উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 Science Chapter 7

SCERT Assam class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ (Conservation of Plants and Animals) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 7 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 7

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ class 8 Science chapter 7 free notes. You can also download SCERT class 8 science chapter 7 PDF version for free.

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

অধ্যায় 7

অনুশীলনী (Exercises) :

প্ৰশ্ন 1) খালী ঠাই পূৰ কৰা ৷

(a)  প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে ………………….. বুলি কোৱা হয় ।

উত্তৰ— প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে অভয়াৰণ্য বুলি কোৱা হয় ।

(b)  এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ………………….. বুলি জনা যায় ।

উত্তৰ— এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায় ।

(c) …………………… ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ।

উত্তৰ— জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ।

প্ৰশ্ন 2) এটাৰ পৰা আনটোক পৃঠক কৰা ৷

(a)  বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল ।

উত্তৰ— বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজত পাৰ্থক্য হ’ল –

অভয়াৰণ্য : অভয়াৰণ্য হ’ল প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল ।

জীৱমণ্ডল সংৰক্ষিত অঞ্চল : জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ’ল বন্য প্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদ সমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ-অঞ্চল ।

(b) চিৰিয়াখানা আৰু অভয়াৰণ্য 

উত্তৰ— চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য হল –

চিৰিয়াখানা :- চিৰিয়াখানা হ’ল এনে এক অঞ্চল য’ত প্ৰাণী সমূহক কৃত্ৰিমভাৱে নিৰ্মিত আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা হয় ।

অভয়াৰণ্য :- অভয়াৰণ্য হ’ল প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল ।

(c) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি 

উত্তৰ— বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ মাজত পাৰ্থক্য হ’ল –

বিপন্ন প্ৰজাতি : যি বোৰ প্ৰজাতিৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰজাতি বোলে ।

বিলুপ্ত প্ৰজাতি : যি বোৰ প্ৰজাতিৰ প্ৰাণীৰ সংখ্যা পৃথিৱীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে তাক বিলুপ্ত প্ৰজাতি বোলে ।

(d) উদ্ভিদ কুল আৰু প্ৰাণী কুল 

উত্তৰ— উদ্ভিদ কুল আৰু প্ৰাণী কুলৰ মাজত পাৰ্থক্য হ’ল –

উদ্ভিদ কুল : কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সমূহ উদ্ভিদক উদ্ভিদ কুল বোলে ৷

প্ৰাণী কুল : কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সমূহ প্ৰাণীক প্ৰাণী কুল বোলে ৷

প্ৰশ্ন 3) বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়া বোৰত কেনেদৰে পৰে আলোচনা কৰা 

(a)  বন্য প্ৰাণী (Wild animal)

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত বন্য প্ৰাণীৰ ওপৰত যঠেষ্ট প্ৰভাৱ পৰে। তাৰ ভিতৰত-

1) খাদ্য বস্তুৰ নাটনি হ’ব।

2) বন্যপ্ৰাণীৰ থকা ঠাই বা বাসস্থান কমি আহিব।

3) খাদ্য আৰু বাসস্থানৰ সন্ধানত বন্য প্ৰাণীবোৰ মানুহৰ বসতি স্থানলৈ ওলাই আহিব ফলত মানুহৰ লগত সংঘাট হব।

4) বনাঞ্চলত থকা প্ৰাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিবৰ্তন ঘটে । ফলত প্ৰাণীবোৰ বিপন্ন হবলৈ ধৰে আৰু অৱশেষত বিলুপ্তি ঘটে ।

(b)  পৰিবেশ (Environment)

উত্তৰ— পৰিবেশৰ ওপৰত যঠেষ্ট প্ৰভাৱ পৰিব ৷ ইয়াৰ ভিতৰত-

1) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব।

2) বৰষুণ কম বা অনিয়মিত হব।

3) ভূমিস্খলন হব।

4) গোলকীয় উষ্ণতা বৃদ্ধি হব।

5) বতৰৰ পৰিৱৰ্তন হব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব।

(c)  গাঁও ( গ্ৰাম্য অঞ্চল ) 

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত গাওঁ অঞ্চলত যঠেষ্ট প্ৰভাৱ পৰিব-

1) বনাঞ্চল ধ্বংসৰ ফলত বতৰৰ পৰিৱৰ্তন হ’ব ফলত বৰষুণৰ পৰিমাম কমিব, যাৰ কাৰণে খতিয়কৰ খেতি পথাৰত খেতি কৰাত অসুবিধা হ’ব।

2) মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাব ফলত শস্যৰ উৎপাদন কমিব।

3) ইন্ধন হিচাপে ব্যৱহাৰ কৰা খৰিৰ নাটনি হ’ব।

4) বতৰৰ পৰিৱৰ্তনৰ ফলত খৰাং বা বানপানীৰ সমস্যাই দেখা দিব।

(d)  নগৰ ( নগৰীয়া অঞ্চল )

