Class 6 Assamese Chapter 1 সবাতোকৈ আপোন

SCERT class 6 Assamese Chapter 1 সবাতোকৈ আপোন free study material and class notes available here for free. So, if you are looking for class six Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese chapter 1 solutions.

সবাতোকৈ আপোন

ক্ৰিয়া-কলাপ

শব্দ অৰ্থ
 সবাতো সকলোতকৈ
মহিমা  মাহাত্ম্য, প্ৰতাপ, গৌৰৱ
সুৰীয়া শুৱলা
কুমলীয়া  কম বয়সীয়া, অপূৰঠ
চহকী  ধনী

Class 6 Assamese Free Study Materials

প্রশ্ন ১) কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ।

উত্তৰ – ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা ।

প্রশ্ন ২) কবিতাটি আবৃত্তি কৰা ৷

উত্তৰ – ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা ।

প্রশ্ন ৩) কোৱা আৰু লিখা ৷

(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?

উত্তৰ – কবিয়ে  নিজৰ আই, নিজৰ দেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ।

(খ) কবিয়ে প্ৰাণৰ চিনাকী বুলি কাৰ কাৰ কথা কৈছে ?

উত্তৰ – কবিয়ে নিজ দেশৰ নগৰ, গাওঁ, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে ৷

(গ) কবিতাটিত অন্তৰৰ কুমলীয়া ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?

উত্তৰ – কবিতাটিত অন্তৰৰ ভাব মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ।

(ঘ) কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ?

উত্তৰ – কবিয়ে কবিতাটিত নিজ মাতৃ, নিজ দেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ আশা কৰিছে ৷

(ঙ) সুবিশাল পৃথিৱীত কেনেকৈ, কাৰ স’তে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?

উত্তৰ – সুবিশাল পৃথিৱীত কবিয়ে একতাৰ ডোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে ৷

প্ৰশ্ন ৪) কবিতাটিৰ মূলভাব লিখা ৷

উত্তৰ – “সবাতোকৈ আপোন” নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেবে জন্মদাত্ৰী আই, নিজৰ দেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে ৷ কবিয়ে কৈছে যে, নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ’ব পাৰে, তথাপি তেওঁ হৈছে কবিৰ আটাইতকৈ আপোন ৷ তেৱেঁই গছ লতা ফল ফুলেৰে ভৰি থকা সেউজীয়া ধুনীয়া পৃথিৱীখনক কবিৰ সৈতে চিনাকী কৰি দিলে ৷ নিজৰ দেশ আন সকলো দেশতকৈ ধনী নহ’ব পাৰে ৷ তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ’ব নোৱাৰে ৷নিজ দেশৰ নগৰ-গাওঁ, জান-জুৰি প্ৰাণৰ চিনাকী ৷ লগতে কবিয়ে এইটোও কৈছে যে মাতৃভাষা আটাইতকৈ শুৱলা নহ’ব পাৰে কিন্তু মাতৃভাষা হৈছে আমাৰ সকলোতকৈ আপোন ভাষা ৷ নিজ মাতৃ, নিজ দেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু বিশাল পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায় আগবাঢ়ি যাব পাৰে ৷

প্ৰশ্ন ৫) পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ৷

উদাহৰণ – আই – চিনাইClass 6 Assamese

উত্তৰ- চহকী    চিনাকি

সুৰীয়া   কুমলীয়া

জগত   →   লগত

সুখ       দুখ

প্ৰশ্ন ৬) নিৰ্দিষ্টতাবাছক প্ৰত্যয় টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷(যেনে : এইখন ধুনীয়া ধৰনী। এই + খন=এইখন)

তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত

উত্তৰ- তিৰোতা + জনী = তিৰোতাজনী

ছাতি + টো = ছাতিটো

কেঁচুৱা + টি = কেঁচুৱাটি

ঘৰ + টো = ঘৰটো (গৃহ অৰ্থত)    ঘৰ + খন = ঘৰখন (পৰিয়াল অৰ্থত)

