Class 6 Science Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

SCERT class 6 Science Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ” Lesson 4 notes.

পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

অধ্যায় ৪

অনুশীলনী

প্ৰশ্ন । কাঠেৰে তৈয়াৰী ৫ বিধ বস্তুৰ নাম লিখা ।

উত্তৰ— চকী, বিছনা, দৰ্জা, খিৰিকী আৰু আলমাৰী ।

প্ৰশ্ন তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱা –

কাচৰ বাটি , প্লাষ্টিকৰ পুতলা , ষ্টীলৰ চামুচ , কপাহী চোলা

উত্তৰ— কাচৰ বাটি আৰু ষ্টীলৰ চামুচৰ উজ্জ্বলতা আছে

প্ৰশ্ন তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা , যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কতৰা হয় । মনত ৰাখিবা যে বস্তু এটা বা এবিধতকৈ বেঠি পদাৰ্থৰে গঠন হ’ব পাৰে আৰু এটা পদাৰ্থও বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হ’ব পাৰে ।

 বস্তু  পদাৰ্থ
কিতাপ  কাচ
 গিলাচ কাঠ
 চকী কাগজ
 পুতলা চামৰা
 জোতা প্লাষ্টিক

উত্তৰ—

 বস্তু  পদাৰ্থ
কিতাপ  কাগজ
 গিলাচ  কাচ
 চকী  কাঠ
 পুতলা প্লাষ্টিক
 জোতা  চামৰা

প্ৰশ্ন । তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

(ক) শিল স্বচ্ছ কিন্তু কাচ অস্বচ্ছ ।

উত্তৰ— অশুদ্ধ ।

(খ) টোকাবহীৰ উজ্জ্বলতা ( চিকমিকনি ) আছে কিন্তু ৰবৰৰ নাই ।

উত্তৰ— শুদ্ধ ।

(গ) চকমাটি পানীত দ্ৰৱীভূত হয় ।

উত্তৰ— অশুদ্ধ ।

(ঘ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।

উত্তৰ— শুদ্ধ ।

(ঙ) পানীত চেনি দ্ৰৱীভূত নহয় ।

উত্তৰ— অশুদ্ধ ।

(চ) পানীত তেল মিহলি হয় ।

উত্তৰ— অশুদ্ধ ।

(ছ) বালি পানীত তললৈ যায় ।

উত্তৰ— শুদ্ধ ।

(জ) পানীত ভিনেগাৰ দ্ৰৱীভূত হয় ।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন । তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে – 

পানী , বাচকেট বল কমলা চেনি গ্লোব আপেল আৰু মাটিৰ কলহ । 

নির্দেশনা মতে সেইবোৰ ভাগ কৰা  

(ক) গোলাকৃতি আৰু অন্য আকৃতি । 

উত্তৰ— গোলাকৃতি : বাচকেট বল, কমলা, গ্লোব, আপেল । 

অন্য আকৃতি : পানী, চেনি, মাটিৰ কলহ । 

খ ) খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী বস্তু ।

উত্তৰ— খোৱাৰ উপযোগী বস্তু : পানী ,কমলা , চেনি , আপেল

খোৱাৰ অনুপযোগী বস্তু : বাচকেট বল, গ্লোব, মাটিৰ কলহ ।

প্ৰশ্ন  । তুমি জনা পানীত ওপঙা বস্তুবোৰৰ নাম লিখা । এইবোৰ তেল বা কেৰাচিন তেলত ওপঙেনে পৰীক্ষা কৰা ।

উত্তৰ— ৰ শুকান পাত, কাগজৰ টুকুৰা, প্লাষ্টিক বটল, কাঠৰ টুকুৰা, বেলুন আদি। এইবোৰ তেল বা কেৰাচিন তেলত ওপঙে

