কিছুমান প্ৰাকৃতিক পৰিঘটনা Class 8 Science Chapter 15

SCERT Assam class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা (Some Natural Phenomena) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 15 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 15

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam কিছুমান প্ৰাকৃতিক পৰিঘটনা class 8 Science chapter 15 free notes. You can also download SCERT class 8 science chapter 15 PDF version for free.

কিছুমান প্ৰাকৃতিক পৰিঘটনা

অধ্যায় ১৫

অনুশীলনী (Exercises) :

1 আৰু 2 নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্ৰশ্ন 1. তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ সহজে আহিত কৰিব নোৱাৰি ?

(a) প্লাষ্টিক স্কেল এডাল

(b) তামৰ দণ্ড এডাল

(c) ফুলাই থোৱা বেলুন এটা

(d) ঊলৰ কাপোৰ

উত্তৰ— (b) তামৰ দণ্ড এডাল

প্ৰশ্ন 2. এটুকুৰা পাটৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল

(a) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাবে আহিত হ’ব।

(b) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হ’ব।

(c) আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাবে আহিত হ’ব।

(d) ঋণাত্মকভাবে আৰু কাপোৰ টুকুৰা ধনাত্মকভাবে আহিত হ’ব।

উত্তৰ— (b) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হ’ব।

প্ৰশ্ন 3. তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা ৷

(a) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে।                                              (সঁচা/মিছা)

উত্তৰ—  মিছা

(b) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ’পাইপক আকৰ্ষণ কৰে।         (সঁচা/মিছা)

উত্তৰ— সঁচা

(c) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।    (সঁচা/মিছা)

উত্তৰ— মিছা

(d) ভূমিকম্পৰ আগজাননী দিব পাৰি।                                                                (সঁচা/মিছা)

উত্তৰ— মিছা

প্ৰশ্ন 4. জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট-ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।

উত্তৰ— আমি সকলোৱে জানো যে শীত কালত বায়ুত আৰ্দ্ৰতা কম থাকে । ঠাণ্ডা দিনত ঊলৰ কাপোৰ পিন্ধিলে বা সোলোকালে আমাৰ নোমবোৰ থিয় হৈ যায়। কাৰণ ঊলৰ কাপোৰ আৰু নোমত পৰস্পৰ  বিপৰীত ধৰ্মী আধানৰ সৃষ্টি হয় ফলত ইহঁতৰ মাজত আকৰ্ষণীয় বলে ক্ৰিয়া কৰে। আমি ছুয়েটাৰ খুলিলে আকৰ্ষণীয় বলৰ বিপৰীতে কাৰ্য্য কৰা হয় বাবে ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়।

প্ৰশ্ন 5. আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা।

উত্তৰ— আমি সকলোৱে জানো যে আমাৰ শৰীৰটো বিদ্যুৎৰ সুপৰিবাহী । আহিতবস্তু এটা হাতেৰে স্পৰ্শ কৰাৰ লগে লগে আহিত বস্তুৰ আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায়।সেয়েহে আহিত বস্তুটোৱে আধান হেৰুৱায়।

প্ৰশ্ন 6. ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3 হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে ? 

উত্তৰ— ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ’ল ৰিখটাৰ।

কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3 হ’লেও ই ছিছম’গ্ৰাফত ৰেকৰ্ড হ’ব। এনে ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই।

প্ৰশ্ন 7. ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যবস্থাৰ দিহা দিয়া।

উত্তৰ— ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যবস্থা হ’ল-

(a) ধেৰেকনি শব্দ শুনাৰ লগে লগে সুৰক্ষিত ঠাইলৈ যাব লাগে।

(b) ধেৰেকনি শব্দ নাইকিয়া হোৱাৰ কিছুসময়ৰ পাছত হে সুৰক্ষিত ঠাইৰ পৰা আহিব লাগে।

(c) বাহিৰত থাকিবলগা হ’লেও ওখ বস্তু বা ওখ গছৰ কাষত থাকিব নালাগে ।

প্ৰশ্ন 8. আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। বুজাই লিখা।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

