SCERT class 6 Assamese Chapter 5 গুৰুদক্ষিণা free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 5 solutions.
গুৰুদক্ষিণা
(পাঠ ৫)
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১) পাঠৰ কাহিনীভাগ নিজৰ কথাৰে কোৱা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
প্রশ্ন ২) ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা ।
উত্তৰ— ছবিখনত বেদকণ্ঠই গুৰু সত্যব্ৰতৰ পৰা জ্ঞানগৰ্ভ কথা শুনি থকা অংশটো প্ৰকাশ পাইছে ।
প্রশ্ন ৩) শব্দৰ অৰ্থ শিকি লোৱা ।
শব্দ | অৰ্থ |
নামজ্বলা | প্ৰখ্যাত; ভাল নাম থকা |
চতুষ্পাঠী | বেদ বিদ্যালয়; টোল (টোলত ব্যাকৰন, কাব্য, স্মৃতি আৰু দৰ্শন-এই চাৰিটা বিষয় পঢ়ুওৱা হয়)। |
হৃষ্টচিত্তে | ৰঙেৰে, আনন্দৰে। |
চৈত-ফুৰি | চ’ত মাহত ফুৰি সংগ্ৰহ কৰা ধন । (কামৰূপক চ’তক ‘চৈত’ মাহ বোলে) |
সাউদ | মুদৈ; বেপাৰী; সদাগৰ |
মহলা | বিদ্যালয়ৰ শ্ৰেনী; পৰীক্ষা |
ছেগ | সময়ৰ ভাগ; কোনো কাম কৰিবৰ প্ৰকৃত সময়; ছল |
খোকোজা | কথা কওঁতে বা পঢ়োঁতে সহজে মুখেৰে কথা নোলোৱা। |
আকৰ | কোনো বস্তু উৎপন্ন হোৱা ঠাই; খনি |
ভেঁটগুটীয়া | ভেঁট ফুলৰ গুটিৰ নিচিনা সৰু। |
প্রশ্ন ৪) উত্তৰ দিয়া ।
(ক) ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা ।
উত্তৰ— ভাৰতবৰ্ষৰ দুখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে- নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয় ।
(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল ?
উত্তৰ— লুইতৰ দাঁতিৰ বৰ্তমান নগাওঁ জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল ।
(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি ?
উত্তৰ— বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ ।
(ঘ) ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল ?
উত্তৰ— ছাত্ৰসকল বছৰত একোবাৰ নগৰলৈ গৈ খুজি-মাগি আনিছিল আৰু সেইখিনিকে গুৰুৰ ওচৰত গুৰুদক্ষিণা হিচাপে অৰ্পন কৰিছিল।
(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে ?
উত্তৰ— গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে ।
(চ) প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে ?
উত্তৰ— প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰত নামৰ ছাত্ৰজনে দিব পাৰিলে ।
প্রশ্ন ৫) চমু উত্তৰ দিয়া ।
(ক) গুৰুৱে ছাত্ৰসকলক ওচৰত মাতি আনি কি কৈছিল ?
উত্তৰ— গুৰু বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি কৈছিল যে, তেওঁ বুঢ়া হৈ আহিছে আৰু উপাৰ্জনো কমি আহিছে । সেয়েহে ছাত্ৰসকলে তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ বিনিময়ত তেওঁক গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাই আনি দিব লাগে ।
(খ) ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল ?
উত্তৰ— ছাত্ৰসকলক গুৰুৱে ধনী মানুহক ডকা-হকা দি ধন গোটাই আনিবলৈ ছাত্ৰসকলক পৰামৰ্শ দিছিল। লগতে গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী সাউদ গ’লে তেওঁৰ পৰাও যি ধন-সোণ পায় তাক লুটি অনাৰ পৰামৰ্শ দিছিল।
(গ) গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে ?
উত্তৰ— গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰীলি পাৰি ধনী লোকৰ পৰা ধন-সোণ কাঢ়ি অনাৰ উদ্দেশ্যে যাবলৈ ওলাল ।
(ঘ) গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক’লে ?
উত্তৰ— গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক’লে – ” আপোনাৰ পৰাই আমি জানিব পাৰিছো, পৃথিৱীৰ এনে ঠাই নাই য’ত ভগৱান নাই, য’ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিতো পঢ়িছো যে
সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য় তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।
গতিকে হে গুৰুদেৱ, মই কি শক্তিৰে কোনেওঁ নেদেখা ঠাই বিচাৰি উলিয়াম? আনে নেদেখিলেওঁ ঈশ্বৰে দেখিব! লোকৰ ধন-সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনে নেজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল-বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম? মই এনে অসৎ উপায়েৰে গুৰুদক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সজ বাট দেখুৱাই দিয়ক গুৰুদেউ!”