প্ৰশ্ন । তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱাঃ 

(ক) চকী বিছনা টেবুল কেঁচুৱা আলমাৰি । 

উত্তৰ— কেঁচুৱা ।

(খ) গোলাপ খৰিকাজাঁই নাও নার্জী পদুম । 

উত্তৰ— নাও ।

(গ) এলুমিনিয়াম লো তাম ৰূপ বালি । 

উত্তৰ— বালি । 

(ঘ) চেনি নিমখ বালি কপাৰ ছালফেট  (তুতিয়া)।

উত্তৰ— বালি । 

Sl. No. Contents (Class 6 Science)
Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ?
Chapter 2 খাদ্যৰ উপাদান
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ
Chapter 6 আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ
Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8 দেহৰ চলন
Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ
Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ
Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12 বিদ্যুৎ আৰু বৰ্তনী
Chapter 13 চুম্বকৰ লগত ধেমালি
Chapter 14 পানী
Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু
Chapter 16 আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

জানো আহা

সাৰাংশ

  • আমাৰ চাৰিওফালৰ বস্তুবোৰ বিভিন্ন ধৰনৰ পদাৰ্থৰে গঠিত।
  • কোনো এটা পদাৰ্থ বহুসংখ্যক বস্তু প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি। এইটোও সম্ভৱ যে কোনো এবিধ বস্তু এটা বা বিভিন্ন পদাৰ্থৰে গঠিত হ’ব পাৰে।
  • বিভিন্ন ধৰনৰ পদাৰ্থৰ বিভিন্ন ধৰ্ম আছে।
  • কিছুমান পদাৰ্থ দেখাত উজ্জ্বল আনহাতে আনবোৰ নহয়। কিছুমান বস্তু খহটা আৰু কিছুমান মসৃণ। সেইদৰে কিছুমান পদাৰ্থ টান আৰু কিছুমান কোমল।
  • কিছুমান পদাৰ্থ পানীত দ্ৰৱীভূত হয়, কিছুমান নহয়।
  • কিছুমান পদাৰ্থ যেনে- কাচ স্বচ্ছ আৰু কিছুমান যেনে- কাঠ, ধাতু অস্বচ্ছ। কিছুমান পদাৰ্থ ঈষৎ স্বচ্ছ।
  • পদাৰ্থসমূহ সিহঁতৰ ধৰ্মৰ সাদৃশ্যতা আৰু বিভিন্নতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত বিভক্ত কৰা হয়।
  • কিছুমান সুবিধাৰ বাবে আৰু বস্তুবোৰৰ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিবলৈ সিহঁতক ভাগে ভাগে অন্তৰ্ভূক্ত কৰা হয়।
কঠিন Hard
অদ্ৰৱণীয় Insoluble
চিকমিকনি Lustre
পদাৰ্থ Material
ধাতু Metals
অস্বচ্ছ Opaque
খহতা Rough
দ্ৰৱণীয় Soluble
ঈষৎ স্বচ্ছ Translucent
স্বচ্ছ Transparent

অন্যান্য প্ৰশ্ন (Class 6 Science Lesson 4 Free Study Materials)

Class 6 Scienceপ্ৰশ্ন ক) কোমল পদাৰ্থ কাক বোলে?

উত্তৰ— যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি বা আঁচোৰ মাৰিব পাৰি সেইবোৰক কোমল পদাৰ্থ বোলে। যেনে- কপাহ।

প্ৰশ্ন খ) কঠিন পদাৰ্থ কাক বোলে?

উত্তৰ— যিবোৰ পদাৰ্থক সহজে চেপেটা কৰিব নোৱাৰি সেইবোৰক কঠিন পদাৰ্থ বোলে । যেনে- লো।

প্ৰশ্ন গ) স্বচ্ছ পদাৰ্থ কাক বোলে?

উত্তৰ— যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায়, সেই পদাৰ্থবোৰক স্বচ্ছ পদাৰ্থ বোলে। যেনে- কাচ, পানী।

প্ৰশ্ন ঘ) অস্বচ্ছ পদাৰ্থ কাক বোলে?

উত্তৰ— যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা নাযায়, সেই পদাৰ্থবোৰক অস্বচ্ছ পদাৰ্থ বোলে। যেনে-কাঠ, ডাঠ কাগজ আদি।

প্ৰশ্ন ঙ) ঈষৎ স্বচ্ছ পদাৰ্থ কাক বোলে?

উত্তৰ— যিবোৰ পদাৰ্থৰ মাজেদি চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক ঈষৎ স্বচ্ছ বোলে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close