SCERT class 6 Assamese Chapter 11 সঞ্চয় free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 11 ( পাঠ ১১ সঞ্চয়) solutions.
সঞ্চয়
পাঠ ১১
ক্ৰিয়া-কলাপ
ক- পাঠভিত্তিক ক্ৰিয়া
প্ৰশ্ন ১) কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
প্ৰশ্ন ২) কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা ।
উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।
প্ৰশ্ন ৩) তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা ।
উত্তৰ—
শব্দ | অৰ্থ |
কৰকৰা | শুকান, নিৰস |
বৰ্ষণ | বৰষুণ |
কৃপণ | অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি |
কুন্ধি | নাৱৰ ভিতৰৰ খোটালি |
পুণ্যতোয়া | পবিত্ৰ পানী থকা নদী (যেনে- গংগা) |
শান্তিয়নী | মন্ত্ৰোচ্চাৰণেৰে পবিত্ৰ কৰা পানী |
ঘুলি | ম’হ, গাহৰি আদিয়ে বোকা লেটি লোৱা খাল |
নিৰ্মল | মলি নথকা, খাঁটি, নিভাঁজ |
হিত | উপকাৰ |
প্ৰশ্ন ৪) কবিতাটিৰ মূলভাব লিখা ।
উত্তৰ— ‘সঞ্চয়’ কবিতাটোৰ মাজেৰে কবি নীলমণি ফুকনদেৱে সঞ্চয়ৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিছে । যেনেকৈ উঁইপোকে কৰা শুকান মাটিৰ সঞ্চয় আৰু মৌ-মাখিয়ে কৰা মৌ-জোলৰ সঞ্চয়ৰ মাজত পাৰ্থক্য আছে ঠিক তেনেকৈ জ্ঞানীৰ সঞ্চয় আৰু কৃপণৰ সঞ্চয়ৰ মাজতো বহুত পাৰ্থক্য আছে । জ্ঞানীয়ে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে । যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ । কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থ’লেও সি লেতেৰাই আৰু ব্যৱহাৰৰ অনুপযোগী । যি সঞ্চয়ে আনৰ বা সমাজৰ হিত সাধন কৰিব নোৱাৰে তেনে সঞ্চয় মানুহে কৰিব নালাগে ।
প্ৰশ্ন ৫) কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে ?
উত্তৰ— যি সঞ্চয় কৰিলে আনৰ বা সমাজৰ হিত সাধন হয়, সেই সঞ্চয়কহে প্ৰকৃত সঞ্চয় বুলি কবিতাটিত কোৱা হৈছে ।
প্ৰশ্ন ৬) জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত ।।
‘কুন্ধি’ শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায় । কবিতাফাকিত থকা ‘কুন্ধি’ শব্দটোৱে কিহৰ খোটালিক বুজাইছে ?
উত্তৰ— কবিতাফাকিত থকা ‘কুন্ধি’ শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালিক বুজাইছে ।
প্ৰশ্ন ৭) উত্তৰ দিয়া ।
(ক) উঁয়ে কি সঞ্চয় কৰে ?
উত্তৰ— উঁয়ে শুকান বা কৰকৰা মাটি সঞ্চয় কৰে ।
(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয় ?
উত্তৰ— মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয় ।
(গ) উঁইৰ সঞ্চয়ৰ ফলত কি হয় ?
উত্তৰ— উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নোহোৱা হয় ।
(ঘ) জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধি বোৰত কি বিলায় ?
উত্তৰ— জ্ঞানৰ সঞ্চয়ে মনৰ কুন্ধিবোৰত পোহৰ বিলায় ।
(ঙ) জল ক’ত সাঁচি থ’লে নিৰ্মল নহয় ?
উত্তৰ— জল সোনৰ পাত্ৰত সাচি থ’লেও নিৰ্মল নহয় যদি সেই জল ম’হৰ ঘুলিৰ হয় ।
প্ৰশ্ন ৮) কবিতাফাকি পঢ়া আৰু উত্তৰ দিয়া ।
(ক) পূণ্যতোয়া গংগা জল সাঁচি থ’লে
হয় শান্তিয়নী পবিত্ৰ জল ।
— পূণ্যতোয়া শব্দটোৱে কি বুজাইছে ?
উত্তৰ— যিবিলাক নদীৰ পানীক পবিত্ৰ বুলি গণ্য কৰা হয় সেই নদীসমূহক একেলগে পূণ্যতোয়া নদী বোলে । গঙ্গাও সেই নদীসমূহৰ ভিতৰতে পৰে। সেইবাবে গঙ্গাজলক পূণ্যতোয়া বুলি কোৱা হৈছে ।
— গংগাজল সাঁচি থ’লে কি হয় ?
