SCERT class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “জীৱ আৰু ইয়াৰ চৌপাশ” Lesson 9 notes.
জীৱ আৰু ইয়াৰ চৌপাশ
পাঠ ৯
অনুশীলনী
প্ৰশ্ন ১। আৱাসস্থলী কি ?
উত্তৰ— জীৱবিলাকে বাস কৰা চৌপাশকে আৱাসস্থলী বা বাসস্থান বোলে । গতিকে আৱাসস্থলী হৈছে জীৱ বাস কৰা ঠাই বা ঘৰ।
প্ৰশ্ন ২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?
উত্তৰ— কেকটাছকে আদি কৰি মৰুভূমিত থকা উদ্ভিদৰ পাত নাথাকে, থাকিলেও অতি সৰু আৰু কাঁইটৰ ৰূপত থাকে। ইয়ে প্ৰস্বেদনৰ দ্বাৰা পাতৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। কেটকাছৰ পাতৰ নিচিনা আকৃতিবোৰ আচলতে উদ্ভিদ জোপাৰ কাণ্ডৰ অংশহে। ইয়াৰ দ্বাৰাই কেকটাছে সালোক- সংশ্লেষণ প্ৰক্ৰিয়া কৰে। কাণ্ড অংশ মমজাতীয় ডাঠ আৱৰণেৰে ঢকা, যি পানী ধৰি ৰখাত সহায় কৰে। মৰুভূমিত থকা আন উদ্ভিদৰ দৰে কেকটাছৰ শিপাও পানী শোষণ কৰিবলৈ মাটিৰ বহু তললৈ সোমাই যায়। এনেদৰে মৰুভূমিত কেকটাছ জীয়াই থাকে।
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক ———— বোলে।
উত্তৰ— যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক অভিযোজন বোলে।
(খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক ———— আৱাসস্থলীক বোলে।
উত্তৰ— উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক স্থলজ আৱাসস্থলীক বোলে।
(গ) পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্হলীক ———— আৱাসস্থলী বোলে।
উত্তৰ— পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্হলীক জলজ আৱাসস্থলী বোলে।
(ঘ) মাটি ,পানী আৰু বায়ুৰ আৱাসস্হলী ———— কাৰক ǀ
উত্তৰ— মাটি ,পানী আৰু বায়ুৰ আৱাসস্হলী অজৈৱিক কাৰক ǀ
(ঙ) চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোকে ———— বোলে ǀ
উত্তৰ— চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোকে উদ্দীপক বোলে ǀ
প্ৰশ্ন ৪। তলৰ তালিকাৰ কোনবিলাক জড় ?
নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ, নাও, পানীমেটেকা, কেঁচু।
উত্তৰ— নাঙল, চিলাই মেচিন, ৰেডিঅ, আৰু নাও।
প্ৰশ্ন ৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা। এবিধ জড় পদাৰ্থৰ নাম লিখা।
উত্তৰ— ডাৱৰ । জীৱৰ দৰে ডাৱৰৰো আকাৰ বৃদ্ধি হয় আৰু চলাচল কৰে।
প্ৰশ্ন ৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?
