Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা

SCERT class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 3 solutions.

অসমীয়া ভাষাৰ বিকাশৰ কথা

ক্ৰিয়া-কলাপ

ক – পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন ১) পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া ।

উত্তৰ- তোমালোকে নিজে কৰা।

প্ৰশ্ন ২) উত্তৰ দিয়া ।

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ?

উত্তৰ- নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ।

(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি ?

উত্তৰ- হেম সৰস্বতীয়ে ৰচনা কৰা, আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হৈছে ‘প্ৰহ্লাদ চৰিত্ৰ’ ।

(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?

উত্তৰ- মানুহৰ মুখে মুখে প্ৰচলিত, আখৰেৰে নিলিখা সাহিত্যকে অলিখিত সাহিত্য বোলে । আখৰ চিনি নোপোৱা লোকে মৌখিক সাহিত্যৰ যোগেদি পুৰণি কালত সাহিত্য চৰ্চা কৰিছিল।

(ঘ) ভাষা দুটা উপাদানৰ নাম লিখা ।

উত্তৰ- ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে -ধ্বনি আৰু শব্দ ।

(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে ?

উত্তৰ- অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় দশম শতিকাতেই স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল ।

(চ) ‘অসমীয়া’ শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল ?

উত্তৰ- ‘অসমীয়া’ শব্দটোৰ প্ৰচলন ইংৰাজৰ আমোলত বেছিকৈ হৈছিল ।

প্ৰশ্ন ৩) শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা ।

উত্তৰ-

শব্দ অৰ্থ
ত্ৰয়োদশ তেৰ সংখ্যক
স্থানীয় থলুৱা, স্থায়ী
নিগাজি চিৰস্হায়ী, চিৰন্তন
স্বকীয় নিজা
আমোল শাসন
আবাসভূমি কোনো জীৱ বিশেষ বসবাস কৰা ঠাই
উপাদান কোনো বস্তুৰ গঠনকাৰী পদাৰ্থ
অলিখিত লিপিবদ্ধ নোহোৱা
অনুকৃতি অনুকৰণ, সদৃশ

প্ৰশ্ন ৪) অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা ।

উত্তৰ- অতি পুৰণি কালৰ পৰাই অসম ভূখণ্ড তেতিয়াৰ কামৰূপ, বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি আছিল । সকলোৰে মাজত ভাষা আৰু সংস্কৃতি ভাবৰ আদান-প্ৰদান হৈছিল । ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে মিলিত হৈছিল । এনেকৈয়ে লাহে লাহে আৰু ক্ৰমান্বয়ে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষা বোৰৰ বহুতো উপাদান সোমাই পৰিল ।

খ – ভাষা অধ্যয়ন (ব্যাবহাৰিক ব্যাকৰণ)

প্ৰশ্ন ৫) উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা ।

ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান ।

উত্তৰ- “ভাষাৰ উপাদান মানে কি খুড়া ?” – নয়নাই সুধিলে । খুড়াকে উত্তৰ দিলে – “ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়েই ভাষাৰ উপাদান ।

প্ৰশ্ন ৬) তলত দিয়া বিশেষণ পদবোৰ বিশেষ‍্য পদলৈ নিয়া ।

সুন্দৰ        সুন্দৰ     স্থানীয়

ৰচিত       পৰিৱৰ্তিত    বিকশিত

উত্তৰ-

বিশেষণ পদ বিশেষ‍্য পদ
সুন্দৰ সৌন্দৰ্য
সুন্দৰ প্ৰচলন
স্থানীয় স্থান
ৰচিত ৰচনা
পৰিৱৰ্তিত পৰিবৰ্তন
বিকশিত বিকাশ

জানো আহা

অসমীয়া ভাষাত কিছুমান শব্দ সংস্কৃতৰ পৰা পোনপটীয়াকৈ সোমাইছে । উচ্চাৰনৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও এইবোৰ শব্দ লিখাৰ ধৰন সংস্কৃতৰ লগত একে । এইবোৰক তৎসম শব্দ বোলে । ‘তৎসম’ মানে হ’ল ‘তাৰ সমান’, অৰ্থাৎ সংস্কৃতৰ সমান। যেনে- প্ৰাচীন, আৰ্য, জন্ম, মধ্য, সম্ৰাট, প্ৰৱেশ, বিচিত্ৰ, নৱ্য ইত্যাদি।

