SCERT Assam class 8 Science Chapter 18 বায়ু আৰু পানীৰ প্ৰদূষণ (Pollution of Air and Water) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 18 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 8 Science Chapter 18
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বায়ু আৰু পানীৰ প্ৰদূষণ class 8 Science chapter 18 free notes. You can also download SCERT class 8 science chapter 18 PDF version for free.
বায়ু আৰু পানীৰ প্ৰদূষণ
অধ্যায় ১৮
অনুশীলনী (Exercises) :
প্ৰশ্ন 1. কি কি প্ৰকাৰে পানী প্ৰদূষিত হ’ব পাৰে ?
উত্তৰ— পানী প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ’ল-
1) নদীত গা-ধোৱা, কাপোৰ ধোৱাৰ ফলত কিছুমান পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষিত হয়।
2) উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীৰত পৰাৰ ফলত পানী প্ৰদূষিত হয়।
3) খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য যেনে সাৰ, কীট–নাশক আদি পানীৰ লগত মিহলি হৈও পানী প্ৰদূষিত হয় ।
4) মৰা, গেলা–পচা আদি আৱৰ্জনা, প্লাষ্টিক, বিভিন্ন ধৰণৰ তেল জাতীয় পদাৰ্থ, চাবোন, পলস আদি পানীত মিহলি হৈও পানী প্ৰদূষিত হয় ।
প্ৰশ্ন 2. তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা ?
উত্তৰ— বায়ু প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে আমি তলত উল্লেখ কৰা কামবোৰ কৰিব পাৰো-
1) নিজাববীয়াকৈ গছ গছনি ৰোপন কৰিব পাৰো।
2) ব্যক্তিগত যান–বাহনৰ পৰিবৰ্তে যাত্ৰীবাহী বাছ মটৰ, ৰেল আদিত ভ্ৰমণ কৰিব পাৰোঁ ।
3) বিয়া–সবাহ, পূজা–পাৰ্বন, উৎসৱ আদিত আতচবাজী ব্যৱহাৰ নকৰাকৈ থাকিব পৰো ।
4) বায়ু প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰো ৷
প্ৰশ্ন 3. ‘পৰিস্কাৰ ,স্বচ্ছ (ফটফটীয়া) পানী খোৱাৰ উপযোগী’ – তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰ— দেখাত পানী পৰিস্কাৰ, স্বচ্ছ (ফটফটীয়া) হ’লেও সেই পানী খোৱাটো উপযোগী নহয় ।কাৰণ দেখাত পৰিস্কাৰ, স্বচ্ছ পানীটো নানাধৰণৰ বেমাৰৰ বীজাণু, বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰব্য আদি থাকিব পাৰে।সেয়েহে এই পানী আমাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে আমি সদায় পানী পৰিশোধিত কৰিহে খাব লাগে ।
প্ৰশ্ন 4. ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰনিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলো বোৰ বাসিন্দা ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল’বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ— পৌৰ নিগমৰ এগৰাকী সদস্য হিচাবে, আমাৰ নগৰখনৰ সকলো বাসিন্দাই যাতে বিশুদ্ধ পানী খাবলৈ পায় তাৰ বাবে তলত দিয়া ব্যৱস্থা সমূহ গ্ৰহণ কৰিব পাৰি-
1) নগৰখনৰ প্ৰতি ঘৰ মানুহেই যাতে পানী যোগান আঁচনিৰ পানী লাভ কৰে সেইটো নিশ্চিত কৰিব লাগিব।
2) পানী টেংকিসমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব ।
3) পানী যোগানত ব্যৱহাৰ কৰা পাইপ সমূহত যাতে কোনো ধৰণৰ বিন্ধা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
4) পাইপ সমূহ যাতে নলা নৰ্দমাৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে নজৰ দিব লাগিব।
প্ৰশ্ন 5. বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্য সমূহ ব্যাখ্যা কৰা।
উত্তৰ— আয়তন হিচাপে বিশুদ্ধ বায়ুৰ মিশ্ৰণত ৭৮% নাইট্ৰজেন আৰু ২১% অক্সিজেন গেছ থাকে। ইয়াৰ উপৰিও অতি কম মাত্ৰাত কাৰ্বন-ডাই-অক্সাইড, মিথেন, আৰ্গন আৰু জলীয় বাষ্প থাকে।বিশুদ্ধ বায়ুৱে মানুহৰ স্বাস্থ্য সবল কৰি ৰাখে।
আনহাতে প্ৰদূষিত বায়ুত ওপৰত উল্লেখ কৰা অনুপাতৰ তাৰতম্য ঘটে। এই বায়ু মানুহৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। যেতিয়া এই বায়ু শ্বাস প্ৰশ্বাস জৰিয়তে দেহৰ ভিতৰত প্ৰবেশ কৰে তেতিয়া বিভিন্ন ধৰণৰ ৰোগ যেনে হাপানী, কফ আদি ৰোগ হোৱা দেখা যায়।
প্ৰশ্ন 6. তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয়?
