SCERT class 6 Science Chapter 13 চুম্বকৰ লগত ধেমালি free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “চুম্বকৰ লগত ধেমালি” Lesson 13 notes.
চুম্বকৰ লগত ধেমালি
পাঠ ১৩
অনুশীলনী
প্ৰশ্ন ১। তলৰ খালী ঠাই বোৰ পূৰণ কৰাঃ
(ক) কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয়। যেনে ——— আৰু ——— ǀ
উত্তৰ— কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয়। যেনে দণ্ড চুম্বক আৰু ঘোঁৰানলীয়া চুম্বক ǀ
(খ) চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক ——— বোলা হয়।
উত্তৰ— চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক চুম্বকীয় পদাৰ্থ বোলা হয়।
(গ) কাগজ ——— পদাৰ্থ নহয়।
উত্তৰ— কাগজ চুম্বকীয় পদাৰ্থ নহয়।
(ঘ) আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ এটুকুৰা ——— ওলোমাই থৈছিল।
উত্তৰ— আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ এটুকুৰা চুম্বক ওলোমাই থৈছিল।
(ঙ) চুম্বকৰ সদায় ——— মূৰ থাকে।
উত্তৰ— চুম্বকৰ সদায় দুটা মূৰ থাকে।
প্ৰশ্ন ২। তলৰ উক্তিবোৰ সত্য নে অসত্য-
(ক) চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে।
উত্তৰ— অসত্য ।
(খ) কৃত্ৰিম চুম্বক গ্ৰীচত আৱিষ্কাৰ হৈছিল।
উত্তৰ— অসত্য ।
(গ) চুম্বকৰ একে মূৰ দুটাৰ মাজত বিকৰ্ষণ হয়।
উত্তৰ— সত্য ।
(ঘ) দণ্ড চুম্বক এডাল লোহাৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ ভাগত ইঁহত বেছিকৈ লাগি ধৰে।
উত্তৰ— অসত্য ।
(ঙ) দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ǀ
উত্তৰ— সত্য ।
(চ) যিকোনো ঠাইৰ পূৱ-পশ্চিম দিশ জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়।
উত্তৰ— অসত্য ।
(ছ) ৰবৰ চুম্বকীয় পদাৰ্থ।
উত্তৰ— অসত্য ।
প্ৰশ্ন ৩। পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ দুই মূৰে আকৰ্ষিত হোৱা দেখা যায়, যদিও ই প্লাষ্টিকেৰে তৈয়াৰী। যন্ত্ৰটোৰ কোনো অংশ বনোৱাত ব্যৱহাৰ কৰিব পৰা বস্তুবিধৰ নাম কি ?
উত্তৰ— যদিও যন্ত্ৰটো প্লাষ্টিকেৰে তৈয়াৰী, পেঞ্চিল কটা অংশটোত লোৰ পাতল ব্লেড এখন থাকে। সেয়ে ইয়াক চুম্বকৰ দুই মূৰে আকৰ্ষিত কৰে ।
প্ৰশ্ন ৪। স্তম্ভ ১ ত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ ২ য়ে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে। এতিয়া খালী ঠাইবোৰ পূৰ কৰা।
স্তম্ভ ১ | স্তম্ভ ২ |
উত্তৰ-উত্তৰ | ———— |
উত্তৰ- ——— | আকৰ্ষণ |
দক্ষিণ-উত্তৰ | ———— |
——— -দক্ষিণ | বিকৰ্ষণ |
উত্তৰ—
স্তম্ভ ১ | স্তম্ভ ২ |
উত্তৰ-উত্তৰ | বিকৰ্ষণ |
উত্তৰ-দক্ষিণ | আকৰ্ষণ |
দক্ষিণ-উত্তৰ | আকৰ্ষণ |
দক্ষিণ-দক্ষিণ | বিকৰ্ষণ |
প্ৰশ্ন ৫। চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা।
উত্তৰ— চুম্বকৰ দুটা ধৰ্ম হৈছে-
১) মুক্তভাৱে ওলোমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে।
২) একে মেৰুৰ মাজত আকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত বিকৰ্ষণ হয়।
৩) চুম্বকে সদায় লো জাতীয় পদাৰ্থক আকৰ্ষণ কৰে।
প্ৰশ্ন ৬। দণ্ড চুম্বকৰ মেৰু দুটা ক’ত থাকে ?
উত্তৰ— দণ্ড চুম্বকৰ মেৰু দুটা চুম্বক ডালৰ দুই মূৰত থাকে।
প্ৰশ্ন ৭। দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই। ইয়াৰ উত্তৰ মেৰুটো কোনটো মূৰৰ ওচৰত আছে কেনেকৈ উলিয়াবা ?
উত্তৰ— দণ্ড চুম্বক এডাল মুক্তভাৱে ওলোমাই থৈ দিলে ই সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে। ইয়াৰ যিটো মূৰ ওপৰৰ ফালে থাকে সেইটো উত্তৰ মেৰু আৰু যিটো মূৰ তলৰ ফালে থাকে সেইটোয়েই হৈছে দক্ষিণ মেৰু ।
প্ৰশ্ন ৮। তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে। ইয়াক কেনেকৈ চুম্বকত পৰিণত কৰিবা ?
