ECERT class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ” Lesson 6 notes.
আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ
অধ্যায় ৬
অনুশীলনী
প্ৰশ্ন ১। পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুটি কৰি লোৱা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে?
উত্তৰ— পাৰি ।
প্ৰশ্ন ২। তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা। এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবা নে ?
উত্তৰ— এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি ।
প্ৰশ্ন ৩। তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে। প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ’ব পাৰে নে নোৱাৰে লিখা।
ক্ৰমিক নং | পৰিৱৰ্তন | বিপৰীতমুখী হ’ব পাৰে (হয়, নহয়) |
১ | কাঠ এটুকুৰা ফলা | |
২ | বৰফ এটুকুৰা গলা | |
৩ | পানীত চেনী দ্ৰৱীভূত হোৱা | |
৪ | খাদ্য ৰন্ধা | |
৫ | আম এটা পকি যোৱা | |
৬ | গাখীৰ দৈ হোৱা |
উত্তৰ—
ক্ৰমিক নং | পৰিৱৰ্তন | বিপৰীতমুখী হ’ব পাৰে (হয়, নহয়) |
১ | কাঠ এটুকুৰা ফলা | নহয় |
২ | বৰফ এটুকুৰা গলা | হয় |
৩ | পানীত চেনী দ্ৰৱীভূত হোৱা | নহয় |
৪ | খাদ্য ৰন্ধা | নহয় |
৫ | আম এটা পকি যোৱা | নহয় |
৬ | গাখীৰ দৈ হোৱা | নহয় |
প্ৰশ্ন ৪। কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে ?
উত্তৰ— যদি ছবিখন কাঠপেঞ্চিলেৰে অঁকা হয় তেতিয়া এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰি। কিন্তু যদি তৈলচিত্ৰ অংকন কৰা হয় তেতিয়া এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।
প্ৰশ্ন ৫। বিপৰীতমুখী হ’ব পৰা আৰু বিপৰীতমুখী হ’ব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য উদাহৰণ সহ বাখ্যা কৰা।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
সাৰাংশ
- কিছুমান পৰিৱৰ্তন বিপৰীতমুখী হ’ব পাৰে আৰু কিছুমান বিপৰীতমুখী হ’ব নোৱাৰে।
- এটা দ্ৰব্য গৰম কৰা বাবে বা ইয়াক আন কিছুমানৰ লগত মিহলোৱাৰ বাবে তাৰ পৰিৱৰ্তন হ’ব পাৰে।
Class 6 Science Lesson 6
মূল শব্দ
পৰিৱৰ্তনবোৰ | Changes |
সংকোচন | Contraction |
বাষ্পীভৱন | Evaporation |
প্ৰসাৰণ | Expansion |
গলন | Melting |