Class 6 Assamese Chapter 8 বেবেৰিবাং

SCERT class 6 Assamese Chapter 8 বেবেৰিবাং free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 8 solutions.

বেবেৰিবাং

পাঠ ৮

ক্ৰিয়া-কলাপ

ক- পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন ১) কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে কৰা ।

প্ৰশ্ন ২) দলত ভাগ হৈ কবিতাফাকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ।

(ক)    ফুচুক ফাচাক কথা এটাই

চুচুক চামাক কৈ

জুপুক জাপাক বুঢ়াৰ পেটত

আছিল কথমপি ৰৈ ।

কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল ?

উত্তৰ— ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল ।

 কাৰ পেটত কথাটো কথমপি ৰৈ আছিল ।

উত্তৰ— জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল ।

(খ)   পোলোক পালাক চকুৰে চাই

মোলোক দেউ আহিল

গুজুক গাজাক কথাৰ মেল

তিনি পৰ মান বহিল ।

 পোলোক পালাক চকুৰে চাই কোন আহিছিল ?

উত্তৰ— পোলোক পালাক চকুৰে চাই মোলোক দেউ আহিছিল ।

 কথাৰ মেল কিমান পৰ বহিছিল ?

উত্তৰ— কথাৰ মেল তিনিপৰ মান বহিছিল ।

(গ) কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা ।

উত্তৰ— বুঢ়া এজনে এটা গুপুত কথা জানিছিল । আৰু কথাটো বুঢ়াজনৰ কাক কওঁ কাক কওঁ লাগি আছিল। তথাপি কষ্ট কৰি তেওঁ কথাটো গুপুতে ৰাখিবলৈ যত্ন কৰিছিল । তেনেতে আনৰ কথা বুটলি ফুৰা মোলোক দেউ আহি বহিল । দুয়োৰে মাজত দীঘলীয়া কথাৰ মেল চলিল । চাহ-পানী, তামোল-পাণ খাই-বৈ মোলোক দেউ যাবলৈ ওলাল । বুঢ়াই আৰু কথা পেটত ৰাখিব নোৱাৰা হ’ল। তেওঁ ইফালে সিফালে চাই কথাটো মোলোক দেউক কৈ পেলালে। মোলোক দেৱেও সুযোগ পাই কথাটো ভালদৰে হজম কৰিলে আৰু মিচিকিয়া হাঁহিৰে বাট বুলিলে ।

প্ৰশ্ন ৩)  ভল ভলীয়া বুঢ়া সলসলীয়া মুখ

এবাৰ সুৰুঙা পাই

ঢোলোক ঢালাক বাগৰি পৰিল

ফুচুক ফাচাক কাই ।

  —কথাখিনিৰ ভাব বহলাই লিখা ।

উত্তৰ— গুপুত কথাটি বুঢ়াই কাকো নকওঁ বুলি ভাবি আছিল । মোলোক দেউকো প্ৰথমে ক’ব খোজা নাছিল । কিন্তু বুঢ়াৰ মুখেৰে কথাটো সলসলীয়াকৈ আদিৰ পৰা অন্তলৈ ওলাল ।

প্ৰশ্ন ৪) কবিতাটিৰ পৰা ‘ক’ বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা ।

উত্তৰ— ফুচুক, ফাচাক, চুচুক, জুপুক, পোলোক, পালাক, মোলোক, গুজুক, গাজাক, ঘোটোক, ঘাটাক, মটক, মাটাক, খটক, খাটাক, ভুতুক, ভাটাক, ঢোলোক, ঢালাক, টুপুক, টাপাক, মুচুক, মাচাক ।

প্ৰশ্ন ৫) উত্তৰ দিয়া ।

(ক) ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল ।

উত্তৰ— ফুচুক ফাচাক কথাই ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি ওলাব নোৱাৰা হৈ আছিল ।

(খ) মোলোক দেউ কেনেকৈ যাবলৈ ওলাল ?

উত্তৰ— মোলোক দেউ খৰম খটক-খাটাক কৰি যাবলৈ ওলাল ।

(গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল ?

উত্তৰ— মোলোক দেউৱে মিচিকিয়া হাঁহিৰে বাট বুলিছিল ।

প্ৰশ্ন ৬) ভাত উতলাদি উতলি আছিল

ভুতুক ভাতাক কৈ ।

ভাত শব্দটো বিশেষ্য পদ । ইয়াৰ বিশেষণৰ ৰূপটো ভতুৱা

এনেধৰণৰ শব্দ আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা ।

উত্তৰ—

বিশেষ্য বিশেষণ  বাক্য
বন বনুৱা বনুৱাজনে ঘাঁহ কাটিছে।
ৰণ ৰণুৱা শৰাইঘাটৰ ৰণলৈ বুলি হাজাৰ হাজাৰ ৰণুৱা ওলাই আহিছিল।
ঘৰ ঘৰুৱা অমলে সদায় মাকক ঘৰুৱা কাম-বনত সহায় কৰি দিয়ে।
সাৰ সাৰুৱা বানপানীয়ে পথাৰখন সাৰুৱা কৰি থৈ গ’ল।
খাৰ খাৰুৱা অসমৰ ডিগবৈত খাৰুৱা তেল পোৱা যায়।
পলস পলসুৱা পলসুৱা মাটিত খেতি ভাল হয়।
বজাৰ বজৰুৱা বজৰুৱা বস্তু সদায় খোৱাটো স্বাস্থ্যৰ কাৰনে ক্ষতিকৰ।

