SCERT class 6 Science lesson 15 আমাৰ চাৰিওফালে থকা বায়ু free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class six Science “আমাৰ চাৰিওফালে থকা বায়ু” Lesson 15 free notes.
আমাৰ চাৰিওফালে থকা বায়ু
পাঠ ১৫
অনুশীলনী
প্ৰশ্ন ১। বায়ুৰ উপাদানসমূহ কি?
উত্তৰ— বায়ুৰ উপাদানসমূহ হৈছে- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় ভাপ, অন্য গেছ আৰু ধূলিকণা ।
প্ৰশ্ন ২। বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক?
উত্তৰ— অক্সিজেন গেছ।
প্ৰশ্ন ৩। বায়ুৱে জুই জ্বলোৱাত সহায় কৰে তুমি কেনেকৈ প্ৰমাণ কৰিবা।
উত্তৰ— এডাল জ্বলি থকা মমবাতি লৈ এটা কাঁচৰ জাৰৰ ভিতৰত সুমুৱাই দিয়া হ’ল। কিছু সময়ৰ পাছত দেখা গল যে মমবাতি নুমাই গল । ইয়ে প্ৰমাণ কৰে যে জুই জ্বলিবলৈ বায়ুৰ প্ৰয়োজন হয় । পাত্ৰটো ঢাকি দিয়াৰ পাছত তাৰ ভিতৰত আবদ্ধ হৈ পৰা সীমিত পৰিমাণৰ বায়ুৱে মমবাতিডাল কিছুসময় জ্বলি থকাত সহায় কৰিছিল। সেই আবদ্ধ হৈ পৰা বায়ুখিনি শেষ হোৱাৰ লগে লগে মমবাতি ডালো নুমাই গল।
প্ৰশ্ন ৪। পানীত যে বায়ু দ্ৰবীভূত হৈ আছে তাক কেনেকৈ দেখুৱাবা।
উত্তৰ— এটা কাচৰ পাত্ৰত অলপ পানী লৈ সেই পানীখিনি জুই বা গেছত গৰম কৰা হল। পানীখিনি উতলিবলৈ লওঁতে পাত্ৰটোৰ পৃষ্ঠভাগত অসংখ্য সৰু সৰু বুৰবুৰণি দেখা যাব। এই বুৰবুৰণি পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা ওলাইছে। পানী একেৰাহে গৰম কৰি থাকিলে ই ভাপলৈ পৰিবৰ্তিত হয়। ইয়ে প্ৰমাণ কৰে যে পানীতো বায়ু দ্ৰৱীভূত হৈ থাকে।
প্ৰশ্ন ৫। কপাহৰ জোলা বা থূপ এটা পানীত কিয় কোচ খাই?
উত্তৰ— কপাহৰ জোলা বা থূপ এটাৰ মাজে মাজে থকা খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকে ǀ যেতিয়া কপাহখিনি পানীত তিয়াই দিয়া হয় তেতিয়া তাৰ মাজে মাজে থকা বায়ুপূৰ্ণ ঠাইবোৰত পানী সোমাই পৰে আৰু তাত থকা বায়ুখিনি ওলাই যায় ǀ সেইবাবেই কপাহৰ জোলা বা থূপ এটা পানীত তিয়াই দিলে তাৰ আকাৰ কোচ খাই পৰে ǀ
প্ৰশ্ন ৬। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক — বোলে।
উত্তৰ— ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।
প্ৰশ্ন ৭। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে —।
উত্তৰ— সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে কাৰ্বন ডাই অক্সাইড ।
প্ৰশ্ন ৮। বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা, সম্ভাব্য ৫ টা ক্ৰিয়াকলাপৰ তালিকা কৰা ।
উত্তৰ— ১) বায়ু আছে বাবে আমি কথা ক’লে আনে শুনা পায়।
২) বায়ু আছে বাবে চৰাই উৰিব পাৰে।
৩) বায়ু আছে বাবে বায়ুকল ঘূৰে।
৪) বায়ু আছে বাবে উৰাজাহাজ চলিব পাৰে।
৫) বায়ু আছে বাবে পালতৰা নাও চলিব পাৰে।
প্ৰশ্ন ৯। বায়ুমণ্ডলত গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে?
উত্তৰ— সালোক-সংশ্লেষণৰ জৰিয়তে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু ইয়াৰ লগতে অক্সিজেন গেছ উৎপন্ন হয়। উদ্ভিদে শ্বাস লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে যদিও গ্ৰহণ কৰাতকৈ বেছি উৎপন্ন কৰে। এই অক্সিজেন গেছ প্ৰাণীয়ে শ্বসনকাৰ্যত ব্যৱহাৰ কৰে। ঠিক তেনেদৰে উদ্ভিদে সালোক সংশ্লেষণ কাৰ্য সংঘটিত কৰিবলৈ প্ৰাণীয়ে প্ৰশ্বাসৰ জৰিয়তে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। এনেকৈয়ে বায়ুমণ্ডলত গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক সহায় কৰে।
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা (Class 6 Science Lesson 15)
সাৰাংশ
- বায়ু সকলোতে আছে। আমি বায়ু দেখা নাপাওঁ কিন্তু ইয়াক অনুভৱ কৰিব পাৰো।
- গতিশীল বায়ুক বতাহ বোলে।
- বায়ুয়ে ঠাই আগুৰি থাকে।
- পানী আৰু মাটিত বায়ু আছে।
- বায়ু হ’ল নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, জলীয় ভাপ আৰু অন্যান্য কিছুমান গেছৰ মিশ্ৰ।কিছুমান ধূলিকণাও ইয়াৰ লগত থাকিব পাৰে।
- অক্সিজেনে জুই জ্বলাত সহায় কৰে আৰু ই জীৱৰ বাবে আৱশ্যক।
- ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোৱেই হৈছে বায়ুমণ্ডল।
- বায়ুমণ্ডল পৃথিৱীত থকা জীৱৰ বাবে আৱশ্যক।
- জলজ প্ৰাণীয়ে পানীত থকা অক্সিজেন শ্বসনত ব্যৱহাৰ কৰে।
- বায়ুৰ পৰা অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড বিনিময় কৰি প্ৰাণী আৰু উদ্ভিদ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।
মূল শব্দ
বায়ুমণ্ডল | Atmosphere |
কাৰ্বন-ডাই-অক্সাইড | Carbon dioxide |
বায়ুৰ সংযুক্তি | Composition of air |
অক্সিজেন | Oxygen |
নাইট্ৰ’জেন | Nitrogen |
ধোঁৱা | Smoke |
বায়ুকল | Windmill |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন ক) বায়ুত সৰ্বাধিক মাত্ৰাত থকা গেছ কেইটা কি কি?
উত্তৰ— বায়ুত সৰ্বাধিক মাত্ৰাত থকা গেছ কেইটা হৈছে অক্সিজেন আৰু নাইট্ৰ’জেন এই দুটা গেছ লাগি বায়ুৰ ৯৯% ভাগ গঠিত।
(adsbygoogle = window.adsbygoogle || []).push({});