প্ৰশ্ন ৬) কোনে কাক কেতিয়া কৈছিল লিখা ।
(ক) “বাছাহঁত । মই বুঢ়া হৈ আহিছোঁ । উপাৰ্জনো টুটি আহিছে । তহঁতক ইমানদিনে পঢ়াই-শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ ।”
উত্তৰ— প্ৰশ্নত উল্লেখ কৰা কথাষাৰ গুৰু বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।
(খ) “আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে । এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক ।”
উত্তৰ— প্ৰশ্নত উল্লেখ কৰা কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল । যেতিয়া গুৰু বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাবলৈ পৰামৰ্শ দিছিল তেতিয়াই এই কথাখিনি তেওঁলোকে কৈছিল ।
(গ) “আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই ।”
উত্তৰ— উক্ত কথাষাৰ সত্যব্রতে গুৰু বেদকণ্ঠক কৈছিল । যেতিয়া গুৰুৱে ছাত্ৰসকলক ধনী লোকক ডকা-হকা দি গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাই আনিবলৈ পৰামৰ্শ দিছিল, সেই পৰামৰ্শ মানিব নোৱাৰি সত্যব্রতে গুৰু এনেকৈ কৈছিল ।
প্ৰশ্ন ৭) সাধুটো নিজৰ কথাৰে চমুকৈ লিখা ।
উত্তৰ— বৰ্তমানৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে পুৰণি ভাৰতবৰ্ষতো বহুকেইখন নামজ্বলা বিশ্ববিদ্যালয় আছিল । অকল সেয়াই নহয়, আমাৰ কামৰূপ ৰাজ্যতো কেইবাখনো বিশ্ববিদ্যালয় আছিল, তাৰে এখন আছিল বৰ্তমানৰ নগাওঁ জিলাৰ শিলঘাটত । সেই বিশ্ববিদ্যালয়ৰ অধীনত বশিষ্ঠ আশ্ৰমৰ টোলত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে অধ্যাপনা কৰিছিল । তেতিয়াৰ দিনত আজিৰ দৰে শিক্ষা গ্ৰহণৰ বাবে কোনো মাছুল দিব নালাগিছিল । মাত্ৰ বছৰেকত এবাৰ ঘূৰি-পকি খুজি-মাগি যি পাইছিল, তাকে গুৰুদক্ষিণা হিচাপে দিব লাগিছিল।
এনেকৈয়ে এদিন বেদকণ্ঠই তেওঁ দি অহা শিক্ষাৰ পৰীক্ষা ল’বলৈ ছাত্ৰসকলক মতাই আনি ক’লে যে; তেওঁলোকে গুৰুক গুৰুদক্ষিণা দিব লাগে । ইয়াৰ বাবে ছাত্ৰসকলে ধনী লোকৰ পৰা কোনোৱে নেদেখাকৈ ধন কাঢ়ি আনিব লাগে । এই কথা শুনি সকলোৱে আনন্দৰে কিৰিলি পাৰি ধন-সোণ কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গ’ল । কিন্তু সত্যব্ৰত নামৰ সৰু ছাত্ৰ এজনে সেই কথা অস্বীকাৰ কৰি গুৰুক ক’লে যে আনে কোনোৱে একো নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে । সেয়েহে গুৰুৱে যেন ধন সংগ্ৰহ কৰিবলৈ আন সৎ পথ প্ৰদৰ্শন কৰে । এনে জ্ঞানগৰ্ভ কথা সৰু ল’ৰা এটাৰ মুখত শুনি বেদকণ্ঠ অতিশয় প্ৰসন্ন হ’ল । তেওঁ আন ছাত্ৰসকলক উভোতাই মতাই অনালে । গুৰুৰ পৰীক্ষাত একমাত্ৰ সত্যব্ৰত উত্তীৰ্ণ হ’ল । তেওঁহে গুৰুক প্ৰকৃত গুৰুদক্ষিণা দিয়াৰ নিচিনা হ’ল ।
