SCERT Assam class 8 Science Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু (Metals and Non Metals) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 4 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Class 8 Science Chapter 4
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam ধাতু আৰু অধাতু class 8 Science chapter 4 free notes. You can also download SCERT class 8 science chapter 4 PDF version for free.
পদাৰ্থ : ধাতু আৰু অধাতু
অধ্যায় 4
অনুশীলনী (Exercises) :
প্ৰশ্ন 1) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি ?
(a) জিংক (b) ফছফৰাছ (c) গন্ধক (d) অক্সিজেন
উত্তৰ— (a) জিংক
প্ৰশ্ন 2) তলত দিয়া কোনটো উক্তি শুদ্ধ ?
(a) সকলো দাতু নমনীয়
(b) সকলো অধাতু নমনীয়
(c) সাধাৰণতে ধাতুসমূহ নমনীয়
(d) কিছুমান অধাতু নমনীয়
উত্তৰ— (c) সাধাৰণতে ধাতুসমূহ নমনীয়
প্ৰশ্ন 3. খালী ঠাই পূৰ কৰা-
(a) ফছফৰাছ এবিধ অতি —————- অধাতু ৷
উত্তৰ— ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু ৷
(b) ধাতুসমূহ তাপ আৰু —————-ৰ —————- পৰিবাহী ৷
উত্তৰ— ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ৷
(c) তামতকৈ লো —————- সক্ৰিয় ৷
উত্তৰ— তামতকৈ লো অধিক সক্ৰিয় ৷
(d) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি —————- গেছ উৎপন্ন কৰে ৷
উত্তৰ— ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ৷
প্ৰশ্ন 4) উক্তিবোৰ শুদ্ধ হ’লে ‘T’ আৰু অশুদ্ধ হ’লে ‘F’ ৰে চিহ্নিত কৰিবা ৷
(a) সাধাৰণতে, অধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ— F
(b) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ৷
উত্তৰ— T
(c) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে ৷
উত্তৰ— F
(d) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি ৷
উত্তৰ— F
প্ৰশ্ন 5) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে ৷ এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা-
ধৰ্ম | ধাতু | অধাতু |
(1) বাহ্যিক ৰূপ | ||
(2) কঠিনতা | ||
(3) ঘাতসহনীয়তা | ||
(4) নমনীয়তা | ||
(5) তাপ পৰিবাহিতা | ||
(6) বিদ্যুৎ পৰিবাহিতা |
উত্তৰ—
ধৰ্ম | ধাতু | অধাতু |
(1) বাহ্যিক ৰূপ | চিকমিকিয়া | অনুজ্জ্বল |
(2) কঠিনতা | কঠিন | কোমল |
(3) ঘাতসহনীয়তা | ঘাতসহনশীল | ঠুনুকা |
(4) নমনীয়তা | নমনীয় | অনমনীয় |
(5) তাপ পৰিবাহিতা | তাপৰ সু-পৰিবাহী | তাপৰ কু-পৰিবাহী |
(6) বিদ্যুৎ পৰিবাহিতা | বিদ্যুতৰ সু-পৰিবাহী | বিদ্যুতৰ কু-পৰিবাহী |
প্ৰশ্ন 6) কাৰণ দৰ্শোৱা-
(a) খাদ্য-সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ৷
উত্তৰ— এলুমিনিয়ামৰ ঘাতসহনীয়তা গুণ থকাৰ বাবে ইয়াক পাতল পাতৰ আকাৰত গঢ় দিব পৰা যায় ৷ কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায় । লগতে এলুমিনিয়াম হৈছে আটাইতকৈ কম প্ৰতিক্ৰিয়াশীল ধাতুবোৰৰ ভিতৰত এটা, ই খাদ্যৰ সৈতে প্ৰতিক্ৰিয়া নকৰে আৰু সোৱাদৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। এইবোৰ কাৰণতে খাদ্য-সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ৷
(b) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ৷
উত্তৰ— আমি সকলোৱে জানো যে ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ৷ সেয়েহে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মান কৰা হয় ৷
(c) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ৷
উত্তৰ— তাম জিংকতকৈ কম সক্ৰিয় ধাতু ৷ জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন ৷ সেয়েহে, তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ৷
(d) ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ৷