(a) কাৰ্বন-ডাই-অক্সাইড
(b) ছালফাৰ-ডাই-অক্সাইড
(c) মিথেন
(d) নাইট্ৰ’জেন
উত্তৰ— (d) নাইট্ৰ’জেন
প্ৰশ্ন 7. তোমাৰ নিজৰ ভাষাৰে ‘সেউজ গৃহৰ প্ৰভাৱ’ ৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ— আমি জানো যে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱী পৃষ্ঠ গৰম কৰি ৰাখে। সূৰ্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীয়ে শোষণ কৰে আৰু আন এটা অংশ মহাকাশলৈ প্ৰতিফলিত কৰি ঘূৰাই পঠায়। ঘূৰাই পঠোৱা বিকিৰিত ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে ৷ এই ধৰি ৰখা বিকিৰিত ৰশ্মিয়ে পৃথিৱীখন গৰম কৰে ৷ ইয়াকে সেউজ গৃহ প্ৰভাৱ বোলে ৷
সেউজ গৃহ প্ৰভাৱ জীৱৰ বাবে প্ৰয়োজনীয় যদিও অতিমাত্ৰা হলে অনিষ্টকাৰী হয় । যেতিয়া বায়ু মণ্ডলত মূলতঃ কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া এই প্ৰভাৱৰ মাত্ৰাও বাঢ়ে ফলত গোলকীয় উষ্ণতাও বৃদ্ধি পায় । বৰ্তমানে বায়ু মণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱা বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে ।
এনে হৈ থাকিলে পৃথিৱীৰ সকলো বৰফ গলি মহা প্লাবনৰ সৃষ্টি হৈ পৃথিৱী ধ্বংস হব । সেইবাবে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাব লাগে । তাৰ বাবে বৃক্ষ ৰোপন কৰিব লাগে আৰু এনে গেছ নিৰ্গত কৰা উদ্যোগৰ পৰিমাণ কমাব লাগে ।
Sl. No. | Contents ( Class 8 science ) |
Chapter 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা |
Chapter 2 | অণুজীৱ : মিত্ৰ আৰু শত্ৰু |
Chapter 3 | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক |
Chapter 4 | পদাৰ্থ : ধাতু আৰু অধাতু |
Chapter 5 | কয়লা আৰু পেট্ৰ’লিয়াম |
Chapter 6 | দহন আৰু শিখা |
Chapter 7 | উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ |
Chapter 8 | কোষ-গঠন আৰু কাৰ্য |
Chapter 9 | প্ৰাণীৰ প্ৰজনন |
Chapter 10 | কৈশোৰ প্ৰাপ্তি |
Chapter 11 | বল আৰু চাপ |
Chapter 12 | ঘৰ্ষণ |
Chapter 13 | শব্দ |
Chapter 14 | বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া |
Chapter 15 | কিছুমান প্ৰাকৃতিক পৰিঘটনা |
Chapter 16 | পোহৰ |
Chapter 17 | তৰা আৰু সৌৰজগত |
Chapter 18 | বায়ু আৰু প্ৰানীৰ পদূষণ |
প্ৰশ্ন 8. গোলকীয় উষ্ণতাৰ ওপৰত এটা চমু বক্তৃতা প্ৰস্তুত কৰা আৰু বক্তৃতাটো শ্ৰেণীত প্ৰদান কৰা ।