প্ৰশ্ন ৮) তলৰ কথাখিনিৰ মূলভাব লিখা ।
“সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান ।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ ।“
উত্তৰ— ভগৱান হৈছে সৰ্বব্যাপ্ত, সৰ্ব শক্তিমান আৰু সৰ্বজ্ঞাতা । তেৱেঁই সত্য, শিৱ আৰু সুন্দৰ ।
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৯) পাঠৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা ।
যেনে খুজি-মাগি
উত্তৰ— ধন-সোণ, থোকা-থুকি, আমন-জিমন, ডকা-হকা, ভাল-বেয়া ।
প্ৰশ্ন ১০) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ।
উত্তৰ—
শব্দ | সমাৰ্থক শব্দ |
ধনী | চহকী, আঢ্যৱন্ত |
দক্ষিণা | দান, অৰিহণা |
উজু | সহজ, ঢিলা |
টুটি যোৱা | কমি যোৱা |
ডাঙৰ | বৃহৎ, প্ৰকাণ্ড |
প্ৰশ্ন ১১) বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।
আনন্দ ধনী গুৰু উজু প্ৰাচীন |
উত্তৰ—
শব্দ | বিপৰীত অৰ্থ |
আনন্দ | নিৰানন্দ |
ধনী | দুখীয়া |
গুৰু (বিশেষ্য) | শিষ্য |
গুৰু (বিশেষণ) | লঘু |
উজু | টান |
প্ৰাচীন | নতুন, আধুনিক |
জানো আহা
“বেদকণ্ঠ বিদগ্ধ পণ্ডিত । ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতেই । বেদকণ্ঠৰ চতুষ্পাঠীত দুকুৰিজনমান ছাত্ৰ আছিল ।”
ওপৰৰ কথাখিনিৰ তলত আঁচ টনা পদকেইটালৈ মন কৰা । বেদকণ্ঠ : এই পদে নাম বুজাইছে। সেইবাবে ই বিশেষ্য পদ। ব্যক্তি, স্থান, গুণ, সময় আদিৰ নাম বুজোৱা পদেই বিশেষ্য পদ। বিদগ্ধ : ‘বিদগ্ধ’ পদে ‘পণ্ডিত’ পদৰ বিশেষ গুণ বুজাইছে। আন পদৰ গুণ, দোষ, সংখ্যা বা পৰিমাণ, অৱস্থা, আধিক্য, উচ্চতা আদি বুজোৱা পদকে বিশেষণ পদ বোলে। তেওঁৰ : এই পদক ‘বেদকণ্ঠ’ৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে । বিশেষ্য পদৰ বিকল্প ৰূপে ব্যৱহৃত পদক সৰ্বনাম পদ বোলে । আছিল : এই পদে কৰ্তাৰ কাৰ্য সম্পন্ন হোৱা বুজাইছে। কৰ্তাৰ কাৰ্য বা উদ্দেশ্য সম্পূৰ্ণ বা অসম্পূৰ্ণভাৱে (অসমাপিকা আৰু নঞৰ্থকৰ ক্ষেত্ৰত) সম্পন্ন কৰা পদক ক্ৰিয়া পদ বোলা হয় । আদি : এনে পদ কেতিয়াও বিভক্তিযুক্ত নহয় আৰু সদায় একে ৰূপতে থাকে । বাক্যত কেতিয়াও ৰূপ সলনি নোহোৱা পদকে অব্যয় পদ বোলে। |
প্ৰশ্ন ১২) উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা ।
উদাহৰণ-
বিশেষণ | বিশেষ্য |
প্ৰখ্যাত | বিশ্ববিদ্যালয় |
পণ্ডিত | |
