Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ

SCERT class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ free study material and class notes available here for free. So, if you are looking for class 6 Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Assamese Lesson 6 solutions.

মিত্ৰামিত্ৰ

পাঠ ৬

ক্ৰিয়া-কলাপ

ক- পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন ১) শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা ।

কক্ষ নিৰুদ্দিষ্ট কৃতজ্ঞ
প্ৰচণ্ড ককৰ্থনা প্ৰভুভক্ত
শীঘ্ৰে প্ৰতিশ্ৰুতি কৃতঘ্ন
প্ৰত্যুষতে সুমিষ্ট ন্যায়পৰায়ণ
শূলবিদ্ধ যথাবিধি উদাসীন
ঘাতক সৎকাৰ সহানুভূতিশীল
স্বৰ্ণকাৰ নিমগ্ন তিলমাত্র

উত্তৰ—

শব্দ অৰ্থ
কক্ষ কোঠালি, গ্ৰহ নক্ষত্ৰৰ পথ
নিৰুদ্দিষ্ট নিখোজ, হেৰাই যোৱা
কৃতজ্ঞ ধন্য
প্ৰচণ্ড অতি তীব্ৰ,  প্ৰবল
ককৰ্থনা ঠাট্টা, অপমান
প্ৰভুভক্ত বিশ্বাসী, বিশ্বাসভাজন
শীঘ্ৰে তৎক্ষনাৎ, ততালিকে
প্ৰতিশ্ৰুতি কথা দিয়া, অংগীকাৰ
কৃতঘ্ন খাইপাতফলা, অশলাগী
প্ৰত্যুষতে ব্ৰহ্মমূহুৰ্ততে, নিচেই ৰাতিপুৱাতে
সুমিষ্ট চেনি, মৌ আদিৰ ভাল লগা সোৱাদ
ন্যায়পৰায়ণ ন্যায়ৰ প্ৰতি আস্থাশীল
শূলবিদ্ধ থিয়কৈ পোটা জোঙা লোহা, বাঁহ আদিত বহুওৱা
যথাবিধি নিয়মানুসাৰে
উদাসীন কোনো আগ্ৰহ নেদেখুৱা,
ঘাতক নিৰাসক্ত
সৎকাৰ সম্ভাষণ
সহানুভূতিশীল হৃদয়বান, আনৰ দুখত দুখী, সুখত সুখী হোৱা
স্বৰ্ণকাৰ সোনাৰি, সোণৰ গহণা বনোৱা লোক
নিমগ্ন লিপ্ত, মিলি যোৱা
তিলমাত্র অলপমান, অকনমান

প্ৰশ্ন ২) উত্তৰ দিয়া

(ক) যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি ?

উত্তৰ— যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজন বৃত্তিত স্বৰ্ণকাৰ অৰ্থাৎ সোনাৰি আছিল ।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল ?

উত্তৰ— সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল ।

(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল ?

উত্তৰ— বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল ।

(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে ?

উত্তৰ— মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰী পাতিলে ।

(ঙ) কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্রবেশ কৰিছিল ?

উত্তৰ— পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ যজ্ঞদত্তই ঘৰ এৰি অৰণ্যত প্রবেশ কৰিছিল ।

প্ৰশ্ন ৩) নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাবটো কোৱা ।

উত্তৰ— মিত্রামিত্ৰ নামৰ নাটিকাখনত সোণাৰিৰ কৃতঘ্ন চৰিত্ৰ প্ৰকাশ পাইছে । আমাৰ সমাজত থকা বহুত মানুহেই উপকাৰৰ মূল নুবুজি, উপকাৰ কৰা জনক ওলোটাই অপকাৰ কৰাহে দেখা যায়। নাটিকা খনতো দেখা গ’ল যে সোনাৰিয়ে যজ্ঞদত্তৰ নিচিনা সহজ-সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰে। কিন্তু ইয়াৰ বিপৰীতে সামান্য জীৱ-জন্তুয়ো কৃতজ্ঞতা প্ৰকাশ কৰিব জানে । এতেকে বহু ক্ষেত্ৰত জীৱশ্ৰেস্থ মানুহতকৈ সাধাৰণ প্ৰাণীয়েই শ্ৰেষ্ঠ ।

প্ৰশ্ন ৪) নাটিকাখন পঢ়িবলৈ চাৰিজনীয়া দল গঠন কৰা আৰু চাৰিজনৰ প্ৰত্যেকে মহাৰাজ, মহামন্ত্ৰী, যজ্ঞদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰমে ৰক্ষা কৰি নাটকীয়ভাবে সংলাপবোৰ পঢ়া ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে কৰা ।

প্ৰশ্ন ৫) কোনে কাক কৈছিল লিখা ।

(ক) “দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম ?”

