If you are looking for SCERT Assam class 6 previous question paper, this is the right place for you. Here we are sharing SCERT class 6 বছৰেকীয়া পৰীক্ষা অসমীয়া প্ৰশ্নকাকত- ২০২২ (Question paper) year 2022. To download all class 6 previous years question papers, kindly check our previous year question paper page.
Assam Class 6 Previous Question Paper
Apart from class 6 old question papers, you can also download Assam class 7 old question papers, class 8 question papers and SEBA previous years old question papers.
বছৰেকীয়া পৰীক্ষা- ২০২২
বিষয়— অসমীয়া
শ্ৰেণী— ষষ্ঠ
সময়- ৩ ঘন্টা মুঠ নম্বৰ- ১০০
প্ৰশ্ন ১। ‘সবাতোকৈ আপোন’ কবিতাটোৰ প্ৰথম আঠ (৮) শাৰী মুখস্থ লিখা।
প্ৰশ্ন ২। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া (যিকোনো দহটা) :
ক) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল ?
খ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ?
গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?
ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।
ঙ) বাঁহত চাত কিহেৰে সজালে ?
চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে ?
ছ) গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল ?
জ) ছাতৰসকল বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল ?
ঝ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ৰসৰাজ’ উপাধিৰে সন্মানিত কৰা হৈছিল ?
ঞ) লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দুখন সাধুপুথিৰ নাম লিখা।
ট) কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কোৱা হৈছে ?
ঠ) বিহু, ৰাস ঊৎসৱ, পালনাম, ভাওণা-সবাহ আদিৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয় ?
প্ৰশ্ন ৩। তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা :
ক) বিহু আদৰণি
খ) সঞ্চয়
প্ৰশ্ন ৪। কেৱল উত্তৰ দিয়া :
ক) অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
খ) শংকৰীযুগৰ শ্ৰেষ্ঠ কবি কোন ?
গ) ভাৰতৰ এখন প্ৰাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা।
ঘ) ‘অ মোৰ আপোনাৰ দেশ’ গীতটিক কি সংগীত বোলে ?
প্ৰশ্ন ৫। কোনে কাক কিয় কৈছিল লিখা (যিকোনো তিনিটা) :
ক) ‘কি কাৰনে সি বাৰু তেনেদৰে বুকু ডাঠি ক’ব পাৰিছে ?’
খ) ‘আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই।
গ) ‘সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমুৱাই দিলা কিয় ?’
ঘ) ‘কি ক’বা! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়।’
প্ৰশ্ন ৬। তলৰ যিকোনো এফাঁকি কবিতা প্ৰসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা :
ক) আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম ?
সকলো আছিল সকলো আছে
নুবুজোঁ নলওঁ গম।
খ) সাঁচি থোৱাকেই সঞ্চয় নকয়
যদি তাৰে হিত সাধন নহয়।
প্ৰশ্ন ৭। অৰ্থ লিখা (যিকোনো চাৰিটা) :
সুবিশাল, মহিমা, নিগাজি, ত্ৰয়োদশ, নামজ্বলা, বহুমুখী
প্ৰশ্ন ৮। বাক্যৰচনা কৰা (যিকোনো চাৰিটা) :
কথাচহকী, শুৱনি, সংৰক্ষণ, দয়াপৰৱশ, চেনেহী
প্ৰশ্ন ৯। দুদিনৰ চুটি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা।
প্ৰশ্ন ১০। তলত দিয়া বিশেষণ পদবোৰ বিশেষ্যলৈ নিয়া (যিকোনো দুটা) :
সুন্দৰ, স্থানীয়, ৰচিত, প্ৰচলিত
প্ৰশ্ন ১১। সমাৰ্থক শব্দ লিখা (যিকোনো চাৰিটা) :
প্ৰাচীন, সামৰণি, দক্ষিণা, পৃথিৱী, বিখ্যাত, নিশা
প্ৰশ্ন ১২। বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলোৱা :
বাওঁফাল | সোঁফাল |
ক) অসাধু | আন্ধাৰ |
খ) জ্ঞান | টান |
গ) উজু | সাধু |
ঘ) পোহৰ | অজ্ঞান |
প্ৰশ্ন ১৩। লিংগ পৰিৱৰ্তন কৰা (যিকোনো চাৰিটা) :
আই, পুৰুষ, গাই, শিক্ষক, আইতা
প্ৰশ্ন ১৪। বচন পৰিৱৰ্তন কৰা (যিকোনো চাৰিটা) :
মানুহ, কিতাপ, গৰু, চৰাই, তৰা
প্ৰশ্ন ১৫। উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা :
ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান।
প্ৰশ্ন ১৬। সন্ধি ভাঙা (যিকোনো দুটা) :
পৰাধীন, হিমালয়, পুৰস্কাৰ, উদগতি
প্ৰশ্ন ১৭। বাক্য পৰিৱৰ্তন কৰা :
ক) যিজন লোক চোৰ স্বভাৱৰ তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায় (সৰল বাক্যলৈ নিয়া)।
খ) ৰাম স্কুললৈ নগ’ল। ৰহিম গ’ল (যৌগিক বাক্যলৈ নিয়া)।
প্ৰশ্ন ১৮। উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্যপূৰ কৰা :
ক) ছাৰ, আপোনাৰ দেউতা …………….. কোন আছিল।
খ) বাইদেউৱে ক’লে …………….. ‘তগৰ, তোমাৰ মা …………….. আহিছে।’
প্ৰশ্ন ১৯। ৰচনাৰ আৰ্হিত তলত দিয়া যিকোনো এটাৰ বিষয়ে লিখা
(অতিকমেও দহটা বাক্য লিখিবা) :
ক) বিহু ।
খ) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।
Thanks for reading. Kindly read eStudyAssam.com regularly to download previous years question papers, free class notes etc.
(adsbygoogle = window.adsbygoogle || []).push({});