উত্তৰ— গংগাজল সাঁচি থ’লে সেইজল শান্তিয়নী কৰা পবিত্ৰ জল হয় ।
(খ) বহলাই লিখা ।
সাঁচি থোৱাকেই সঞ্চয় নকয়
যদি তাৰে হিত সাধন নহয় ।
উত্তৰ— যি বস্তু সাঁচি থ’লে একো উপকাৰ নহয়, সেই বস্তুৱে কেতিয়াও সঞ্চয় নাম পাব নোৱাৰে। সঞ্চয় বুলি সেইবিলাক বস্তুকহে কোৱা হয়, যি সমাজৰ বা আনৰ উপকাৰ কৰিব পাৰে। উদাহৰন স্বৰূপে- উঁয়ে তোলা মাটি বা কৃপণে সঞ্চয় কৰা ধনক, সঞ্চয় বুলি ক’ব নোৱাৰি। কিন্তু জ্ঞানী লোকে কৰা জ্ঞানৰ সঞ্চয়ক সঞ্চয় বুলিব পাৰি কাৰন ইয়াৰ দ্বাৰা সমাজৰ পৰা অজ্ঞানতাৰ এন্ধাৰ দূৰ হয় ।
খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৯) বাওঁ ফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা ।
বাওঁ-ফাল | সোঁ-ফাল |
অসাধু — | ব্যয়, সাধু, আন্ধাৰ
অজ্ঞান মলিয়ন দেখা অহিত |
পোহৰ — | |
জ্ঞান — | |
নেদেখা — | |
হিত — |
উত্তৰ—
বাওঁ-ফাল | সোঁ-ফাল |
অসাধু — | সাধু |
পোহৰ — | আন্ধাৰ |
জ্ঞান — | অজ্ঞান |
নেদেখা — | দেখা |
হিত — | অহিত |
প্ৰশ্ন ১০) খাই, কৰি, বাই, থৈ, উঠি
এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা ।
উত্তৰ—
খাই — ভাত খাই সদায় আইতাক তামোল এখন লাগে ।
কৰি — অমলে পথাৰত কাম কৰি আহিহে স্কুল যাব ।
বাই — হলিৰামে পথাৰত হাল বাই উঠি আলি দিছে ।
থৈ — তাইক স্কুলত থৈ আহি তই বজাৰলৈ যাবি ।
উঠি — হৰিয়ে বিয়াৰ বাবে গছত উঠি তামোল পাৰিছে।
প্ৰশ্ন ১১) কবিতাটিৰ পৰা পাঁচটা ক্ৰিয়াপদ বাছি উলিওৱা ।
উত্তৰ— হৰে, থলে, নহয়, নকয়, আৰু হয় ।
প্ৰশ্ন ১২) কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা পাঁচটা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰকেইটাৰে একোটাকৈ আন শব্দ লিখা ।
উদাহৰণ — সঞ্চয় ঞ্চ বাঞ্চা
উত্তৰ—
আন্ধাৰ | ন্ধ | ন+ধ |
জ্ঞান | জ্ঞ | জ+ঞ |
গঙ্গা | ঙ্গ | ঙ+গ |
শান্তিয়নী | ন্ত | ন+ত |
পাত্ৰ | ত্ৰ | ত+ৰ |
গ- জ্ঞান সম্প্ৰসাৰণ
প্ৰশ্ন ১৩) মৌ-মাখিৰ দৰে আন বহুতো কীট-পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে । তুমি জনা তেনে এবিধ কীট-পতঙ্গৰ বিষয়ে পাঁচটা বাক্য লিখা ।
উত্তৰ— আমি সকলোৱে জনা তেনে এবিধ কীট-পতঙ্গ হৈছে পৰুৱা। এন্টাৰ্কটিকা মহাদেশৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই পৰুৱা পোৱা যায়। ইহতে মানুহৰ দৰে সমাজ পাতি বাস কৰে। একতাই পৰুৱাৰ মূল শক্তি। পৰুৱাবোৰে শীত সহ্য কৰিব নোৱাৰে। সেইবাবে জহকালিয়েই পৰুৱাই শীতকালৰ বাবে খাদ্য বস্তু সাচিঁ ৰাখে।
প্ৰশ্ন ১৪) কৃপণে সঞ্চয় কৰা ধন অথলে যায় । কিন্তু সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় । এই বিষয়ে দলত আলোচনা কৰা ।