উত্তৰ— উক্ত কথাষাৰ মাহাৰাজে মহামন্ত্ৰীক কৈছিল ।

(খ) “এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল । আজিৰ পৰা এইবোৰ আপোনাৰ ।”

উত্তৰ— উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল ।

(গ) “আপুনি চিন্তা নকৰিব । ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম ।”

উত্তৰ— উক্ত কথাষাৰ সাপে যজ্ঞদত্তক কৈছিল ।

খ-  ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন ৬) তলত শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা ।

মিত্ৰামিত্ৰ               পুৰস্কাৰ

স্বৰ্ণালংকাৰ            উদ্ধাৰ

শুদ্ধাশুদ্ধি              জগন্নাথ

উত্তৰ— মিত্ৰামিত্ৰ = মিত্ৰ + অমিত্ৰ (স্বৰসন্ধি)

পুৰস্কাৰ = পুৰঃ + কাৰ (বিসৰ্গসন্ধি)

স্বৰ্ণালংকাৰ = স্বৰ্ণ + অলংকাৰ (স্বৰসন্ধি)

উদ্ধাৰ = উৎ + ধাৰ (ব্যঞ্জনসন্ধি)

শুদ্ধাশুদ্ধি = শুদ্ধ + অশুদ্ধি (স্বৰসন্ধি)

জগন্নাথ = জগৎ+নাথ (ব্যঞ্জনসন্ধি)

প্ৰশ্ন ৭) শব্দবোৰৰ স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা ।

উদগতি (উৎ + গতি)                           সংস্কৃত (সম + কৃত)

জনৈক (জন + এক)                            গঙ্গোৰ্মি (গঙ্গা + ঊৰ্মি)

প্ৰত্যুত্তৰ (প্ৰতি + উত্তৰ)                        লোকাচাৰ (লোক + আচাৰ)

দেৱেশ্বৰ (দেৱ + ঈশ্বৰ)                         নিস্বাৰ্থ (নিঃ + স্বাৰ্থ)

দুৰ্নীতি (দুঃ + নীতি)                            উল্লাস (উ + লাস)

প্ৰত্যেক (প্ৰতি + এক)                          তপোবন (তপঃ + বন)

উত্তৰ—

স্বৰসন্ধি ব্যঞ্জনসন্ধি বিসৰ্গসন্ধি
জনৈক উদগতি দুৰ্নীতি
গঙ্গোৰ্মি সংস্কৃত তপোবন
প্ৰত্যুত্তৰ উল্লাস নিস্বাৰ্থ
লোকাচাৰ
দেৱেশ্বৰ
প্ৰত্যেক

প্ৰশ্ন ৮) পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে । এনেধৰণৰ ‘সু’ উপসৰ্গযুক্ত পাঁচটা শব্দ লিখি উলিওৱা ।

উত্তৰ— ‘সু’ উপসৰ্গযুক্ত পাঁচটা শব্দ হৈছে- সুমধুৰ, সুখ্যাতি, সুনিপুণ, সুপ্ৰভাত, সুবাস ।

গ- জ্ঞান সম্প্ৰসাৰন

প্ৰশ্ন ৯) তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা ।

কণ – কণিকা, ক্ষুদ্ৰকণা, সৰু সৰু টোপাল ।            মণি –

পুস্তক –                                                            কথা –

পত্ৰ –                                                               লতা –

উত্তৰ—

কণ – কণিকা, ক্ষুদ্ৰকণা, সৰু সৰু টোপাল ।            মনি – মানিক, মণি গুটি

পুস্তক – পুস্তিকা,  সৰু পুথি                                  কথা – কথিকা

পত্ৰ – পত্ৰিকা, সৰু চিঠি                                      লতা – লতিকা, সৰু লতা