উত্তৰ— লোহাৰ পাতটুকুৰা এডাল চুম্বকেৰে ৩০-৪০ বাৰ মান ঘঁহাই থকিলে লোহাটকুৰা চুম্বকলৈ পৰিবৰ্তিত হ’ব । এই কাৰ্য কৰোতে আমি মন দিব লাগিব যাতে চুম্বকৰ মেৰু আৰু ঘঁহাই নিয়া দিশ কেতিয়াও সলনি নহয়। লোহাটকুৰা চুম্বকলৈ পৰিবৰ্তিত হৈছেনে নাই চাবৰ বাবে এটা পিন বা এখন ব্লেড লোহাটুকুৰাত লগাই চাম। যদি চুম্বকলৈ পৰিণত হোৱা নাই প্ৰক্ৰিয়াতো একেৰাহে কিছুসময়লৈ চলাই যাম।
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
প্ৰশ্ন ৯। দিশ নিৰ্ণয় কৰিবলৈ কম্পাছ কনেকৈ ব্যৱহাৰ কৰিবা ?
উত্তৰ— কম্পাছ হৈছে এটা সৰু বাকচ য’ত এখন কাচৰ ঢাকনি থাকে। বাকচটোৰ ভিতৰত এডাল চুম্বকীয় শলা লগোৱা থাকে , যিডাল অনায়সে ঘূৰিব পাৰে। কম্পাছত দিশ চিহ্নিত কৰা এক নিৰ্দেশ সূচী থাকে। যি স্থানৰ দিশ আমি জানিবলৈ বিচাৰো সেই স্থানত কম্পাছডাল ৰখা হয়। যেতিয়া স্থিৰ অৱস্থালৈ আহে তাৰ শলাডালে উত্তৰ দক্ষিণ দিশ দেখুৱায়। শলাডালৰ মূৰ দুটা কম্পাছৰ দিশ নিৰ্দেশক সূচীত লিখা উত্তৰ–দক্ষিণ দিশৰ লগত নিমিলা পৰ্যন্ত কম্পাছডাল ঘূৰাই থকা হয়।
১০। এটা বহল মুখৰ পাত্ৰৰ পানীত ভাঁহি থকা পুতলা নাও এখনৰ ফালে বিভিন্ন দিশৰ পৰা চুম্বক এটুকুৰা অনা হৈছিল। প্ৰত্যেক ক্ষেত্ৰত হোৱা ক্ৰিয়াসমূহ স্তম্ভ ১ ত দেখুওৱা হৈছে। সম্ভাব্য কাৰণসমূহ স্তম্ভ ২ ত উল্লেখ কৰা হৈছে। স্তম্ভ ১ আৰু স্তম্ভ ২ মিলোৱা ।
স্তম্ভ ১ | স্তম্ভ ২ |
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে। | নাওখনত চুম্বক এটুকুৰা লগোৱা আছে। চুম্বকৰ উত্তৰ মেৰু নাওখনৰ মূৰৰ পিনে আছে। |
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই। | নাওখনত এটুকুৰা চুম্বক লগোৱা আছে। চুম্বকৰ দক্ষিণ মেৰু নাওখনৰ মূৰৰ পিনে আছে। |
চুম্বকৰ উত্তৰ মূৰতো নাওখনৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে। | নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে। |
চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মূৰলৈ আনিলে নাওখন আতৰি যায়। | নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী। |
দিশ সলনি নোহোৱাকৈ নাওখন ভাঁহি থাকে। | নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী। |
উত্তৰ—
স্তম্ভ ১ | স্তম্ভ ২ |
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে। | নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী। |
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই। | নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী। |
চুম্বকৰ উত্তৰ মূৰতো নাওখনৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে। | নাওখনত এটুকুৰা চুম্বক লগোৱা আছে। চুম্বকৰ দক্ষিণ মেৰু নাওখনৰ মূৰৰ পিনে আছে। |
চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মূৰলৈ আনিলে নাওখন আতৰি যায়। | নাওখনত চুম্বক এটুকুৰা লগোৱা আছে। চুম্বকৰ উত্তৰ মেৰু নাওখনৰ মূৰৰ পিনে আছে। |
দিশ সলনি নোহোৱাকৈ নাওখন ভাঁহি থাকে। | নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে। |
জানো আহা
সাৰাংশ
- মেগনেটাইত এবিধ প্ৰকৃতিক চুম্বক ।
- চুম্বকে লো, নিকেল, ক’বাল্টৰ দৰে বস্তু আকৰ্ষণ কৰে। এইবোৰক চুম্বকীয় পদাৰ্থ বোলে।
- যিবোৰ বস্তু চুম্বকে আকৰ্ষণ নকৰে, সেইবোৰক অচুম্বকীয় পদাৰ্থ বোলে।
- প্ৰত্যেক চুম্বকৰে দুটা মেৰু চুম্বকীয় মেৰু থাকে- উত্তৰ আৰু দক্ষিণ।
- মুক্তভাৱে ওলোমাই থোৱা চুম্বক সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকে।
- দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষন কৰে আৰু একে মেৰুৱে ইটোৱে সিটোক বিকৰ্ষণ কৰে।
মূল শব্দ
কম্পাছ | Compass |
চুম্বক | Magnet |
মেগনেটাইট | Magnetite |
উত্তৰ মেৰু | North pole |
দক্ষিণ মেৰু | South pol |