অণুজীৱ : মিত্ৰ আৰু শত্ৰু Class 8 Science Chapter 2

SCERT Assam class 8 Science Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু (Microorganisms : Friend And Foe) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 2 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 2

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam অণুজীৱ : মিত্ৰ আৰু শত্ৰু class 8 Science chapter 2 free notes. You can also download SCERT class 8 science chapter 2 PDF version for free.

অণুজীৱ : মিত্ৰ আৰু শত্ৰু

অধ্যায় ২

অনুশীলনী (Exercises) :

প্ৰশ্ন 1)  খালী ঠাই পূৰ কৰা ৷

(a) অণুজীৱবোৰ ————— সহায়ত দেখা পোৱা যায় ৷

উত্তৰ— অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় ৷

(b) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটিয়াকৈ ————– গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ৷

উত্তৰ— নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটিয়াকৈ নাইট্ৰ’জেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ৷

(c) ————– ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ৷

উত্তৰ— ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ৷

(d) ————– ৰ দ্বাৰা কলেৰা হয় ৷

উত্তৰ— বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয় ৷

প্ৰশ্ন 2) শুদ্ধ উত্তৰত ‘ √ ‘ দিয়া ৷

(a) চেনি/ সুৰা/ হাইড্ৰ’ক্লৰিক এছিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ৷

উত্তৰ— সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ৷

(b) ছডিয়াম বাইকাৰ্বনেট/ ষ্ট্ৰেপ্ট‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক ।

উত্তৰ— ষ্ট্ৰেপ্ট‘মাইছিন এবিধ এণ্টিবায়‘টিক ।

(c) মাইকী এন‘ফিলিছ মহ/ পঁইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ’ৱাৰ বাহক ।

উত্তৰ— মাইকী এন‘ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জৱাৰ বাহক ।

(d) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।

উত্তৰ— মাখি সংক্ৰামক ৰোগৰ বাহক ।

(e) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

উত্তৰ— ইষ্ট কোষৰ বৃদ্ধি বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

(f) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰমণ বোলা হয় ।

উত্তৰ— শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।

প্ৰশ্ন 3) ‘A’ অংশত থকা অণুজীৱবোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা ৷

A B
(i) বেক্টেৰিয়া (a) নাইট্ৰ’জেন যৌগিকৰণ
(ii) ৰাইয’বিয়াম (b) দৈ প্ৰস্তুত কৰাত
(iii) লেক্ট’বেছিলাছ (c) পাউৰুটিৰ প্ৰস্তুত কৰণত
(iv) ইষ্ট (d) মেলেৰিয়া ৰোগ সৃষ্টিত
(v) প্ৰট’জ’ৱা (e) কলেৰা ৰোগ সৃষ্টিত
(vi) ভাইৰাছ (f) এইডছ ৰোগ সৃষ্টিত
(g) এন্টিবডি প্ৰস্তুত কৰাত

উত্তৰ—

A B
(i) বেক্টেৰিয়া (e) কলেৰা ৰোগ সৃষ্টিত
(ii) ৰাইয’বিয়াম (a) নাইট্ৰ’জেন যৌগিকৰণ
(iii) লেক্ট’বেছিলাছ (b) দৈ প্ৰস্তুত কৰাত
(iv) ইষ্ট (c) পাউৰুটিৰ প্ৰস্তুত কৰণত
(v) প্ৰট’জ’ৱা (d) মেলেৰিয়া ৰোগ সৃষ্টিত
(vi) ভাইৰাছ (f) এইডছ ৰোগ সৃষ্টিত

প্ৰশ্ন 4) অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?

