SCERT class 6 Science lesson 14 পানী free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class six Science “পানী” Lesson 14 free notes.
পানী
পাঠ ১৪
অনুশীলনী
প্ৰশ্ন ১। তলত দিয়াবোৰৰ খালী ঠাই পূৰ কৰা :
(ক) পানী ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক ——— বোলে।
উত্তৰ— পানী ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে।
(খ) জলীয়ভাপ পানীলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক ——— বোলে।
উত্তৰ— জলীয়ভাপ পানীলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে।
(গ) এবছৰ বা তাতকৈ বেছিদিন বৰষুণ নহ’লে অঞ্চলটোত ——— হ’ব পাৰে।
উত্তৰ— এবছৰ বা তাতকৈ বেছিদিন বৰষুণ নহ’লে অঞ্চলটোত খৰাং হ’ব পাৰে।
(ঘ) অত্যাধিক বৰষুণে ——— সৃষ্টি কৰিব পাৰে।
উত্তৰ— অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰিব পাৰে।
প্ৰশ্ন ২। তলত দিয়াবোৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হৈছে লিখা :
(ক) ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।
উত্তৰ—ঘনীভৱন।
(খ) তিতা কাপোৰ ইস্ত্ৰী কৰোঁতে ওলোৱা ভাপ।
উত্তৰ— বাস্পীভৱন।
(গ) শীতকালিৰ ৰাতিপুৱা ওলোৱা কুঁৱলী।
উত্তৰ—ঘনীভৱন।
(ঘ) মচাৰ পিছত ব্লেক বোৰ্ড শুকাই যায় ǀ
উত্তৰ— বাস্পীভৱন।
(ঙ) পানী ছটিয়ালে উত্তপ্ত তাৱাৰ পৰা ওলোৱা ভাপ ǀ
উত্তৰ— বাস্পীভৱন।
প্ৰশ্ন ৩। তলৰ কোনবোৰ উক্তি শুদ্ধ ?
(ক) মৌচুমী ঋতুৰ সময়তহে বায়ুত জলীয় ভাপ থাকে।
উত্তৰ— অশুদ্ধ ǀ
(খ) পানী মহাসাগৰৰ , নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয় , কিন্তু মাটিৰ পৰা নহয় ।
উত্তৰ— অশুদ্ধ ǀ
(গ) পানী জলীয় ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে ।
উত্তৰ— শুদ্ধ ǀ
(ঘ) কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয় ।
উত্তৰ— অশুদ্ধ ǀ
(ঙ) বায়ুৰ ওপৰৰ স্তৰত, য’ত ই অধিক চেঁচা তাত জলীয় ভাপ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপোলাৰ সৃষ্টি কৰে ।
উত্তৰ— শুদ্ধ ǀ
প্ৰশ্ন ৪। ধৰা হওক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা । আঙঠাৰ চুলা বা হিটাৰৰ ওপৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে ? যদি কৰে , কেনেকৈ ?
উত্তৰ— আমি জানো যে উষ্ণতা বাঢ়িলে, বাস্পীভৱনৰ পৰিমানো বাঢ়ে। সেয়ে আঙঠাৰ চুলা বা হিটাৰৰ কাষত মেলি দিলে ইউনিফৰ্ম যোৰ সোনকালে শুকাব ।
প্ৰশ্ন ৫। ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰখা । কিছু সময়ৰ পাছত ইয়াৰ চাৰিওফালে কিছুমান পানীৰ টোপোলা তুমি দেখা পাবা । কিয় বাৰু ?
