SCERT Assam গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা class 8 Social Science Chapter 20 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 8 Social Science Chapter 20
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 20 “গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা” Lesson 20 free notes. you can also download class 8 social science chapter 20 PDF for free.
গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ ২০
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে ? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।
উত্তৰ— হয়। গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে ।
গ্ৰাহক সজাগতাৰ সপক্ষে দুটা যুক্তি তলত আগবঢ়োৱা হ’ল-
১) গ্ৰাহক সজাগ নহ’লে আৰ্থিকভাৱে লোকচান হ’ব পাৰে ǀ
২) গ্ৰাহক সজাগ নহ’লে কিছুমান অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলা সা-সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পাৰে।
(খ) গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ কি কি ?
উত্তৰ— গ্ৰাহকক শোষণ কৰিবলৈ বিক্ৰেতাই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। ইয়াৰে কেইটামান তলত উল্লেখ কৰা হ’ল—
১) বস্তুৰ ওজন সঠিকভাবে নকৰা।
২) ভেজাল বস্তু বিক্ৰী কৰা ǀ
৩) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা ।
৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ǀ
৫) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।
৬) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা।
৭) মানসূচক চিহ্নসমূহ নকল কৰা ।
৮) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।
(গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি ? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনযোগ দিয়া উচিত ?
উত্তৰ— গ্ৰাহক হিচাপে যিকোনো সা-সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য ǀ সা-সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি সদায় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে ǀ সেইবোৰ হ’ল-
১) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে ।
২) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।
৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
৪) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।
৫) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি কার্ড বিচৰা।
৬) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।
(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি ? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ
উত্তৰ— আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে ǀ এইবোৰকে গ্ৰাহক অধিকাৰ বোলে ǀ গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-
১) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে ǀ উদাহৰণস্বৰূপে-সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে । বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য ǀ
২) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত যদি গ্ৰাহকৰ কিবা অভাৱ-অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰা ।
৩) প্ৰয়োজন সাপেক্ষে প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা।
৪) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ।
(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ
উত্তৰ— ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱত্তিত হয় আৰু বৰ্তমান এই আইনৰ অধীনতে গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱা চিতা কৰা হয়। চৰকাৰে প্ৰায়েই ৰেডিঅ’, টেলিভিচন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰে য’ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে ǀ চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয় ǀ লগতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে ‘কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ’ স্থাপন কৰিছে । অকল এয়াই নহয়, গ্ৰাহকৰ সুবিধাৰ বাবে বিভিন্ন জ্ঞান আৰু তথ্য সমৃদ্ধ দুটা ব্যৱহাৰযোগ্য বেৱছাইটো গঢ়ি তুলিছে। সেই বেৱছাইট দুটা হৈছে- www.jagograhakjago.gov.in আৰু www.jagoghahakjago.com.
