SCERT class 6 Science Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “গতি আৰু দূৰত্বৰ জোখ-মাখ” Lesson 6 notes.
গতি আৰু দূৰত্বৰ জোখ-মাখ
পাঠ ১০
অনুশীলনী
প্ৰশ্ন ১। মাটি, পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিৱহন ব্যৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া?
উত্তৰ— মাটি- বাছ আৰু ৰেল।
পানী- নাওঁ আৰু জাহাজ।
বায়ু- উৰাজাহাজ আৰু হেলিকপ্তাৰ।
প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা :
(ক) এক মিটাৰ মানে ——— চে.মি.।
উত্তৰ— এক মিটাৰ মানে ১০০ চে.মি.।
(খ) পাঁচ কিলোমিটাৰ মানে ——— মিটাৰ।
উত্তৰ— পাঁচ কিলোমিটাৰ মানে ৫০০০ মিটাৰ।
(গ) দোলনাত শিশু এটাই কৰা গতিটো হৈছে ——— ।
উত্তৰ— দোলনাত শিশু এটাই কৰা গতিটো হৈছে পৰ্যাবৃত্ত গতি ।
(ঘ) চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছৈ ———।
উত্তৰ— চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছৈ পৰ্যাবৃত্ত গতি ।
(ঙ) বাইচাইকেলৰ চকাৰ গতিটো হৈছে ——— ।
উত্তৰ— বাইচাইকেলৰ চকাৰ গতিটো হৈছে বৃত্তীয় গতি।
প্ৰশ্ন ৩। ভৰিৰ খোজ বা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্য়ৰ জোখৰ প্ৰকাশ একক হিচাপে ব্য়ৱহাৰ কৰিব নোৱাৰি ?
উত্তৰ— কাৰন প্ৰত্যেকজন মানুহৰ ভৰিৰ জোখ বা পদচিহ্ন সমান নহয়।
প্ৰশ্ন ৪। বৰ্দ্ধিত ক্ৰমত তলৰ দৈৰ্ঘ্যবোৰ সজোৱা।
১মিটাৰ, ১ চেণ্টিমিটাৰ, ১ কিলোমিটাৰ, ১ মিলিমিটাৰ
উত্তৰ— ১ মিলিমিটাৰ < ১ চেন্টিমিটাৰ < ১ মিটাৰ < ১ কিলোমিটাৰ ।
প্ৰশ্ন ৫। এজন মানুহৰ উচ্চতা ১.৬৫ মিঃ ইয়াক চেঃমিঃ আৰু মিলিমিটাৰত প্ৰকাশ কৰা।
উত্তৰ— আমি জানো যে,
১ মিটাৰ = ১০০ চেঃমিঃ
গতিকে
১.৬৫ মিঃ = ১.৬৫ x ১০০ চেঃমিঃ = ১৬৫ চেঃমিঃ
আকৌ,
১ চেঃমিঃ = ১০ মিঃমিঃ
গতিকে,
১.৬৫ মিটাৰ = ১৬৫ চেঃমিঃ = ১৬৫ x ১০ মিঃমিঃ
প্ৰশ্ন ৬। ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব ৩২৫০ মিঃ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা-
উত্তৰ— আমি জানো যে,
১ কিঃ মিঃ = ১০০০ মিঃ
গতিকে ৩২৫০ / ১০০০ = ৩.২৫০ কিলোমিটাৰ
প্ৰশ্ন ৭। ঊণ গুঁঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলৰডালৰ এটা মূৰৰ মানে ৩.০ চেঃ মিঃ আৰু আনটো মূৰৰ মান ৩৩.১ চেঃমিঃ পোৱা গ’ ল | শলাডালৰ দৈৰ্ঘ্য কিমান |
উত্তৰ— দিয়া আছে ,
শলাডালৰ দৈৰ্ঘ্য জোখা স্কেলডালৰ এটা মূৰৰ মান ৩.০ চেঃমিঃ
আৰু আনটো মূৰৰ মান ৩৩.১ চেঃমিঃ
গতিকে শলাডালৰ দৈৰ্ঘ্য হ’ব = ৩৩.১ চেঃমিঃ – ৩.০ চেঃমিঃ = ৩০.১ চেঃমিঃ
প্ৰশ্ন ৮। চলি গৈ থকা বাইচাইকেল আৰু চুইছ অন কৰা চিলিংফেন এখনৰ গতিৰ সাদৃশ্য আৰু পাৰ্থক্যবোৰ বোৰ লিখা ।
উত্তৰ— সাদৃশ্য : ফেনখন আৰু বাইচাইকেলৰ চকা দুয়োটাই একোডাল নিৰ্দিষ্ট অক্ষত গতি কৰে ।
বৈসাদৃশ্য :- বাইচাইকেলৰ চকা সৰল ৰৈখিকভাৱে আগলৈ গতি কৰে । কিন্তু চিলিংফেনে সৰলৰৈখিক ভাৱে গতি নকৰে ।
প্ৰশ্ন ৯। দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিব নোৱাৰা ? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কওঁতে তুমি কি সমস্যাৰ সন্মুখীন হ’বা ?
