পোহৰ Class 8 Science Chapter 16

SCERT Assam class 8 Science Chapter 16 পোহৰ (Light) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 16 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

SCERT Class 8 Science Chapter 16

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam পোহৰ class 8 Science chapter 16 free notes. You can also download SCERT class 8 science chapter 16 PDF version for free.

পোহৰ

অধ্যায় ১৭

অনুশীলনী (Exercises) :

প্ৰশ্ন 1. ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে ? কোঠালিৰ বাহিৰৰ বস্তু বোৰ  দেখিবানে ? ব্যাখ্যা কৰা 

উত্তৰ— অন্ধকাৰ কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা পোৱা নাযাব । যিহেতু কোঠালিৰ ভিতৰৰ বস্তুবোৰৰ পৰা কোনো পোহৰ আহি আমাৰ চকুত নপৰে বাবে, সেইবাবে বস্তু বোৰ দেখা নাপাম । কিন্তু বাহিৰৰ বস্তু বোৰৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিব আৰু এই পোহৰে মগজুক সক্ৰিয় কৰিব । ফলত কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখা পাম ।

প্ৰশ্ন 2. নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখা  বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰ সমূহ বিফল হোৱা বুজায় নেকি ?

উত্তৰ— নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল-

নিয়মিত প্ৰতিফলন বিক্ষিপ্ত প্ৰতিফলন
নিয়মিত প্ৰতিফলন দাপোনৰ দৰে মিহি পৃষ্ঠত হয় বিক্ষিপ্ত প্ৰতিফলন অসমান বা বিষম পৃষ্ঠত হয়
নিয়মিত প্ৰতিফলনত লক্ষ্য বস্তু মাত্ৰ এক নিৰ্দিষ্ট দিশৰ পৰাহে দেখা পোৱা যায় বিক্ষিপ্ত প্ৰতিফলনত যিকোনো দিশৰ পৰা লক্ষ্য বস্তু দেখা পোৱা যায়
নিয়মিত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ সমান্তৰাল হয় বিক্ষিপ্ত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ  অসমান্তৰাল হয়

বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰ সমূহ বিফল হোৱা নুবুজায় । প্ৰতিফলক পৃষ্ঠৰ অসমতাৰ বাবেহে অনিয়মিত প্ৰতিফলন ঘটে ৷

প্ৰশ্ন 3. তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মিগুচ্ছ আপতিত হ’লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা  তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা 

(a)  চিকচিকিয়া কাঠৰ টেবুল ৷

উত্তৰ— চিকচিকিয়া কাঠৰ টেবুলৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । কাৰণ চিকচিকিয়া কাঠৰ টেবুল খনৰ পৃষ্ঠই সমমিত মিহি পৃষ্ঠৰ কাম কৰে ।

(b)  চক্ পাউদাৰ।

উত্তৰ— চক্ পাউদাৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ চক্ পাউদাৰ সমূহ লগলাগি এখন মিহি পৃষ্ঠৰ সৃষ্টি কৰিব নোৱাৰে ।

(c)  ডাঠ কাগজৰ পৃষ্ঠ।

উত্তৰ— ডাঠ কাগজৰ পৃষ্ঠ অসমান । গতিকে ইয়াৰ পিঠিৰ পৰা বিক্ষিপ্ত প্ৰতিফলন ঘটিব ।

(d)  তিতি থকা মাৰ্বলৰ মজিয়া।

উত্তৰ—  তিতি থকা মাৰ্বলৰ মজিয়াৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । মাৰ্বলৰ পৃষ্ঠ এনেয়ে নিমজ । তাৰোপৰি তিতি থাকিলে তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰবোৰত পানী সোমাই পৃষ্ঠখন অধিক সমতল হ’ব ।

(e)  দাপোন।

উত্তৰ— দাপোনৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । কাৰণ দাপোন হ’ল অতি নিমজ সমতল পৃষ্ঠ ।

(f)  কাগজৰ টুকুৰা।

উত্তৰ— কাগজৰ টুকুৰাৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ই পৃষ্ঠখন মিহি নহয় ।

প্ৰশ্ন 4. প্ৰতিফলনৰ সূত্ৰ সমূহ লিখা।

উত্তৰ— প্ৰতিফলনৰ সূত্ৰ সমূহ হ’ল –

a) আপতন কোন সদায় প্ৰতিফলন কোণৰ সমান ।

b) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে ।

c) আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে ।

প্ৰশ্ন 5. আপতিত ৰশ্মি , প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰ—  এখন বগা কাগজ টেবুলৰ ওপৰত লগাই লোৱা হ’ল।এখন ফণিলৈ ফণিখনৰ মধ্যভাগত এটা সৰু বিন্ধা ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ’ল। ফণি খন কাগজৰ ওপৰত লম্ব ভাবে ৰখা হ’ল।

