শস্য উৎপাদন আৰু ব্যৱস্থাপনা Class 8 Science Chapter 1

SCERT Assam class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা (Crop Production and Management) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 1 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 1

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam শস্য উৎপাদন আৰু ব্যৱস্থাপনা class 8 Science chapter 1 free notes. You can also download SCERT class 8 science chapter 1 PDF version for free.

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

অধ্যায় ১

অনুশীলনী (Exercises) :

প্ৰশ্ন 1. তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ৷

ওপঙি, পানী, শষ্য, পোষক দ্ৰব্য, চহোৱা

(a)  একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ____________ বুলি কোৱা হয় ৷

উত্তৰ— একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শষ্য বুলি কোৱা হয় ৷

(b) শস্য সিঁচাৰ আগতে মাটি ডৰা ____________ হয় ৷

উত্তৰ— শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয় ৷

(c)  নষ্ট হোৱা বীজবোৰ পানীত ____________ থাকে ৷

উত্তৰ— নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে ৷

(d)  শষ্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ____________ আৰু ____________ প্ৰয়োজন হয় ৷

উত্তৰ— শষ্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন হয় ৷

প্ৰশ্ন 2. ‘A’ স্তম্ভৰ লগত ‘B’ স্তম্ভ মিলোৱা ৷

A B
(i) খাৰিফ শষ্য (a) গৰুৰ খাদ্য
(ii) ৰবি শষ্য (b) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iii) ৰাসায়নিক সাৰ (c) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰগো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য
(iv) জৈৱিক সাৰ (d) ঘেঁহু, বুট, মটৰ মাহ
(e) ধান আৰু যৱ

উত্তৰ—

A B
(i) খাৰিফ শষ্য (e) ধান আৰু যৱ
(ii) ৰবি শষ্য (d) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ (b) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iv) জৈৱিক সাৰ (c) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰগো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

প্ৰশ্ন 3. প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ৷

(a) খাৰিফ শষ্য

(b) ৰবি শষ্য

উত্তৰ— (a) খাৰিফ শষ্য— কপাহ, বাদাম

(b) ৰবি শষ্য—  মটৰ, সৰিয়হ

প্ৰশ্ন 4. তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ৷

(a) মাটি চহোৱা                       (b) বীজ সিঁচা

(c) বনবাত নিৰোৱা                   (d) মৰণা মৰা

উত্তৰ—

(a) মাটি চহোৱা— মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম ৷ মাটি চহোৱাৰ বাবে নাঙল ব্যৱহাৰ কৰা হয় ৷ এই নাঙল কাঠ আৰু লোৰ সহায়ত সজা হয় ৷ কৃষি কাৰ্য্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ’ল মাটি ডৰা চহোৱা ।ইয়াৰ ফলত মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো  অংশত মিহলি হয় ৷ চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যায় আৰু ই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে । চহোৱা মাটি অধিক ঢিলা হোৱাৰ ফলত ইয়াত কেঁচু আৰু অণুজীৱৰ সংখ্যা বৃদ্ধি পায় । এই কেঁচু আৰু অনুজীৱসমূহেই হৈছে খেতিয়কৰ বন্ধু ৷ কিয়নো সিহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায় ৷ মাটি চহোৱাৰ বাবে নাঙল ব্যৱহাৰ কৰা হয় ৷ এই নাঙল কাঠ আৰু লোৰ সহায়ত সজা হয় ৷

(b) বীজ সিঁচা— মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কামটোৱেই হৈছে বীজ সিঁচা ৷ প্ৰয়োজনীয় সাৰ, পানী দি মাটিখিনি ভালদৰে চহোৱাৰ পিছত সিঁচিবৰ বাবে উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় । বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপন কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে ।