জানো আহা

আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা অনুৰূপ আকৃতিৰ ওপৰঞ্চি শব্দ ব্যৱহাৰ কৰা হয় । এই শব্দবিলাকক অনুৰূপ শব্দ বোলে । ধ্বনিক অনুকৰণ কৰি যিবোৰ শব্দৰ সৃষ্টি কৰা হয় তাকে ধ্বন্যাত্মক বা অনুকাৰ শব্দ বোলে।

প্ৰশ্ন ৭) দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা ।

কৈ → গৈ → ৰৈ………….. …………………….. …………………….. ……………………..Class 6 Assamese

প্ৰশ্ন ৮) কবিতাকেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত () চিন দিয়া ।

ঘৰ চৰ ভাঙি নিলে

বৰদৈচিলাই

হিমলাই কান্দি আছে

ইনাই বিনাই ।

চাউল টাউল একো নাই

খৰিবোৰো তিতা

ছাগলী টাগলী কেনি গ’ল

ছেদেলি ভেদেলি ভিঠা ।

উত্তৰ—

(ঘৰ চৰ) ভাঙি নিলে

বৰদৈচিলাই

হিমলাই কান্দি আছে

(ইনাই বিনাই)

(চাউল টাউল) একো নাই

খৰিবোৰো তিতা

(ছাগলী টাগলী) কেনি গ’ল

(ছেদেলি ভেদেলি) ভিঠা ।

প্ৰশ্ন ৯) কবিতাটিত তোমালোকে ‘তিতা’ শব্দটো পাইছা । এই ‘তিতা’ শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে । তলৰ বাক্য দুটালৈ মন কৰা আৰু ‘তিতা’ শব্দটোৱে কোনটো বাক্যত কি অৰ্থ কৰিছে লিখা ।

(ক) তিতা কাপোৰবোৰ ৰ’দত দিয়া ।

(খ) পংকজে তিতা বস্তু খাবলৈ বেয়া পায় ।

উত্তৰ— (ক) তিতা ভিজা, সিক্ত, পানী লাগি থকা

(খ) তিতা তিক্ত, তিক্ততা ভৰা

প্ৰশ্ন ১০) শব্দৰ লগত অৰ্থ মিলোৱা ।

উত্তৰ—

শব্দ অৰ্থ
আটা ঘেঁহুৰ গুড়ি
আতা পিতাকৰ পিতাক
কাণ শুনা ইন্দ্ৰিয়
কান কান্ধ

প্ৰশ্ন ১১) চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা ।Class 6 Assamese

(ক) নিজৰা বৈ যায়

…….. কৈ ।

ভোমোৰাই উৰি ফুৰে

………কৈ ।

বতাহত বাঁহ জোপাই

……… কৰে ।

আকাশত তৰাবোৰে

…….. কৰে ।

(খ) নপঢ়িলে দেউতাই

……….. কৰে ।

……….. হাঁহি মাৰি

ভাইটি লৰ মাৰে ।

আইতা আহে ওচৰ চাপি

……… কৰি ।

ভন্টিও আহে বিস্কুট খাই

……… কৰি ।

উত্তৰ— (ক) নিজৰা বৈ যায়

কুলকুল্ কৈ ।

ভোমোৰাই উৰি ফুৰে

গুণগুণ্ কৈ ।

বতাহত বাঁহ জোপাই

কেৰ্ মেৰ্ কৰে ।

আকাশত তৰাবোৰে

তিৰবিৰ্ কৰে ।

(খ) নপঢ়িলে দেউতাই

খেচ্ খেচ্ কৰে ।

মিচিক্ মাচাক্ হাঁহি মাৰি

ভাইটি লৰ মাৰে ।

আইতা আহে ওচৰ চাপি

থৰক্ বৰক্ কৰি ।

ভন্টিও আহে বিস্কুট খাই

মচক্ মচক্ কৰি ।

প্ৰশ্ন ১২) কবি লীলা গগৈৰ ‘আঘাইটং ল’ৰা’ নামৰ কবিতাটিৰ পৰা কিছু অংশ দিয়া হৈছে; পঢ়ি চোৱা আৰু ভোটাৰামৰ বিষয়ে কোৱা ।

