SCERT class 6 Assamese Chapter 2 বুধিয়ক বীৰবল free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 2 solutions.
বুধিয়ক বীৰবল
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১) তলৰ ছবি দুখনে সাধুটোৰ কোন অংশ প্ৰকাশ কৰিছে কোৱা ।
উত্তৰ- প্ৰথম ছবি :- ফেঁচা দুটাই কি কথা পাতি আছে সম্ৰাট আকবৰে বীৰবলৰ পৰা জানিব বিচাৰিছিল ।
দ্বিতীয় ছবি :- দুখন অৰণ্যৰ ৰজা ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।
প্ৰশ্ন ২) ‘বুধিয়ক বীৰবল’ কাহিনীটো নিজৰ কথাৰে কোৱা ।
উত্তৰ- ডেকা বয়সত সম্ৰাট আকবৰ চিকাৰ প্রিয় আছিল । তেওঁ চিকাৰলৈ যাওঁতে সদায় বীৰবলক লগত নিছিল । কিন্তু বীৰবলে সম্ৰাটৰ চিকাৰকাৰ্য ভাল নাপাইছিল । আৰু এই কথা ক’লে সম্ৰাটে বেয়া পাব বুলি ভাবি মুখ ফুটাই একো ক’বও পৰা নাছিল। । এদিনাখন দুয়ো চিকাৰলৈ যাওঁতে ভাগৰ লগাত এজোপা গছৰ তলত জিৰাইছিল । আৰু ঠিক সেইসময়তে গছজোপাত দুটা ফেঁচাই কুৰুলিয়াই আছিল । সিহঁতে কথা পাতি থকা যেন লাগিছিল । তেতিয়া আকবৰে বীৰবলক ক’লে যে; যিহেতু বীৰবলে পশু-পক্ষীৰ মাত বুজি পায় গতিকে ফেঁচা দুটাইনো কি কথা পাতি আছে তেওঁক ক’ব লাগে । তেতিয়া বীৰবলে ফেঁচা দুটাৰ কথা শুনাৰ ভাও জুৰিলে আৰু ক’লে যে; দুখন অৰণ্যৰ ৰজা সেই ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে । ৰাজকোঁৱৰৰ পিতৃ ফেঁচাটোৱে সুধিছে যে বন্য সমাজৰ নিয়ম অনুসৰি ৰাজকন্যাৰ লগত বিয়াত; চল্লিশখন পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব নে নাযাব ।
তেতিয়া ৰাজকন্যাৰ পিতাকে কৈছে যে বর্তমানে পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব । চল্লিশখন পশু-পক্ষী নথকা অৰণ্য দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব । তেতিয়া চল্লিশখনেই নহয়, পঞ্চাশখনতকৈ অধিক পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব । এই কথাত আচৰিত হৈ আকবৰে বীৰবলক সুধিলে যে ফেঁচাটোৱে এই কথা কেনেদৰে ইমান দৃঢ়কৈ ক’ব পৰিছে । তেতিয়া বীৰবলে ক’লে যে; ফেঁচাটোৱে অনুমান কৰিছে যে সম্রাটে যিটো হাৰত চিকাৰ কৰি আছে, অনাগত দুমাহত অচিৰেই আৰু বিশ-ত্ৰিশখন হাবিৰ পশু-পক্ষী নিঃশেষ হৈ যাব ।
বীৰবলৰ এইখিনি কথা শুনাৰ পাছত আকবৰে বাৰুকৈয়ে উপলব্ধি কৰিলে যে এনেকৈ চিকাৰ কৰি থাকিলে এটা সময়ত অৰণ্যত পশু-পক্ষী নোহোৱা হৈ পৰিব । তেওঁ আৰু ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত লৈ ৰাজপ্ৰসাদলৈ উলটি গুছি গ’ল ।
প্ৰশ্ন ৩) কোৱা আৰু লিখা ।
(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল ?
উত্তৰ- অৰণ্যত চিকাৰ কৰি সম্ৰাট আকবৰে ভাল পাইছিল ।
(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল ?
উত্তৰ- ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ফেঁচা দুটাই কি কথা পাতি আছে । যিহেতু আকবৰে ভাবিছিল যে বীৰবলে পশু-পক্ষীৰ মাত বুজি পায়।
(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল ?
উত্তৰ- আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা । সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।
(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ?
উত্তৰ- পশু-পক্ষী নোহোৱা চল্লিশখন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ।
(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল ?
উত্তৰ- ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব বুলি কৈছিল ।
(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল ?
উত্তৰ- কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক দিব পাৰিব, সেই কাৰণে দুমাহৰ সময় বিচাৰিছিল।
(ছ) অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল ?