প্ৰশ্ন ১০) ছবিত চাই প্ৰশ্নৰ উত্তৰ দিয়া ।

মিত্ৰামিত্ৰ class 6মিত্ৰামিত্ৰ class 6 Assamese(ক) ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা ।

উত্তৰ— দুজন বন্ধু এদিন হাবিৰ ফালে ফুৰিবলৈ গৈছিল । তেনেতে এটা ভালুক আহি হঠাৎ তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল । ভালুকটো দেখি তাৰে এজন বন্ধুৱে আনজনক এৰি আত্মৰক্ষা কৰিবলৈ তৎক্ষনাত গছৰ ওপৰত উঠিল । আনজন বন্ধুৱে গছৰ ওপৰত উঠিব নাজানিছিল । গতিকে তেওঁ উপাই নাপাই মৰা মানুহৰ ভাও জুৰি পৰি থাকিল আৰু ভালুকটোৱে তেওঁক শুঙি আঁতৰি গ’ল । তাকে দেখি ওপৰৰ জনে ভাবিলে যে ভালুকে তলত শুই থকাজনৰ কানে কানে কিবা ক’লে। আৰু ভালুকেনো কি ক’লে জানিব বিচাৰিলে। তলত শুই থকাজনে ক’লে যে ভালুকে তেওঁক এইটোৱেই ক’লে যে বিপদত সহায় কৰাজনহে প্ৰকৃত বন্ধু।

(খ) দুজন বন্ধুৰ এজনে ভালুক দেখি ক’ত উঠিল ?

উত্তৰ— দুজন বন্ধুৰ এজনে ভালুক দেখি গছৰ ওপৰত উঠিল ।

(গ) আনজন বন্ধুৱে কি কৰিলে ?

উত্তৰ— আনজন বন্ধুৱে মৰা মানুহৰ ভাও ধৰি শুই পৰিল ।

(ঘ) ভালকুটোৱে ওচৰ চাপি আহি কি কৰিলে ?

উত্তৰ— ভালকুটোৱে ওচৰ চাপি আহি মৰাৰ ভাও জুৰি শুই থকাজনক শুঙি আঁতৰি গ’ল ।

(ঙ) শেষত বন্ধু দুজনে কি কথা পাতিলে ?

উত্তৰ— গছৰ ওপৰত উঠি থকা বন্ধুজনে মাটিত শুই, মৰা মানুহৰ ভাও জুৰি থকা জনক ভালুকে কানে কানে কিবা কোৱা বুলি ভাবিলে আৰু জানিবলৈ চেষ্টা কৰিলে ভালুকে তেওঁক কি ক’লে? ইজন বন্ধুৱে ক’লে, ভালুকটোৱে কৈ গ’ল যে বিপদত সহায় কৰাজনহে আচল বন্ধু ।

প্ৰশ্ন ১১) শিক্ষকক সুধি শ্ৰী শ্ৰী মাধৱদেৱৰ ‘চোৰধৰা’ অথবা ‘পিম্পৰা গুচোৱা’ৰ কাহিনীটো জানি লোৱা আৰু শ্ৰেণীত সেই কাহিনী নিজৰ কথাৰে কোৱা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন ১২) তলৰ কথাখিনি নাটকীয় সংলাপত লিখা ।

মহাৰাজে তেওঁৰ জীয়ৰী ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুপম সৃষ্টি । সেইবোৰ ছিঙিলে মৰহি যায় । কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে । নিজৰ থোপা সজাবলৈ বা গোন্ধ ল’বলৈ জধে-মধে ছিঙিব নালাগে ।

উত্তৰ— মহাৰাজ : আই মণিমালা, ফুল হৈছে প্ৰকৃতিৰ অনুপম সৃষ্টি। । ফুলবোৰ ফুলনিৰ গছতহে সজীৱ আৰু ৰঙীন হৈ থাকে । পুত্ৰী, অকাৰণত ছিঙিলে ফুলবোৰ মৰহী যায় । সেয়ে আই, খোপাত গুজিবলৈ আৰু সুবাস ল’বলৈ ফুলবোৰ গছৰ পৰা ছিঙি নানিবা ।

