তৰা আৰু সৌৰজগত Class 8 Science Chapter 17

SCERT Assam class 8 Science Chapter 17 তৰা আৰু সৌৰজগত (Stars and The Solar System) free study material and class notes available here for free. So, if you are looking for class 8 Science chapter 17 text book questions-answers (অষ্টম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

SCERT Class 8 Science Chapter 17

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam তৰা আৰু সৌৰজগত class 8 Science chapter 17 free notes. You can also download SCERT class 8 science chapter 17 PDF version for free.

তৰা আৰু সৌৰজগত

অধ্যায় ১৭

অনুশীলনী (Exercises) :

 তলত প্ৰশ্ন নং 1-3 ত শুদ্ধ উত্তৰ বাছি উলিওৱা ৷

প্ৰশ্ন 1. তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?

(a)  গ্ৰহাণুপুঞ্জ (Asteroid),

(b)  উপগ্ৰহ (Satellite),

(c)  তাৰকাপুঞ্জ (Constellation),

(d)  ধুমকেতু (Comet)

উত্তৰ— (c)  তাৰকাপুঞ্জ

প্ৰশ্ন 2. তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় ?

(a)  লুব্ধক (Sirious)

(b)  বুধ (Mercury)

(c)  শনি (Saturn)

(d)  পৃথিৱী (Earth)

উত্তৰ— (a)  লুব্ধক

প্ৰশ্ন 3. চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ

(a)  আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ

(b)  চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে

(c)  পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে

(d)  চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়

উত্তৰ— (a)  আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ

প্ৰশ্ন 4. খালী ঠাই পূৰ কৰা ৷

(a)  সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটো হ’ল _______ ৷

উত্তৰ— সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটো হ’ল নেপচুন ৷

(b)  ৰঙা ৰঙৰ গ্ৰহটো হ’ল ________ ৷

উত্তৰ— ৰঙা ৰঙৰ গ্ৰহটো হ’ল মংগল

(c)  আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক _______ বোলে ৷

উত্তৰ— আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুঞ্জ বোলে ৷

(d)  গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ________ বোলে ৷

উত্তৰ— গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে ৷

(e)  পপীয়া তৰাবোৰ প্ৰকৃততে _______ নহয় ৷

উত্তৰ— পপীয়া তৰাবোৰ প্ৰকৃততে তৰা নহয় ৷

(f)  ________ আৰু _________ ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় ৷

উত্তৰ— মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় ৷

প্ৰশ্ন 5. তলৰ বাক্যসমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা ৷

(a)  ধ্ৰুৱ তৰা (Pole Star) সৌৰজগতৰ সদস্য ৷                         (  )

উত্তৰ—

(b)  বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ ৷                                              (  )

উত্তৰ—

(c)  ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ ৷                  (  )

উত্তৰ—

(d)  ইনছেট এটা কৃত্ৰিম উপগ্ৰহ ৷                                                  (  )

উত্তৰ—

(e)  সৌৰজগতত নটা গ্ৰহ আছে ৷                                                 (  )

উত্তৰ—

(f)  কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায় ৷              (  )

উত্তৰ—

প্ৰশ্ন 5. ‘A’ স্তম্ভৰ পদসমূহৰ সৈতে ‘B’ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা ৷

A B
(i) অন্ত:গ্ৰহ (a) শনি
(ii) বহি:গ্ৰহ (b) ধ্ৰুৱতৰা
(iii) তাৰকাপুঞ্জ (c) সপ্তৰ্ষিমণ্ডল
(iv) পৃথিৱীৰ উপগ্ৰহ (d) চন্দ্ৰ
  (e) পৃথিৱী
  (f) কালপুৰুষ
  (g) মংগল

উত্তৰ—

A B
(i) অন্ত:গ্ৰহ (e) পৃথিৱী, (g) মংগল
(ii) বহি:গ্ৰহ (a) শনি
(iii) তাৰকাপুঞ্জ (c) সপ্তৰ্ষিমণ্ডল, (f) কালপুৰুষ
(iv) পৃথিৱীৰ উপগ্ৰহ (d) চন্দ্ৰ

প্ৰশ্ন 7. সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা ?