পঢ়াশালিত ভোটাৰাম

ঘৰত মাতে ভটং,

ল’ৰা নহয় এলাপেচা

বৰ আঘাইটং ।

এদিনাখন ভটং বোপাই

ঘটং ঘটং কৰি,

হাত এখনি পতং পেলালে

গছৰ পৰা পৰি ।

কলং নদীৰ দলংখনত

তলং ভলং কৰি,

জপং কৰে ভটং বোপাই

দিয়ে পানীত পৰি ।

ৰংমনে খং কৰি

ৰং লগাই কয়,

ভটং বোপাই খাটাং কথা

মনত পেলাই থয় ।

উত্তৰ— ভোটাৰামৰ ঘৰত মতা নাম ভটং আৰু সি এটা অতি অঘাইটং ল’ৰা । এদিন ভটংৰ গছৰ পৰা সৰি পৰি হাত  এখনো ভাগিল । তাৰ পাছতো কিন্তু তাৰ উৎপাত নকমিল। 

প্ৰশ্ন ১৩) দলত বহি তলত দিয়া শব্দসমূহ ব্যৱহাৰ হোৱাকৈ একোটিকৈ কবিতা লিখিবলৈ যত্ন কৰা ।

খট খট্                 টং টং                জক্ মক্

গুৰুম গুৰুম্      মুৰুক্ মাৰাক্          খপ্ জপ্

টিক্ টিক্              কক্ বক্              ঢলং পলং

প্ৰশ্ন ১৪) দলত আলোচনা কৰি কাষৰ বাকচৰ ভিতৰত থকা শব্দ খটুৱাই তলৰ দফাটো সম্পূৰ্ণ কৰা ।

নয়ন এজন ……………. ল’ৰা। পিচে সি ………… কাপোৰ পিন্ধি ভাল নাপায় । তাৰ কাম-কাজবোৰ ………….। কাম কৰোঁতে সি …………. নকৰে । কোনো কথাতে তাৰ …………. অৱস্থা নহয়। সি তাৰ মনৰ ভাব ……………. কৈ প্ৰকাশ কৰিব পাৰে ।তাৰ মাতটোও ………………। এদিন এখন সভাত সি ছহিদসকলৰ বিষয়ে কৈ আছিল। তাৰ ভাষণ শুনি লগৰীয়াৰ চকু …………….. হৈছিল ।

গলগলীয়া   সলসলীয়া   চলচলীয়া    পৰিপাটি     ৰং চঙীয়া     তজবজীয়া     খদমদম্     খপজপ্

উত্তৰ— নয়ন এজন তজবজীয়া ল’ৰা। পিচে সি ৰং চঙীয়া কাপোৰ পিন্ধি ভাল নাপায় । তাৰ কাম-কাজবোৰ পৰিপাটি । কাম কৰোঁতে সি খপজপ্ নকৰে । কোনো কথাতে তাৰ খদমদম্ অৱস্থা নহয়। সি তাৰ মনৰ ভাব সলসলীয়া কৈ প্ৰকাশ কৰিব পাৰে ।তাৰ মাতটোও গলগলীয়া । এদিন এখন সভাত সি ছহিদসকলৰ বিষয়ে কৈ আছিল। তাৰ ভাষণ শুনি লগৰীয়াৰ চকু চলচলীয়া হৈছিল ।

Sl. No Contents (Class 6 Assamese)
1 সবাতোকৈ আপোন
2 বুধিয়ক বীৰবল
3 অসমীয়া ভাষাৰ বিকাশৰ কথা
4 বিহু আদৰণি
5 গুৰুদক্ষিণা
6 মিত্ৰামিত্ৰ
7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
8 বেবেৰিবাং
9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
10 মহীয়সী হেলেন কিলাৰ
11 সঞ্চয়
12 মনোৰম মাজুলী
13 আৱিস্কাৰৰ কাহিনী
14 স্কাউট আৰু গাইড
15 মহো-হো গীত

ঘ- প্ৰকল্প (Class 6 Assamese)

পাঁচটা ধেমেলীয়া কবিতা সংগ্ৰহ কৰা । সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা আৰু সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । উদাহৰন-

জোকে কিয় খেদি ফুৰে
খাবলৈ মোকে?
এইবুলি ভোটাৰামে
চকুপানী টোকে।
লোকেশ্বৰে বোলে,”মোক
ভোকে দিছে জ্বালা,
তুমিচোন ভাত ৰান্ধি
অকলেই খালা?
 দৈনন্দিন জীৱনত কথা কওঁতে সচৰাচৰ ব্যৱহাৰ কৰা বিশতাকৈ বিশেষ্য পদ আৰু অনুৰূপ শব্দ তলৰ তালিকাত লিখা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close