উত্তৰ— বটলটোৰ বাহিৰভাগৰ অতিশয় শীতল হোৱাৰ বাবে বায়ুত থকা পানীৰ কণিকাৰ ঘনীভৱন ঘটে । ফলত বটল টোৰ চাৰিওফালে ঘনীভৱন ঘটা পানীৰ কণিকাবোৰ দেখা পোৱা যায় ।
প্ৰশ্ন ৬। চশমা চাফা কৰোতে মানুহে প্ৰায়েই ইয়াৰ কাঁচখন সেমেকাবলৈ কাঁচৰ ওপৰত নিশাহ এৰি দিয়ে । কাঁচ দুখন কিয় সেমেকি উঠে ব্যাখ্যা কৰা ।
উত্তৰ— নিশাহত আমাৰ শৰীৰত থকা পানীৰ কণিকা বাষ্প আকাৰে ওলাই যায়। । এই বাষ্প কনাবোৰে চশমাৰ কাঁচ দুখন সেমেকাই পেলায় ।
প্ৰশ্ন ৭। ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰ— বায়ু যেতিয়া ওপৰলৈ গৈ থাকে ই ক্ৰমাৎ শীতল হৈ গৈ থাকে। যথেষ্ঠ উচ্চতাত বায়ু ইমান ঠাণ্ডা হৈ পৰে যে ইয়াত থকা জলীয় ভাপখিনি ঘনীভূত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি হয়। এই ক্ষুদ্ৰ টোপালবোৰ বতাহত ভাঁহি থাকে। ইয়াক আমি ডাৱৰ বুলি কও।
প্ৰশ্ন ৮। কেতিয়া খৰাং হয়?
উত্তৰ— কোনো অঞ্চলত যদি এবছৰ বা তাতোধিক সময় ধৰি বৰষুণ নিদিয়ে, সেই অঞ্চলৰ মাটি আৰু জলবায়ু শুকান হৈ পৰে। অঞ্চলটোত বৰষুণ অবিহনে মাটিয়ে অবিৰতভাৱে বাষ্পীভৱন আৰু প্ৰস্বেদনৰ দ্বাৰা পানী হেৰুৱাই থাকে। সেই অঞ্চলৰ নাদ বা পুখুৰীৰ জলস্তৰ তললৈ নামি গৈ থাকে, আনকি সেইবোৰৰ কিছুমান শুকায়ো যায়। ভূ-জলৰ অভাৱ ঘটে। ইয়াৰ ফলত খৰাঙৰ সৃষ্টি হয়।
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা (Class 6 Science Lesson 14)
সাৰাংশ
- জীৱনৰ কাৰনে পানী অপৰিহাৰ্য।
- বাষ্পীভৱন আৰু প্ৰস্বেদনৰ দ্বাৰা জলীয় ভাপ বায়ুত যোগ হয়।
- বায়ুত থকা জলীয় ভাপ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ পানীৰ টোপাল সৃষ্টি কৰে, যিবোৰক ডাৱৰ বা মেঘ হিচাপে দেখা যায়। বহুতো ক্ষুদ্ৰ পানীৰ টোপাল গোট খাই বৰষুণ, বৰফ বা শিলাবৃষ্টি হিচাপে তলত পৰে।
- বৰষুণ, শিলাবৃষ্টি আৰু বৰফে নদী, হ্ৰদ, পুখুৰী, নাদ আৰু মাটিবোৰ পুনৰাই পানীৰে পূৰ্ণ কৰে।
- মহাসাগৰ আৰু মাটিৰ মাজত হোৱা পানীৰ সঞ্চালনক জলচক্ৰ হিচাপে জনা যায়।
- অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰে, আনহাতে বহুদিন ধৰি বৰষুণ নহ’লে খৰাং বতৰৰ সৃষ্টি হয়।
- পৃথিৱীত ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমান সীমিত, গতিকে ইয়াক আমি সাৱধানে ব্যৱহাৰ কৰিব লাগে।
মূল শব্দ
ডাৱৰ বা মেঘ | Clouds |
ঘনীভৱন | Condensation |
খৰাং | Drought |
বাষ্পীভৱন | Evaporation |
বানপানী | Flood |
ভূ-জল | Ground water |
শিলাবৃষ্টি | Hail |
মহাসাগৰ | Ocean |
বৰষুণৰ পানী আহৰণ | Rain water harvesting |
বৰফ | Snow |
জলীয় ভাপ বা পানীৰ ভাপ | Water vapour |
জলচক্ৰ | Water cycle |