SCERT class 6 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ free study materials and all questions-answers available here for free. So, if you are looking for SCERT class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam study materials, we also provide, CBSE, NCERT class notes for free. Now let’s have a look at the SCERT Class 6 Science Lesson 3 notes.
আঁহৰ পৰা কাপোৰলৈ
অধ্যায় ৩
অনুশীলনী
প্ৰশ্ন ১। তলত দিয়া আহঁবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণীবিভাগ কৰা।
নাইলন, ঊল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট।
উত্তৰ— প্ৰাকৃতিক আহঁবোৰ হ’ল ঊল, কপাহী, পাট, মৰাপাট আৰু সাংশ্লেষিক আহঁবোৰ হ’ল নাইলন, পলিয়েষ্টাৰ।
প্ৰশ্ন ২। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা।
(ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয়।
উত্তৰ— শুদ্ধ ।
(খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া।
উত্তৰ— অশুদ্ধ ।
(গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি।
উত্তৰ— অশুদ্ধ ।
(ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয়।
উত্তৰ— শুদ্ধ ।
(ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়।
উত্তৰ— শুদ্ধ ।
(চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়।
উত্তৰ— অশুদ্ধ ।
(ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰাঃ
(ক) উদ্ভিদজাত আঁহ —- আৰু —- ৰ পৰা আহৰণ কৰা হয় ।
উত্তৰ— উদ্ভিদজাত আঁহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয় ।
(খ) প্ৰণীজাত আঁহ হ’ল —- আৰু —- ।
উত্তৰ— প্ৰণীজাত আঁহ হ’ল ঊন আৰু পাট।
প্ৰশ্ন ৪। কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়?
উত্তৰ— কপাহৰ আঁহ কপাহ গছৰ ফলটোৰ পৰা আৰু মৰাপাটৰ আঁহ মৰাপাট গছৰ গা-গছ বা কাণ্ডৰ পৰা আহৰণ কৰা হয়।
প্ৰশ্ন ৫। নাৰিকলৰ আঁহেৰে তৈয়াৰী ২টা সামগ্ৰীৰ নাম উল্লেখ কৰা।
উত্তৰ— ৰছী (ropes) আৰু দলিচা (mats)।
প্ৰশ্ন ৬। আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।
উত্তৰ— আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সূতাবোৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। এই আঁহবোৰ প্ৰাকৃতিক বা সাংশ্লেষিক হয়। কপাহ, ঊণ, মৰাপাট এইবোৰ হৈছে প্ৰাকৃতিক আঁহৰ উদাহৰন । আনহাতে নাইলন, পলিয়েষ্টাৰ আদি হৈছে হৈছে সাংশ্লেষিক আঁহ। কপাহ আৰু মৰাপাটৰ নিচিনা আঁহ উদ্ভিদৰ পৰা আৰু ঊণ প্ৰাণীৰ পৰা আহৰন কৰা হয়। আঁহবোৰ পকাই সূতা প্ৰস্তুত কৰা হয়। আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক সূতাকটা বোলে।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা
মূল শব্দ
কপাহৰ জোলা | Cotton wool |
কাপোৰ | Fabric |
আঁহ | Fibre |
গুঁঠা | Knitting |
সূতাকটা | Spinning |
বোৱা/বয়ন | Weaving |
পকোৱা সূতা | Yarn |
অন্যান্য প্ৰশ্ন (SCERT Class 6 Science Extra Questions)
ক) কপাহ খেতিৰ বাবে কেনেকুৱা মাটি আৰু জলবায়ু উপযোগী?
উত্তৰ— কপাহ খেতিৰ বাবে ক’লা মাটি আৰু গৰম জলবায়ু উপযোগী।
খ) আমাৰ দেশৰ (ভাৰতবৰ্ষৰ) মৰাপাট খেতি কৰা কেইখনমান ৰাজ্যৰ নাম কোৱা।
উত্তৰ— আমাৰ দেশত মৰাপাট খেতি প্ৰধানকৈ পশ্চিমবঙ্গ, বিহাৰ আৰু অসমত কৰা হয়।
গ) আমাৰ দেশৰ (ভাৰতবৰ্ষৰ) কপাহ খেতি কৰা কেইখনমান ৰাজ্যৰ নাম কোৱা।
উত্তৰ— আমাৰ দেশত কপাহ খেতি প্ৰধানকৈ গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু মধ্যপ্ৰদেশত কৰা হয়।
ঘ) প্ৰাচীন কালত মানুহে সাজ-পোচাকৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰিছিল?
উত্তৰ— প্ৰাচীন কালত মানুহে সাজ-পোচাকৰ বাবে গছৰ বাকলি, ডাঙৰ গছৰ পাত আৰু প্ৰাণীৰ ছাল ব্যৱহাৰ কৰিছিল।
(ঙ) দুবিধ কৃত্ৰিম আঁহৰ নাম লিখা।
উত্তৰ— পলিয়েষ্টাৰ, নাইলন।
(চ) দুবিধ প্ৰাকৃতিক আঁহৰ নাম লিখা।
উত্তৰ— ঊণ সূতা আৰু মৰাপাট।
(ছ) সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰাৰ দুটা পদ্ধতিৰ নাম লিখা।
উত্তৰ— বয়ন আৰু গুঁঠা কাৰ্য।
(adsbygoogle = window.adsbygoogle || []).push({});