আন কিছুমান শব্দ সংস্কৃতৰ পৰা আহিলেও অসমীয়া ভাষাৰ উচ্চাৰন-ৰীতিৰ দ্বাৰা এইবোৰ সৰল হৈ পৰিছে। এনে শব্দবিলাকক অৰ্ধ-তৎসম শব্দ বোলে; যেনে- ধৰম, কৰম, মৰম, যঁতৰ, চেনেহ ইত্যাদি।

কিছুমান শব্দই সংস্কৃতৰ পৰা প্ৰাকৃত আৰু অপভ্ৰংশৰ স্তৰ অতিক্ৰম কৰি অসমীয়াত প্ৰৱেশ কৰোঁতে ইয়াৰ মূল ৰূপ হেৰুৱাই বেলেগ ৰূপ ল’লে । এইবোৰকে তদ্ভৱ শব্দ বোলে; ‘তদ্ভৱ’ মানে ‘তাৰ পৰা’ অৰ্থাৎ সংস্কৃতৰ পৰা পৰা হোৱা। যেনে – হাত, ঘৰ, গছ ইত্যাদি।

অসমীয়া ভাষাৰ বহুতো শব্দ থলুৱা আৰ্য-ভিন্ন ভাষা-পৰিয়ালৰ ভাষাসমূহৰ পৰা আহিছে। যেনে- বুৰঞ্জী, তামোল, হাজো, বিহামপুৰ, ভাংনা, পাগলাদিয়া, মেকুৰী, জহা, জহামাল, খিলঞ্জীয়া ইত্যাদি।

অসমীয়া ভাষাত বিদেশী মূলৰ অগণন শব্দ পোৱা যায়; যেনে- কাগজ, কলম, পিয়লা (ফাৰ্চী, আৰবী মূলৰ);  স্কুল, কলেজ, স্কেল, লংপেন্ট, স্কাৰ্ট (ইংৰাজী); চাবি, কবি, বাল্টি, গামলা (পৰ্টুগীজ); কুপন, ৰেস্তোৰাঁ (ফৰাচী), লিচু (চীনা) ইত্যাদি।

প্রশ্ন ৭) তোমাৰ পাঠৰ পৰা পাঁচটা তৎসম শব্দ আৰু পাঁচটা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা ।

উদাহৰন-

তৎসম শব্দ বিদেশী মূলৰ শব্দ
জন্ম কাপ
১|  
২|  
৩|  
৪|  
৫|  

উত্তৰ-

তৎসম শব্দ বিদেশী মূলৰ শব্দ
জন্ম কাপ
১| নৱ্য বাল্টি
২| বিচিত্ৰ স্কুল
৩| আৰ্য কুপন
৪| মধ্য পিয়লা
৫| প্ৰাচীন গামলা

প্রশ্ন ৮) তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।

ধুনীয়া …………           নিগাজি …………

প্ৰাচীন ………..           পূ্ৰ্বতে …………….

পুথি    ………..           সামৰণি ………….

উত্তৰ-

শব্দ সমাৰ্থক শব্দ
ধুনীয়া সুন্দৰ, শুৱনী,
প্ৰাচীন পুৰণি, পুৰাতন
পুথি গ্ৰন্থ, কিতাপ
নিগাজি স্থায়ী
পূ্ৰ্বতে আগতে
সামৰণি সমাপণ, অন্ত

প্রশ্ন ৯)প্ৰাকশংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া ?” এইটো এটা প্ৰশ্নবোধক বাক্য । তোমালোকেও এনেধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা ।

উত্তৰ- তুমি ভাত খালানে?

বহাগ বিহুৰ আন এটা নাম কি?

ভাৰত কেতিয়া স্বাধীন হৈছিল?

