বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া Class 8 Science Chapter 14

SCERT Assam class 8 Science Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া (Chemical Effects of Electric Current) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 14 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 14

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া class 8 Science chapter 14 free notes. You can also download SCERT class 8 science chapter 14 PDF version for free.

বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

অধ্যায় ১৪

অনুশীলনী (Exercises) :

প্ৰশ্ন 1. খালী ঠাই পূৰ কৰা ৷

(a) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই …………………….., …………………………,  ………………………… ৰ দ্ৰৱ ।

উত্তৰ— বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই এছিড, ক্ষাৰক, লৱণৰ দ্ৰৱ ।

(b) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ………………………. ক্ৰিয়াৰ সৃষ্টি কৰে ।

উত্তৰ— দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে ।

(c) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ………………………. মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ  পৰিব ।

উত্তৰ— কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ।

(d) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ………………………. বোলে।

উত্তৰ— বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক বিদ্যুৎ লেপন বোলে।

প্ৰশ্ন 2. যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপন দেখুৱায়। তুমি কাৰণটো বাখ্যা কৰিব পাৰিবানে ?

উত্তৰ— যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত সুমুৱাই দিয়া হয়, তেতিয়া ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হ’লে বিদ্যুৎ চালিত হয় । ফলত তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।

প্ৰশ্ন 3. তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ 14.9 ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে ।Class 8 science chapter 14

উত্তৰ— হাইড্ৰ’ক্লৰিক এছিড, কপাৰ ছালফেট দ্ৰৱ আৰু ছডিয়াম ক্লৰাইড দ্ৰৱ (নিমখ পানী) ।

প্ৰশ্ন 4. চিত্ৰ 14.10 ত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ বাখ্যা কৰিবা।

Class 8 science chapter 14

উত্তৰ— বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল-

(a) বৰ্তনীৰ সংযোগ ভালকৈ নহ’ব পাৰে অৰ্থাৎ ঢিলা হব পাৰে ।

(b) বাল্বটো বেয়া হ’ব পাৰে ।

(c) বেটাৰিটো বেয়া হ’ব পাৰে ।

(d) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে ।

প্ৰশ্ন 5. A আৰু B বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ’ল  যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ । তুমি সিদ্ধান্ত ল’বা যে –

(a) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

(b) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী।

(c) দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিবাহী।

(d) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি।

উত্তৰ— (a) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

প্ৰশ্ন 6. বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিৱহণ কৰেনে? যদি নকৰে, ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?

উত্তৰ— বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে । ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ মিহলাব লাগিব ।

প্ৰশ্ন 7. অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানী নল খোলাৰ আগতে সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে বাখ্যা কৰা।

উত্তৰ— অগ্নিনিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় । ইয়াত লৱণ মিশ্ৰিত হৈ থাকে । সেইবাবে এই পানী বিদ্যুতৰ সুপৰিবাহী ৷ এই কাৰণতে অগ্নিনিৰ্বাপক জোৱানসকলে অগ্নিকাণ্ডৰ সময়ত পানী নল খুলি দিয়াৰ আগতেই সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে যাতে অগ্নিকাণ্ডত ব্যৱহাৰ কৰা পানীৰ মাজেৰে বিদ্যুৎ চলাচল কৰি গোটেই অঞ্চলটোত বিদ্যুৎ বিয়পি পৰিব আৰু দুৰ্ঘটনা ঘটিব নোৱাৰে।

প্ৰশ্ন 8. উপকূলীয় অঞ্চলত (Coastal region) থকা শিশু এটায়ে তেওঁৰ টেষ্টাৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেঁও দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন (Deflection) হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ— খোৱা পানীতকৈ সাগৰৰ পানীত লৱণৰ পৰিমাণ বেছি । গতিকে খোৱা পানীৰ তুলনাত সাগৰৰ পানী বেছি বিদ্যুৎ পৰিবাহী হয় । সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয় ।

প্ৰশ্ন 9. ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী (Electrician) এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ (Safe) নে ? ব্যাখ্যা কৰা 

উত্তৰ— ধাৰাষাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো মুঠেই নিৰাপদ নহয়।কাৰণ বৰষুণৰ পানী বিশুদ্ধ নহয় আৰু ই বিদ্যুতৰ সুপৰিবাহী। বৰষুণৰ সময়ত ঘৰৰ বাহিৰত বিদ্যুতৰ কাম কৰিলে পানীৰ মাজেৰে বিদ্যুৎ চালিত হৈ দুৰ্ঘটনা হ’ব পাৰে।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 10. প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভালগতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে  তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে  কাৰণবোৰ (Reasons) কি কি হ’ব পাৰে ?

উত্তৰ— বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত দ্ৰৱীভূত এচিড আৰু লৱণ থাকে। গতিকে ই বিদ্যুৎ পৰিবাহী হয় । গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব ।

প্ৰশ্ন 11. তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট (Electroplated) বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ— বাথৰুম, পাকঘৰ আদিৰ নলবোৰ, ঘৰৰ চালৰ টিন পাত, গেছ বাৰ্ণাৰ, তলা-ছাবি, দৰ্জা, খিৰিকিৰ হেণ্ডেল ৷

প্ৰশ্ন 12. ক্ৰিয়াকলাপ 14.7  তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় বিশুদ্ধ তাম(Pure Copper)ৰ মিহি পাত এখন  আৰু  অশোধিত তাম(Impure Copper)ৰ শকত  দণ্ড  এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয়  অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে বেটাৰিৰ ধনাত্মক মেৰু(Positive terminal)ত কোন ডাল  তড়িৎদ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?

উত্তৰ— বেটাৰীৰ ধনাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ দণ্ড আৰু ঋণাত্মক মেৰুৰ লগত বিশুদ্ধ তামৰ পাতল পাত এখন সংযোগ কৰিব লাগিব। কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে কপাৰ ছালফেট, কপাৰ আৰু ছালফেটলৈ বিয়োজিত হ’ব ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close