Class 6 Assamese Chapter 4 বিহু আদৰণি

SCERT class 6 Assamese Chapter 4 বিহু আদৰণি free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 4 solutions.

বিহু আদৰণি

ক্ৰিয়া-কলাপ

ক- পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন ১) কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ।

উত্তৰ- ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

প্রশ্ন ২) লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা ।

উত্তৰ- ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

প্রশ্ন ৩) চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা ।

উত্তৰ-

শব্দ অৰ্থ
চ’তাই চ’ত মাহক সম্বোধন কৰি মতা নাম।
থেৰেজু কৰ্জা টেঙা
আওলা ঘৰৰ চালৰ বেৰৰ বাহিৰে ওলাই থকা অংশ ৷
বৰ্হমথুৰি ওঠ ৰঙীন কৰা এবিধ গছৰ থুৰি পাত বা চুপহি
বাহঁত চাত গৰু বিহুৰ দিনা গা ধুৱাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা, বেঙেনা, হালধী আদি সি লোৱা দুই – তিনি ফেৰেঙনি থকা বাঁহৰ কামীৰ শলা
সুগৰ চাফা, পৰিস্কাৰ
আঁচু কাপোৰত ফুল তুলিবলৈ বুলোৱা সুতা
ভমকা ডাঙৰ আৰু উজ্জ্বল
ৰচঙ্গা ৰং চঙীয়া, বহুৰঙী, নানা বৰণীয়া
খোলা মাটিৰ চৰু বিশেষ
শাল কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সজুলি
দিহা কোনো বেমাৰ ভাল কৰিবলৈ বা আহুকাল দূৰ কৰিবলৈ কৰা ব্যৱস্থা

প্রশ্ন ৩) উত্তৰ দিয়া।

(ক) চ’তাই বুলি কবিয়ে কাক কৈছে?

উত্তৰ- চ’তাই বুলি কবিয়ে চ’ত মাহক বুজাইছে ।

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে ?

উত্তৰ- জেতুকা আৰু থেৰেজুৰ লগত বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে ।

(গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে ?

উত্তৰ- মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা অৰ্থাৎ আগচালি জুৰি পেলোৱাৰ কথা কোৱা হৈছে ।

(ঘ) বাহঁত চাত কিহেৰে সজালে?

উত্তৰ- বাহঁত চাত হালধি, থেকেৰা,আৰু বেঙেনাৰে সজালে ।

(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে ?

উত্তৰ- বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌফুল আনিলে ।

(চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে ?

উত্তৰ- কবিয়ে চ’তাইক ৰঙালীক আদিৰ আনিবলৈ কাবৌ কৰিছে ।

প্রশ্ন ৫) কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা ।

উত্তৰ- কবিতাটিৰ কথাখিনিৰ মাজেৰে কবিয়ে অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি সৰ্ম্পকে এটি সম্যক চিত্ৰ অংকন কৰিছে । কবিয়ে চ’তাই অৰ্থাৎ চ’ত মাহক পেপা বজাই ৰঙালী বিহুক আনিবলৈ কৈছে । আৰু লগতে কৈছে যে বিহু আহিব বুলি  ৰৈ ৰৈ আমনি লাগিছে । জেতুকা, থেৰেজু, বহৰ মথুৰি, মাখিয়তী পাত, তৰাৰ পঘা আদি সকলো যোগাৰ কৰি থৈছে । গৰু বিহুৰ বাবেও হালধী, থেকেৰা, বেঙেনাৰে বাহঁত চাত সজোৱাও হ’ল । ঢােল, পেঁপা, টকাও পৰিষ্কাৰ কৰিলে । ভমকা ফুলিয়া গামােচাও আয়ে শালৰ পৰা কাটিলে । বায়ে ৰচঙ্গা কপৌ ফুল আনিছে । পিতায়ে নাহৰৰ ডালি আনিছে । খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ আগ সুন্দৰকৈ মচি থৈছে। । গতিকে কবিয়ে চ’তাইক সোনকালে ৰঙালী বিহুক আদৰি আনিবলৈ কাবৌ কৰিছে ।

খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৬) বাক্য ৰচনা কৰা ।

জেতুকা, ভমকা, আঁচু, শাল, দিহা

উত্তৰ-

জেতুকা প্ৰতি ব’হাগ বিহুত নয়নাই হাতত জেতুকা বুলায় ।

ভমকা দেবিকাই পুতেকলৈ বুলি এখন ভমকা ফুলীয়া গামোছা সাজু কৰিছে ।

আঁচু আইতাই গামোছাত ধুনীয়া আঁচুৰ ফুল তুলিছে ।

শাল আজিকালি অসমীয়াৰ ঘৰত তাত শাল পাবলৈ টান ।

দিহা জেষ্ঠজনৰ দিহা বোৰ মন দি শুনিব লাগে।

প্ৰশ্ন ৭) লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা ।

খুড়ী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই

উত্তৰ-

পুংলিংগ স্ত্ৰীলিংগ
পিতাই খুড়ী
ককাই আইতা
জোঁৱাই বাইদেউ
আই
শাহু
ননন্দ

প্ৰশ্ন ৮) শব্দবোৰ বহুবচনত প্ৰকাশ কৰা ।

ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰ-

একবচন বহুবচন
ককাই ককাইহঁত
গামোচা গামোচাবোৰ
মানুহ মানুহবিলাক
পিঠা পিঠাখিনি/ পিঠাবোৰ
বাইদেউ বাইদেউহঁত

প্ৰশ্ন ৯) অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ।

টকা       বাত       থাল         জুৰি

টকা       বাট       ঠাল          জুৰি

উত্তৰ-

টকা : হলিৰাম মহাজনে বহুত টকা খৰছ কৰি পুতেকৰ বিয়া পাতিছে।

টকা: বহাগ মাহত ঢোল পেঁপা টকাৰ মাতত আমাৰ গাওঁ ৰজনজনাই থাকে।

বাত : বাত শৰীৰৰ এক যন্ত্ৰনাদায়ক ৰোগ।

বাট : সত্য আৰু শুদ্ধ বাটেৰে আগবাঢ়িলে জীৱন সুন্দৰ হয়।

থাল : অমলে বজাৰৰ পৰা তিনিখন চিনামাটিৰ থাল কিনি আনিছে।

ঠাল : হৰিয়ে ঘৰলৈ বুলি গছৰ শুকান ঠালবোৰ কাটিছে।

জুৰি : বানপানীয়ে ঘৰ-দুৱাৰ উটুৱাই নিয়াত ভদায়ে ৰাউচি-জুৰি কান্দিছে।

জুৰি : আমাৰ গাৱৰ মাজেৰে এটা জুৰি বৈ গৈছে।

প্রশ্ন ১০) ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা ।

উত্তৰ- বিহু অসমৰ জাতীয় উৎসৱ। বিহু বুলি ক’লে অসমৰ ডেকা, বুঢ়া, জীয়ৰী, বোৱাৰীৰ গাত তত নাইকীয়া হয় । আমাৰ বিহু তিনিটা । ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু । ব’হাগ বিহুক ৰঙালী বিহু, কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বুলিও কয় । চ’ত মাহৰ শেষৰ দিনাৰ পৰা অৰ্থাৎ সংক্ৰান্তিৰ দিনাৰ পৰা সাত দিনলৈ গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু আদি নামেৰে ৰঙালী বিহু পালন কৰা হয় । কাতি বিহুত তুলসী তল, ভঁৰাল ঘৰ, ধাননি পথাৰ আদিত ভক্তিৰে চাকি জ্বলাই লখিমীৰ আৱাহন কৰা হয় । ভোগালী বিহু ভোগৰ উৎসৱ । এই বিহুত মেজি আৰু ভেলাঘৰ সাজি, বিহুনাম গাই, লগভাত খোৱা হয় আৰু বিহুৰ দিনা মেজি জ্বলাই অগ্নিদেৱতাৰ পূজা কৰা হয় ।

Sl. No Contents (Class 6 Assamese)
1 সবাতোকৈ আপোন
2 বুধিয়ক বীৰবল
3 অসমীয়া ভাষাৰ বিকাশৰ কথা
4 বিহু আদৰণি
5 গুৰুদক্ষিণা
6 মিত্ৰামিত্ৰ
7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
8 বেবেৰিবাং
9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
10 মহীয়সী হেলেন কিলাৰ
11 সঞ্চয়
12 মনোৰম মাজুলী
13 আৱিস্কাৰৰ কাহিনী
14 স্কাউট আৰু গাইড
15 মহো-হো গীত

গ- জ্ঞান সম্প্ৰসাৰন

প্ৰশ্ন ১১) তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা ।

উত্তৰ- যিহেতু ৰঙালী বিহু হৈছে ৰঙৰ উৎসৱ গতিকে আমাৰ গাঁৱতো বিৰাট উৎসাহ উদ্দীপনা তথা ৰং-ৰহৈছৰ মাজেৰে ৰঙালী বিহু পালন কৰা হয় । চ’ত মাহৰ আৰম্ভনিৰ পৰাই ৰঙালীক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈ যায় । গাৱৰ জীয়ৰী-বোৱাৰীহঁতে বহুদিনৰ আগৰে পৰাই শালত লগোৱা ফুলাম গামোচা বিহুৰ আগে আগে কাটি উলিয়াই । গৰু বিহু অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা সকলোৱে নৈৰ ঘাটলৈ গৈ গৰুক গা-পা ধুৱাই দিয়ে । তাৰ পাছত গধুলি দীঘলতী, মাখিয়তীৰ পাতেৰে গৰুবোৰক কোবাই কোবাই, গালৈ লাও, বেঙেনা আদি ছটিয়াই গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে। লগতে মুখেৰে গায়-

লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু

গৰু বিহুৰ পিছদিনা মানুহ বিহু, সিদিনা সৰুৱে ডাঙৰক তামোল-পাণ, গামোচাৰে সেৱা-সৎকাৰ কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে । গোঁসাই বিহুৰ দিনাখন সকলোৱে নাম-কীৰ্তন কৰে । বিহুৰ আটাইকেইটা দিনতে গাঁৱৰ ডেকাসকলে মানুহৰ চোতালে চোতালে হুঁচৰি গাই ফুৰে আৰু ইঘৰে সিঘৰত চাহ জলপান খাবলৈ যায়। বিহুৰ শেষৰ দিনা বিদ্যালয়ৰ খেলপথাৰত এখনি মুকলি বিহুৰ আয়োজন কৰা হয় । একেখিনি ঠাইতে সন্ধিয়া এখন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় য’ত স্থানীয় গায়ক-গায়িকা সকলে গীত পৰিবেশন কৰে।

প্ৰশ্ন ১২) দলত আলোচনা কৰি বস্তুকেইপদেৰে আমি কি কি কৰোঁ লিখা ।

উত্তৰ-

(ক) জেতুকা পাত        (খ) বৰ্হমথুৰি

(গ) পঘা                  (ঘ) কপৌ-ফুল

(ঙ) বিহুৱান             (চ) মাখিয়তী

(ক) জেতুকা পাত :- জেতুকা পাতবোৰে পটাত পিহি হাতৰ তলুৱা আৰু আঙুলিত লগোৱা হয়।

(খ) বৰ্হমথুৰি :- ইয়াৰ থুৰিবোৰ চোবাই চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙীন কৰা হয় ।

(গ) পঘা :- মৰাপাটৰ আঁহেৰে তৈয়াৰী ৰছীৰে পঘা প্ৰস্তুত কৰা হয় ।

(ঘ) কপৌ-ফুল :- নাচনীয়ে খোপাত মাৰিবলৈ ব্যৱহাৰ কৰে ।

(ঙ) বিহুৱান :- বিহুত দিবলৈ বৈ উলিওৱা ফুলাম গামোচা ।

(চ) মাখিয়তী :- গৰু বিহুৰ দিনা গৰুক মাখিয়তী পাতেৰে লাহে লাহে কোবোৱা হয় ।

প্ৰশ্ন ১৩) তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয়, দলত আলোচনা কৰি লিখা ।

পেঁপা গগনা ঢোল হাৰমনিয়াম

খোল সুতুলি তাল ঢাক টকা গীটাৰ

উত্তৰ- বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা বাদ্যকেইবিধ হৈছে- পেঁপা, গগনা, ঢোল, সুতুলি, তাল, আৰু টকা ।

জানো আহা

মঘাই ওজা

  মঘাই ওজা অসমৰ গণসাংস্কৃতিক জগতখনৰ এক উজ্জ্বল প্ৰতিভা। পাঁচবছৰ বয়সতে পিতৃক হেৰুৱাই মঘাই ওজা নিথৰুৱা হৈ পৰিছিল। ফলত তেনেই কম বয়সতে তেখেতৰ শিক্ষা জীৱনৰ ওৰ পৰিছিল। জীৱিকা নিৰ্বাহৰ পথ হিচাপে তেখেতে প্ৰথমে যোগালি কামত সোমাই তাৰ ধনেৰে এটা ঢোল কিনি ঢোল বাদনৰ যাত্ৰাত প্ৰথম খোজ দিছিল মঘাই ওজাই ঢোলৰ শিক্ষা লৈছিল ঢুলীয়া ডিম্বেশ্বৰ গগৈৰ পৰা। প্ৰসিদ্ধ শিল্পী হেমাংগ বিশ্বাসে মঘাই ওজাক পঞ্চাশৰ দশকতে সাংস্কৃতিক জগতখনলৈ উলিয়াই আনি জনমানসত প্ৰতিষ্ঠা কৰিছিল। দৰিদ্ৰতা আছিল তেখেতৰ আজন্ম লগৰী। আৰ্থিক সংকটে তেখেতক সংস্কৃতি সাধনাৰ পৰা বিৰত কৰিব পৰা নাছিল।