প্ৰশ্ন ২। চমু টোকা লিখা- (class 8 Social Science)
(ক) গ্ৰাহক সুৰক্ষা আইন
উত্তৰ— ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱত্তিত হয় । পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ ৰ সলনি বৰ্তমান এই আইনৰ অধীনতে গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱা চিতা কৰা হয় । এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ-আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰি আহিছে। গ্ৰাহকৰ অধিকাৰ আৰু বিবাদ নিষ্পত্তিকৰণ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ বাবে এই আইনৰ অধীনত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ‘গ্ৰাহক সুৰক্ষা পৰিষদ’ নামেৰে উপদেষ্টাধৰ্মী পৰিষদ এখনো গঠন কৰা হৈছে। এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে ‘কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ’ স্থাপন কৰিছে লগতে গ্ৰাহকৰ অধিকাৰৰ সুৰক্ষা আৰু বিবাদ নিষ্পত্তিকৰণৰ বাবে সঠিক সময়ত বিহিত ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই আইনৰ অধীনতে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ আয়োগ’ এখনো গঠন কৰা হৈছে।
(খ) গ্ৰাহক সজাগতা
উত্তৰ— গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত প্ৰত্যেক গ্ৰাহকেই সাৱধানতা অৱলম্বন কৰিব লাগে । নহ’লে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা বা শোষণ কৰাৰ সুবিধা পায় । গতিকে গ্ৰাহকে বস্তু বা সেৱা ক্ৰয় কৰোতে সদায় তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা সম্পৰ্কে নিশ্চিত হ’ব লাগে। লগতে বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় সেইটোও পৰীক্ষা কৰিব লাগে। যেতিয়া গ্ৰাহকে কোনো দীৰ্ঘস্থায়ী সামগ্ৰী কিনে তেতিয়া বিক্ৰেতাৰ পৰা গেৰান্টি বা ৱাৰেন্টি কাৰ্ড বিচাৰিব লাগে।
(গ) গ্ৰাহক প্ৰতাৰণা
উত্তৰ— বস্তু বা সেৱা কিনাৰ ক্ষেত্ৰত প্ৰায়েই গ্ৰাহকসকল বিক্ৰেতাসকলৰ দ্বাৰা প্ৰতাৰিত হ’ব লগা হয়। বিক্ৰেতা সকলে গ্ৰাহক সকলক প্ৰতাৰণা কৰিবলৈ বহু ধৰণৰ কৌশল অৱলম্বন কৰে । উদাহণস্বৰূপে –
১) বস্তুৰ ওজন সঠিক ভাৱে নকৰা ।
২) ভেজাল বস্তু বিক্ৰী কৰা ।
৩) বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা ।
৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।
৫) সামগ্ৰী প্ৰস্তুত কৰনৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।
৬) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা ।
৭) মান সূচক চিন সমূহ নকল কৰা ।
৮) নামী–দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা ।
৯) ডাক সেৱা, টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময় মতে আদায় নিদিয়া আদি ।
(ঘ) গ্ৰাহকৰ অধিকাৰ
উত্তৰ— গ্ৰাহকসকল প্রতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সেৱা পোৱাটোৱেই হৈছে গ্ৰাহকৰ অধিকাৰ ।
গ্ৰাহকৰ অধিকাৰ সমূহ হল –
১) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা ।
২) গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা ।
৩) গ্ৰাহকৰ অভাৱ–অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা ।
৪) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা ।
৫) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থাৰ দাবী কৰা ।
৬) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ।
এই অধিকাৰ সমূহ আমাৰ দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰতে প্ৰযোজ্য । এই অধিকাৰ সমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত । ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে । সমগ্ৰ বিশ্বত গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জন জাগৰণৰ সৃষ্টি কৰিছে । তাৰেই ভিত্তিত ১৫ মাৰ্চ তাৰিখতো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিবস হিচাবে পালন কৰা হয় ।
(ঙ) গ্ৰাহক আদালত
গ্ৰাহকৰ অধিকাৰৰ সুৰক্ষা আৰু বিবাদ নিষ্পত্তিকৰণৰ বাবে সঠিক সময়ত বিহিত ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে গ্ৰাহক আদালত গঠন কৰা হৈছে।ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে । এনে ফ’ৰামসমূহ তিনিটা পৰ্যায়ত গঠিত হৈছে-