মানুহ | |
হাতী | |
গ্ৰন্থ | |
মহিলা | |
আম | |
মাত |
উত্তৰ—
বিশেষণ | বিশেষ্য |
প্ৰখ্যাত | বিশ্ববিদ্যালয় |
বিদগ্ধ | পণ্ডিত |
সুখী | মানুহ |
প্ৰকাণ্ড | হাতী |
মহৎ | গ্ৰন্থ |
চাপৰ | মহিলা |
টেঙা | আম |
শুৱলা | মাত |
প্ৰশ্ন ১৩) ‘গুৰুদক্ষিণা’ পাঠত থকা ‘ভেঁটগুটীয়া’ শব্দটোৱে সৰু ল’ৰাক বুজাইছে । ভেঁটগুটীয়া শব্দটোৰ আধাৰত দলগতভাবে এটি গল্প লিখা ।
উত্তৰ— তোমালোকে নিজে কৰা।
প্ৰশ্ন ১৪) ‘গুৰুদক্ষিণা’ সাধুটোৰ কথাখিনি সংলাপ আকাৰে লিখা আৰু শ্ৰেণীকোঠাত অভিনয় কৰা । (সকলোৱে নাটকত ভাগ ল’বা । অভিনয় নকৰাসকলে নাটকৰ বাবে প্ৰয়োজনীয় কাম-কাজ কৰিবা ।)
উত্তৰ—
গুৰুদক্ষিণা
গছ-গছনিৰে ভৰা, নৈৰ কাষৰ এখন পুৰনি টোলৰ পৰিবেশ । এজোপা ডাঙৰ গছৰ তলত বহি বেদকণ্ঠ ছাত্ৰসকলকৰ সৈতে একেলগে বহি থকা দেখা গৈছে । )
শিষ্য ১ :- গুৰুদেৱ, আমাক কিয় হঠাতে এনেদৰে মতাই আনিলে ।
শিষ্য ২ : যদি আপোনাৰ কিবা আদেশ আছে তেন্তে ব্যক্ত কৰক, গুৰুদেৱ ।
বেদকণ্ঠ : হে প্রিয় শিষ্যগণ, এটা বিশেষ কথা ব্যক্ত কৰিবলৈ মই তোমালোকক অসময়ত ইয়ালৈ মতাই আনিছোঁ ।
শিষ্য ৩ :- কি কথা বাৰু গুৰুদেৱ ।
বেদকণ্ঠ : তেন্তে শুনা শিষ্যগণ । তোমালোকে দেখিছাই মোৰ বয়স যথেষ্ট হৈছে। উপাৰ্জনো আগতকৈ যথেষ্ট কমি আহিছে। তোমালোকক শিক্ষা-দীক্ষা দি নিজে উপাৰ্জন কৰি খাব পৰা কৰি গঢ় দিলোঁ । এতিয়া তাৰ বিনিময়ত তোমালোকে মোক গুৰুদক্ষিণা হিচাপে ধন-সোণ অলপ গোটাই আনি দিয়া ।
শিষ্য ৪ : হে গুৰুদেৱ, আপোনাক গুৰুদক্ষিণা দিয়াৰ সুবিধাকণ পাই আমি নিজকে বৰ সৌভাগ্যশালী বুলি ভাবিছোঁ । কিন্তু আমি কেনেকৈ ধন-সোণ সংগ্ৰহ কৰিব লাগিব তাৰ দিহায়ো আপুনি দিয়া হ’লে আমি কৃতাৰ্থ হ’লো হয় ।
বেদকণ্ঠ : (মিচিকিয়াই হাঁহি) চিন্তা নকৰিবা, শিষ্যগণ । তাৰ উপায়ো মই ভাবি থৈছোঁ । কাইলৈ ৰাতিপুৱাই তোমালোক সকলোৱে চহৰ অভিমুখে যাত্ৰা কৰিবা । কিন্তু খুজি-মাগি ইমানবোৰ ধন-সোন গোটোৱাতো সম্ভৱ নহ’ব । গতিকে তোমালোকে পথৰ দাঁতিৰ ডাঙৰ গছৰ আঁৰত লুকাই থাকি সেই পথেৰে যোৱা ধনী সাউদক ডকা-হকা দি ধনৰ টোপোলা কাঢ়ি আনিবা ।
(শিষ্য সকলে একেলগে চিঞৰিলে “অতি উত্তম অতি উত্তম গুৰুদেৱ”)
বেদকণ্ঠ : এতিয়া তোমালোকে সময়ৰ অপচয় নকৰি কালিলৈ পুৱা যাত্ৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা ।
শিষ্য ২ :- যিবা আজ্ঞা গুৰুদেৱ ! (সকলোৱে আনন্দমনে প্ৰস্থান কৰিলে । কিন্তু কম বয়সীয়া ছাত্ৰ সত্যব্ৰত আগৰ ঠাইতে বহি থাকিল ।)
বেদকণ্ঠ : (আচৰিত হৈ) তুমি নগ’লা যে সত্যব্ৰত ?
