ঘৰ্ষণ Class 8 Science Chapter 12

SCERT Assam class 8 Science Chapter 12 ঘৰ্ষণ (Friction) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 12 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 12

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam ঘৰ্ষণ class 8 Science chapter 12 free notes. You can also download SCERT class 8 science chapter 12 PDF version for free.

ঘৰ্ষণ

অধ্যায় ১২

অনুশীলনী (Exercises) :

প্ৰশ্ন 1. খালী ঠাই পূৰ কৰা ।

(a) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ……………………… ঘৰ্ষনে বাধা দিয়ে 

উত্তৰ— পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ আপেক্ষিক গতিত ঘৰ্ষনে বাধা দিয়ে ।

(b) পৃষ্ঠৰ ……………………….  ওপৰত ঘৰ্ষন নিৰ্ভৰশীল 

উত্তৰ— পৃষ্ঠৰ মশৃণতাৰ  ওপৰত ঘৰ্ষন নিৰ্ভৰশীল ।

(c) ঘৰ্ষনে ……………………….. উৎপন্ন কৰে 

উত্তৰ— ঘৰ্ষনে তাপ উৎপন্ন কৰে ।

(d) কেৰম ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষন ……………………… 

উত্তৰ— কেৰম ব‘ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষন হ্ৰাস পায়

প্ৰশ্ন 2. চাৰি জন ছাত্ৰক ঘূৰ্ণিস্থিতি আৰু পিছল ঘৰ্ষন বলৰ মান অধঃ ক্ৰমত সজাবলৈ কোৱা হল  তলত উত্তৰ কেইটা  উপস্থাপন  কৰা  হ’ল  কোনটো শুদ্ধ নিৰ্ণয় কৰা

(a) ঘূৰ্নিস্থিতিপিছল 

 

(b) ঘুৰ্ণিপিছলস্থিতি 

(c) স্থিতিপিছলঘূৰ্নি 

(d) পিছলস্থিতিঘূৰ্নি 

উত্তৰ— (c) স্থিতি, পিছল, ঘূৰ্নি ।

প্ৰশ্ন 3. ৰাবিয়াই তাইৰ পুতলা গাড়ী খন মাৰ্বলৰ শুকান মজিয়ামাৰ্বলৰ তিতা মজিয়ামজিয়াত  পাৰি থোৱা বাতৰি কাকত আৰু  টাৱেলৰ ওপৰেৰে চলাইছে  বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষন বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ’ব –

(a) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়াবাতৰি কাকত আৰু টাৱেল 

(b) বাতৰি কাকতটাৱেলমাৰ্বলৰ শুকান মজিয়ামাৰ্বলৰ তিতা মজিয়া 

(c) টাৱেলবাতৰি কাকতমাৰ্বলৰ শুকান মজিয়ামাৰ্বলৰ তিতা মজিয়া 

(d) মাৰ্বলৰ শুকান মজিয়ামাৰ্বলৰ তিতা মজিয়া, টাৱেলবাতৰি কাকত 

উত্তৰ— মাৰ্বলৰ তিতা মজিয়া, মৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল ।

প্ৰশ্ন 4. ধৰা হ’ল তোমাৰ লিখা ডেস্ক খন কিছু পৰিমাণে হেলনীয়া  ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে  কিতাপ খনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষন বলৰ দিশ দেখুওৱা

উত্তৰ—  প্ৰশ্নত দিয়া মতে ধৰি লোৱা হ’ল যে আমি লিখা ডেস্ক খন কিছু পৰিমাণে হেলনীয়া । ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে । কিতাপ খন পিছলাৰ দিশৰ বিপৰীত দিশত ঘৰ্ষন বলে ক্ৰিয়া কৰিব ৷

প্ৰশ্ন 5. দুৰ্ঘটনা বশতমাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা  ইয়াৰ বাবে মজিয়া খনত খোজ কাঢ়িবলৈ সহজ  হ’ব নে  টান হ’ব ? কাৰণ দৰ্শোৱা ৷

উত্তৰ— দুৰ্ঘটনা বশত: যদি মাৰ্বলৰ মজিয়াত এবাল্টি চাবোন পানী পেলোৱা হয় তেতিয়া মজিয়া খনত খোজ কাঢ়িবলৈ টান হ’ব । কাৰণ চাবোন পানীয়ে মাৰ্বলৰ পৃষ্ট ভাগৰ মশৃণতা বঢ়াই দিব । ফলত তাৰ ঘৰ্ষন কমিব । ইয়াৰ ফলত খোজ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক হ’ব ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 6. খেলুৱৈ সকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা 

উত্তৰ— খেলুৱৈ সকলে সমতল পৃষ্ঠ  অৰ্থাৎ খেল পথাৰৰ ওপৰেৰে দৌৰিব লাগে । যদি জোতাৰ তল মিহি হয় তেতিয়া খেল পথাৰৰ পৃষ্ঠৰ লগত ইয়াৰ  ঘৰ্ষন কম হয় । ফলত খেলুৱৈ সকলে বেছি দ্ৰুতিৰে দৌৰিব নোৱাৰে । কিন্তু যদি খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে, তেতিয়া গজাল বোৰে ঘৰ্ষনৰ মান বঢ়ায় অৰ্থাৎ জোতা যোৰ খেল পথাৰৰ পৃষ্ঠত পিছলি নেযায় । ফলত খেলুৱৈ সকলে বেছি দ্ৰুতিৰে দৌৰিব পাৰে । সেয়ে খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে ।

প্ৰশ্ন 7. ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে  কোনে বেছি  বল  প্ৰয়োগ কৰিবলগীয়া হব আৰু কিয় ?