উত্তৰ— দূৰত্ব জুখিবলৈ ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিব নোৱাৰো । ইয়াৰ কাৰণ হৈছে-
১) ইলাষ্টিকৰ মাপৰ ব্যৱহাৰ কৰোতে প্ৰয়োগ কৰাৰ ওপৰত নিৰ্ভৰ কৰি মাপক ডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে ।
২) একেজন মানুহে একেডাল প্লাষ্টিকৰ মাপকেৰে কোনো বস্তুৰ দূৰত্ব জোখোতে দুটা অথবা তিনিটা মাপ পোৱা যায় ।
প্ৰশ্ন ১০। পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ— ১) ঘড়ীৰ দোলক।
২) চিলাই মেচিনৰ বেজী।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা
সাৰাংশ
- এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ বিভিন্ন ধৰনৰ পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰা হয়।
- প্ৰাচীন কালত মানুহে ভৰিৰ দৈৰ্ঘ্য, হাতৰ আঙুলিৰ প্ৰস্থ, ভৰিৰ খোজ এটাৰ দৈৰ্ঘ্যক জোখৰ একক হিচাপে ব্যৱহাৰ কৰিছিল। এনেধৰণৰ জোখ-মাখৰ ব্যৱস্থাই খেলিমেলিৰ সৃষ্টি কৰিছিল আৰু সেয়েহে এক মানবিশিষ্ট জোখ-মাখৰ ব্যৱস্থাৰ প্ৰয়োজন হৈছিল।
- বৰ্তমান আমি আন্তৰ্জাতিক একক পদ্ধতি (এছ. আই. একক) ব্যৱহাৰ কৰো । গোটেই পৃথিৱীতেই এই একক গ্ৰহণ কৰা হৈছে।
- এছ. আই. এককত মিটাৰ হৈছে দৈৰ্ঘ্যৰ একক।
- সৰলৰেখাত কৰা গতিক সৰলৰৈখিক গতি বোলা হয়।
- বৃত্তীয় গতিত বস্তু এটাই এনেদৰে গতি কৰে যে নিৰ্দিষ্ট এটা বিন্দুৰ পৰা ইয়াৰ দূৰত্ব সদায় একে থাকে।
- যি গতিয়ে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজেই পুনৰাবৃত্তি কৰে তাক প্ৰৰ্যাবৃত্ত গতি বোলে।
মূলশব্দ
বৃত্তীয় গতি | Circular motion |
দূৰত্ব | Distance |
জোখ-মাখ | Measurement |
গতি | Motion |
পৰ্যাবৃত্ত গতি | Periodic motion |
ৰৈখিক গতি | Rectilinear motion |
এছ আই একক | S.I. Unit |
জোখ মাখৰ একক | Units of measurement |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন (ক) মেট্ৰিক পদ্ধতি কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ— মেট্ৰিক পদ্ধতি ফৰাচীসকলে ১৭৯০ চনত প্ৰৱৰ্তন কৰিছিল।
প্ৰশ্ন (খ) শব্দতকৈও বেগী উৰাজাহাজ বা এৰোপ্লেনক কি বুলি কোৱা হয় ?
উত্তৰ— শব্দতকৈও বেগী উৰাজাহাজক ছুপাৰচনিক এৰোপ্লেন বুলি কোৱা হয়।
(adsbygoogle = window.adsbygoogle || []).push({});