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত নগৰ অঞ্চলত যঠেষ্ট পৰিমাণে প্ৰভাৱ পৰিব-

1) বনাঞ্চল ধ্বংস হলে প্ৰদূষণৰ মাত্ৰা বাঢ়িব ।

2) গৰমৰ মাত্ৰা বাঢ়িব ।

3) নগৰ অঞ্চলত গাড়ী মটৰ বেছিকৈ চলে বাবে বনাঞ্চল ধ্বংস হ’লে তাত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ।

(e)  পৃথিৱী (Earth)

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱ সমূহ হ’ল-

1) বায়ুমণ্ডলত কাৰ্বণ-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ’ব।

2) বতৰৰ পৰিৱৰ্তন হ’ব।

3) বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে, বানপানী, ভৃমিস্থলন, অনাবৃষ্টিৰ দৰে সমস্যাই দেখা দিব।

4) কিছুমান ঠাইত অত্যাধিক খৰাঙৰ ফলত মৰুভূমিত পৰিণত হ’ব।

(f)  উত্তৰ প্ৰজন্ম (The next generation)

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্ম ওপৰত হোৱা বিভিন্ন প্ৰভাৱ সমূহ হ’ল-

1) যদি বনাঞ্চল ধ্বংস হৈ যায়, তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ ওপৰৰ হিমবাহবোৰ গলাই পেলাব । ফলত মহা প্ৰলয় সদৃশ বানপানী হ’ব আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি সমুদ্ৰৰ উপকূল অঞ্চলত থকা দেশবোৰ পানীৰ তলত নিচ্ছিন্ন হৈ পৰিব । উত্তৰ প্ৰজন্মই এইবোৰ দেশৰ অস্তিত্বই নাপাব ।

2) গছ বিৰিখ ধ্বংসৰ ফলত বনজ সম্পদ যেনে – কাঠ, কয়লা, পশু–পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা পাব । ফলস্বৰূপে পৃথিৱীত উত্তৰ প্ৰজন্মৰ অস্তিত্বই বিপন্ন হ’ব ।

প্ৰশ্ন 4) কি হ’ব পাৰে যদি-

(a)  আমি গছ কাটি গৈ থাকো,

উত্তৰ— যদি আমি গছ কাটি গৈ থাকোঁ তেন্তে-

1) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যিয়ে পৃথিৱীৰ উষ্ণতা বঢ়োৱাত সহায় কৰিব।

2) বৰষুণৰ পৰিমাণ কমি যাব ফলত খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগে দেখা দিব।

3) প্ৰদূষণৰ মাত্ৰা বাঢ়িব আৰু অত্যাধিক গৰম হ’ব ।

4) প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈ সমস্ত জীৱকুললৈ বিপৰ্যয় নামি আহিব ৷

(b)  প্ৰাণীৰ আবাসস্থলী বিঘ্নিত হয়,

উত্তৰ— প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হ’লে-

1) প্ৰাণীসমূহ নিজ বাসস্থানৰ পৰা জনবসতি অঞ্চললৈ ওলাই আহিব।

2) প্ৰাণীসমূহৰ খাদ্যৰ নাটনি হব।

3) প্ৰাণীসমূহৰ সংখ্যা ক্ৰমান্বয়ে কমি আহি এসময়ত বিলুপ্তি হ’ব।

৪) চোৰাং-চিকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।

(c) মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থাকে

উত্তৰ— মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থাকিলে-

1) মাটিৰ ক্ষয়ীভৱন হ’ব।

2) মাটিৰ উৰ্বৰতা শক্তি কমি যাব।

3) মাটিৰ পানীধাৰন ক্ষমতা কমি যাব।

4) ভূ-পৃষ্ঠৰ পৰা ভূ-গৰ্ভলৈ পানীৰ গতি কমি যাব।

প্ৰশ্ন 5) চমুকৈ উত্তৰ দিয়া –

) জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ— জীৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্যত সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ যিকোনো এটাৰ ক্ষতি হ’লে খাদ্য-শৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটি পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটিব । ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব । সেয়ে জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ কৰিব লাগে ।

) সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয় ?

উত্তৰ— সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয়, কাৰণ মাজে মাজে বন্যপ্ৰাণীবোৰ চোৰাং চিকাৰীৰ দ্বাৰা নিধন হয়।দ্বিতীয়তে কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি কাঠ আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়। 

) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলকেনেকৈ ?

উত্তৰ— কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল । কাৰণ তেওঁলোক পূৰ্ব পুৰুষৰ পৰা বনাঞ্চলত থাকি তাৰ পৰাই তেওঁলোকে জীৱিকাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ যেনে খাদ্য, খৰি-খেৰ, ঘৰ–দুৱাৰ নিৰ্মানৰ বাবে কাঠ আদি সংগ্ৰহ কৰে ।

) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি ?

