Class 6 Science Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ?

SCERT class 6 Science Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ? free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Science chapter 1 solutions.

Class 6 Science

খাদ্য: আমি ক’ৰ পৰা পাওঁ?

অধ্যায় ১

অনুশীলনী

প্ৰশ্ন ১ সকলো জীৱৰ বাবেই একে ধৰনৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে?

উত্তৰ— সকলো জীৱৰ বাবেই একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি মই নাভাবো । জীৱ ভেদে খাদ্যৰ প্ৰকাৰো বেলেগ বেলেগ হয় ।

প্ৰশ্ন ২। আমি খোৱা ৫ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ— আমি খোৱা ৬ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰ ৰ নাম হৈছে-

ধান গছ – বীজ অংশ।

আম গছ- ফল অংশ ।

ৰঙালাউ গছ – ফল, ফুল আৰু গা-গছ অংশ।

গাজৰ গছ – শিপা অংশ।

ঘেহুঁ – বীজ অংশ।

প্ৰশ্ন ৩। ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলোৱা।

‘ক’ স্তম্ভ ‘খ’ স্তম্ভ
গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ আন প্ৰাণী খায়।
পালেং শাক, ফুলকবি, গাজৰ
উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।
সিংহ আৰু বাঘে শাক-পাচলি।
তৃণভোজী প্ৰাণীয়ে প্ৰাণীজাত সামগ্ৰী।

উত্তৰ—

‘ক’ স্তম্ভ ‘খ’ স্তম্ভ
গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ প্ৰাণীজাত সামগ্ৰী।
পালেং শাক, ফুলকবি, গাজৰ শাক-পাচলি।
সিংহ আৰু বাঘে আন প্ৰাণী খায়।
তৃণভোজী প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।
প্ৰশ্ন ৪। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা-

তৃণভোজী, উদ্ভিদজাত, গাখীৰ, কুহিঁয়াৰ, মাংসভোজী

(ক) বাঘ এবিধ —— প্ৰাণী কাৰণ ই কেৱল মাংস খায়।

উত্তৰ— বাঘ এবিধ মাংসভোজী প্ৰাণী কাৰণ ই কেৱল মাংস খায়।

(খ) হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক —— বুলি কোৱা হয়।

উত্তৰ— হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক তৃণভোজী বুলি কোৱা হয়।

(গ) ভাটৌৱে কেৱল —— সামগ্ৰী খায়।

উত্তৰ— ভাটৌৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়।

(ঘ) ——এবিধ পানীয়, যি গৰু, ম’হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।

উত্তৰ— গাখীৰ এবিধ পানীয়, যি গৰু, ম’হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।

(ঙ) —— ৰ পৰা আমি চেনি পাওঁ।
উত্তৰ— কুহিঁয়াৰৰ পৰা আমি চেনি পাওঁ।
Sl. No. Contents (Class 6 Science)
Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ?
Chapter 2 খাদ্যৰ উপাদান
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ
Chapter 6 আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ
Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8 দেহৰ চলন
Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ
Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ
Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12 বিদ্যুৎ আৰু বৰ্তনী
Chapter 13 চুম্বকৰ লগত ধেমালি
Chapter 14 পানী
Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু
Chapter 16 আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

জানো আহা

সাৰাংশ

  • ভাৰতৰ বিভিন্ন অঞ্চলত খোৱা খাদ্যৰ ভিন্নতা দেখা যায়।
  • আমাৰ খাদ্যৰ প্ৰধান উৎসবোৰ হ’ল উদ্ভিদ আৰু প্ৰাণী
  • যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক তৃণভোজী প্ৰাণী বোলে।
  • যিবোৰ প্ৰাণীয়ে কেৱল প্ৰাণীকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক মাংসভোজী প্ৰাণী বোলে।
  • যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়ো বিধকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক সৰ্বভোজী বোলে।

মূল শব্দ

উপকৰণ Ingredients
খোৱাৰ উপযোগী Edible
ফুলৰ মিঠা ৰস Necter
গজালি মেলা বীজ Sprouted seeds
তৃণভোজী Harbivore
মাংসভোজী Carnivore
সৰ্বভোজী Omnivore
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close