SCERT Assam class 8 Science Chapter 8 কোষ-গঠন আৰু কাৰ্য (Cell-Structure And Functions) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 8 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 8 Science Chapter 8
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam কোষ-গঠন আৰু কাৰ্য class 8 Science chapter 8 free notes. You can also download SCERT class 8 science chapter 8 PDF version for free.
কোষ-গঠন আৰু কাৰ্য
অধ্যায় 8
অনুশীলনী (Exercises) :
প্ৰশ্ন 1) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা-
(a) এককোষী জীৱৰ দেহত এটা কোষ থাকে । (সত্য/অসত্য)
উত্তৰ— সত্য ৷
(b) পেশী কোষবোৰ শাখাযুক্ত । (সত্য/অসত্য)
উত্তৰ— অসত্য ৷
(c) এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ । (সত্য/অসত্য)
উত্তৰ— অসত্য ৷
(d) এমিবাৰ আকৃতি অনিয়মীয়া । (সত্য/অসত্য)
উত্তৰ— সত্য ৷
প্ৰশ্ন 2) মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা । স্নায়ুকোষে কি কাম কৰে ?
উত্তৰ—
স্নায়ুকোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰি দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।
প্ৰশ্ন 3) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা ।
(a) কোষপ্ৰৰস (Cytoplasm)
উত্তৰ— কোষপ্ৰৰস বা চাইটোপ্লাজম হ’ল কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য । কোষৰ আন বহু উপাদান বা কোষাংগ কোষপ্ৰৰসত পোৱা যায় । সেইবোৰ হল মাইট্ৰ’কণ্ডিয়া, গলগি বডি, ৰাবি’জ’ম ইত্যাদি ।
(b) কোষকেন্দ্ৰ (Nucleus)
উত্তৰ— কোষকেন্দ্ৰ জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান । ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত । ইয়াক ৰং কৰিব পাৰি আৰু অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি । এখন আবৰণে কোষকেন্দ্ৰক কোষপ্ৰৰসৰ পৰা পৃথক কৰিছে । এই আৱৰণ খনক কোষকেন্দ্ৰীয় আৱৰণ বোলে । এই আৱৰণ খন বিন্ধা যুক্ত ।
প্ৰশ্ন 4) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে ?
উত্তৰ— কোষৰ কোষপ্ৰৰসত কোষাংগবোৰ থাকে ।
প্ৰশ্ন 5) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা । সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ—
প্ৰাণী আৰু উদ্ভিদৰ কোষৰ মাজত থকা তিনিটা পাৰ্থক্য হ’ল –
1) প্ৰাণী কোষত কোষাবেৰ নাথাকে, কোষাৱৰণ থাকে । কোষাৱৰণ বোৰ প্লাজমাৰে তৈয়াৰী থাকে । আনহাতে উদ্ভিদ কোষত ডাঠ কোষাবেৰ থাকে, কোষাবেৰ বোৰ ছেলুল’জেৰে তৈয়াৰী ।
2) প্রাণীকোষত প্লাষ্টিড নাথাকে। আনহাতে, উদ্ভিদকোষত প্লাষ্টিড থাকে ।
3) প্রাণীকোষত ৰসধানী নাথাকে বা সৰু কৈ থাকে। আনহাতে, উদ্ভিদকোষত থকা ৰসধানী সাধাৰণতে ডাঙৰ।
প্ৰশ্ন 6) ইউকেৰিঅ‘টছ আৰু প্ৰ‘কেৰিঅ’টছৰ মাজত পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ— ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছৰ মাজত পাৰ্থক্য হ’ল-
1) ইউকেৰিঅ’টছ বা সংকোষকেন্দ্ৰীয় জীৱৰ কোষৰ কোষকেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে । আনহাতে প্ৰকোষকেন্দ্ৰীয় জীৱৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে।
2) ইউকেৰিঅ’টছত সুসংগঠিত কোষকেন্দ্ৰ থাকে আনহাতে প্ৰ’কেৰিঅটছত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে ।