প্ৰশ্ন ১০) বাক্য ৰচনা কৰা ।

মিচিকিয়াই            চেনেহী              পুৰণি

     ধন্যবাদ                সাহিত্য              যুগে যুগে

উত্তৰ- মিচিকিয়াই হৰিৰ কথা শুনি মোহনে মিচিকিয়াই হাঁহি আছিল।

চেনেহী প্ৰথমবাৰ চাকৰিত যোগদান আহি চেনেহী আইতাকলৈ অমলৰ বৰকৈ মনত পৰিছিল।

পুৰণি পুৰণি অসমৰ নাম প্ৰাগজ্যোতিষপুৰ আছিল।

ধন্যবাদ নৈ খন নাৱেৰে পাৰ কৰি দিয়াৰ বাবে ধন্যবাদ থাকিল।

সাহিত্য সাহিত্য চৰ্চা কৰা মানুহৰ সংখ্যা আগতকৈ কমিছে।

যুগে যুগে ধৰ্ম ৰক্ষাৰ বাবে যুগে যুগে একো একোজন মহাপুৰুষৰ আবিৰ্ভাৱ হয় ।

গ – জ্ঞান সম্প্ৰসাৰন

Sl. No Contents (Class 6 Assamese)
1 সবাতোকৈ আপোন
2 বুধিয়ক বীৰবল
3 অসমীয়া ভাষাৰ বিকাশৰ কথা
4 বিহু আদৰণি
5 গুৰুদক্ষিণা
6 মিত্ৰামিত্ৰ
7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
8 বেবেৰিবাং
9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
10 মহীয়সী হেলেন কিলাৰ
11 সঞ্চয়
12 মনোৰম মাজুলী
13 আৱিস্কাৰৰ কাহিনী
14 স্কাউট আৰু গাইড
15 মহো-হো গীত
জানি থওঁ আহা
প্ৰাক শংকৰী যুগৰ পাঁচগৰাকী বিশিষ্ট অসমীয়া কবি হ’ল-(ক) হেম সৰস্বতী  (খ)  কবিৰত্ন সৰস্বতী  (গ) ৰুদ্ৰ কন্দলি  (ঘ) হৰিবৰ বিপ্ৰ   (ঙ) মাধৱ কন্দলি

প্রশ্ন ১১। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী । শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ?

উত্তৰ- শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্রীমন্ত শংকৰদেৱ।

জানি লোৱা

তোমালোকৰ পাঠত ‘শতিকা’ শব্দটো একাধিকবাৰ ব্যৱহৃত হৈছে । 

শতিকা মানে এশ বছৰ বিয়পা কাল। পাঠত উল্লেখ থকা সপ্তম শতিকা মানে হ’ল ৬০০ খ্ৰীষ্টাব্দৰ পৰা ৬৯৯ খ্ৰীষ্টাব্দলৈ বিয়পি থকা সময়। একেদৰে অষ্টম শতিকা ৭০০ খ্ৰীষ্টাব্দত আৰম্ভ হৈ ৭৯৯ খ্ৰীষ্টাব্দত শেষ হৈছে আৰু ত্ৰয়োদশ শতিকা ১২০০ খ্ৰীষ্টাব্দত আৰম্ভ হৈছে।

এনেদৰে দশক মানে হৈছে দহ বছৰ বিয়পা কাল আৰু সহস্ৰাব্দ মানে হ’ল এহেজাৰ বছৰৰ সময়। এতিয়া কুৰি শতিকাৰ অষ্টম দশক মানে হ’ব ১৯৭০ চনত আৰম্ভ হোৱা দশক ।

খ্ৰীষ্টাব্দ শব্দটো যীশুখ্ৰীষ্টৰ জন্মৰ লগত সংগতি ৰাখি সৃষ্টি কৰা হৈছে খ্ৰীষ্টজন্মৰ ৫০০ বছৰৰ পাছৰ চনটো হ’ব ৫০০ খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টজন্মৰ ৫০০ বছৰ আগৰ চনটো হ’ব খ্ৰীষ্টপূৰ্ব ৫০০ ।

