SCERT class 6 Science খাদ্যৰ উপাদান lesson 2 free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT, we also provide CBSE, NCERT, SEBA free study material here. Now lets have a look at the class 6 Science chapter 2 solutions.
খাদ্যৰ উপাদান
পাঠ ২
অনুশীলনী
প্ৰশ্ন ১। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা।
উত্তৰ— আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম হ’ল- কাৰ্বহাইড্ৰেট, প্ৰ’টিন, স্নেহপদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
প্ৰশ্ন ২। তলত দিয়াবোৰৰ নাম উল্লেখ কৰাঃ
(ক) আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ।
উত্তৰ— আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ হৈছে – কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থ।
(খ) আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰ পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ।
উত্তৰ— আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ হ’ল- প্ৰ’টিন আৰু খনিজ লৱণ।
(গ) দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিনবিধ।
উত্তৰ— দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিন বিধ হৈছে ভিটামিন A।
(ঘ) হাড় সুস্থ ৰখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ।
উত্তৰ— হাড় সুস্থ ৰখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ হৈছে কেলছিয়াম।
প্ৰশ্ন ৩। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
(ক) স্নেহ পদাৰ্থ
উত্তৰ— বাটাৰ (মাখন), গাখীৰৰ সৰ আৰু বাদাম ।
(খ) শ্বেতসাৰ
উত্তৰ— আলু, ভাত, পাওৰুটি আৰু কলফুল।
(গ) আহঁজাতীয় খাদ্য
উত্তৰ— ব্রকলি, আপেল গাজৰ আৰু কল ।
(ঘ) প্ৰ’টিন
উত্তৰ— গাখীৰ, কণী, চয়াবিন।
প্ৰশ্ন ৪। শুদ্ধ বাক্যটোত চিন (√ ) দিয়া ।
(ক) কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়।
উত্তৰ— অশুদ্ধ ।
(খ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিব পাৰে।
উত্তৰ— শুদ্ধ (√ ) ।
(গ) শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু থাকিব লাগে।
উত্তৰ— শুদ্ধ (√ ) ।
(ঘ) কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৫। খালী ঠাই পূৰ কৰা :
(ক) ভিটামিন D ৰ অভাৱত ———— বেমাৰ হয়।
উত্তৰ— ভিটামিন D ৰ অভাৱত ৰিকেট বেমাৰ হয়।
(খ) ————ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয়।
উত্তৰ— ভিটামিন B ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয়।
(গ) ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক ———— বুলি কোৱা হয়।
উত্তৰ— ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক স্কাৰ্ভি বুলি কোৱা হয়।
(ঘ) আমাৰ খাদ্যত ————ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয়।
উত্তৰ— আমাৰ খাদ্যত ভিটামিন Aৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয়।
Sl. No. | Contents (Class 6 Science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা
ভিটামিন আৰু খনিজ লৱণৰ অভাৱত হ’ব পৰা কিছুমান ৰোগ/অসুস্থতা-
ভিটামিন / খনিজ লৱণ | অভাৱজনিত ৰোগ / অসুস্থতা | লক্ষণ |
ভিটামিন-A | দৃষ্টি কমি যোৱা | দুৰ্বল দৃষ্টি, কুকুৰীকণা, কেতিয়াবা সম্পূৰ্ণ দৃষ্টিহীনতাত ভোগা |
ভিটামিন-B | বেৰিবেৰি | দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ হোৱা |
ভিটামিন-C | স্কাৰ্ভি |
দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু ঘাঁ শুকাবলৈ বহুত সময় লগা |
ভিটামিন-D | ৰিকেট | হাড় ঠুনুকা হোৱা আৰু বেঁকা হোৱা। |
কেলছিয়াম | হাড় আৰু দাঁত ক্ষয় হোৱা। | দুৰ্বল হাড়, দাঁতৰ ক্ষয় হোৱা |
আয়’ডিন | গৰল | ডিঙিত থকা গ্ৰন্থি ফুলা আৰু ল’ৰা-ছোৱালীৰ মানসিক প্ৰতিবন্ধতা |
লো | ৰক্তহীনতা | দুৰ্বলতা |
মূল শব্দ
সুষম আহাৰ | Balanced diet |
বেৰিবেৰি | Beriberi |
কাৰ্ব’হাইড্ৰেট | Carbohydrates |
শক্তি | Energy |
স্নেহ পদাৰ্থ | Fats |
খনিজ লৱণ | Minerals |
পৰিপোষক | Nutrients |
প্ৰ’টিন | Proteins |
ৰুক্ষাহাৰ | Roughage |
স্কাৰ্ভি | Scurvy |
শ্বেতসাৰ | Starch |
ভিটামিন | Vitamins |
পাঠটোৰ সাৰাংশ
- আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হ’ল কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
- কাৰ্ব’হাইড্ৰেট আৰু স্নেহ পদাৰ্থই প্ৰধানকৈ আমাৰ দেহত শক্তি যোগায়।
- প্ৰ’টিন আৰু খনিজ লৱণ আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুণৰ গঠনৰ বাবে প্ৰয়োজন হয়।
- ভিটামিনে আমাৰ শৰীৰটো বেমাৰৰ পৰা ৰক্ষা কৰে।
- সুষম আহাৰে আমাৰ শৰীৰক প্ৰয়োজনীয় সকলো পৰিপোষক সঠিক পৰিমাণত যোগায়; ইয়াৰ উপৰি যথেষ্ট পৰিমাণত আঁহ আৰু পানী যোগায়।
- দীৰ্ঘ সময়ৰ বাবে আমাৰ আহাৰত এটা বা ততোধিক পৰিপোষকৰ অভাৱ হ’লে কিছুমান ৰোগ বা অসুস্থতাই দেখা দিয়ে।
অন্যান্য প্ৰশ্ন (Class 6 Science Chapter 2 Extra Questions)
প্ৰশ্ন ক) সুষম আহাৰ কাক বোলে ?
উত্তৰ— বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে আমাৰ শৰীৰক সকলো পৰিপোষক সঠিক পৰিমাণে থকা আহাৰৰ প্ৰয়োজন এটা পৰিপোষক অতি বেছি আৰু অন্য এটা অতি কম হ’ব নালাগে। আহাৰত যথেষ্ট পৰিমাণে পানী আৰু আঁহ থাকিব লাগে। এনেধৰনৰ আহাৰকে সুষম আহাৰ বোলে।
প্ৰশ্ন খ) অভাৱজনিত ৰোগ কেতিয়া হয়?
উত্তৰ— এটা বা ততোধিক পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱৰ ফলত শৰীৰত অভাৱজনিত ৰোগ হয়।
(adsbygoogle = window.adsbygoogle || []).push({});