১০০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ বৰষুণ হয় আৰু গড় উষ্ণতা প্ৰায় ২৭° চেলচিয়াছ থাকে, তেনেবোৰ অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে।

মৌচুমীয় উদ্ভিদৰ উদাহৰণ হৈছে– শাল, চেগুন, শিমলু, শিশু, অৰ্জুন ইত্যাদি। অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছট্টিছগড়, মধ্য প্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত মৌচুমীয় উদ্ভিদ পোৱা যায়। লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জতো কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়।

ঘ) ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতৰ ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ— যিবোৰ অঞ্চলত ১০০ চেন্টিমিটাৰৰ অধিক বৰষুণ হয় আৰু উত্তাপ ২৫°চেলচিয়াছৰ অধিক হয়, তেনে অঞ্চলৰ জলবায়ু ধানখেতিৰ বাবে উপযোগী।

ভাৰতৰ ধান খেতি প্ৰধান ৰাজ্যবোৰ হ’ল – পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী , কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা।

ঙ) জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশত কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।

উত্তৰ— অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা চি খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।

অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 9)

প্ৰশ্ন ক) মৌচুমীয় উদ্ভিদৰ আন এটা নাম কি ?

উত্তৰ— মৌচুমীয় উদ্ভিদৰ আন এটা নাম পৰ্ণপাতী উদ্ভিদ।

প্ৰশ্ন খ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা ?

উত্তৰ— একোটা পৰিৱেশত নিজে নিজে হোৱা উদ্ভিদসমূহেই প্ৰাকৃতিক উদ্ভিদ।

গ) মৌচুমী বতাহ কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ— মৌচুমী বতাহ দুই প্ৰকাৰৰ- দক্ষিন-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহ।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Chapter 9)

class 7 Social Science Chapter 9 দেশখনৰ বিশালতা, ভূপ্ৰকৃতি, বিষুৱৰপৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, সাগৰৰপৰা দূৰত্ব আৰু মৌচুমী বতাহ আদিয়ে ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰিছে।

ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়- দক্ষিন-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহ।

তাপ আৰু উষ্ণতা, বৃষ্টিপাত, মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ বিতৰণ বেলেগ বেলেগ হয়।

ভাৰতত হোৱা প্ৰাকৃতিক উদ্ভিদসমূহক চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰুজ উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ হিচাপে শ্ৰেণীবিভাগ কৰা হয়।

গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা মাটিৰে গঠিত অঞ্চলৰ প্ৰধান কৃষিজাত শস্য হ’ল- ধান।

মধ্যপ্ৰদেশ, গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশ জুৰি থকা ক’লা মাটি অঞ্চলত প্ৰধানকৈ কপাহ খেতি কৰা  হয়।

জনসংখ্যাৰ ফালৰপৰা ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ।

জনসংখ্যা বৃদ্ধিৰ বাবে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষি ভূমিৰ পৰিমাণ কমি অহা, খাদ্য সমস্যা, নিবনুৱা সমস্যা আদি সমস্যাই দেখা দিছে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close