এফালৰ পৰা ফণিখন খোলা ফালটোত টৰ্চৰ  পোহৰ পেলোৱা হল । ফণিখন আৰু টৰ্চটো সামান্য ইফাল–সিফাল কৰিলে কাগজৰ ওপৰেদি ফণিখনৰ আনটো ফালে পোহৰ ৰশ্মি এধাৰি চকুত পৰিব । ফনিখন আৰু টৰ্চটো স্থিৰ ৰখা হল । পোহৰ ৰশ্মিৰ পথত পটিৰ আকৃতিৰ এখন সমতল দাপোন স্থাপন কৰা হল ।

পোহৰ ৰশ্মি দাপোন খনত খুন্দা খাই আন এটা দিশত প্ৰতিফলিত হৈছে । কোনো পৃষ্ঠত খুন্দা খোৱা ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয় । কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে । গোটেই কাগজ খন এখন টেবুলৰ ওপৰত মেলি দিলে ই এখন সমতল বুজায় । আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই সমতলত থাকে ।

যেতিয়া আমি কাগজ খন ভাঁজ কৰি দিও তেতিয়া আপতিত ৰশ্মি আৰু অভিলম্ব থকা সমতল খনৰ পৰা এখন পৃথক সমতলৰ সৃষ্টি হব । তেনে অৱস্থাত তেওঁ আমি প্ৰতিফলিত ৰশ্মি নেদেখোঁ । ই ইয়াকে সূচায় যে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে । ই প্ৰতিফলনৰ এক সূত্ৰ ।

প্ৰশ্ন 6. খালী ঠাই পূৰ কৰা-

(a) এখন সমতল দাপোনৰ 1 মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা  ______মিটাৰ আঁতৰত থকা যেন লাগে।

উত্তৰ— এখন সমতল দাপোনৰ 1 মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্ব পৰা 2 মিটাৰ আঁতৰত থকা যেন লাগে।

(b) সমতল দাপোনৰ সমুখত যদি  তোমাৰ …………………….. কাণ খন সোঁহাতেৰে স্পৰ্শ কৰা তেন্তে  দাপোনখনত তোমাৰ সোঁ কাণ খন ……………. হাতেৰে স্পৰ্শ কৰা যেন লাগিব ।

উত্তৰ— সমতল দাপোনৰ সমুখত যদি  তোমাৰ বাওঁ কাণ খন সোঁহাতেৰে স্পৰ্শ কৰা তেন্তে  দাপোনখনত তোমাৰ সোঁ কাণ খন বাওঁ হাতেৰে স্পৰ্শ কৰা যেন লাগিব ।

(c) ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ………………………. হ’ব ।

উত্তৰ— ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ডাঙৰ হ’ব ।

(d) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ ………………………. থাকে ।

উত্তৰ— নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ কম থাকে ।

7-8 প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা ৷

7)  আপতন কোণ প্ৰতিফলন কোণৰ সমান ৷

(a)  সদায়                           (b)   কেতিয়াবা

(c)  বিশেষ অৱস্থাত              (d)  কেতিয়াও নহয় ৷

উত্তৰ— (a)  সদায় 

8)  সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্ব,

(a)  অসৎ, দাপোণৰ পিছফালে আৰু বিবৰ্ধিত ৷

(b)  অসৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ

(c)  দাপোণৰ পৃষ্ঠত সৎ আৰু বিবৰ্ধিত ৷

(d)  সৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ৷

উত্তৰ— (b)  অসৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ

প্ৰশ্ন 9)  এটা কেলিড’স্ক’পৰ গঠন বৰ্ণনা কৰা ৷

উত্তৰ— 15 ছে. মি. দীঘল আৰু 4 ছে. মি. বহল আয়তাকাৰ পাতল দাপোনৰ তিনিটা টুকুৰা যোগাৰ কৰি লোৱা হ’ল । দাপোনৰ টুকুৰা তিনিটা এখন প্ৰিজম আকৃতিত সজাই লৈ ডাঠ কাগজৰ চুঙা এটাত আট খুৱাই লগোৱা হ’ল । সোমাজত ফুটা থকা এখন কাৰ্ড বৰ্ডৰ ঢাকণিৰে চুঙা টোৰ এটা মূৰ বন্ধ কৰি দিয়া হ’ল । ফুটাটোৰে চুঙাৰ অন্তৰ্ভাগ চাব পাৰি । ঢাকনি খন মজবুত কৰাৰ বাবে এটা স্বচ্ছ প্লাষ্টিক লগাই লোৱা হ’ল ।

দাপোনৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই দিয়া হ’ল । কাঁচখনৰ ওপৰত কিছুমান সৰু সৰু ৰঙীন কাঁচৰ টুকুৰা ( ৰঙীন খাৰুৰ টুকুৰা ) লগাই, চুঙাটোৰ আনটো মূৰ কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হ’ল । এইটোৱে হ’ল কেলিড’স্ক’প ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 10)  মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা ৷

প্ৰশ্ন 11) মিতালীয়ে ক্ৰিয়াকলাপ 16.8 টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল  তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ  দিলে  শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ— মিতালীয়ে কৰা ক্ৰিয়াকলাপটো লেজাৰ টৰ্চৰ সহায়ত নকৰিবলৈ শিক্ষকে পৰামৰ্শ দিলে । কাৰণ লেজাৰ ৰশ্মি সাধাৰণ পোহৰ ৰশ্মিতকৈ বহুত বেছি শক্তিশালী । লেজাৰ ৰশ্মি চকুৰ মাজেৰে গলে চকুৰ লেন্স বা স্নায়ু কোষ ধ্বংস হৈ যায় । আনকি বেছিকৈ লেজাৰ ৰশ্মি চকুৰ মাজেৰে যাব দিলে অন্ধ হৈ যোৱাৰো সম্ভাৱনা থাকে ।

প্ৰশ্ন 12) তুমি চকুৰ যত্ন কেনেকৈ ল’ব পাৰা বুজাই লিখা 

উত্তৰ— চকুৰ লবলগীয়া যত্ন সমূহ হ’ল-

1) চকুৰ কোনো সমস্যা হ’লে আমি তৎক্ষনাত চকুৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ  ল’ব লাগে আৰু তেখেতে দিয়া পৰামৰ্শসমূহ পালন কৰিব লাগে।

2) অতি কম আৰু অতি বেছি দুয়োবিধ পোহৰেই চকুৰ বাবে অপকাৰী । গতিকে ইয়াৰ পৰা আঁতৰত থাকিব লগে ৷

3) লেতেৰা হাত বা ৰুমালেৰে চকু মোহাৰিব নালাগে ।

4) কিতাপ সদায় চকুৰপৰা স্বাভাৱিক দূৰত্বত ৰাখি পঢ়িব লাগে ।

প্ৰশ্ন 13) প্ৰতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে  90° কোণ কৰিলেআপতন কোণৰ মান কিমান হ’ব ?

উত্তৰ— প্ৰতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে  90° কোণ কৰিলে, আপতন কোণৰ মান 45° হব ।

Class 8 science chapter 16

দিয়া আছে,

<i + <r = 90°

আমি জানো যে <i=<r (যিহেতু, আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান)

গতিকে, 2<i = 90°

<i = 45°

প্ৰশ্ন 14) 40 চে.মিপাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা কিমান  হ’ব 

উত্তৰ— 40 চে.মি. আঁতৰত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা অসংখ্য হ’ব।

প্ৰশ্ন 15) দুখন দাপোন সমকোনত ৰখা হৈছে  চিত্ৰ 16.19  দেখুওৱাৰ দৰে এটা পোহৰ ৰশ্মি তাৰে এখনত 30° কোণত আপতিত  হৈছে  এতিয়া আনখন দাপোনৰ পৰা  প্ৰতিফলিত হোৱা ৰশ্মি আঁকা 

Class 8 science chapter 16

উত্তৰ—

Class 8 science chapter 16

প্ৰশ্ন 16) চিত্ৰ 16.20  দেখুওৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে স্থানত প্ৰজ্ঞান থিয় হৈ আছে  সি দাপোনত নিজকে দেখা পাবনে ? তদুপৰি সি P,Q আৰু R স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দেখা পাবনে ?

Class 8 science chapter 16

উত্তৰ— প্ৰজ্ঞানে দাপোণত নিজকে দেখা নাপায়। প্ৰজ্ঞান যি স্থানত থিয় হৈ আছে তাৰ পৰা P স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাব কিন্তু Q আৰু R স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা নাপায়।

প্ৰশ্ন 17) (a) সমতল দাপোনৰ সমুখত স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা ( চিত্ৰ– 16.21 ) 

Class 8 science chapter 16

উত্তৰ—

Class 8 Science Chapter 16

(b) প্ৰহেলিকাই অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাবনে ?

উত্তৰ— পাব ৷

(c) প্রজ্ঞানে C অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাবনে ?

উত্তৰ— পাব ৷

(d) প্ৰহেলিকাই B স্থানৰ পৰা C স্থানলৈ আহিলে A ৰ প্ৰতিবিম্বৰ অৱস্থান কি হ’ব ?

উত্তৰ— A ৰ প্ৰতিবিম্বৰ অৱস্থানৰ কোনো সলনি নহয়।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close