(ক) জিলা ভিত্তিত- জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(খ) ৰাজ্যিক ভিত্তিত- ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(গ) ৰাষ্ট্ৰীয় ভিত্তিত- ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
প্ৰশ্ন ৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।
উত্তৰ— অশুদ্ধ ।
(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্র ৰাষ্ট্ৰ যিখনে আইন প্রণয়ন কৰিছে।
উত্তৰ— শুদ্ধ ।
(গ) শোষণৰ বলি হোৱা গ্রাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে ।
উত্তৰ— শুদ্ধ ।
(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্রাহক সুৰক্ষা আইন প্রযোজ্য ।
উত্তৰ— অশুদ্ধ ।
(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্রমাণ হিচাপে হলমার্ক চিহ্ন ব্যৱহাৰ কৰা হয়।
উত্তৰ— অশুদ্ধ ।
(চ) বিক্রেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ ǀ
উত্তৰ— শুদ্ধ ।
প্ৰশ্ন ৪। প্ৰকল্প—
(ক) গ্ৰাহকৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে তোমালোকে দলত ভাগ হৈ পাঁচোটাকৈ শ্ল’গান লিখা।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।
(খ) তোমাৰ ঘৰৰ ওচৰৰ চাৰি/পাঁচজন মানুহক লগ ধৰি তেওঁলোকে লাভ কৰা গ্ৰাহক প্ৰতাৰণাৰ বিৱৰণ লিখি সেই প্ৰতাৰণাৰ বিপৰীতে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 20)
♦ অৰ্থনীতিৰ ভাষাত গ্ৰাহকক উপভোক্তা বুলি কোৱা হয়।
♦ উৎপাদন, উপভোগ, বিনিময়, বিনিয়োগ, বিতৰণ নিয়োগ আদি অৰ্থনৈতিক ব্যৱস্থাৰ কিছুমান বিশেষ কাৰ্যাৱলী।
♦ অৰ্থনৈতিক কাৰ্যসমূহ ইটোৰ ওপৰত আনটো নিৰ্ভৰশীল।
♦ অৰ্থনৈতিক ব্যৱস্থাত উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।
♦ কৰ্মী, উদ্যমী, দূৰদৃষ্টিসম্পন্ন উপভোক্তাহে দেশৰ উন্নয়নৰ অংশীদাৰ হ’ব পাৰে।
♦ ব্যক্তিগত লাভৰ আশাত বিক্ৰেতাই গ্ৰাহকক ঠগোৱাৰ অনেক সুৰুঙা উলিয়াই লয়।
♦ ব্যৱসায়ত লাভ অৰ্জন কৰাটোৱে ব্যৱসায়ীৰ মূল লক্ষ্য।
♦ লাভ উৰ্পাজনত ব্যৱসায়ীয়ে অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শোষণ কৰাটো অমাৰ্জনীয়।
♦ গ্ৰাহকৰ সুৰক্ষা আৰু কল্যাণৰ হকে আমাৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰিছে।
♦ গ্ৰাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰোতে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে।
♦ ১৫ মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।
♦ ১৯৮৫ চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা নিৰ্ণয় কৰি দিছে।
♦ ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰে।
♦ ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰপৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱৰ্তিত হয়।
♦ গ্ৰাহক সুৰক্ষা আইনৰ অধীনত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছে।
♦ সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে।
♦ গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ গঠন কৰা হৈছে।
♦ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ মজুত থাকিব লাগে।
♦ চৰকাৰী অনুষ্ঠানসমূহৰ উপৰি গ্ৰাহকসকলে নিজাববীয়াকৈ গ্ৰাহক সমিতি গঠন কৰে।
♦ গ্ৰাহকসকলে গঠন কৰা গ্ৰাহক সমিতিবোৰে বস্তুৰ দৰ, গুণাগুণ আদিৰ ক্ষেত্ৰত গ্ৰাহকৰ স্বাৰ্থত এটা হেচাঁ প্ৰয়োগকাৰী গোট হিচাপে কাম কৰে।
অতিৰিক্ত প্ৰশ্ন (Class 8 Social Science Chapter 20)
প্ৰশ্ন (ক) তলত উল্লেখ কৰা চিহ্নবোৰ ক’ত ব্যৱহাৰ হয় লিখা।
এগমাৰ্ক, আই এছ আই, হলমাৰ্ক, এফ পি অ’
এগমাৰ্ক :- আমাৰ দেশৰ কৃষিক্ষেত্ৰৰপৰা উৎপাদিত খাদ্য সামগ্ৰী যেনে- খোৱা তেল, আটা, ময়দা, ডালিয়া, ঘি, বিভিন্ন মছলা আদিৰ ক্ষেত্ৰত এগমাৰ্ক ব্যৱহাৰ কৰা হয়।
আই এছ আই :- ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰী যেনে- ৰ’ড, প্ৰেছাৰ কুকাৰ, ষ্টিলৰ বাছন, বৈদ্যুতিক সামগ্ৰী আদিৰ ক্ষেত্ৰত আই এছ আই চিহ্ন ব্যৱহাৰ কৰা হয়।
হলমাৰ্ক :- মূল্যৱান ধাতু যেনে- সোণ, ৰূপ, প্লেটিনাম আৰু এইবোৰৰ দ্বাৰা তৈয়াৰী অলংকাৰৰ ক্ষেত্ৰত ব্যৱাহাৰ কৰা হয়।
এফ পি অ’ :- ফল-মূলৰ পৰা বিশেষ পদ্ধতিৰ দ্বাৰা পৰিৱৰ্তন সাধিত খাদ্য যেনে- জাম, জেলী, আচাৰ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
(adsbygoogle = window.adsbygoogle || []).push({});