(Bihu related question answers) আজিৰ এই ব্লগটোত আমি মঞ্চ বিহুত নাচনীক সোধা কেইটামান প্ৰশ্ন সংগ্ৰহ কৰি আমাৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়াইছো। আশাকৰো বিহু সম্পৰ্কীয় এই প্ৰশ্নোত্তৰখিনিয়ে নতুনকৈ উঠি অহা নাচনীসমূহক যথেষ্ট পৰিমানে সহায় কৰিব।
মঞ্চ বিহুত নাচনীক সোধা কেইটামান প্ৰশ্ন
Question 1: পেপাঁৰ যি অংশ মুখতলৈ বজোৱা হয়, সেই অংশটোৰ নাম কি?
Answer— চুপহি ।
Question 2: মহৰ শিঙৰ পেপাঁ কেই প্ৰকাৰৰ আৰু কি কি?
Answer— মহৰ শিঙৰ পেপাঁ দুই প্ৰকাৰৰ। গুটীয়া পেপাঁ বা গোৱাল পেপাঁ আৰু যুৰীয়া পেপাঁ ।
Question 3: মানুহ বিহুৰ দিনটো নামনী অসমত অন্য এটা নামেৰে জনা যায়। নামটো কি?
Answer— বৰ দোমাহী।
Question 4: মুকলি বিহুৰ প্ৰথম বাদ্য কি?
Answer— হাত চাপৰি ।
Question 5: বিহুৱা ডেকা সকলে বিহু মাৰোতে পিন্ধি লোৱা চোলাটোৰ নাম কি?
Answer— গোমচেং।
Question 6: গগণা কেইপ্ৰকাৰৰ আৰু কি কি?
Answer— গগণা দুই প্ৰকাৰৰ- লাহৰী গগণা আৰু ৰামধন গগণা।
Question 7: বিহুত পুৰুষৰ বাবে “ৰামধন গগণা”, মহিলাৰ বাৱে কি?
Answer— লাহৰী গগণা।
Question 8: বিহুত ব্যৱহৃত মাটিৰে নিৰ্মিত একমাত্ৰ বাদ্যযন্ত্ৰটোৰ নাম কি?
Answer— সুতুলি।
Question 7: সুতুলি কিহেৰে প্ৰস্তুত কৰা হয়?
Answer— সুতুলি কেকোৰা গাতৰ মাটিৰে প্ৰস্তুত কৰা হয়।
Question 8: সুতুলিত কেইটা ফুটা থাকে ?
Answer— উত্তৰ : ৩ টা।
Question 9: গগণাত এবিধ সূতা ব্যৱহাৰ কৰা হয়। কি সূতা বাৰু?
Answer— মূগা সূতা।
Question 10: বহাগ বিহুৰ লগত জড়িত এবিধ জনপ্ৰিয় খেলৰ নাম কোৱা।
Answer— কণীযুজ ।
Question 10: অসমীয়া যুবতী বা মহিলা সকলে বিভিন্ন ধৰনৰ খোপা বান্ধে যদিও, নাচনী সকলে এবিধ বিশেষ খোপা বান্ধে। খোপা বিধৰ নামটো লাগে।
Answer— নেঘেৰি খোপা ।
Question 11: ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয়?
Answer— কঠাল গছৰ পৰা।
Question 12: নদ বা নদীৰ নাম উল্লেখ কৰি এফাকি যোজনা গাব লাগে।
Answer— ৰঙানদী শুকাইছে মাছৰে বেজাৰত,
ব্ৰহ্মপুত্ৰ শুকাইছে কিয়?
মইনো ঐ শুকাইছো তোমাৰে বেজাৰত,
তুমিনো শুকাইছা কিয়?
Question 13: অসমীয়া বিহু নাচক কোনে প্ৰথমে মঞ্চত অৱতীৰ্ণ কৰাইছিল?
Answer— ৰাধাগোবিন্দ বৰুৱাই ।
Question 14: ফুলৰ নামেৰে দুবিধ চৰাইৰ নাম কোৱা।
Answer— কপৌ আৰু কেতেকী ।
Question 15: ঢেঁকীৰ যিকোনো ৪টা অংগৰ নাম কোৱা আৰু এবিধক লৈ এফাকি যোজনা গোৱা।
Answer— ঠোৰা, খুবলী, শলা, ধৰনী জৰী বা সতিনী জৰী।
যোজনা
দিখৌত গুমেগুমায় কোম্পানিৰ জাহাজখন
ঢেঁকীত গুমেগুমায় ঠোৰা
এ দেহা ৰমেৰমায় বুকু চমেচমায়
অ’ গাভৰু হ’বৰে পৰা।
Question 16: বিহুৰ দিনা জেষ্ঠজনক সেৱা কৰিবলৈ ব্যৱহাৰ কৰা গুটিটোৰ নাম কি?