উত্তৰ— কৃপণে সঞ্চয় কৰা ধন আনৰ বা সমাজৰ একো কামত নাহে । কৃপণে আনৰ উপকাৰৰ বাবেতো খৰচ কৰিব নোৱাৰেই আনকি নিজৰ বাবেও এটকাও খৰচ নকৰে । চোৰ-ডকাইতে তেনে লোকৰ ধন সৰকাবলৈ অনবৰতে চেষ্টা চলাই থাকে । আনহাতে, সৎ লোকে নিজৰ লগতে আনৰ উপকাৰৰ কথাও সমানে চিন্তা কৰে। তেনে লোকে সঞ্চয় কৰা ধন সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দুখীয়া জনলৈ দান হিচাপে আগবঢ়ায় । এতেকে সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় ।
প্ৰশ্ন ১৫) ‘মৌ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ চোৱা ।
মৌ-কুঁৱৰী (মৌ-বাহৰ ৰাণী)
মৌ-কোঁহ
মৌ-গুটি
মৌ-চাক
মৌ-চেপা
মৌ-জোল
মৌ-জোলোঙা
মৌ-পিয়া
মৌ-বাহ
মৌ-বিচনী
মৌ-মাখি
মৌ-সিতা ইত্যাদি ।
অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা । একেদৰে ‘মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা ।
উত্তৰ—
শব্দ | অৰ্থ |
মৌ-কুঁৱৰী | মৌ-বাহৰ ৰাণী |
মৌ-কোঁহ | মৌ-মাখিৰ বাহৰ মোৰ ভঁৰাল |
মৌ-গুটি | মৌ-মাখি |
মৌ-চাক | মৌ-বাহ |
মৌ-চেপা | মৌ-বাহ চেপিলে ৰস একেধাৰে ওলাই থকাৰ দৰে ধাৰ নিছিগা |
মৌ-জোল | মধু, মৌ-মাখিয়ে সঞ্চয় কৰা ৰস |
মৌ-জোলোঙা | মৌ-মাখিয়ে ফুলৰ পৰা ৰস কঢ়িয়াই অনা সিঁহতৰ শৰীৰৰ মোনা |
মৌ-পিয়া | ফুলৰ ৰস খোৱা এবিধ সৰু চৰাই |
মৌ-বাহ | মৌ-মাখিৰ বাহ বা ঘৰ |
মৌ-বিচনী | মৌ-চাকৰ কাষত ওলমি থকা চেপেটা ঘূৰনীয়া অংশ |
মৌ-মাখি | ফুলৰ ৰস সংগ্ৰহ কৰা পতঙ্গ বিশেষ |
মৌ-সিতা | মৌ-জোল চেপি উলিওৱাৰ পাছত থাকি যোৱা ম’ম জাতীয় পদাৰ্থ |
মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দ আৰু অৰ্থ
শব্দ | অৰ্থ |
মুখ-চোকা | সংকোচ নকৰাকৈ আনক টান কথা ক’ব পৰা |
মুখ-লগা | আনৰ বেয়া নজৰ পৰা |
মুখ-থেকেচা | হামখুৰি খোৱা |
মুখপাত্ৰ | দল-সংস্থা আদিৰ হৈ বক্তব্য ৰখাৰ কতৃত্ব থকা ব্যক্তি |
মুখপত্ৰ | দল-সংস্থা আদিৰ আলোচনী |
মুখ বজোৱা | কাজিয়া কৰা |
মুখৰাখ্ | সন্মান ৰক্ষা কৰ্ |
প্ৰশ্ন ১৬) তলৰ কবিতাটি পঢ়া ।
বৰুৱাৰ ঘৰতে পৰুৱা সোমাই
নিলে ভঁৰালৰ ধান,
বাৰিষা আহিলে আকাশ পৰিব
পৰুৱাই বচাব প্ৰাণ ।
ফৰিঙে সুধিলে- “কষ্ট কৰি দেহা
কিয়নো কৰিছা নষ্ট ?”
পৰুৱা ৰাণীয়ে হাঁহি মাৰি ক’লে-
সময়ত পস্তাবা মস্ত ।”
আহিল বাৰিষা ফেনে-ফোটোকাৰে
পৰুৱা উঠিল গছত,
যত ধান, কণী আৰু পোৱালি
সকলোকে নিলে লগত ।
ফৰিং বপুৰা উটি উটি গৈ
পৰিল পানীৰ পাকত,
ৰাণীৰ আদেশত মাউখে উটি
পৰুৱাই ধৰিলে ঠেঙত ।
সুধিলে ৰাণীয়ে- “ফৰিং বোপাই
বল কিয় নাইকিয়া ?”
