SCERT Assam class 8 Science Chapter 6 দহন আৰু শিখা (Combustion And Flame) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 6 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 8 Science Chapter 6
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam দহন আৰু শিখা class 8 Science chapter 6 free notes. You can also download SCERT class 8 science chapter 6 PDF version for free.
দহন আৰু শিখা
অধ্যায় 6
অনুশীলনী (Exercises) :
প্ৰশ্ন 1) দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা ।
প্ৰশ্ন 2) খালী ঠাই পূৰ কৰা ।
(a) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ———– ঘটায় ।
উত্তৰ— কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায় ।
(b) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল ———– ।
উত্তৰ— ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল কেৰাচিন ।
(c) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ———– ———– লৈ নিশ্চয়কৈ তপতাব লাগে ।
উত্তৰ— দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতা লৈ নিশ্চয়কৈ তপতাব লাগে ।
(d) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ———– ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱৰি ।
উত্তৰ— তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱৰি ।
প্ৰশ্ন 3) যান–বাহনত চি.এন.জি ৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা ।
উত্তৰ— ডিজেল আৰু পেট্ৰ’লৰ দহনৰ ফলত যথেষ্ট পৰিমানে ধোৱা আৰু ক্ষতিকাৰক দ্ৰব্য নিৰ্গত হৈ বায়ু প্ৰদূষিত হয় । আনহাতে চি.এন.জিৰ দহনৰ ফলত অতি কম পৰিমানেহে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় । কাৰণ ই হৈছে এবিধ অপেক্ষিক ভাৱে পৰিষ্কাৰ ইন্ধন ৷ সেয়েহে, আজিকালি ডিজেল আৰু পেট্ৰ’লৰ সলনি চি.এন.জিৰ ব্যৱহাৰ কৰা হয় ।
প্ৰশ্ন 4) ইন্ধন হিচাপে এল.পি.জি আৰু কাঠ তুলনা কৰা ।
উত্তৰ— কাঠৰ দহনৰ ফলত যথেষ্ট পৰিমানে ধোৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয় । আনহাতে, এল.পি.জি হৈছে এবিধ পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত ধোৱা নিৰ্গত নহয় ।
এল.পি.জি দহনত কোনো অবশিষ্ট নৰয় আনহাতে কাঠ দহনত অবশিষ্ট থাকি যায় ৷
প্ৰশ্ন 5) কাৰণ দৰ্শোৱা –
(a) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় ।
উত্তৰ— বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় । কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী । পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে । সেয়েহে এনে জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় ৷
(b) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল.পি.জি অধিক ভাল ।
উত্তৰ— কাঠৰ দৰে এল.পি.জি. দহনে ধোঁৱাৰ সৃষ্টি নকৰে ৷ পাত্ৰৰ তলিত কাজল নহয় । তাপ বেছিকৈ দিয়ে । লগতে এল.পি.জি. দহনত অবশিষ্ট বা ছাই উৎপন্ন নহয় । সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল.পি.জি. অধিক ভাল ।
(c) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে ।
উত্তৰ— এলুমিনিয়াম হৈছে তাপৰ সুপৰিবাহী। যেতিয়া এলুমিনিয়াম পাইপত মেৰিওৱা কাগজখনত জুই লগোৱা হয়, তেতিয়া সেই তাপ কাগজখনৰ পৰা এলুমিনিয়াম পাইপডাললৈ প্ৰৱাহিত হয়। যাৰ ফলত কাগজখনে সহজে জ্বলন উষ্ণতা লাভ নকৰে। সেয়েহে, সাধাৰণ কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।
প্ৰশ্ন 6) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা ।
উত্তৰ—
প্ৰশ্ন 7) ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা ।
উত্তৰ— ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম হল – কিল’জুল/ কিল’গ্ৰাম ( KJ/ kg )
প্ৰশ্ন 8) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা ।
উত্তৰ— কাৰ্বন-ডাই-অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত বায়ুত থকা অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয় । যিহেতু অক্সিজেন অবিহনে জুই নজ্বলে, গতিকে জুইকুৰা নুমাই যায় । এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰি ।
প্ৰশ্ন 9) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে । ব্যাখ্যা কৰা ।
উত্তৰ— শুকান পাতৰ তুলনাত কেঁচা পাতত জলীয় বাষ্পৰ পৰিমাণ বেছি হোৱা বাবে, কেঁচা পাতৰ জ্বলন উষ্ণতা শুকান পাততকৈ কম। সেয়ে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সোনকালে জুই নালাগে ।
প্ৰশ্ন 10) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ? ব্যাখ্যা কৰা ।
উত্তৰ— সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বৰ্হি মণ্ডলটো ব্যৱহাৰ কৰে । কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক, প্ৰায় ৮০০° চেলচিয়াছ ।
প্ৰশ্ন 11) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণ ভাৱে পোৰা হ’ল । উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 KJ পোৱা গল । ইন্ধনটোৰ কেল’ৰি মান গণনা কৰা ।
উত্তৰ—
ইয়াত ইন্ধনৰ ভৰ = 4.5 কেজি
উৎপন্ন তাপৰ পৰিমাণ = 1,80,000 কেজি
∴ ইন্ধনৰ কেল’ৰি মান হব = 1,80,000 ÷ 4.5 = 80,000 কেজি ।
প্ৰশ্ন 12) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰি নে ? আলোচনা কৰা ।
উত্তৰ— মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি । ই মাথোন এক ৰাসায়নিক বিক্ৰিয়া । ইয়াত তাপ, শক্তি আৰু পোহৰ উৎপন্ন নহয় । আনহাতে দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয় । সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি ।
Sl. No. | Contents ( Class 8 science ) |
Chapter 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা |
Chapter 2 | অণুজীৱ : মিত্ৰ আৰু শত্ৰু |
Chapter 3 | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক |
Chapter 4 | পদাৰ্থ : ধাতু আৰু অধাতু |
Chapter 5 | কয়লা আৰু পেট্ৰ’লিয়াম |
Chapter 6 | দহন আৰু শিখা |
Chapter 7 | উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ |
Chapter 8 | কোষ-গঠন আৰু কাৰ্য |
Chapter 9 | প্ৰাণীৰ প্ৰজনন |
Chapter 10 | কৈশোৰ প্ৰাপ্তি |
Chapter 11 | বল আৰু চাপ |
Chapter 12 | ঘৰ্ষণ |
Chapter 13 | শব্দ |
Chapter 14 | বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া |
Chapter 15 | কিছুমান প্ৰাকৃতিক পৰিঘটনা |
Chapter 16 | পোহৰ |
Chapter 17 | তৰা আৰু সৌৰজগত |
Chapter 18 | বায়ু আৰু প্ৰানীৰ পদূষণ |
প্ৰশ্ন 13) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে । ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে । কাৰ পানীখিনি সোনকালে তপত হ’ব ?
উত্তৰ— ৰমেশৰ পানী খিনি সোনকালে তপত হ’ব । কাৰণ ৰমেশে শিখাৰ বহিঃ মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে । বহিঃ মণ্ডলৰ তাপ বেছি । সেয়েহে বহিৰতম অংশৰ ওচৰত থকা পানী খিনি সোনকালে গৰম হ’ব।
(adsbygoogle = window.adsbygoogle || []).push({});