মন কৰা, ৩০০ খ্ৰীষ্টাব্দতকৈ ৫০০ খ্ৰীষ্টাব্দ পাছৰ সময়। কিন্তু ৩০০ খ্ৰীষ্টপূৰ্বতকৈ ৫০০ খ্ৰীষ্টপূৰ্ব আগৰ সময় ।

প্ৰশ্ন ১২। মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক সাহিত্য বোলে । মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিকে বুজা যায় । তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা ।

উত্তৰ- এফাকি বিহুনাম-

আজি বিহু বিহু  কালি বিহু বিহু

নাহৰ ফুল ফুলিবৰ বতৰ

কেতেকী চৰায়ে  কাটে সৰু সূতা

এফাকি বিয়ানাম-

দুলা আনা দুলীয়া

জাপি আনা লগুৱা,

জোৰণ আহি ৰৈ আছে

আদৰোগৈ ওলোৱা।

কম্পিউটাৰ হ’ল আধুনিক যুগৰ চালিকা শক্তি; ইয়াৰ ব্যৱহাৰ দিনে দিনে দ্ৰুতগতিত বাঢ়িছে। বতৰ-বিজ্ঞান, কৃষি-বিজ্ঞান, অফিছ-উদ্যোগৰ কাম-কাজ, মনোৰঞ্জন, বিজ্ঞানৰ মৌলিক গৱেষনা, প্ৰযুক্তি বিদ্যা, মহাকাশ-বিজ্ঞান, চিকিৎসা-বিজ্ঞান আদি সকলো ক্ষেত্ৰতে কম্পিউটাৰ সফলতাৰে ব্যৱহৃত হৈছে। আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাউখলি আৰু জে. প্ৰেছপাৰ অকাৰ্টৰ নেতৃত্বত ১৯৮৭ চনত বিশ্বৰ সৰ্বপ্ৰথম উচ্চক্ষমতাসম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰ নিৰ্মান কৰা হয়।ইয়াক চমুকৈ ‘এনিয়াক’ বুলি জনা যায়।

স্কুল, কলেজ, কাৰ্যালয়, ঘৰ আদিত ব্যৱহাৰ হোৱা কম্পিউটাৰক মাইক্ৰ’ কম্পিউটাৰ বোলে। আকৌ, অ’লৈ ত’লৈ যাওঁতে সহজতে সৰু চুটকেছ বা মোনাত লৈ যাব পৰা, পাতল কম্পিউটাৰক ‘লেপটপ্’ কম্পিউটাৰ বোলে আনকি হাতত লৈ ফুৰিব পৰা কম্পিউটাৰো ওলাইছে। গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আদিত অধিক শক্তিশালী কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ।

ইন্টাৰনেট : ইন্টাৰনেট এনে এক কম্পিউটাৰ জালিকা ব্যৱস্থা যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ অসংখ্য কম্পিউটাৰ সংযোগ কৰি বিভিন্ন তথ্য বা বাৰ্তা, শ্ৰৱ্য আৰু দৃশ্য মাধ্যমেৰে সৰবৰাহ কৰিব পাৰি।

ই-মেইল : ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠান বা ব্যক্তিয়ে মুহূৰ্ততে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ খবৰ আদান-প্ৰদান কৰা সম্ভৱ হৈ উঠিছে। এই ব্যৱস্থাই হৈছে ‘ইলেকট্ৰনিক মেইল’ বা চমুকৈ ই-মেইল।

ঘ – প্ৰকল্প

Class 6 Assamese তোমালোকৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ লোকে তলৰ ব্যাক্তি বা বস্তুক কি কি বুলি কয়, জানি লৈ লিখা ।

পানী, ল’ৰা, ছোৱালী, ভাত, মাছ, মাংস, গাখীৰ,

পাকঘৰ, ককা, আইতা, দলং, পুখুৰী, জলকীয়া ।

ক, খ, গ, ঘ – এই চাৰিটা বৰ্ণৰে আৰম্ভ হোৱা দহটাকৈ শব্দ-অৰ্থ লিখি এখন অভিধানৰ আৰ্হি প্ৰস্তুত কৰা ।

উত্তৰ- তোমালোকে নিজে কৰা।

 

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close