হাতযুৰি ক’লে- “ক্ষমা মহাৰাণী,
ভোকতে হলোঁ মই চিয়াঁ ।
এতিয়া বুজিলো সঞ্চয়ৰ বল
আন গর্বতকৈ চৰা,
কৰিম সঞ্চয় ভাল কামলৈ
নিশ্চয় আজিৰ পৰা ।
— ওপৰৰ কবিতাটিৰ কোনকেইটা পংক্তিৰ ভাব “সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ভাবি উলিওৱা ।
উত্তৰ— ওপৰৰ কবিতাফাকিৰ “কৰিম সঞ্চয় ভাল কামলৈ/নিশ্চয় আজিৰ পৰা” এই পংক্তি দুটা ‘সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ।
— ওপৰৰ কবিতাটিৰ দৰে তোমালোকেও প্ৰচলিত কাহিনী সাধুকথা আদিৰ আলমত সঞ্চয়ৰ সু-অভ্যাসৰ ভিত্তিত কবিতা ৰচনা কৰা আৰু শিক্ষকক দেখুওৱা ।
শনিৰামৰ এজনেই পুতেক
নাম মাঘিৰাম,
কাম-বন নকৰে একো
ঘূৰি-ফুৰাই কাম।
যি মন যায় তাকে কিনে
মাকৰ আলাসৰ লাড়ু
প্ৰশ্ন ১৭) মানুহে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভৱিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা ।
উত্তৰ— আমি সকলোৱে জানো যে টোপ টোপ বৰষুণৰ পানীয়ে নদ-নদী, সাগৰ ওপচাই পেলায়, কণ কণ ফুলৰ ৰসেৰে মৌ-বাহ ভৰি পৰে । ঠিক একেদৰে অলপ অলপকৈ ধন সঞ্চয় কৰি শেষত এক বিশাল ধনৰ অধিকাৰী হ’ব পাৰি । কিন্তু সেই ধনবোৰ কেৱল সাঁচি থলেই নহ’ব । আনৰ বা সমাজৰ বিভিন্ন কামত সেই ধন খৰছ কৰিব লাগিব ।
মাক-দেউতাকে সৰু ল’ৰা-ছোৱালীক কেনেদৰে সঞ্চয় কৰিব লাগে আৰু সেই সঞ্চয়ৰ ধন কেনেদৰে সৎ কামত নিজৰ তথা দহৰ বাবে খৰছ কৰিব পাৰি শিকাব লাগে। সৰু ল’ৰা-ছোৱালীক সঞ্চয়ৰ ধনেৰে কিতাপ কিনি পঢ়াৰ এক সুঅভ্যাস মাক-দেউতাকে গঢ়ি তুলিব পাৰে। প্ৰয়োজন হ’লে বিহু-পূজাত এযোৰ কাপোৰ নিজৰ সাঁচতীয়া ধনেৰে কিনিব পাৰে । বানপানীৰ সময়ত ইচ্ছা কৰিলে সেই ধনেৰে দুৰ্গত আৰ্ত জনক সহায় কৰিব পাৰে । নিজৰ বাবে এখন বাইচাইকেল ক্ৰয় কৰিব পাৰে ।
Sl. No | Contents (Class 6 Assamese) |
1 | সবাতোকৈ আপোন |
2 | বুধিয়ক বীৰবল |
3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
4 | বিহু আদৰণি |
5 | গুৰুদক্ষিণা |
6 | মিত্ৰামিত্ৰ |
7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
8 | বেবেৰিবাং |
9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ |
10 | মহীয়সী হেলেন কিলাৰ |
11 | সঞ্চয় |
12 | মনোৰম মাজুলী |
13 | আৱিস্কাৰৰ কাহিনী |
14 | স্কাউট আৰু গাইড |
15 | মহো-হো গীত |
ঘ- প্ৰকল্প
♦ আমাৰ চোপাশে থকা জীৱ-জ্ন্তু, চৰাই-চিৰিকটি, কীট পতঙ্গবোৰ পৰ্যবেক্ষণ কৰা আৰু সিহঁতে কি কি সঞ্চয় কৰে, এখন তালিকাত লিখা। প্ৰত্যেকৰে তালিকাবোৰ মিলাই এখন ডাঠ কাগজত লিখি উলিওৱা আৰু শ্ৰেণীকোঠাত আঁৰি থোৱা।
উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।
♦ “ঔৰে গছতে মৌৱে বাহে ল’লে ককাই পাৰি দিয়া খাওঁ ।।”
অসমৰ থলুৱা গীত-মাতত ‘মৌ’ শব্দটোৰ বহুল ব্যৱহাৰ দেখা যায়। তুমিও তেনেধৰনৰ ‘মৌ’ শব্দটো থকা গীত-মাত সংগ্ৰহ কৰা।
উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।
(adsbygoogle = window.adsbygoogle || []).push({});