বীজ সিঁচাৰ বাবে পৰম্পৰাগত সঁজুলিতকৈ আজি-কালি টেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰ বহুলভাৱে ব্যৱহৃত হয় ৷ কাৰণ এই যন্ত্ৰবোৰে সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত বীজবোৰ সিঁচে ৷ লগতে এই যন্ত্ৰটোৱে বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই নিজে নিশ্চিত কৰে ৷

(c) বনবাত নিৰোৱা— খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদ সমূহ আঁতৰোৱাকে বনৱাত নিৰোৱা বোলে । যিহেতু অপতৃণকো শষ্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে শস্যৰ বৃদ্ধিৰ কাৰণে বনবাত নিৰোৱাটো অতি প্ৰয়োজনীয় ৷ অপতৃণt ফুল আৰু গুটি ধৰাৰ আগতেই ইহঁতক নিৰোৱাৰ ব্যৱস্থা লব লাগে । খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰোৱা কাম কৰিব পাৰি । অৱশ্যে আজিকালি বীজ সিঁচা যন্ত্ৰও অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয় ৷

(d) মৰণা মৰা— পৈণত শস্য চপোৱাৰ পাছত শস্যৰ বীজবোৰ শীহ আৰু গা–গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে । গৰু, ম’হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় ৷ আজিকালি অৱশ্যে শষ্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম ‘কম্বাইন’ মেচিনৰ দ্বাৰা কৰা হয় ৷

প্ৰশ্ন 5. জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ৷

উত্তৰ— জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল–

১) জৈৱিক সাৰ হ’ল এবিধ প্ৰাকৃতিক দ্ৰব্য ৷ গৰু-ম’হ, ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয় ৷ আনহাতে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ ৷

২) জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি ৷ আনহাতে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় ৷

৩) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে ৷ আনহাতে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে ৷

৪) জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে ৷ ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে ৷

প্ৰশ্ন 6. জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ৷

উত্তৰ— শস্যৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল –

ক) পানী ছটিওৱা ব্যৱস্থা:- পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত  পানীৰ ছিটিকনি পৰে ।

খ) পানী নিগৰোৱা ব্যৱস্থা:- এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ – গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 ববায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 7. বৰ্ষা ঋতুত যদি ঘেঁহু সিচা হয়, তেতিয়া কি হ’ব ? আলোচনা কৰা ৷

উত্তৰ— প্ৰতিবিধ বীজ সিঁচাৰ এক নিৰ্দিষ্ট সময় থাকে ৷ ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ । বৰ্ষা ঋতুত যদি ঘেঁহু সিচা হয়, তেতিয়াহ’লে এই শস্যৰ উপযুক্ত বিকাশ নহ’ব ৷ কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায় । সেয়ে বৰ্ষা ঋতুত ঘেঁহ সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব ।

প্ৰশ্ন 8. একে লেথাৰিয়ে শষ্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ৷

উত্তৰ— একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত শস্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব । আমি সকলোৱে জানো যে পোষক দ্ৰব্য বোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় । যদি মাটিত পোষক দ্ৰব্যৰ পৰিমাণ কমি যায় তেন্তে শস্যৰ বৃদ্ধি আৰু বিকাশ ভাল নহ’ব ।

প্ৰশ্ন 9. অপতৃণ কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰ— খেতি পথাৰত শস্যৰ বাহিৰেও গজি উঠা অপ্ৰয়োজনীয় উদ্ভিদক অপতৃন বোলে ।

খেতিয়কসকলে অপতৃণ নিয়ন্ত্ৰন কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয় ৷ সাধাৰণতে অপতৃনবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । লগতে সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃন নিয়ন্ত্ৰনৰ ব্যৱস্থা কৰিব পাৰি । অপতৃননাশক দ্ৰব্য আদি পথাৰত ছটিয়াইও অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।