প্রশ্ন ১৪) তাঁত-শালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা

উঘা, চেৰেকী, টোলোঠা, ৰাঁচ, মহুৰা, নাচনী, গৰকা, যঁতৰ, নেওঠনী

উত্তৰ-

উঘা :- তাঁত বাটি কৰিবলৈ বাঁহেৰে নিৰ্মিত উঘাত চেৰেকীৰ পৰা সূতা মেৰিওৱা হয় ।

চেৰেকী :- চেৰেকীত সূতা লৈ তাৰ পৰা মহুৰা ফুৰোৱা হয় ।

টোলোঠা :- তাঁত শালত দীঘল সূতা মেৰিওৱা গোটা কাঠ ।

ৰাঁচ :- ৰাঁচৰ সৰু সৰু কাঠিবোৰৰ মাজেৰে তাঁতৰ সূতাবোৰ পাৰ কৰোৱা হয়, যাতে সূতাবোৰ সঠিক ঠাইতে থাকে ।

মহুৰা :- মহুৰাত সূতা মেৰাই মাকোত ভৰোৱা হয় ।

নাচনী :- তাঁতৰ বাণিৰ সূতা উঠোৱা-নমোৱা কৰিবলৈ ওপৰত বান্ধি লোৱা কাঠ বা বাঁহৰ সৰু টুকুৰা ।

গৰকা :- গৰকা তাঁত শালৰ তলত থাকে । গৰকা দুডালত ভৰিৰে গচকি গচকি শিপিনীয়ে বাণিৰ সূতা উঠোৱা নমোৱা কৰে ।

যঁতৰ :- যঁতৰেৰে মহুৰা ফুৰোৱা (সূতা ভৰোৱা) হয় ।

নেওঠনী :- পাঁজিত সূতা কটাৰ আগতে নেওঁঠনী কঁপাহৰ গুটি গুচাবলৈ ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ১৫) আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা ।

উত্তৰ-

জনগোষ্ঠীৰ নাম উৎসৱৰ নাম
বড়ো জনগোষ্ঠী খেৰাই
তিৱা জনগোষ্ঠী ছগ্ৰা পূজা
চাহ জনগোষ্ঠী টুচু পূজা
বড়ো আৰু কছাৰী বাথৌ পূজা
বুষু ডিমা ডিমাছা
মে ডাম মে ফি টাই আহোম
কাৰ্বি হাচা কেকান

প্রশ্ন ১৬) সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা ।

উদাহৰণ :- বিহু, পাভ, দৰা

প্ৰশ্ন ১৭) ব’হাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু । প্ৰতিটো বিহুতে প্ৰকৃতিয়ে বেলেগ বেলেগ ৰূপ লয় । ব’হাগ মাহত প্ৰকৃতিয়ে কেনে ৰূপ লয় দলত আলোচনা কৰি বৰ্ণনা কৰা ।

ব’হাগ মাহত প্ৰকৃতিয়ে মনোৰম ৰূপ লয় । ফাগুনৰ পছোৱা বতাহত লঠঙা হোৱা গছবোৰত নতুন কুঁহিপাত ওলায় । কুলি-কেতেকীৰ সুৱদী মাতত চৌদিশ মুখৰিত হৈ থাকে । গছে-বনে ন ন ফুল ফুলে ।  কপৌ ফুলৰ দৰে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুলিবলৈ আৰম্ভ কৰে। এই বিহুতে বৰদৈচিলা মাকৰ ঘৰলৈ যায় আৰু গছ-গছনি ঘৰ-দুৱাৰ উৰুৱাই নিয়ে। আকাশত মেঘ জমা হয় । দুই-এজাক বৰষুণে ধূলিবোৰ ধুই নিয়ে । এইখিনি সময়তে শীতেও প্ৰকৃতিৰ পৰা বিদায় লবলৈ আৰম্ভ কৰে।

ঘ- প্ৰকল্প

Class 6 Assamese বিহুগীত সংগ্ৰহ কৰি নিজৰ নিজৰ বহীত লিখা । প্ৰত্যেকেই অন্ততঃ পাঁচটাকৈ বিহুগীত লিখিবা।

উত্তৰ- ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

 দলত বহি বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালি আৰু সাংস্কৃিতিক অনুষ্ঠানৰ বাবে এটি আদৰনী ভাষণ প্ৰস্তুত কৰা (প্ৰয়োজন অনুসৰি শিক্ষকৰ সহায় ল’বা)।

উত্তৰ- শিক্ষকৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close