কয়লা আৰু পেট্ৰ’লিয়াম Class 8 Science Chapter 5

SCERT Assam class 8 Science Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম (Coal and Petrolium) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 5 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Science Chapter 5

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam কয়লা আৰু পেট্ৰ’লিয়াম class 8 Science chapter 5 free notes. You can also download SCERT class 8 science chapter 5 PDF version for free.

কয়লা আৰু পেট্ৰ’লিয়াম

অধ্যায় 5

অনুশীলনী (Exercises) :

প্ৰশ্ন 1) চি. এন. জি (CNG) আৰু এল. পি. জি (LPG)ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি ?

উত্তৰ— চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ হল –

ক) চি. এন. জি. আৰু এল. পি. জি. ৰ দহনত অবশিষ্ট নৰয় ।

খ) চি. এন. জি. আৰু এল. পি. জি. দহন কৰিলে ধোৱা নিৰ্গত নহয় ৷

গ) চি. এন. জি. আৰু এল. পি. জি. দুয়োকে পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷

ঘ) চি. এন. জি. আৰু এল. পি. জি. ক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ভৰাই কঢ়িযাব পৰা যায় ।

প্ৰশ্ন 2. ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম কি ?

উত্তৰ— ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম বিটুমেন ৷

প্ৰশ্ন 3. মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা ৷ এই প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰ— প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল ৷ বানপানীৰ নিছিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিত তলত পোট খাই গৈছিল ৷ তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সঙ্কুচিত হৈ গৈছিল ৷ এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল এইবোৰৰ উষ্ণতাও বাঢ়িছিল ৷ উচ্চ চাপ আৰু উচ্চ উষ্ণাতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল ৷

মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটোৰ নাম হৈছে অংগাৰীকৰণ (Carbonisation) ৷

প্ৰশ্ন 4. খালী ঠাই পূৰ কৰা ৷

(a) ________, ________ আৰু ________ হৈছে জীৱাশ্ম ইন্ধন ৷

উত্তৰ— কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন ৷

(b) পেট্ৰ’লিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ________ বোলা হয় ৷

উত্তৰ— পেট্ৰ’লিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয় ৷

(c) আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ’ল ________ ৷

উত্তৰ— আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ’ল চি. এন. জি

প্ৰশ্ন 5. তলত দিয়া উক্তিসমূহত শুদ্ধ (শু)/ অশুদ্ধ (অ) চিহ্নিত কৰা ৷

(a)  পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি ৷                                  ( )

উত্তৰ— অশুদ্ধ ৷

(b)  পেট্ৰ’লতকৈ চি. এন. জি বেছি প্ৰদূষক ইন্ধন ৷                                       ( )

উত্তৰ— অশুদ্ধ ৷

(c)  ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ৷                                                  ( )

উত্তৰ— শুদ্ধ ৷

(d)  আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰন ৷                                  ( )

উত্তৰ— শুদ্ধ ৷

(e)  কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ৷                                                          ( )

উত্তৰ— অশুদ্ধ ৷

প্ৰশ্ন 6. জীৱাশ্ম ইন্ধনসমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ৷

উত্তৰ— জীৱাশ্ম ইন্ধনসমূহ নি:শেষীয় প্ৰাকৃতিক সম্পদ কাৰণ প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত ৷ মানুহে ইয়াক অধিক হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নি:শেষ হৈ যাব ।

প্ৰশ্ন 7. ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা ৷

উত্তৰ— ক’কৰ বৈশিষ্ট্য সমূহ হ’ল –

১) ক’ক এবিধ কঠিন পদাৰ্থ ৷

২) ই এবিধ ছিদ্ৰ যুক্ত লা পদাৰ্থ ।

৩) ক’কৰ বৰণ ক’লা ৷

৪) ক’ক কাৰ্বনৰ বিশুদ্ধ ৰূপ ।

৫) ক’কৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় ।

ব্যৱহাৰ :- ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ – গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 ববায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 8. কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ৷

উত্তৰ— সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছিল ৷ এই জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল ৷ কালক্ৰমত, বহু লিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে ৷

প্ৰশ্ন 9. তলৰ তালিকাত ভাৰতত 1991-1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ৷ এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা ৷ লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ Y-অক্ষত আৰু বছৰ X-অক্ষত লোৱা ৷

ক্ৰমিক সংখ্যা বছৰ নাটনি(%)
1 1991 7.9
2 1992 7.8
3 1993 8.3
4 1994 7.4
5 1995 7.1
6 1996 9.2
7 1997 11.5

উত্তৰ—

class 8 science chapter 5

অতিৰিক্ত প্রশ্নোত্তৰ

প্ৰশ্ন 1. প্ৰাকৃতিক সম্পদসমূহক কেই ভাগত ভাগ কৰিব পাৰি আৰু কি কি ? বহলাই লিখা ৷

প্ৰাকৃতিক সম্পদসমূহক 2 ভাগত ভাগ কৰিব পাৰি- ক) অনিঃশেষীয় প্ৰাকৃতিক সম্পদ  খ) নিঃশেষীয় প্ৰাকৃতিক সম্পদ

ক) অনিঃশেষীয় প্ৰাকৃতিক সম্পদ- প্রকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্রিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম। যেনেঃ সূৰ্যৰ ৰশ্মি, বায়ু ৷

খ) নিঃশেষীয় প্ৰাকৃতিক সম্পদ- প্রকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত। মানুহৰ ক্রিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে। এনে সম্পদসমূহৰ উদাহৰণ হ’ল অৰণ্য, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ ইত্যাদি।

তোমালোকে কি শিকিলা (What you have learnt)

কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ জীৱাশ্ম ইন্ধন ৷

বহু নিযুত বছৰৰ আগেয়ে মৃত জীৱদেহবোৰৰ পৰা জীৱাশ্ম ইন্ধনসমূহৰ সৃষ্টি হৈছিল ৷

জীৱাশ্ম ইন্ধনসমূহ সসীম সম্পদ ৷

ক’ক, আলকতৰা আৰু কয়লা-গেছ কয়লাৰ পৰা উৎপাদিত পদাৰ্থ ৷

পেট্ৰ’লিয়াম শোধন কৰি পেট্ৰ’লিয়াম গেছ, পেট্ৰ’ল, ডিজেল কেৰাচিন পেৰাফিন মমপিছল কৰা তেল আহৰণ কৰা হয় ৷

কয়লা আৰু পেট্ৰ’লিয়ামৰ উৎসসমূহ সীমিত ৷ এইবোৰ আমি বিবেচনা কৰি ব্যৱহাৰ কৰা উচিত ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close