Class 6 Science Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ

SCERT class 6 Science Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “দ্ৰব্যৰ পৃথকীকৰণ” Lesson 5 notes.

দ্ৰব্যৰ পৃথকীকৰণ

অধ্যায় ৫

অনুশীলনী

প্ৰশ্ন ১। মিশ্রণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্রয়োজন? দুটা উদাহৰণ দিয়া।

উত্তৰ— এটা মিশ্ৰণত দুই বা ততোধিক দ্ৰব্য মিহলি হৈ থাকে। এই সকলোবোৰ দ্ৰব্য আমাৰ বাবে প্ৰয়োজনীয় নহ’ব পাৰে অথবা ব্যৱহাৰৰ অনুপযোগী হ’ব পাৰে। এই অলাগতীয়াল দ্ৰব্যবোৰ আঁতৰাবলৈ মিশ্রণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্রয়োজন। উদাহৰণ স্বৰূপে ―

১) চাহ তৈয়াৰ কৰোতে চাহপাত চেকনিৰে চেকা হয় ।

২) চাউল, ঘেঁহু আৰু মাহ জাতীয় শস্যৰ পৰা বাকলি, শিলগুটি, মাটিৰ টুকুৰা আঁতৰ কৰা হয় ।

প্ৰশ্ন ২। জৰা প্রক্রিয়া কি? এই প্রক্রিয়াটো কিহত প্রয়োগ হয় ?

উত্তৰ— গধুৰ আৰু পাতল উপাদানেৰে গঠিত এটা মিশ্ৰণ পৃথক কৰিবলৈ বতাহ অথবা বায়ুৰ সোঁত চালিত কৰা প্রক্রিয়াটোয়েই হৈছে জৰা প্ৰক্ৰিয়া বা পদ্ধতি। । এই প্রক্রিয়াটো বাকলিৰ পৰা শস্যৰ বীজ আঁতৰ কৰিবলৈ প্রয়োগ কৰা হয়

প্ৰশ্ন ৩। দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা ?

উত্তৰ— দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ আঁতৰাবলৈ ৰন্ধাৰ আগতে দাইলখিনি পানীৰে ধোৱা হয়। যেতিয়া মিশ্ৰণটো এটা পাত্ৰত লৈ পানীত ঢালি দিয়া হয়, তেতিয়া গধুৰ উপাদান বিলাক মানে দালিখিনি পাত্ৰৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াটোক অৱক্ষেপন বোলা হয়। যেতিয়া পানীখিনি (বাকলি, মলিৰ কণিকাবোৰৰ সৈতে) আঁতৰোৱা হয় সেই প্ৰক্ৰিয়াটোক আস্ৰাৱন বোলে।

প্ৰশ্ন ৪ । চালনিৰে চলা প্ৰক্ৰিয়া কি ? ইয়াক কিহত প্ৰয়োগ কৰা হয় ?

উত্তৰ— চালনীৰে চলা প্রক্রিয়াত মিশ্ৰণ এটাত থকা মিহি দানাবোৰ বিন্ধাৰে সৰকি পৰে আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায়।

যেতিয়া মিশ্ৰৰ উপাদানবিলাকৰ আকাৰ বেলেগ বেলেগ হয় তেতিয়া চালনীৰে চলা প্রক্রিয়া প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে- ঘৰ নিৰ্মাণ কৰোতে বালিৰ পৰা শিলগুটি আদি পৃথক কৰিবলৈ চালনীৰে চলা প্রক্রিয়া ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ৫ । বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা?

উত্তৰ— বালি আৰু পানী অৱক্ষেপন আৰু আস্ৰাৱন পদ্ধতিৰে পৃথক কৰা হয় । বালি মিহলি পানীখিনি খিনি কোনো এটা পাত্ৰত লৰচৰ নকৰাকৈ কিছু সময় থৈ দিলে বালিখিনি পাত্ৰটোৰ তলিত জমা হ’ব (অৱক্ষেপন প্ৰক্ৰিয়া) । তেতিয়া পানীখিনি আন এটা পাত্ৰত বাকি থ’ব পাৰি (আস্ৰাৱন প্ৰক্ৰিয়া)।

প্ৰশ্ন ৬ । আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে? যদি সম্ভৱ, তেনেহ’লে কেনেকৈ পৃথক কৰিবা?

উত্তৰ— চালনীৰে চালি আটা গুড়িৰ পৰা চেনি আঁতৰ কৰিব পাৰি । আটাৰ গুড়িবোৰ সৰু হোৱাৰ বাবে চালনীৰ ফাকেৰে তললৈ সৰি পৰে আৰু চেনীৰ দানাবোৰ ডাঙৰ হোৱাৰ বাবে চালনীতে ৰৈ যায়।

প্ৰশ্ন ৭ । বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা?

উত্তৰ— বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী পাবৰ বাবে প্ৰথমে ছেকন কাগজ বা ফিল্টাৰ কাগজ এখন ভাঁজ দি শংকু আকৃতিৰ কৰি এটা পাত্ৰৰ ওপৰত ৰখা হ’ল।  এতিয়া ছেকন কাগজত বোকাময় পানীখিনি ঢালি দিয়া হ’ল। এনে কৰিলে বোকাখিনি ছেকন কাগজত ৰৈ যাব আৰু পানীখিনি তলৰ পাত্ৰত সৰকি পৰিব।

প্ৰশ্ন ৮ । খালী ঠাই পূৰ কৰা-

(ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক ———— বোলা হয়।

উত্তৰ— ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক মৰণা মৰা বোলা হয়।

(খ) গাখীৰ উতলাই, ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো ———— এটা উদাহৰণ।