3)ইউকেৰিঅ’টছ বোৰ উচ্চ পৰ্যায়ৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণ স্বৰূপে :- গৰু, ম’হ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায় । আনহাতে প্ৰ’কেৰিঅটছ নিন্ম খাপৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণ স্বৰূপে :- নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত পোৱা যায় ।
প্ৰশ্ন 7) কোষৰ কোনটো অংশত ক্ৰম‘জ‘ম পোৱা যায় ? সিহঁতৰ কামবোৰ উল্লেখ কৰা ।
উত্তৰ— কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায় । ক্ৰম’জ’মৰ গাত ‘জিন’ থাকে । এই জিনে এটা পুৰুষৰ পৰা পৰবৰ্তী পুৰুষলৈ বংশানুক্রমে পোৱা গুণবোৰ স্থানান্তৰিত কৰে।
প্ৰশ্ন 8) ‘কোষ জীৱৰ মৌলিক গঠনগত একক’ । ব্যাখ্যা কৰা ।
উত্তৰ— জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃঠক হ’লেও সকলোবোৰেই কোষৰ দ্বাৰা গঠিত ৷ এটা জীৱৰ কোষবেৰ একেধৰণৰ । দেৱাল এখন বনোৱাত যিদৰে একে ধৰণৰ ইটা লগলগাই সম্পূৰ্ণ দেৱাল খন বনোৱা হয়, তেনেদৰে একে ধৰণৰ কোষেও একেটা জীৱ দেহৰ সৃষ্টি কৰে ।
গতিকে কোষক জীৱ দেহ গঠনৰ মৌলিক একক বোলা হয় । জীৱৰ সকলো বোৰ কাৰ্য কোষৰ কোষাংগ সমূহৰ দ্বাৰা পৰিচালিত হয় । এটা জীৱৰ কোষবোৰ একে কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে । কোষ বোৰৰ গঠন অতি জটিল ।
Sl. No. | Contents ( Class 8 science ) |
Chapter 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা |
Chapter 2 | অণুজীৱ : মিত্ৰ আৰু শত্ৰু |
Chapter 3 | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক |
Chapter 4 | পদাৰ্থ : ধাতু আৰু অধাতু |
Chapter 5 | কয়লা আৰু পেট্ৰ’লিয়াম |
Chapter 6 | দহন আৰু শিখা |
Chapter 7 | উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ |
Chapter 8 | কোষ-গঠন আৰু কাৰ্য |
Chapter 9 | প্ৰাণীৰ প্ৰজনন |
Chapter 10 | কৈশোৰ প্ৰাপ্তি |
Chapter 11 | বল আৰু চাপ |
Chapter 12 | ঘৰ্ষণ |
Chapter 13 | শব্দ |
Chapter 14 | বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া |
Chapter 15 | কিছুমান প্ৰাকৃতিক পৰিঘটনা |
Chapter 16 | পোহৰ |
Chapter 17 | তৰা আৰু সৌৰজগত |
Chapter 18 | বায়ু আৰু প্ৰানীৰ পদূষণ |
প্ৰশ্ন 9) কিয় হৰিৎকণা (Chloroplasts) মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায় ? ব্যাখ্যা কৰা ।
উত্তৰ— উদ্ভিদে তাৰ সেউজীয়া পাতত থকা হৰিৎকণাৰ সহায়ত নিজৰ খাদ্য নিজে তৈয়াৰ কৰে । এই খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে । উদ্ভিদৰ পাতত সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিৎকণা তাৰ পাতত থকা কোষৰ কোষপ্ৰৰসত সিঁচৰিত হৈ থকা প্লাষ্টিডত থাকে ।
যদি হৰিৎকণা নাথাকিল হেঁতেন তেন্তে উদ্ভিদে সালোক সংশ্লেষণ ঘটাব নোৱাৰিলে হেঁতেন । সেইবাবে উদ্ভিদৰ কোষতহে হৰিৎকণা থাকে । প্ৰাণীয়ে উদ্ভিদৰ দৰে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণী দেহত হৰিৎকণা নাথাকে ।
প্ৰশ্ন 10) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা ।
তললৈ :
1) কোষকেন্দ্ৰত থকা পকোৱা-সূতা সদৃশ গঠনৰ উপাদান
3) পাতৰ কোষৰ কোষপ্ৰৰসত থকা ৰঙীণ পদাৰ্থ ।
4) এবিধ এককোষী জীৱ ।
5) কোষ প্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন ।
6) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি ৷
পথালিকৈ :
2) কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য ৷
5) কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকী ৷
(adsbygoogle = window.adsbygoogle || []).push({});