উত্তৰ- অৰণ্যত অহৰহ চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি ৰাজকণ্যাৰ পিতৃ ফেঁচাটোৱে অনুমান কৰা বুলি বীৰবলে কৈছিল ।
(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ?
উত্তৰ- বীৰবলৰ কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু-পক্ষী শেষ হৈ যাব ।
(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল ?
উত্তৰ- আকবৰে শেষত বীৰবলক কৈছিল যে তেওঁলোকৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো আকবৰৰ নাইকিয়া হ’ল।
প্ৰশ্ন ৪) পাঠটোৰ কঠিন শব্দবিলাকৰ অৰ্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা ।
উত্তৰ- শিক্ষকৰ সহায় লৈ নিজে কৰা ।
প্ৰশ্ন ৫) দলত আলোচনা কৰি উত্তৰ লিখা ।
(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে ? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল ?
উত্তৰ- আকবৰে কোৱাৰ দৰে বীৰবলে আচলতে পশু-পক্ষীৰ মাত বুজি পোৱা নাছিল । কিন্তু বন্য পশু-পক্ষী যে চিকাৰ কৰা অনুচিত সেই নীতি শিক্ষা আকবৰক দিবৰ বাবে বীৰবলে পশু-পক্ষীৰ মাত বুজি পোৱাৰ ভাও জুৰিছিল ।
(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে ?
উত্তৰ- উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলে ।
প্ৰশ্ন ৬) কোনে কাক কিয় কৈছিল ?
(ক) “কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক’ব পৰিছে ?”
উত্তৰ- উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল ।
গছৰ ডালত কুৰুলিয়াই থকা ফেঁচা দুটাৰ কথোপকথন বুজি পোৱাৰ ভাও জুৰি বীৰবলে কৈছিল যে, ৰাজকন্যাৰ পিতৃয়ে দুমাহৰ পাছত পঞ্চাশখনতকৈও অধিক পশু-পক্ষী হীন অৰণ্য দিব পৰা যাব বুলি কৈছে । তেতিয়া বীৰবলৰ সেই কথা শুনি আকবৰে কথাষাৰ কৈছিল ।
(খ) “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল । গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ ।”
উত্তৰ- উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল ।
বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটক বুজাব বিচাৰিছিল যে পশু পক্ষীৰ চিকাৰ কৰাতো ভাল কথা নহয় আৰু সম্ৰাটে সেই অভ্যাস এৰিব লাগে । তেতিয়াই আকবৰে ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত কথাষাৰ কৈছিল ।
প্ৰশ্ন ৭) পাঠটো পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে দুটাকৈ নতুন শব্দ লিখা । যেনে-
চল্লিশ | ল্ল | দিল্লী | কল্লোল |
উত্তৰ-
সম্ৰাট | ম্ৰ | নম্ৰ | ম্ৰিয়মান |
কিন্তু | ন্তু | সন্তুষ্ট | জন্তু |
বিতুষ্ট | ষ্ট | অষ্টম | কষ্ট |
সন্তান | ন্ত | হেমন্ত | অন্তৰ |
পঞ্চাশ | ঞ্চ | চঞ্চল | অঞ্চল |
উপলব্ধি | ব্ধ | ক্ষুব্ধ | স্তব্ধ |
খ – ভাষা অধ্যয়ন (ব্যবহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৮) পাঠটোত পশুপক্ষী, জীৱ-জন্তু আদিৰ যুৰীয়া শব্দ পাইছা । এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ । দলত ভাগ হৈ বিভিন্ন যুৰীয়া শব্দ লিখা ।
উত্তৰ- আই-বোপাই, সুখ-দুখ, নদ-নদী, জান-জুৰি, আজি-কালি, ৰীতি-নীতি, পুথি-পাঁজি, কাম-বন, চাল-চলন, আচাৰ-ব্যৱহাৰ, আপদ-বিপদ, পঢ়া-শুনা, টকা-পইচা, কাপোৰ-কানি, বিয়া-সবাহ, আকাশ-পাতাল, দোষ-গুণ, অঙহী-বঙহী, আইন-কানুন, অভাৱ-অনাটন, তুতি-মিনতি, স্বভাৱ-চৰিত্ৰ, পৰীক্ষা-নিৰীক্ষা, লম্ফ-জম্ফ ।
প্ৰশ্ন ৯) “সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে ।” এই বাক্যটোত ‘ভাও জুৰিলে‘ খণ্ড বাক্যই এনেয়ে শুনি থকা যেন বুজাইছে ?
তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘জুৰিলে‘ শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে কোৱা ।
(ক) ভোজৰ ভাত-আঞ্জা কাণে কাণ মাৰিহে জুৰিলে।
উত্তৰ- এই বাক্যটোত ‘কাণে কাণ মাৰিহে জুৰিলে’ খণ্ড বাক্যই যেনে তেনে অতাটো বুজাইছে ।
(খ) ৰামচন্দ্ৰই ধনুত বাণ জুৰিলে ।
উত্তৰ- এই বাক্যটোত ‘বাণ জুৰিলে’ খণ্ড বাক্যই ধনুত বাণ লগোৱা বুজাইছে ।
(গ) তাঁত-বাটি জুৰিলে বোৱনীৰ গাত তৎ নাথাকে ।
উত্তৰ- এই বাক্যটোত ‘তাঁত-বাটি জুৰিলে’ খণ্ড বাক্যই আৰম্ভ কৰা বুজাইছে ।
(ঘ) পুনীযে পুখুৰী জুৰিলে তাৰ বিধান মৰা টান ।
উত্তৰ- এই বাক্যটোত ‘পুখুৰী জুৰিলে’ খণ্ড বাক্যই ভৰি পৰা বুজাইছে ।
প্ৰশ্ন ১০) “কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে !”
ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা ‘কথা পাতি’ বাক্যাংশই আলোচনা কৰা অৰ্থ প্ৰকাশ কৰিছে । সেইদৰে ‘কথা’ শব্দটোৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচকেইটা চোৱা । শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা ।
কথা ক কথা ল কথা-বতৰা কথা হ কথা চোৱা কথা-চহকী |
উত্তৰ- কথা ক → মুখেৰে প্ৰকাশ কৰা/ভাব প্ৰকাশ ।
কথা ল → প্ৰতিশ্ৰুতি আদায় কৰা ।
কথা-বতৰা → কথোপকথন ।
কথা হ → কোনো বিশেষ উদ্দেশ্যত আলোচনা কৰা ।
কথা চোবা → অবাবত কথা কৈ থকা/প্ৰয়োজনে-অপ্ৰয়োজনে কথা কোৱা ।
কথা-চহকী → বেছিকৈ কথা কওঁতা ।
প্ৰশ্ন ১১) বাক্য ৰচনা কৰা ।
কথা-চহকী কথা চোবা কথা শুন কথা ৰাখ্
উত্তৰ- কথা-চহকী → মধু এজন কথা-চহকী ল’ৰা ।
কথা চোবা → পৰীক্ষা শেষ হ’ল বুলিয়েই ছাত্ৰ-ছাত্ৰীয়ে সমনীয়াৰ লগত কথা চোবাই থাকিব নালাগে ।
কথা শুন → অকনে মাক দেউতাকৰ কথা শুনি ভাওনালৈ নগ’ল ।
কথা ৰাখ্ → নিজৰ মুখৰ কথা ৰাখি হৰি দেৰিকৈ হ’লেও বিয়া ঘৰ পালেহি ।
গ – জ্ঞান সম্প্ৰসাৰণ
প্ৰশ্ন ১২) তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে ? চৰাইবোৰ কি কাৰণত কমি যায় ? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ সম্পৰ্ক কি ? দলত আলোচনা কৰা । প্ৰয়োজনবোধে শিক্ষকৰ সহায় ল’বা ।
উত্তৰ- আমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছে ।
চৰাইৰ সংখ্যা কমাৰ বহুতো কাৰন আছে । ইয়াৰ ভিতৰত প্ৰধান চাৰিটা কাৰন হৈছে-
(ক) বাসস্থানৰ অভাৱ
(খ) খাদ্যৰ অভাৱ
(গ) চৰাই চিকাৰীৰ উপদ্ৰৱ
(ঘ) প্ৰদূষণ
(ঙ) মহামাৰী তথা প্ৰাকৃতিক দুৰ্যোগ
চৰাইৰ প্ৰধান আশ্ৰয়স্থল হৈছে গছ । কিন্তু বৰ্তমান সময়ত মানুহে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত চৰাই-চিৰিকতিৰ আশ্ৰয়স্থল বহু পৰিমানে কমি গৈছে । মহামাৰী তথা প্ৰাকৃতিক দুৰ্যোগতো বহুতো চৰাইৰ মৃত্যু হৈছে | দিনক দিনে বাঢ়ি অহা প্ৰদূষণয়েও পক্ষীকুলৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাইছে । খাল বিলকে ধৰি বিভিন্ন ধৰনৰ জলাশয় তথা খেতি পথাৰ কমি যোৱাৰ ফলত খাদ্য সংকটেও দেখা দিছে ।
প্রশ্ন ১৩) অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম লিখা । কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত, শিক্ষকক বা ডাঙৰক সুধি লৈ তিনি-চাৰিটা বাক্যত লিখা ।
উত্তৰ- অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখন হ’ল-
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(খ) মানস ৰাষ্ট্ৰীয় উদ্যান