উত্তৰ— গাখীৰ উতলাই, ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাবন প্ৰক্ৰিয়াৰ এটা উদাহৰণ।

(গ) সাগৰৰ পানীৰ পৰা নিমখ ———— প্রক্রিয়াৰে আহৰণ কৰা হয়।

উত্তৰ— সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্রক্রিয়াৰে আহৰণ কৰা হয়।

(ঘ) বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ’ল। এইক্ষেত্ৰত প্রয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক ———— বোলা হয়।

উত্তৰ— বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ’ল। এইক্ষেত্ৰত প্রয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক  আস্ৰাৱণ বোলা হয়।

প্ৰশ্ন ৯।  শুদ্ধ নে অশুদ্ধ

(ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।

উত্তৰ— অশুদ্ধ ।

(খ) নিমখ আৰু চেনিৰ গুড়িৰ মিশ্রণ জৰা প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।

উত্তৰ— অশুদ্ধ ।

(গ) চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।

উত্তৰ— অশুদ্ধ ।

(ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।

উত্তৰ— অশুদ্ধ ।

প্ৰশ্ন ১০। পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত প্ৰস্তুত কৰা হয়। তোমালোকে এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছা। চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত?

উত্তৰ— চেনিখিনি পানীত দ্ৰৱীভূত হোৱাৰ পাছত বৰফ মিহলোৱা উচিত । কাৰন বৰফ মিহলোৱাৰ পাছত চৰবতৰ উষ্ণতা কমি যাব আৰু তেতিয়া চেনি দ্ৰৱীভূত হওঁতে সময় লাগিব।

Sl. No. Contents (Class 6 Science)
Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ?
Chapter 2 খাদ্যৰ উপাদান
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ
Chapter 6 আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ
Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8 দেহৰ চলন
Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ
Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ
Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12 বিদ্যুৎ আৰু বৰ্তনী
Chapter 13 চুম্বকৰ লগত ধেমালি
Chapter 14 পানী
Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু
Chapter 16 আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

জানো আহা

সাৰাংশ

  • হাতেৰে বাছি উলিওৱা, জৰা প্ৰক্ৰিয়া, চালনীৰে চলা প্ৰক্ৰিয়া, অৱক্ষেপণ, আস্ৰাৱণ আৰু পৰিস্ৰাৱণ হ’ল- মিশ্ৰণৰ পৰা দ্ৰব্যবোৰক পৃঠক কৰাৰ কিছুমান পদ্ধতি।
  • শস্যত থকা বাকলি আৰু শিলবোৰ হাতেৰে বাছি উলিয়াই পৃথক কৰিব পাৰি।
  • গধুৰ শস্যৰ পৰা পাতল বাকলিখিনি জৰা প্ৰক্ৰিয়াৰে আঁতৰোৱা হয়।
  • মিশ্ৰণত থকা উপাদানবিলাকৰ আকাৰ যদি বেলেগ হয়, তেতিয়া উপাদানবিলাকক চালনী বা পৰিস্ৰাৱন প্ৰক্ৰিয়াৰে পৃঠক কৰা হয়।
  • বালি আৰু পানীৰ মিশ্ৰণত বালিৰ কণাবিলাক অধিক গধুৰ হোৱা বাবে ই তলিত গোট খায় আৰু ওপৰৰ পানীখিনি আস্ৰাৱন প্ৰক্ৰিয়াৰে পৃঠক কৰিব পাৰি।
  • এটা জুলীয়া পদাৰ্থ আৰু ইয়াত থকা অদ্ৰৱনীয় গোটা পদাৰ্থৰ মিশ্ৰণৰ ক্ষেত্ৰত উপাদানসমূহ পৃঠক কৰিবলৈ পৰিস্ৰাৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি।
  • বাষ্পীভৱন এনেকুৱা প্ৰক্ৰিয়া য’ত জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হয়। জুলীয়া পদাৰ্থত দ্ৰৱীভূত হৈ থকা গোটা পদাৰ্থ পৃথক কৰিবলৈ বাষ্পীভৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি।
  • সংপৃক্ত দ্ৰৱণ হ’ল এনেকুৱা দ্ৰৱণ য’ত আৰু অধিক দ্ৰব্য দ্ৰৱীভূত কৰিব নোৱাৰি ।
  • দ্ৰৱণ গৰম কৰি অধিক পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত কৰিব পাৰি ।
  • নিৰ্দিষ্ট পৰিমাণৰ পানীয়ে ইয়াত দ্ৰৱণীয় পদাৰ্থবোৰৰ ভিন ভিন পৰিমাণ দ্ৰৱীভূত কৰিব পাৰে ।

মূল শব্দ

মথন Churning
ঘনীভৱন Condensation
আস্ৰাৱণ Decantation
বাষ্পীভৱন Evaporation
পৰিস্ৰাৱণ Filtration
হাতেৰে বাছি উলিওৱা Hand picking
সংপৃক্ত দ্ৰৱ Saturated solution
অৱক্ষেপণ Sedimentation
চালনীৰে চলা Sieving
দ্ৰৱ Solution
মৰণা মৰা Threshing
জৰা প্ৰক্ৰিয়া Winnowing

অন্যান্য প্ৰশ্ন (Class 6 Science Lesson 5 Extra Questions)

Class 6 Science Lesson 5প্ৰশ্ন (ক) পানী উতলিলে কি হয়?

উত্তৰ— পানী উতলিলে ভাপলৈ ৰূপান্তৰিত হয়।

প্ৰশ্ন (খ) ঘনীভৱন কাক বোলে?

উত্তৰ— পানীৰ ভাপ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱাকে ঘনীভৱন বোলে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close