সত্যব্ৰত :- (সংকোচেৰে) গুৰুদেৱ, আপুনি অনুমতি দিলে কথা এষাৰ ব্যক্ত কৰিব বিচাৰো ।
বেদকণ্ঠ : কোৱা বৎস । মোৰ ফালৰ পৰা পূৰ্ণ অনুমতি আছে।
সত্যব্ৰত :- গুৰুদেৱ, আপুনিয়ে আমাক এই বুলি শিক্ষা প্ৰদান কৰিছিল যে –
(সত্যব্রতে সুৰ লগাই গায়)
“সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান ।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ ।“
গতিকে, আমি ধনী লোকক ডকা-হকা দি চুৰ কৰা উচিত হ’ব জানো গুৰুদেৱ ? সেয়েহে, মোক এটা সৎ উপায় দিয়ক, যাৰদ্বাৰা মই গুৰুদক্ষিণাৰ বাবে ধন-সোণ সংগ্ৰহ কৰিব পাৰোঁ ।
(বেদকণ্ঠ থিয় হয় । তেওঁৰ মুখমণ্ডলত আনন্দৰ প্ৰকাশ । সত্যব্রতো থিয় হয় ।)
বেদকণ্ঠ : (সত্যব্ৰতৰ মূৰত হাত থৈ ) ইয়াতকৈ আৰু ডাঙৰ গুৰুদক্ষিণা কি হ’ব পাৰে বৎস ? মই আচলতে তোমালোকৰ পৰীক্ষাহে লৈছিলোঁ । সেই পৰীক্ষাত একমাত্ৰ তুমিহে উত্তীৰ্ণ হ’লা (সত্যব্ৰতে সভক্তিৰ মূৰ দোঁৱাই সেৱা কৰে)। তুমিহে মোক প্ৰকৃত গুৰুদক্ষিণা দিবলৈ সক্ষম হ’লা । যোৱা, এতিয়া সকলোকে মোৰ কাষলৈ মাতি আনা ।
সত্যব্ৰত :- হয় গুৰুদেৱ । (সত্যব্রতে প্ৰস্থান কৰে । গুৰুৱে আনন্দৰে তেওঁলৈ চাই থাকে )
(আঁৰ কাপোৰ পৰে ।)
Sl. No | Contents (Class 6 Assamese) |
1 | সবাতোকৈ আপোন |
2 | বুধিয়ক বীৰবল |
3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
4 | বিহু আদৰণি |
5 | গুৰুদক্ষিণা |
6 | মিত্ৰামিত্ৰ |
7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
8 | বেবেৰিবাং |
9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ |
10 | মহীয়সী হেলেন কিলাৰ |
11 | সঞ্চয় |
12 | মনোৰম মাজুলী |
13 | আৱিস্কাৰৰ কাহিনী |
14 | স্কাউট আৰু গাইড |
15 | মহো-হো গীত |
প্ৰশ্ন ১৫) চাৰি-পাঁচজনীয়া দলত ভাগ হৈ এই বছৰৰ ৫ ছেপ্টেম্বৰৰ দিনটো তোমালোকে কেনেদৰে পালন কৰিবা, তাৰ আঁচনি প্ৰস্তুত কৰা ।
উত্তৰ— অহা ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনটো তলত দিয়া ধৰনে আমাৰ শ্ৰেণীত উৎযাপন কৰাৰ আঁচনি লোৱা হৈছে ।
(১) পুৱা ৯ বজাত সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্রেণীকোঠাত উপস্থিত হৈ কোঠাত সজাব । ইয়াৰ বাবে শ্ৰেনী কোঠাটো সজাবলৈ প্ৰয়োজন হোৱা ফুলদানি, টেবুল কাপোৰ সংগ্ৰহ কৰিবলৈ অমলক দায়িত্ব দিয়া হ’ল ।
(২) ছাত্র-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ধনেৰে কেঁচা বুত আৰু অন্যান্য খোৱাবস্তু অনা হ’ব । লগতে প্ৰতিজন বিষয় শিক্ষক আৰু প্ৰধান শিক্ষকৰ বাবে মুঠ ছখন ফুলাম গামোচাও কিনা হ’ব ।
(৩) ১০ বজাত শিক্ষাগুৰুসকলক শ্ৰেণীকোঠালৈ আদৰি অনা হ’ব আৰু তেখেতসকলৰ প্ৰত্যেককে একোখনকৈ ফুলাম গামোচাৰে সম্বধৰ্ণা জনোৱা হ’ব ।
