শব্দ Class 8 Science Chapter 13

SCERT Assam class 8 Science Chapter 13 শব্দ (Sound) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 13 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 13

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া class 8 Science chapter 13 free notes. You can also download SCERT class 8 science chapter 13 PDF version for free.

শব্দ (Sound)

অধ্যায় ১৩

অনুশীলনী (Exercises) :

প্ৰশ্ন 1. শুদ্ধ উত্তৰ বাছি উলিওৱা

শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে-

(a) একমাত্ৰ গেছ                         (b) গোটা পদাৰ্থ মাত্ৰ

(c) একমাত্ৰ জুলীয়া পদাৰ্থ            (d) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

উত্তৰ— (d) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

প্ৰশ্ন 2. কাৰ মাত কম কম্পনাংকৰ হ’ব ? 

(a) কেঁচুৱা (ছোৱালী)                    (b) কেঁচুৱা (ল’ৰা)

(c) পুৰুষ                                     (d) মহিলা

উত্তৰ— (c) পুৰুষ 

প্ৰশ্ন 3. তলৰ শুদ্ধ উক্তসমূহত ‘শু’ আৰু ভূল উক্তিসমূহত ‘অ’ লিখা ৷

(a) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নোৱাৰে ।

উত্তৰ— শু

(b) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। 

উত্তৰ—

(c) কম্পনৰ বিস্তাৰ বেছি হ’লে শব্দ দুৰ্বল হয় ।

উত্তৰ—

(d) মানুহৰ বাবে শ্ৰাব্যসীমা 20 Hz ৰ পৰা 20,000 Hz ।

উত্তৰ— শু

(e) কম্পনৰ কম্পনাংক কম হ’লে, তীক্ষ্ণতা বেছি হয় ।

উত্তৰ—

(f) অবাঞ্চিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয় ।

উত্তৰ—

(g) শব্দ প্ৰদূষণে আংশিক শ্ৰৱন বিসংগতি সৃষ্টি কৰিব পাৰে ।

উত্তৰ— শু

প্ৰশ্ন 4. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা

(a) এটা দোলন সম্পূৰ্ন কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ _______ বোলে ।

উত্তৰ— এটা দোলন সম্পূৰ্ন কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ পৰ্যায়কাল বোলে ।

(b) কম্পনৰ _______ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।

উত্তৰ— কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।

(c) কম্পনাংকৰ একক হৈছে _______।

উত্তৰ— কম্পনাংকৰ একক হৈছে হাৰ্টজ 

(d) অবাঞ্ছিত শব্দক _______ বোলে ।

উত্তৰ— অবাঞ্ছিত শব্দক কোলাহল বোলে ।

(e) কম্পনৰ _______ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপন হয় ।

উত্তৰ— কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপন হয় ।

প্ৰশ্ন 5. এটা দোলকে 4 ছেকেণ্ডত 40 টা দোলন সম্পূৰ্ন কৰে । ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্নয় কৰা ।

সমাধান (Solution)

আমাি জানো যে প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাই হৈছে কম্পনাংক

 

Class 8 science chapter 13

আকৌ পৰ্যায়কাল হৈছে দোলনৰ কম্পনাংকৰ প্ৰতিলোম

Class 8 science chapter 13

 

প্ৰশ্ন 6. মহে প্ৰতি ছেকেণ্ডত গঢ়ে 500 বাৰকৈ পাখি কঁপাই শব্দৰ সূষ্টি কৰে । এই কম্পনৰ পৰ্যায়কাল কিমান ? 

সমাধান (Solution)

দিয়া আছে,

কম্পনাংক = 500

∴ পৰ্যায়কাল = 1 ÷ কম্পনাংক

                   = 1 ÷ 500

                   = 0.002 ছেকেণ্ড

প্ৰশ্ন 7. তলৰ বাদ্যযন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা-

(a) ঢোলক             (b) চেতাৰ                  (c) বাঁহী

উত্তৰ— (a) ঢোলক ঃ টানি ৰখা চামৰা ।

খ) চেতাৰ ঃ চেতাৰৰ তাঁৰ ৷

গ) বাঁহী ঃ বায়ুস্তম্ভ ।

প্ৰশ্ন 8. কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ’ব পাৰেনে ? 