উত্তৰ— সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম ।

প্ৰশ্ন 8. সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা ৷

উত্তৰ— সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম হ’ল– বৃহস্পতি ।

প্ৰশ্ন 9. তাৰকাপুঞ্জ মানে কি ? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা ৷

উত্তৰ— যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰ তৰাৰ থুপক তাৰকাপুঞ্জ বোলে ।

দুটা তাৰকাপুঞ্জৰ নাম হ’ল– সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ ।

প্ৰশ্ন 10. (a) সপ্তৰ্ষি মণ্ডল আৰু (b) কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা ৷

প্ৰশ্ন 11. গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা ৷

উত্তৰ— ধূমকেতু আৰু গ্ৰহানুপঞ্জ ।

প্ৰশ্ন 12. সপ্তৰ্ষি মণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা ৷

উত্তৰ— সপ্তৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱ তৰা চিনাক্ত কৰিবলৈ সহজ । সপ্তৰ্ষিমণ্ডলৰ তৰা বোৰে এটা প্ৰশ্ন বোধক চিহ্নৰ দৰে আকৃতিত থাকে । প্ৰশ্ন বোধক চিনটোৰ শেষৰ দুটা তৰাৰ মাজেৰে এডাল কাল্পনিক ৰেখা কল্পনা কৰি তৰা দুটা মাজৰ ব্যৱধানৰ প্ৰায় পাঁচগুণ দূৰত্বত যদি উত্তৰ দিশলৈ বঢ়াই দিয়া যায়, তেতিয়া ই আন এটা তৰাক স্পৰ্শ কৰিব, যিটো বেছি উজ্জ্বল নহয় ।এই তৰাটোৱেই ধ্ৰুৱ তৰা । ধ্ৰুৱ তৰাই হল পৃথিৱীৰ উত্তৰ মেৰু । ইয়াৰ অৱস্থান সলনি নহয় ।

Sl. No. Contents ( Class 8 science )
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা
Chapter 2 অণুজীৱ : মিত্ৰ আৰু শত্ৰু
Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
Chapter 4 পদাৰ্থ : ধাতু আৰু অধাতু
Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম
Chapter 6 দহন আৰু শিখা
Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 8 কোষ-গঠন আৰু কাৰ্য
Chapter 9 প্ৰাণীৰ প্ৰজনন
Chapter 10 কৈশোৰ প্ৰাপ্তি
Chapter 11 বল আৰু চাপ
Chapter 12 ঘৰ্ষণ
Chapter 13 শব্দ
Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা
Chapter 16 পোহৰ
Chapter 17 তৰা আৰু সৌৰজগত
Chapter 18 বায়ু আৰু প্ৰানীৰ পদূষণ

প্ৰশ্ন 13. আকাশত সকলো তৰাই গতি কৰেনে ? ব্যাখ্যা কৰা ৷

উত্তৰ— আকাশত সকলো তৰাই গতি নকৰে । কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । ইয়াৰ কাৰণ হ’ল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে । সেয়ে ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । কিন্তু কিছুমান তৰা (যেনে ধ্ৰুৱ তৰা)ক সদায়েই স্থিৰ দেখা যায় । কাৰণ ধ্ৰুৱ তৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষ ৰেখাৰ ওপৰতে আছে ।

প্ৰশ্ন 14. তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয় ? ‘পৃথৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোকবৰ্ষ’ এই উক্তিয়ে কি বুজায় ?

উত্তৰ— তৰাবোৰৰ মাজৰ দূৰত্ব অতি বেছি । ইয়াক সাধাৰণ একক (কি. মি.) ত প্ৰকাশ কৰিলে  সংখ্যাটো বহুত ডাঙৰ হয়গৈ, যিটো পঢ়িবলৈ আৰু মনত ৰাখিবলৈ যথেষ্ট অসুবিধা । উদাহৰণস্বৰূপে– আমাৰ ওচৰেত থকা আলফা ছেন্টাউৰিৰ দূৰত্ব হ’ল ৪০,০০০,০০০,০০০,০০০ কি. মি. । এই অসুবিধাসমূহ আঁতৰ কৰিবলৈ তৰাৰ মাজৰ দূৰত্বক আলোক বৰ্ষ নামৰ আন এটা এককত প্ৰকাশ কৰা হয় ৷ 

‘পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোক বৰ্ষ’, ইয়াৰ অৰ্থ হ’ল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ আঠ বছৰ সময় লাগে ।

প্ৰশ্ন 15.  বৃহস্পতিৰ ব্যাস্যাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ ৷ বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা ৷ বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব ?

Solution

Class 8 science chapter 17

প্ৰশ্ন 16. প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল ৷ ছবিখন শুদ্ধনে ? যদি নহয়, শুদ্ধ কৰা ৷

উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close