উত্তৰ— বৰ্তমান সময়ত মানুহে কৰা বিভিন্ন ক্ৰিয়াকলাপৰ বাবে একেৰাহে কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হৈ আছে, লগতে দিনে দিনে বনাঞ্চলৰ পৰিমাণো কমি গৈ আছে ৷ উদ্ভিদে সালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰপৰা CO₂ ব্যৱহাৰ কৰে আৰু তাৰ দ্বাৰা বায়ুত CO₂ ৰ পৰিমাণ বৃদ্ধি কৰে, কাৰণ CO₂ শোষণ কৰা গছবোৰৰ সংখ্যা কমি গৈ আছে ৷ CO₂ গেছে তাপ শোষণ কৰি লয় আৰু এই শোষিত গেছ ওপৰলৈ এৰি নিদিয়ে ৷ ফলস্বৰূপে পৃথিৱীৰ বায়ুমণ্ডলৰ গঢ় তাপমাত্ৰা লাহে লাহে বৃদ্ধি হৈছে ৷ ইয়াকে গোলকীয় উষ্ণতা বোলে ৷
পৃথিৱীত অপৰিকল্পিত সেউজ গৃহ গেছ নিৰ্গত কৰা উদ্যোগ, যান–বাহন আদিৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে । ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈ হিমালয়ৰ গোংগোত্ৰীৰ বৰফ অঞ্চল গলিবলৈ লৈছে । পৃথিৱীৰ মেৰু অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিবলৈ লৈছে ।
এনে দৰে বৰফ গলাৰ ফলত পৃথিৱীত মহা প্লাবণৰ সৃষ্টি হব । সাগৰৰ উপকূল অঞ্চলৰ ঠাইবোৰ ডুবি যাব । ফলত জীৱ জন্তুৰ অৱস্থা বিপন্ন হব । হিচাব কৰি পোৱা গৈছে যে ০.৫° ছেলচিয়াছ গোলকীয় উষ্ণতা বৃদ্ধিয়েও পৃথিৱীৰ বতৰৰ গুৰুতৰ প্ৰভাৱ পেলাব ।
এই সম্পৰ্কে সচেতন হবৰ বাবে পৃথিৱীত কিয়ট চুক্তি, কোপেহেগেন চামিট, আৰ্থ চামিট আদি কিছুমান মহাসভাৰ গঠন হৈছে । এই সভাত হোৱা চুক্তিৰ লক্ষ্য হল কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ হাৰ কমোৱা যাতে অনাকাংক্ষিত নিশ্চিত বিপদৰ পৰা পৃথিৱী ৰক্ষা পৰে । অন্যথা এই শতিকাৰ শেষৰ ফালে গোলকীয় উষ্ণতা বৰ্তমান লৈকে ২০ ছে. তকৈ বেছি বৃদ্ধি পাব ।
এইয়া হ’লে এনে শ্যামলিময়, জীৱধাৰী সৌৰজগতৰ একমাত্ৰ গ্ৰহ পৃথিৱীও এটি শুকান গ্ৰহত পৰিণত হব ।
প্ৰশ্ন 9. তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ— আমি সকলোৱে জানো যে আগ্ৰাৰ তাজমহল হল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা । যোৱা দুটা দশকত বায়ু প্ৰদূষকবোৰে বগা মৰ্বলেৰে সজা এই তাজমহল মলিন কৰি পেলাইছে । ইয়াৰ কাৰণ হল আগ্ৰাৰ আশে–পাশে থকা চামৰাৰ উদ্যোগ, মথুৰা তেল শোধানাগাৰ আদিৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড গেছ বোৰ । এই গেছ বোৰে এছিড বৰষুণৰ সৃষ্টি কৰিছে ।
এই এছিড বৰষুনে বগা মাৰ্বলৰ ওপৰত পৰি বিক্ৰিয়া ঘটি মাৰ্বল কেন্সাৰৰ সৃষ্টি কৰাৰ ফলত এই হালধীয়া প্ৰলেপৰ সৃষ্টি হৈছে । এনেদৰে বিদেশৰ পৰ্যটকৰ মন ভূলোৱা বিশ্ব ৰূপময়ী তাজমহলৰ ৰূপ ক্ৰমান্বয়ে ম্লান হোৱাৰ পথত আছে ।
উচ্চতম ন্যায়ালয়ে তাজমহলক সুৰক্ষা প্ৰদান কৰিবলৈ বহুতো পদক্ষেপ গ্ৰহণ কৰিছে ৷ চি. এন. জি. আৰু এল. পি. জিৰ দৰে পৰিশোধিত গেছ ব্যৱহাৰ কৰিবলৈ উদ্যোগসমূহক নিৰ্দেশ জাৰি কৰা হৈছে ।
(adsbygoogle = window.adsbygoogle || []).push({});