মাখন, চামৰা, মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ
উত্তৰ— মাখন, চামৰা, ঊণ, ৰন্ধন তেল, আপেল আৰু ৰবৰ এটা সময়ত জীৱৰ অংশ আছিল।
প্ৰশ্ন ৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা ।
উত্তৰ— জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ হৈছে—
ক) জীৱক খাদ্যৰ প্ৰয়োজন হয়।
খ) জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে।
গ) জীৱৰ বৃদ্ধি আৰু মৃত্যু হয়।
ঘ) জীৱই পৰিবেশৰ প্ৰতি সঁহাৰি জনায়।
ঙ) জীৱই প্ৰজনন কৰে।
চ) জীৱই চলন দেখুৱায়।
প্ৰশ্ন ৮। তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয়, বাখ্যা কৰা।
(ইংগিত : তৃণভূমি আৱাসস্থলীত লুকাবলৈ কম সংখ্যক গছ-গছনি বা ঠাই আছে)
উত্তৰ— তৃণভূমিত মাংসভোজী আৰু তৃণভোজী দুয়ো ধৰনৰ প্ৰাণীয়ে বাস কৰে। যেতিয়া মাংসভোজী প্ৰাণীয়ে খাদ্যৰ বাবে তৃণভোজী প্ৰাণীক আক্ৰমণ কৰে তেতিয়া নিজকে বচাবলৈ তৃণভোজী প্ৰাণীয়ে গছ-গছনিৰ আৰত লুকাব লগা হয় বা খুব বেগাই দৌৰিব লগা হয়। কিন্তু বৰ্তমান তৃণভূমি আৱাসস্থলীত লুকাবলৈ খুব কম সংখ্যক গছ-গছনি থকাৰ বাবে প্ৰাণ বচাবলৈ তৃণভোজী প্ৰাণীবোৰে খুব বেগাই দৌৰিব লগীয়া হয়। ঠিক তেনেদৰে মাংসভোজী জন্তুৱেও তৃণভোজী প্ৰাণীৰ চিকাৰ কৰিবলৈ খুব বেগাই দৌৰিব লগা হয়।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা (Class 6 Science)
সাৰাংশ
- উদ্ভিদ আৰু জীৱই যি পৰিবেশত বাস কৰে, তাকেই সিহঁতৰ আবাসস্থলী বোলে।
- বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ, একেই আৱাসস্থলীতে বাস কৰিব পাৰে।
- বিশেষ ধৰনৰ আকৃতি বা স্বভাৱে কিছুমান উদ্ভিদ বা প্ৰাণীক এটা বিশেষ আৱাসস্থলীত বাস কৰিবলৈ উপযুক্ত কৰি তোলে, তাকেই অভিযোজন বোলে।
- বহু বিধৰ আৱাসস্থলী আছে- মাটিত থকাবোৰ স্থলজ আৰু পানীত থকাবোৰক জলজ আৱাসস্থলী বোলে।
- বিভিন্ন আৱাসস্থলীত বাস কৰা বহুত প্ৰকাৰ জীৱ আছে।
- উদ্ভিদ, প্ৰাণী আৰু অনুজীৱই একেলগে জৈৱিক উপাদান গঠন কৰে।
- শিল, মাটি, বায়ু, পানী, পোহৰ আৰু উষ্ণতা আদি হৈছে আমাৰ চাৰিওফালে থকা কিছুমান অজৈৱিক উপাদান।
- জীৱিত বস্তুৰ কিছুমান সাধাৰন বৈশিষ্ট্য আছে- সিঁহতক খাদ্যৰ প্ৰয়োজন হয়, সিহঁতে শ্বসন আৰু ৰেচন কাৰ্য কৰে, পৰিৱেশৰ প্ৰতি সঁহাৰি জনায়, প্ৰজনন, বৃদ্ধি আৰু চলন দেখুৱায়।
মূল শব্দ
অভিযোজন | Adaptation |
জলজ আৱাসস্থলী | Aquatic habitat |
জৈৱিক উপাদান | Biotic component |
ৰেচন ক্ৰিয়া | Excretion |
বৃদ্ধি | Growth |
আবাসস্থলী | Habitat |
জীৱিত | Living |
প্ৰজনন | Reproduction |
শ্বসন | Respiration |
উদ্দীপক | Stimulus |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন (ক) সাগৰৰ তলিত বাস কৰা দুটা প্ৰাণীৰ নাম লিখা ।
উত্তৰ— স্কুইড আৰু অক্টোপাছ।
প্ৰশ্ন (খ) ডলফিন আৰু তিমিমাছে কেনেকৈ উশাহ লয়?
উত্তৰ— ডলফিন আৰু তিমিমাছে সিহঁতৰ মূৰৰ ওপৰ অংশত অৱস্থিত নাসাৰন্ধ্ৰ বা বায়ুৰন্ধ্ৰৰ সহায়ত উশাহ-নিশাহ লয়।
প্ৰশ্ন (গ) ৰেচন ক্ৰিয়া কাক বোলে?
উত্তৰ— জীৱই নিজৰ শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ উলিয়াই পেলোৱাকে ৰেচন ক্ৰিয়া বোলে।
(adsbygoogle = window.adsbygoogle || []).push({});