উত্তৰ— আনবোৰ ধাতুৰ তুলনাত ছ’ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু । ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায় । গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।
Sl. No. | Contents ( Class 8 science ) |
Chapter 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা |
Chapter 2 | অণুজীৱ : মিত্ৰ আৰু শত্ৰু |
Chapter 3 | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক |
Chapter 4 | পদাৰ্থ : ধাতু আৰু অধাতু |
Chapter 5 | কয়লা আৰু পেট্ৰ’লিয়াম |
Chapter 6 | দহন আৰু শিখা |
Chapter 7 | উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ |
Chapter 8 | কোষ-গঠন আৰু কাৰ্য |
Chapter 9 | প্ৰাণীৰ প্ৰজনন |
Chapter 10 | কৈশোৰ প্ৰাপ্তি |
Chapter 11 | বল আৰু চাপ |
Chapter 12 | ঘৰ্ষণ |
Chapter 13 | শব্দ |
Chapter 14 | বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া |
Chapter 15 | কিছুমান প্ৰাকৃতিক পৰিঘটনা |
Chapter 16 | পোহৰ |
Chapter 17 | তৰা আৰু সৌৰজগত |
Chapter 18 | বায়ু আৰু প্ৰানীৰ পদূষণ |
প্ৰশ্ন 7) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ? ব্যাখ্যা কৰা ৷
উত্তৰ— নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি । কাৰণ নেমু টেঙাত থকা চাইট্ৰিক এচিডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব, ফলত আচাৰখিনি নষ্ট হ’ব ৷
প্ৰশ্ন 8) স্তম্ভ A ত থকা পদাৰ্থসমূহক স্তম্ভ B ত সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা ৷
A | B |
(i) সোন | (a) থাৰ্ম’মিটাৰ |
(ii) লো | (b) বৈদ্যুতিক তাঁৰ |
(iii) এলুমিনিয়াম | (c) খাদ্য মেৰোৱা |
(iv) কাৰ্বন | (d) আ-অলংকাৰ |
(v) তাম | (e) যন্ত্ৰ-পাতি |
(vi) পাৰা | (f) ইন্ধন |
উত্তৰ—
A | B |
(i) সোন | (d) আ-অলংকাৰ |
(ii) লো | (e) যন্ত্ৰ-পাতি |
(iii) এলুমিনিয়াম | (c) খাদ্য মেৰোৱা |
(iv) কাৰ্বন | (f) ইন্ধন |
(v) তাম | (b) বৈদ্যুতিক তাঁৰ |
(vi) পাৰা | (a) থাৰ্ম’মিটাৰ |
প্ৰশ্ন 9) কি ঘটিব যেতিয়া-
(a) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয় ?
উত্তৰ— যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া তামে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব ।
(b) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয় ? বিক্ৰিয়াসমূহৰ শব্দ-সমীকৰণ লিখা ৷
উত্তৰ— কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব, ফলত লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব ৷
লো + কপাৰ ছালফেট → ফেৰাছ ছালফেট + কপাৰ
Fe + CuSO₄ → FeSO₄ + Cu
প্ৰশ্ন 10) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰপৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে ৷
(a) তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব ?
উত্তৰ— গেছটোৰ প্ৰকৃতি জানিবৰ বাবে পৰীক্ষা নলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিব লাগিব ৷ এতিয়া দ্ৰৱটো নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে কগজখনৰ বৰণ লাহে লাহে ৰঙা হৈছে ৷ ইয়াৰ পৰা জানিব পাৰি যে গেছটোৰ প্ৰকৃতি আম্লিক ৷
(b) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ-সমীকৰণ লিখা ৷
উত্তৰ— এঙাৰ + অক্সিজেন → কাৰ্বন-ডাই-অক্সাইড
C + O₂ → CO₂
প্ৰশ্ন 11) এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল ৷ তেওঁৰ মাকে সোনাৰীজনক এডাল পুৰণি সোনৰ গহনা পালিচ কৰিব দিলে ৷ পাছদিনা, তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে ৷ ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে ?
উত্তৰ— গহনা পালিচ কৰিবৰ বাবে সোনাৰীসকলে গহনাখিনি একুৱাৰেজিয়া নামৰ এবিধ দ্ৰৱত ডুবাই ৰাখে ৷ সোনৰ গহনাখিনি যেতিয়া একুৱাৰেজিয়াত ডুবাই দিয়া হয়, তেতিয়া সোণে ইয়াৰ সৈতে বিক্ৰিয়া কৰে, ফলত ইয়াৰ ওজন সামান্য হ্ৰাস পায় ।
(adsbygoogle = window.adsbygoogle || []).push({});