(৪) শিক্ষক দিবস উপলক্ষ্যে আয়োজন কৰা বক্তৃতা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী ফালৰ পৰা বিদিশা আৰু নয়নে ক্ৰমে ৰাধাকৃষ্ণনৰ জীৱন আৰু কৰ্মৰ ওপৰত চমু বক্তব্য ৰাখিব । লগতে প্ৰধান শিক্ষককো চমু ভাষন ৰাখিবলৈ অনুৰোধ কৰা হ’ব ।
প্ৰশ্ন ১৬) ‘গুৰুদক্ষিণা’ সাধুটোৰ পৰা আমাৰ পুৰণি শিক্ষা ব্যৱস্থা বিষয়ে পাঁচটা বাক্য লিখা ।
উত্তৰ— প্ৰাচীন কালত ভাৰতবৰ্ষত টোল বা গুৰুগৃহত থাকি শিক্ষা লাভ কৰাৰ ব্যৱস্থা আছিল। তেতিয়াৰ দিনত পাঠদান সম্পূৰ্নৰূপে বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা আছিল। কৃতজ্ঞতাৰ চিন স্বৰূপে শিষ্যই গুৰুক কেৱল গুৰুদক্ষিণা দিছিল। শিষ্যসকলে খুজি-মাগি যি পাইছিল তাকে গুৰুৰ চৰনত অৰ্পণ কৰিছিল আৰু গুৰুয়েও সেইখিনিকে আনন্দ মনেৰে গ্ৰহণ কৰিছিল। টোল সমূহত ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰ শিকোৱা হৈছিল ।
প্ৰশ্ন ১৭) গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা ।
উত্তৰ— ১৯৪৮ চনৰ ২৬ জানুৱাৰীত প্ৰতিষ্ঠা কৰা গুৱাহাটি বিশ্ববিদ্যালয় হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় । অসমৰ ৰাজ্যপাল হৈছে ইয়াৰ আচাৰ্য । (বিতং ভাৱে শিক্ষকৰ পৰা জানি লোৱা।)
জানো আহা
পালিভাষাত লিখা বৌদ্ধধৰ্মৰ জাতকমালাই হৈছে ‘জাতকৰ সাধু’ৰ মূল । জাতক শব্দৰ অৰ্থই জন্ম সম্পৰ্কীয় বিষয়ক বুজায়। ‘জাতকমালা’ত ভগৱান বুদ্ধৰ ৫৪৭ টা জন্মৰ কথা উল্লেখ আছে । ইয়াৰ লিখক হিচাপে আচাৰ্য বুদ্ধঘোষকেই ভবা হয় যদিও ইয়াৰ লিখক আচলতে এজন নহয়।বেলেগ বেলেগ সময়ত ভিন ভিন লিখকে এইবোৰ ৰচনা কৰিছিল।
জাতকবোৰ ঘাইকৈ নীতিকথামূলক। এই সাধুবোৰৰ পৰা পুৰণি ভাৰতবৰ্ষৰ বিষয়ে বহু কথা জানিব পাৰি । |
প্ৰশ্ন ১৮) ছবি দুখন চাই কি দেখিছা কোৱা ।
উত্তৰ— প্ৰথম ছবিখনত শিক্ষক দিৱস উপলক্ষে এগৰাকী ছাত্ৰীয়ে শিক্ষাগুৰুক সম্বধৰ্ণা জনোৱা দেখা গৈছে । দ্বিতীয়খন ছবিত এগৰাকী ছাত্ৰীয়ে শিক্ষক দিৱস অনুষ্ঠানত ভাষণ দিয়া দেখা গৈছে ।
প্ৰশ্ন ১৯) ছবিখনত থকা শব্দৰে নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা ।
উত্তৰ— ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয়সমূহৰ ভিতৰত নালন্দা বিশ্ববিদ্যালয় হৈছে অন্যতম । এই বিশ্ববিদ্যালয়ত দেশ-বিদেশৰ হাজাৰ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল । ইয়াত বিজ্ঞান, আধ্যাত্মিক আৰু সংস্কৃতিৰ লগতে বিভিন্ন বিষয়ৰ চৰ্চা হৈছিল । তেতিয়াৰ দিনতো ইয়াত ন্যায়, দৰ্শন, চিকিৎসা বিজ্ঞান আৰু গণিত আদি বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল ।
ঘ- প্ৰকল্প
♦ ল’ৰাৰ জাতক, পঞ্চতন্ত্ৰ নাইবা বাতৰি কাকাতৰ শিশু-শিতানত প্ৰকাশ পোৱা সাধু সংগ্ৰহ কৰি পঢ়া । তাৰে দুটা সাধুৰ নাম, লেখকৰ নাম আাৰু সাধু দুটা চমুকৈ লিখা ।
উত্তৰ— তোমালোকে নিজে কৰা ।
(adsbygoogle = window.adsbygoogle || []).push({});