উত্তৰ— বনাঞ্চল ধ্বংসৰ মূখ্য কাৰণ দুটা- প্ৰাকৃতিক আৰু মানৱসৃষ্ট ৷

প্ৰাকৃতিক কাৰণবোৰ হৈছে- বনজুই, প্ৰচণ্ড খৰাং আদি ৷

মানৱসৃষ্ট কাৰণবোৰ হৈছে- খেতি কৰিবলৈ মাটি উলিওৱা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন পূৰণ, ঘৰ আৰু কল-কাৰখানা নিৰ্মাণ, ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰি আদি ৷

ইয়াৰ পৰিণতিত বানপানী, খৰাং, উষ্ণতা বৃদ্ধি, অক্সিজেনৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা, ভূমিস্খলন আদি সমস্যাৰ সৃষ্তি হ’ব ৷

) ৰেড ডেটা বুক কি ?

উত্তৰ—  ৰেড ডেটা বুক হ’ল সকলো বিপন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।

) পৰিভ্ৰমণ (Migration) বুলিলে কি বুজা ?

উত্তৰ— চৰাইবোৰে নিজা আৱাসস্থলীৰ পৰা জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বহু দূৰণিৰ অনুকূল জলবায়ুৰ অঞ্চললৈ কণী পাৰিবৰ বাবে উৰি যায়। ইয়াকে পৰিভ্ৰমণ বোলে।

প্ৰশ্ন 6) কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰত ভাবে গছ কটা হৈছে  ইয়াৰ বাবে গছ কটাটো উচিতনে ? আলোচনা কৰা আৰু এটি চমুটোকা প্ৰস্তুত কৰা 

উত্তৰ— কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰত ভাবে গছ কটা হৈছে, যিটো কোনো পধ্যে উচিত হব নোৱাৰে । কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্ৰতা পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্ৰা বাঢ়িব । প্ৰদূষণৰ ফলত বৰষুণৰ মাত্ৰা কমি যাব । গোলকীয় উষ্ণতাও বৃদ্ধি পাব । ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকিব । মাটিৰ উৰ্বৰতা কমি যাব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 7) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতি পালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা ? তোমালোকে গ্ৰহণ কৰা  কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা 

উত্তৰ— নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতি পালন কৰাৰ বাবে তলত দিয়া বৰঙনি সমূহ আগবঢ়াব পাৰি –

1) অঞ্চলৰ গছ–গছনি কটাতো নিষিদ্ধ কৰা ।

2) গছ পুলি ৰোপনৰ ব্যৱস্থা কৰাৰ লগতে পুলি সমূহৰ প্ৰয়োজনীয় যতন লোৱা।

3) জনসাধাৰণৰ মাজত গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাৰ লগতে গছ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰিম।

প্ৰশ্ন 8) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰেবুজাই লিখা 

উত্তৰ— বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে ফলত ই গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰে। সামগ্ৰিক ভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কমি যায়। ফলত খৰাং বতৰৰ সৃষ্টি হয়।

প্ৰশ্ন 9) তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যান বোৰ বিচাৰি উলিওৱা  ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অবস্থান  দেখুওৱা 

উত্তৰ— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ গোলাগাট, নগাও, শোণিতপুৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ বাকছা আৰু চিৰাং

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ ডিব্ৰুগড়, তিনিচুকীয়া

নামেৰী ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ শোণিতপুৰ

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ ওদালগুৰি, শোণিতপুৰ

প্ৰশ্ন 10) কাগজ কিয় বচাব লাগে ? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা 

উত্তৰ— এক টন কাগজ বনাবলৈ ১৭ জোপা পৈনত গছৰ প্ৰয়োজন। কাগজ বচোৱা মানে গছকে বচোৱ হয়।

কাগজ বচোৱা মানে অকল গছকে বচোৱা নহয়, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি আৰু পানীও বচোৱা হয়। ইয়াৰ বাহিৰেও কাগজ প্ৰস্তুত কঁৰোতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক  দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰা হয়।

কাগজ বচোৱাৰ বিভিন্ন উপায়সমূহ হ’ল –

ক) কাগজ ব্যৱহাৰৰ মিতব্যয়িতা ।

খ) ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ ব্যৱহাৰ ।

গ) কাগজ পুৰা কাৰ্য বন্ধ কৰা আদি ।

প্ৰশ্ন 11) শব্দৰ খেলটো সম্পূৰ্ণ কৰা ।

পথালিকৈ

1) মাটি উৰ্বৰ কৰা এবিধ জৈৱ উপাদান ।

3) মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণীক কৃত্ৰিম ভাবে তৈয়াৰী আৱাসস্থানত ৰখাৰ ব্যৱস্থা ।

4) অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।

5) এক প্ৰকাৰ বনাঞ্চল সম্পদ ।

থিয়কৈ

2) পাঁচ মাৰীৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি ।

3) জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ ।

4) গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী ।

Class 8 Science Chapter 7

উত্তৰ—

Class 8 science chapter 7

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close