(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান
(ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
(চ) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
(ছ) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যানৰ নাম | কিয় বিখ্যাত |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত |
মানস ৰাষ্ট্ৰীয় উদ্যান | বনৰীয়া হাতী আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত |
নামেৰি ৰাষ্ট্ৰীয় উদ্যান | ৰঙা পাণ্ডা, বাঘ, ধোঁৱাবৰণীয়া নাহৰফুটুকী বাঘৰ বাবে বিখ্যাত । |
ওৰাং ৰাষ্ট্ৰীয় উদ্যান | ক’লা ডিঙিৰ বগলী, পেলিকান, বনৰীয়া হাতী, বাঘ আদিৰ বাবে বিখ্যাত । |
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান | বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত । |
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান | হলৌ বান্দৰ, দেওহাঁহ, ধনেশ পক্ষীৰ বাবে বিখ্যাত । |
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান | সোণালী বান্দৰৰ বাবে বিখ্যাত । |
প্ৰশ্ন ১৪) তলৰ তালিকাখনৰ কোনকেইবিধ চৰাই তুমি চিনি পোৱা ? চিনি পোৱা যিকোনো তিনিবিধ চৰাইৰ বিষয়ে তিনি-চাৰিটা বাক্য লিখা ।
উত্তৰ-
ভাটৌ চৰাই :- ভাটৌ এবিধ সেউজবুলীয়া ৰঙা ঠোঁটৰ নিমজ পিঠিৰ চৰাই। ই মানুহৰ মাত অনুকৰণ কৰিব পৰা কেইবিধমান চৰাইৰ ভিতৰত অন্যতম । ভাটৌয়ে সাধাৰনতে জাক পাতি থাকিবলৈ ভাল পায় আৰু কোঢ়াল কৰি আহাৰ খায়। ইহতেঁ বাহ সাজিব নাজানে, সেইবাবে গছৰ ধোন্দত, বাস কৰে ।
কুলি চৰাই :- সাধাৰনতে বসন্ত কালতহে দেখিবলৈ পোৱা কুলি চৰাইৰ মাতটো শুৱলা যদিও দেখিবলৈ মুঠেই ধুনীয়া নহয়। ই দেখিবলৈ ঠিক কাউৰীৰ দৰে কিন্তু আকাৰত অলপ সৰু । কুলি চৰায়ে কেতিয়াও বাহ নাসাজে আৰু সদায় কাউৰীৰ বাহত কণী পাৰে। ইহতঁৰ প্ৰধান খাদ্য হৈছে সকলো ৰকমৰ ৰসাল গছৰ গুটি আৰু পলু, পোক-পৰুৱা আদি ।
কপৌ চৰাই :- কপৌ চৰাই অসমৰ সকলো ঠাইতে দেখা যায় । ইহঁতে সাধাৰনতে ডাঠ বাঁহনি, পৰ্বতীয়া ঠাইত থাকি ভাল পায়। কপৌ চৰাই বৰ নিৰ্জু প্ৰকৃতিৰ আৰু ইহঁতে কেতিয়াও কাৰো একো অপকাৰ নকৰে ।
Sl. No | Contents (Class 6 Assamese) |
1 | সবাতোকৈ আপোন |
2 | বুধিয়ক বীৰবল |
3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
4 | বিহু আদৰণি |
5 | গুৰুদক্ষিণা |
6 | মিত্ৰামিত্ৰ |
7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
8 | বেবেৰিবাং |
9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ |
10 | মহীয়সী হেলেন কিলাৰ |
11 | সঞ্চয় |
12 | মনোৰম মাজুলী |
13 | আৱিস্কাৰৰ কাহিনী |
14 | স্কাউট আৰু গাইড |
15 | মহো-হো গীত |
প্ৰশ্ন ১৫) চৰাইৰ ছবি কেইখন চোৱা আৰু তলত নামটো লিখা ।
উত্তৰ- শগুন, কুলি, বুলবুলি ।
ঘ – প্ৰকল্প
Class 6 Assamese Lesson 2
♦ তিনিবিধ চৰাইৰ নাম আৰু সেই চৰায়ে বাহ সজা ঠাই বা গছৰ নাম লিখা । কাষত প্ৰতিটো চৰাইৰ ঠোঁট আঁকি দেখুওৱা ।
উত্তৰ-
চৰাইৰ নাম | বাহ সজা ঠাই বা গছৰ নাম | ঠোঁটৰ ছবি |
ধনেশ চৰাই | ধনেশ চৰায়ে বাহ সাজিব নাজানে, গছৰ খোৰোঙতহে বাহ লয়। | নিজে আঁকা |
চিলনী | ওখ গছৰ ডালত শুকান ডাল-পাতেৰে বাহ সাজে। | নিজে আঁকা |
বৰটোকোলা | ওখ শিমলু গছত বাহ সাজে । | নিজে আঁকা |