প্ৰশ্ন 10. তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ৷

class 8 science chapter 1

উত্তৰ— 6) পথাৰত হাল বোৱা ।

5) মাটি চহোৱা ।

4) বীজ সিঁচা/ ৰোৱা ।

7) সাৰ প্ৰয়োগ ।

2) জলসিঞ্চন ।

3) খেতি চপোৱা ।

1) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

প্ৰশ্ন 11. তলত দিয়া সংকেতৰ সহায়ত শব্দশৃংখল সমূহ সম্পূৰ্ণ কৰা ৷

পথালিকৈ-

1) গুটি

4) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া

তললৈ-

2) পথাৰত পানী যোগান ধৰা ব্যৱস্থা

3) শীত কালত খেতি কৰা শস্য

5) এবিধ ৰাসায়নিক সাৰ

6) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম

Class 8 science chapter 1

উত্তৰ— 1) গুটি বীজ

4) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া ৰাইজ’বিয়াম

2) পথাৰত পানী যোগান ধৰা ব্যৱস্থা জলসিঞ্চন

3) শীত কালত খেতি কৰা শস্য ৰবি শস্য

5) এবিধ ৰাসায়নিক সাৰ →  ইউৰিয়া

6) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম মৰণা

তোমালোকে কি শিকিলা (What you have learnt)

  • আমাৰ বাঢ়ি অহা জনসংখ্যাৰ খাদ্য যোগানৰ উদ্দেশ্যে আমি নিৰ্দিষ্ট কিছুমান কৃষি পদ্ধতিৰ অভ্যাস কৰা আৱশ্যক ৷
  • একেবিধ উদ্ভিদ এখন ঠাইতে গজালে বা খেতি কৰিলে তাক শষ্য বুলি কোৱা হয় ৷
  • ভাৰতবৰ্ষত শস্যসমূহক বতৰৰ ওপৰত ভিত্তি কৰি বহলভাবে দুটা ভাগত ভাগ কৰা হয়- ৰবি আৰু খাৰিফ শষ্য ৷
  • মাটি চহ কৰা আৰু সমান কৰি প্ৰস্তুত কৰা অতি আৱশ্যক ৷ এই ক্ষেত্ৰত নাঙল আৰু মৈ ব্যৱহাৰ কৰা হয় ৷
  • ভাল উৎপাদন পাবলৈ হ’লে বীজসমূহ উপযুক্ত গভীৰতা আৰু দূৰত্বত সিঁচিব লাগে ৷ নিৰোগী বীজ নিৰ্বাচন কৰি ভাল জাতৰ বীজ সিঁচা হয় ৷ বীজ সিঁচা যন্ত্ৰেৰে বীজ সিঁচা হয় ৷
  • মাটিত জৈৱিক আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰি মাটিখিনি পোষক দ্ৰব্য সমৃদ্ধ আৰু উৰ্বৰ কৰা আৱশ্যক ৷ ভিন ভিন প্ৰকাৰৰ নতুন শস্যৰ প্ৰৱৰ্তনত ৰাসায়নিক সাৰ ব্যৱহাৰ বহুলভাৱে বাঢ়ি আহিছে ৷
  • উপযুক্ত সময়ৰ ব্যৱধানত শস্যত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ৷
  • খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাক বনবাত নিৰোৱা বুলি কোৱা হয় ৷
  • পৈণত শস্যক কাঁচি বা যন্ত্ৰৰে কটাকে শষ্য চপোৱা বুলি কোৱা হয় ৷
  • শীহৰ পৰা শস্যৰ গুটি পৃথক কৰাকে মৰণা মৰা বোলে ৷
  • অনিষ্টকাৰী কীট আৰু অনুজীৱৰ পৰা ধানজাতীয় শস্যক ৰক্ষা কৰিবলৈ উপযুক্ত মজুতকৰণ বযৱস্থাৰ দৰকাৰ ৷
  • পশুৰ পৰাও খাদ্য পোৱা যায় বাবে পশু প্ৰতিপালন কৰা হয় ৷ ইয়াক পশুধন পালন বোলে ৷
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close