উত্তৰ— আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে কাৰণ দুয়োটা বেলুনেত একেধৰ্মী আধান থাকে। আমি জানো যে একেধৰ্মী আধানৰ মাজত বিকর্ষণ হয়।

আনহাতে অনাহিত বেলুনটো আহিত বেলুনৰ ওচৰলৈ নিলে অনাহিত বেলুনত আহিত বেলুনৰ দ্বাৰা আধান আৱেশিত হয় । এই আধান বিপৰীত প্ৰকৃতিৰ হয় । গতিকে অনাহিত বেলুনটোৱে আহিত বেলুনক আকৰ্ষণ কৰে ।

প্ৰশ্ন 9. চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

উত্তৰ— 

Class 8 Science chapter 15চিত্ৰত দেখুওৱাৰ দৰে দৰে খালী বটল এটা আৰু তাৰ ওপৰত ঢাকি দিব পৰাকৈ এখন কাৰ্ড বর্ড লোৱা হল । কাৰ্ড বর্ডৰ মাজত ধাতুৰ ক্লিপ সোমাব পৰা ফুটা এটা কৰা হল । এলুমিনিয়ামৰ পাতৰ পৰা ৪ ছেণ্টিমিটাৰ × ১ ছেণ্টিমিটাৰ জোখৰ দুটুকুৰা পটি কাটি লোৱা হল ।

এতিয়া, চিত্ৰত দেখুওৱাৰ দৰে সিহঁতক ক্লিপত ওলোমাই দিয়া হল । ক্লিপটো কাৰ্ড বর্ডৰ লম্ব ভাৱে থকাকৈ সুমুৱাই দিয়া হল । এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰত চুই দিয়া হল । এলুমিনিয়ামৰ পটি দুটাৰ বিক্ষেপন ঘটিব ।

এলুমিনিয়ামৰ মিহি পাত দুটাই ক্লিপৰ যোগেদি একে জাতীয় আধান প্ৰাপ্ত হৈছে । দুয়োৰে মাজত বিকৰ্ষন ঘটিছে বাবে পাত দুখন মেল খাই গৈছে । আন যিকোনো বস্তু আহিত হয় নে নহয় এই যন্ত্ৰ টোৰে চাব পৰা যাব ।

প্ৰশ্ন 10. ভাৰতবৰ্ষৰৰ তিনিখন ৰাজ্যৰ  নাম উল্লেখ কৰা য’ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে।

উত্তৰ— অসম, গুজৰাট আৰু ৰাজস্থান ।

প্ৰশ্ন 11. ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰ— (a) ঘৰৰ বাহিৰত থকা সময়ত যদি ভূমিকম্প আহে তেনেহ’লে ওখ অট্টালিকাৰ পৰা আতৰি আহি মুকলি ঠাইত থাকিব লাগে।

(b) গছ গছনি, ইলেকট্ৰিকপ’ষ্টৰ ওচৰৰ পৰা আতৰি থাকিব লাগে । 

 (c) গাড়ীৰ ভিতৰত থাকিলে গাড়ীখন লাহে লাহে লৈ গৈ কিছু মুকলি ঠাইত ৰাখিব লাগে।

প্ৰশ্ন 12. বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা আছে ৷ ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ যাব লাগে ৷ সেইদিনা ছাতি লগত লৈ যাবা নেকি ? বুজাই লিখা ৷ 

উত্তৰ— বতৰ বিজ্ঞান বিভাগে যদি বিজুলী আৰু ধুমুহা ঢেৰেকণিৰ আগজাননী দিয়ে, সেইদিনা বাহিৰলৈ ওলাই গ’লে লগত ছাতি নিয়াটো উচিত নহয় । কাৰণ ছাতি ধাতুৰে তৈয়াৰী । ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পালেও বিজুলী-ঢেৰেকনিৰ পৰা ৰক্ষা পাব নোৱাৰি, বৰঞ্চ বিপদহে ঘটিব ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close