প্ৰশ্ন ১৩) মিত্রামিত্ৰ নাটিকাখনত মহাৰাজৰ ন্যায়পৰায়ণতা প্ৰকাশ পাইছে । লগতে সাধাৰণ প্ৰাণীবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু মৰম-চেনেহ প্ৰকাশিত হৈছে । জীৱ-জন্তুৰ প্ৰতি আমি কিয় দয়া-মৰম প্ৰদৰ্শন কৰিব লাগে, শিক্ষকৰ সহায়ত আলোচনাচক্ৰ পাতি নিজৰ নিজৰ মতামত দাঙি ধৰা ।

উত্তৰ— মানুহৰ দৰে আন জীৱ-জন্তুবোৰো হৈছে প্ৰকৃতিৰ এক অবিচ্ছেদ্য অংগ। পৃথিৱীখন বসবাসৰ উপযোগী কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিটো জীৱৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই জীৱ-জন্তুবোেৰেই পৃথিৱীখনক বিচিত্ৰ আৰু মনোৰম কৰি ৰাখিছে। গছ-গছনিয়ে সৃষ্টি কৰা অক্সিজেনৰ সহায়ত গোটেই প্ৰানীকুল জীৱাই আছে। ঠিক তেনেদৰে প্ৰানীয়ে বতাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইদৰ সহায়ত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে।

মানুহৰ দৰে সৰু ডাঙৰ সকলো প্ৰাণীৰে অনুভূতি আছে, কৃতজ্ঞতাবোধৰ দৰে সদগুণ আছে, জ্ঞানেন্দ্ৰিয় আছে । সিহঁতেও মৰম-চেনেহ সকলো বুজি পায় । মানুহৰ দৰে সিহঁতেও নিজৰ আপোনজনৰ মৃত্যুত শোক পায় । সেয়েহে সিহঁতৰ প্রতি আমি দয়াশীল হ’ব লাগে ।

Sl. No Contents (Class 6 Assamese)
1 সবাতোকৈ আপোন
2 বুধিয়ক বীৰবল
3 অসমীয়া ভাষাৰ বিকাশৰ কথা
4 বিহু আদৰণি
5 গুৰুদক্ষিণা
6 মিত্ৰামিত্ৰ
7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
8 বেবেৰিবাং
9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
10 মহীয়সী হেলেন কিলাৰ
11 সঞ্চয়
12 মনোৰম মাজুলী
13 আৱিস্কাৰৰ কাহিনী
14 স্কাউট আৰু গাইড
15 মহো-হো গীত

জানি থওঁ আহা

শ্ৰীমন্ত শংকৰদেৱে ‘চিহ্নযাত্ৰা‘ নাট ৰচনাৰ যোগেদি অঙ্কীয়া নাটৰ পাতনি মেলিছিল বুলি চৰিত পুঠিত উল্লেখ পোৱা যায়। ‘চিহ্নযাত্ৰা’ৰ কোনো লিখিত ৰূপ উদ্ধাৰ হোৱা নাই তেওঁৰ আনকেইখন নাট হ’ল- পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিনীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয়

শ্ৰীশ্ৰীমাধৱদেৱে চোৰধৰা, পিম্পৰা-গুচোৱা, ভোজন-বিহাৰ, অৰ্জুন-ভঞ্জন আৰু ভূমি-লেটোৱা নাট ৰচনা কৰিছিল। অৰ্জুন-ভঞ্জনৰ বাহিৰে তেওঁৰ আন নাটকেইখনক ঝুমুৰা বোলা হয়।

গুণাভিৰাম বৰুৱাৰ ৰামনৱমী (১৮৫৭ চন) আৰু হেমচন্দ্ৰ বৰুৱাৰ কানীয়া কীৰ্তন (১৮৬১ চন) নাটৰ যোগেদি আধুনিক অসমীয়া নাট ৰচনা আৰম্ভ হৈছিল।

ঘ- প্ৰকল্প

 শিক্ষকৰ সহযোগত তোমালোকৰ বিদ্যালয়ৰ আটাইতকৈ ওচৰত থকা সত্ৰলৈ বা নাট্য মন্দিৰলৈ গৈ নাট্যদলৰ নাটকৰ অভিনয় চোৱা।  চাই কি কি দেখিলা, টোকাবহীত লিপিবদ্ধ কৰা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

পাঠত থকা যিকোনো এবিধ জন্তুৰ ছবি আঁকি ৰঙ বোলোৱা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close