Answer— তামোল।
Question 17: বসন্ত কালত ফুলা দুবিধ ফুলৰ নাম কোৱা আৰু যিকোনো এবিধেৰে এটা যোজনা গোৱা।
Answer— কপৌ ফুল আৰু কেতেকী ফুল।
যোজনা
অ’ নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গোন্ধে পাই মোৰে গাত ততে নাই ঐ
গছকত ভাঙি যাও যঁতৰ।
Question 18: মুখেৰে বুজোৱা বাদ্যবোৰ কি বাদ্যৰ অন্তর্গত?
Answer— সুষিৰ শ্ৰেণীৰ বাদ্যৰ অন্তর্ভুক্ত ।
Question 19: ঢোলত কোনটো চেও বিহুত নবজায়?
Answer— গোসানী চেও।
Question 20: বৰদৈচিলা কি আমি সকলোৱে জানো। এতিয়া প্ৰশ্ন হৈছে, সৰুদৈচিলা কি?
Answer— বৰদৈচিলাৰ দৰে সৰুদৈচিলাও এজাক বতাহ। এই বতাহ জাক ফাগুন মাহত বলে, যাক আমি পচোৱা বতাহ বুলিও কওঁ ।
Question 21: কপৌ ফুলৰ এটা ঔষধি গুণ আছে। গুণটো কি বাৰু?
Answer— কপৌ ফুল খোপাত মাৰিলে মূৰত ওকনি নহয়।
Question 22: এটা সাধাৰন প্ৰশ্ন। বিহুত চেনাইক দিয়া গামোচাখনত ফুল দুইফালে থাকে নে এফালে থাকে?
Answer— এফালে থাকে, যাক আমি বিহুৱান বুলি কওঁ আৰু দুইফালে ফুল থকা গামোচাখনক গোঁসাই গামোচা বুলি কোৱা হয়, যিখন আমি নামঘৰ, মণিকূট আদিত দিওঁ।
Question 23: ঢোলটোৰ কেতিয়া সৃষ্টি হ’ল? আৰু কোনে কৰিছিল?
Answer— আদি সত্যযুগে বাদ্য
ভৈলা উৎপত,
কৈলাশৰ মহাদেৱেই
ঢোলৰ জনক।।
নজনাই বোলে কাঠ
গৰু ছালৰ ভাৰ,
জ্ঞানীগণে বোলে
মালা ৰত্ন সাৰ ।।
যাক বোলে মহাদেৱৰ
কণ্ঠৰ মুণ্ডমালা,
ঢোলবাদ্য আহি ভৈলে
তাৰ এক কলা।।
Question 24: ঢোলৰ পঞ্চশব্দ ( 5 notes) কেইটা ক’ব লাগে।
Answer— ঘেন খিত দাও দেচ ঢোম।
Question 25: বিহুত অসমীয়া গাভৰুৱে ওঠত বুলোৱা ৰং বিধৰ নাম কি?
Answer— বৰহমথুৰি।
Question 26: ঢোলৰ মাৰি ডালৰ আন এটা নাম কি?
Answer— মাহিতা ।
Question 27: কিংখাপ কি?
Answer— কিংখাপ হৈছে সোন আৰু ৰুপৰ গুনা কৰা এবিধ পাটৰ কাপোৰ।
Question 28: ঢোলৰ মাৰিডালৰ বেঁকা অংশটোক কি বোলে?ব
Answer— নাকটি।
Question 29: মাকোৰ ভিতৰত মহুৰা ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা কাঠীটোক কি নামে জনা যায়?
Answer— কিৰিলি মাৰি বা গেৰেলী মাৰি।
Question 30: হালবোৱা জনক হালোৱা বোলে, তেনেকৈ মূগা পালক জনক কি বোলে?
Answer— মূগাচুংগীয়া।
Kindly visit eStudyAssam blog, to read such posts regularly.
(adsbygoogle = window.adsbygoogle || []).push({});