উত্তৰ— কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য হ’ল– আমনিদায়ক, অসামঞ্জস্য, শৃংখলাহীন সুৰ বৰ্জ্জিত শব্দক কোলাহল বোলে । আনহাতে শুৱলা, আৰামদায়ক, শৃংখলাবদ্ধ তথা সুৰ সমৃদ্ধ শব্দক সংগীত বোলে । সংগীতো কেতিয়াবা কোলাহল হ’ব পাৰে । সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি আৰু তীক্ষ্ণ হয়, তেতিয়া এই সংগীত কোলাহলত পৰিণত হয় ।

প্ৰশ্ন 9. তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা ।

উত্তৰ— (a) গাড়ী-মটৰৰ শব্দ ৷

(b) ফটকা বোমা আদিৰ শব্দ

(c) উচ্চস্বৰত বজোৱা টেলিভিছন, লাউডস্পিকাৰৰ শব্দ

(d) ওচৰত বনাই থকা ঘৰৰ মিস্ত্ৰীয়ে কাম কৰা শব্দ ।

(e) কুলাৰ, শীত-তাপ নিয়ন্ত্ৰন যন্ত্ৰ আদিৰ দ্বাৰা সূষ্টি হোৱা শব্দ ।

প্ৰশ্ন 10.  মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ।

উত্তৰ— শব্দ প্ৰদূষণে মানুহৰ জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে । শব্দ প্ৰদূষণৰ ফলত টোপনি নোহোৱা, উচ্চ ৰক্তচাপকে আদি কৰি বহুতো স্বাস্থ্য বিসংগতিয়ে দেখা দিয়ে । লগতে শব্দ প্ৰদূষণে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপত শ্ৰৱন বিসংগতিৰো সৃষ্টি কৰিব পাৰে ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 11. তোমাৰ মাৰা-দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে । তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে । তুমি তোমাৰ মা-দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা ? কাৰণ ব্যাখ্যা কৰা ।

উত্তৰ— মই মা-দেউতাক তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াম ।

কাৰণ , মূল পথতকৈ উপপথ কেইটাত গাড়ী-মটৰৰ সংখ্যা কম হ’ব । অত্যধিক যান-বাহনৰ ফলত পথৰ দাঁতিত থকা ঘৰটোত শব্দ প্ৰদূষণৰ সৃষ্টি হ’ব । ফলত সুস্থ পৰিবেশ এটা পোৱা নাযাব । আনহাতে পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটোত কোলাহল বহু পৰিমাণে কম হ’ব আৰু তাত এটি সুস্থ পৰিবেশ অনাবৰতে পোৱা যায় ।

প্ৰশ্ন 12. স্বৰযন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা ।

উত্তৰ—

Class 8 Science chapter 13মানুহৰ ক্ষেত্ৰত স্বৰযন্ত্ৰ ( Larynx) ৰ দ্বাৰা শব্দৰ সৃষ্টি হয় । স্বৰযন্ত্ৰ হৈছে ডিঙিৰ এটা অংশ আৰু ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত । স্বৰযন্ত্ৰৰ সৈতে দুডাল স্বৰতন্ত্ৰী সংলগ্ন হৈ থাকে যাতে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় । হাওঁফাওঁৰ পৰা অহা বায়ু ছিদ্ৰৰ মাজেৰে গ’লে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সূষ্টি কৰে । পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত ৩×১০/৪ মিটাৰ । কিন্তু শব্দৰ বেগ প্ৰতি ছেকেণ্ডত ৩২২ মিটাৰ । যদিও ঢেৰেকনি আৰু বিজুলী মেঘত একে সময়তে উৎপন্ন হয়, বায়ুৰ মাজেৰে আহোঁতে দুয়োৰে বেগৰ পাৰ্থক্য হেতুকে বিজুলীৰ পোহৰ বহুত আগতে আহি আমাৰ চকুত পৰে । আনহাতে শব্দ ( ঢেৰেকনি ) বহুত দেৰিকৈ আহি আমাৰ কাণত পৰে ।

প্ৰশ্ন 13. আকাশত বিজুলী আৰু ঢেৰেকনি একেসময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় । কিন্তু আগে বিজুলি দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ— ইয়াৰ কাৰণ হৈছে, পোহৰৰ বেগ শব্দতকৈ বেছি ৷ পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত ৩×১০/৪ মিটাৰ । কিন্তু শব্দৰ বেগ প্ৰতি ছেকেণ্ডত ৩২২ মিটাৰ । সেইবাবে ঢেৰেকনি আৰু বিজুলী একে সময়তে আৰু একে দূৰত্বত সংঘটিত হ’লেও, ঢেৰেকনিৰ শব্দ কাণত পৰাৰ বহুত আগতেই বিজুলীৰ পোহৰ আহি আমাৰ চকুত পৰে ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close