উত্তৰ— এই ক্ষেত্ৰত, সীমাই ইকবালতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব । কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয়, সিমানে ঘৰ্ষন বেছি হয় । সীমাৰ বাকোচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি । গতিকে সীমাৰ বকচটোৰ ঘৰ্ষন বেছি বাবে একেখন মজিয়াৰ ওপৰেৰে সীমাৰ বাকচটো ঠেলিবলৈ বেছি বলৰ প্ৰয়োজন হ’ব ৷

প্ৰশ্ন 8. স্থিতি ঘৰ্ষনতকৈ পিছল ঘৰ্ষন কিয় কম ব্যাখ্যা কৰা ৷

উত্তৰ— দুখন পৃষ্ঠ যেতিয়া সংস্পৰ্শত থাকে, তেতিয়া পৃষ্ঠ দুখনৰ অসমতা বা খলাবমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে । গতিকে এখন পৃষ্ঠৰ ওপৰেৰে আনখন পৃষ্ঠ পিছলিবলৈ হলে খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব লাগিব । স্থিৰ অৱস্থাত এই খাপ খাই ধৰা পৰিমাণ বেছি হয় । যেতিয়া এখন পৃষ্ঠ আন এখনৰ ওপৰেৰে গতি কৰে , তেতিয়া খাপে খাপে খাপ খাই ধৰা সময় কম পায়, ফলত ঘৰ্ষন বলৰ মান কমি যায় । সেইবাবে স্থিতি ঘৰ্ষনতকৈ পিছল ঘৰ্ষন কম হয়।

প্ৰশ্ন 9. উদাহৰনেৰে সৈতে দেখুওৱা যে ঘৰ্ষন শত্ৰু আৰু মিত্ৰ দুয়োটাই 

উত্তৰ—  ঘৰ্ষন আমাৰ শত্ৰু আৰু মিত্ৰ দুয়োটাই । উদাহৰণ স্বৰূপে :- গাড়ী–মটৰৰ ক্ষেত্ৰত যদি ৰাস্তাটো পিছল বা নিমজ হয় আৰু গাড়ীৰ চকা খাজ নথকা সমান হয়, তেন্তে ৰাস্তাত চকাটো একে ঠাইতে ঘূৰি থাকিব । গাড়ী খন আগুৱাই যাব নোৱাৰিব ।

আনহাতে গাড়ীৰ চকাটো যিডাল ঘূৰ্ণ দণ্ড বা ধুৰাত লাগি থাকি ঘূৰে, তাত চকা টোৰ মাদলী (কাপ) আৰু ঘূৰ্ন দণ্ডৰ মাজত বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰা হয় । নহলে ঘুৰ্ণ দণ্ডত চকা টোৰ লাগি থকা  অংশ ঘৰ্ষন বেছি হোৱা বাবে ক্ষয় যাব আৰু প্ৰচণ্ড তাপ উৎপন্ন হৈ অযথা বহু শক্তি ক্ষয় হব ।

ফলত যান–বাহনৰ আয়ুস অতি সোনকালে টুটি যাব । গতিকে এফালে চকাত খাজ কাটি ঘৰ্ষন বঢ়াব লগা হয় আৰু আনফালে বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰি ঘৰ্ষন কমাব লগা হয় । গতিকে ঘৰ্ষন আমাৰ শত্ৰু আৰু মিত্ৰ দুয়োটাই ।

প্ৰশ্ন 10. তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা 

উত্তৰ— তৰলত গতি কৰা বস্তু সমূহৰ বিশেষ আকৃতি থাকিব লাগে । কাৰণ তৰলৰ ঘৰ্ষন বল আৰু টনা বল আছে । বস্তুৰ আকৃতিৰ ওপৰত ঘৰ্ষন নিৰ্ভৰ কৰে । যদি আগ অংশটো বেছি বহল বা ভোটা হয়, তেতিয়া বস্তু টোৱে বেছি তৰল ঠেলি যাব লাগিব । ফলত ঘৰ্ষন বেছি হ’ব আৰু তাৰ গতিও কমিব । যদি আগটো জোঙা আৰু গাটো সমমিত চুঙা আকৃতিৰ হয়, তেতিয়া তাৰ ওপৰত তৰলৰ ঘৰ্ষন কমি যায় ।

গতিকে বস্তুটোৰ গতি বৃদ্ধি পাব । উৰাজাহাজ, পানী জাহাজ, নাও, ৰকেট, মাছ আদিৰ সেই বাবে এক বিশেষ আকৃতি থাকে ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close