উত্তৰ— অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায় । সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পাব পাৰি ।

প্ৰশ্ন 5) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ— অণুজীৱৰ ডাঙৰ ভাগবোৰ হল – বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ, প্ৰট’জ’ৱা, শেলাই আদি ।

প্ৰশ্ন 6) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ‘জেন যৌগীকৰন কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা ।

উত্তৰ— ৰাইজ’বিয়াম আৰু নীল সেউজ শেলাই ৷

প্ৰশ্ন 7) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ।

উত্তৰ— আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বোৰ হ’ল-

1. দৈ, কেক, চিজ আদি প্ৰস্তুত কৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।

2. বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়’টিক প্ৰস্তুতকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয় ৷

3. কলেৰা, যক্ষ্মা, হেপাটাইটিছ, বসন্তকে ধৰি বহুতো ৰোগৰ প্ৰতিষেধক ছিটা অণুজীৱৰ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।

4. কিছুমান অণুজীৱই বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে ।

5. বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অণুজীৱই পচন ঘটাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

6. বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ  প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।

7. পৰিৱেশ নিৰ্মলকৰণতো অণুজীৱই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

8. লেক্ট’বেছিলাছ নামৰ অণুজীৱই গাখীৰক দৈত পৰিনত কৰে।

9. বানিজ্যিক ভাৱে সুৰা, ভিনেগাৰ, আচাৰ, পাউৰুটি আদি প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয় ।

10. বিভিন্ন প্ৰতিষেধক ছিটা প্ৰস্তুত কৰিবলৈও অণুজীৱ ব্যৱহাৰ কৰা হয় ৷

প্ৰশ্ন 8) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ— অণুজীৱসমূহ বিভিন্ন ধৰণে অপকাৰী হ’ব পাৰে। কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে ৷ কিছুমান মাৰাত্মক ৰোগ যেনে – যক্ষ্মা, কলেৰা, টায়ফয়েড, নিউম’নিয়া আদি অণুজীৱই সৃষ্টি কৰে । আকৌ কিছুমান অণুজীৱই খাদ্যবস্তু বস্ত্ৰ আৰু চামৰা নষ্ট কৰে ৷ ইয়াৰ উপৰি অনুজীৱ বোৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ – গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 ববায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 9) এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰ— এন্টিবায়’টিক হ’ল অণুজীৱৰ পৰা তৈয়াৰ কৰা একপ্ৰকাৰৰ ঔষধ যিবোৰে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰি বা সিঁহতৰ বৃদ্ধিত বাধা জন্মাই ৰোগ নিবাৰণ কৰাত সহায় কৰে।

এণ্টিবায়’টিক সদায় এজন অৰ্হতাসম্পন্ন ডাক্টৰৰ পৰামৰ্শমতেহে গ্ৰহণ কৰিব লাগে ৷ লগতে ডাক্টৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে । যধে-মধে আৰু অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়’টিক খাই থাকিলে শৰীৰত থকা উপকাৰী অঞুজীৱবোৰৰ মৃত্যু ঘটিব পাৰে ৷

Class 8 science chapter 2

তোমালোকে কি শিকিলা (What you have learnt)

  • অণুজীৱবোৰ অতি ক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় ৷
  • ইহঁতে বৰফাবৃত অতি শীতল অঞ্চলৰ পৰা গৰম পানীৰ উহলৈ আৰু মৰুভূমিৰ পৰা আদ্ৰভূমিলৈ সকলো ধৰণৰ পৰিৱেশত থাকিব পাৰে ৷
  • অণুজীৱবোৰক বায়ু, পানীৰ লগতে, উদ্ভিদ আৰু প্ৰাণীৰ দেহতো পোৱা যায় ৷
  • ইহঁত এককোষী বা বহুকোষী হ’ব পাৰে ৷
  • বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই অণুজীৱৰ অন্তৰ্গত ৷ যদিও ভাইৰাছ উপৰোক্ত জীৱিত পদাৰ্থবোৰতকৈ বেলেগ তথাপি ইহঁতকো অণুজীৱ বুলি ধৰা হয় ৷
  • ভাইৰাছ আন অণুজীৱতকৈ বহুত বেলেগ ৷ ইহঁতে কেৱল পোষক জীৱ অৰ্থাৎ বেক্টেৰিয়া, উদ্ভিদ আৰু প্ৰাণীকোষৰ ভিতৰতহে বংশ বৃদ্ধি কৰিব পাৰে ৷
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close