কিতাপ + খন=কিতাপখন

ছোৱালী + জনী = ছোৱালীজনী

ফুলনি + খন = ফুলনিখন

নৈ + খনি = নৈখনি

পৰ্বত + খন = পৰ্বতখন

প্রশ্ন ৭) বাক্য ৰচনা কৰা ।

শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল

উত্তৰ-

শুৱনি- ৰঙা ফুলেৰে ফুলনিখন শুৱনি হৈ পৰিছে ।

সুৰীয়া- পুৰনি বিহুগীত বোৰ খুবেই সুৰীয়া ।

ধুনীয়া- আমাৰ বিদ্যালয়ৰ সন্মুখত এখন ধুনীয়া ফুলনি আছে ।

চহকী- ধনীৰাম আমাৰ গাৱৰ চহকী মানুহ ।

কুমলীয়া- মধুৰিআমৰ কুমলীয়া পাতত যথেষ্ট পৰিমাণে ভিটামিন থাকে ।

সুবিশাল- হলিৰাম ঠিকাদাৰে এটা সুবিশাল অট্টালিকা নিৰ্মান কৰিছে ।

প্ৰশ্ন ৮) কবিতাটিৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি লিখা ।

উদাহৰণ – জান-জুৰি

উত্তৰ- গছ লতা, নগৰ গাওঁ, সুখ দুখ ।

প্ৰশ্ন ৯) তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা ।সবাতোকৈ আপোন

উত্তৰ-

শব্দ নঞৰ্থক ৰূপ
হ’ব  নহ’ব
ধোওঁ  নোধোওঁ
শুনা নুশুনা
কৰোঁ  নকৰোঁ
খেলোঁ নেখেলোঁ
যাম নাযাম
দিম নিদিম
লিখোঁ নিলিখোঁ

প্ৰশ্ন ১০) কবিতাটিত থকা বিশেষ‍্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা ।

উত্তৰ-

বিশেষ‍্য পদ বিশেষণ পদ
আই সবাতো
গছ শুৱনি
লতা আপোন
ফুল ধুনীয়া
ধৰণী চহকী
দেশ সুৰীয়া
নগৰ কুমলীয়া
গাওঁ সুবিশাল

প্রশ্ন ১১) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

(ক)  মই মোৰ আইক __ পাওঁ ।

উত্তৰ- মই মোৰ আইক ভাল পাওঁ ।

(খ)  মই মোৰ মাতৃভাষাক __ কৰোঁ ।

উত্তৰ- মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ ।

(গ)  আমি আমাৰ স্বদেশক লৈ __ বোধ কৰোঁ ।

উত্তৰ- আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ ।

প্রশ্ন ১২)  তলত দিয়া স্তৱকসমূহ দলীয়ভাবে পঢ়া আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা ।

(ক) মেলিলোঁ প্ৰথম চকু

তোমাৰ কোলাতে আই

জনমৰ আদিম পুৱাত

উত্তৰ- দেশ মাতৃৰ উদ্দেশ্যে লিখা হৈছে ।

(খ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ

মউসনা মিঠা মাতে পাহৰি ভাগৰ

উত্তৰ- জন্মদাত্ৰী মাতৃৰ উদ্দেশ্যে লিখা হৈছে ।

(গ) চিৰ চেনেহী মোৰ ভাষা জননী

উত্তৰ- মাতৃভাষাৰ উদ্দেশ্যে লিখা হৈছে ।

প্ৰশ্ন ১৩) অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা ।

উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা আৰু ড॰ ভবেন্দ্ৰনাথ শইকীয়া।

প্ৰশ্ন ১৪) তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা ।

উত্তৰ- মোৰ জন্মভূমি অসম । ই হৈছে ভাৰতৰ পূৰ্বত্তম প্ৰহৰী । অসমক ভাৰতৰ নুমলী জী বুলিও কোৱা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক হৈছে অসমৰ প্ৰধান নদী। অনাদিকালৰ পৰা ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক একতাৰে বাস কৰি আহিছে । অসমৰ চাহ পৃথিৱী বিখ্যাত । শ্যামলিমা আৱৰণেৰে শোভনীয় হৈ থকা অসমত বহুতো আপুৰুগীয়া গছ-গছনি আৰু জীৱ-জন্তু পোৱা যায় । ইয়াৰ ভিতৰত এটা খৰ্গযুক্ত গঁড় পৃথিৱী বিখ্যাত । বৰ্তমান অসমৰ মাটি কালি হৈছে ৭৮,৪৩৮বৰ্গ কিলোমিটাৰ আৰু ইয়াত ৩৩খন জিলা আছে ।

Sl. No Contents (Class 6 Assamese)
1 সবাতোকৈ আপোন
2 বুধিয়ক বীৰবল
3 অসমীয়া ভাষাৰ বিকাশৰ কথা
4 বিহু আদৰণি
5 গুৰুদক্ষিণা
6 মিত্ৰামিত্ৰ
7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
8 বেবেৰিবাং
9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
10 মহীয়সী হেলেন কিলাৰ
11 সঞ্চয়
12 মনোৰম মাজুলী
13 আৱিস্কাৰৰ কাহিনী
14 স্কাউট আৰু গাইড
15 মহো-হো গীত

প্ৰশ্ন ১৫) জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা।

উত্তৰ – ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন ১৬) সাঁথৰ ভাঙা

ক) নাকত বহি

কাণত ধৰে

এনে কি বস্তু

ভাল পায় নৰে ?

উত্তৰ – চচমা ।

খ) ক আইটি টপৰাই,

কাটি নিলে বাঢ়ি যায় ।

উত্তৰ – সূতা ।

গ) দি মৰিল কোন ?

উত্তৰ – দধীচি ।

ঘ) নি মৰিল কোন ?

উত্তৰ – ৰাৱণ ।

ঙ) নিদি মৰিল কোন ?

উত্তৰ – দুৰ্যোধন ।

চ) নকৈ মৰিল কোন ?

উত্তৰ – জয়মতী ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close