Class 6 Science Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা

SCERT class 6 Science Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 Science “উদ্ভিদৰ বিষয়ে জানো আহা” Lesson 7 notes.

উদ্ভিদৰ বিষয়ে জানো আহা

অধ্যায় ৭

অনুশীলনী

প্ৰশ্ন ১) তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আৰু পুনৰ তোমাৰ টোকা বহীত লিখা-

(ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে ।

উত্তৰ— শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱন শোষণ কৰে ।

(খ) পাতে গছক থিয় কৰি ৰাখে ।

উত্তৰ— গা-গছে গছক থিয় কৰি ৰাখে ।

(গ) শিপাই পাতলৈ পানী পৰিবহন কৰে ।

উত্তৰ— কাণ্ডই পাতলৈ পানী পৰিবহন কৰে ।

(ঘ) এপাহ ফুলত সদায় সমানসংখ্যক বেটুপাত আৰু পাহি থাকে ।

উত্তৰ— এপাহ ফুলৰ বেটুপাট আৰু পাহিৰ সংখ্যা একে হয়।

(ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়া হ’লে পাহিবোৰো সংলগ্ন হৈ থাকে ।

উত্তৰ— এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকিলে পাহি সংলগ্ন নাথাকে ।

(চ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন তেতিয়াহ’লে গৰ্ভকেশৰো পাহিৰ লগত সংলগ্ন হৈ থাকে ।

উত্তৰ— এপাহ ফুলৰ পাহিবোৰ সংলগ্ন হ’লেও গৰ্ভকেশৰ বেটুপাতৰ লগত সংলগ্ন হৈ নাথাকে ।

প্ৰশ্ন ২) তালিকা ৭.৩ ত অধ্যয়ন কৰা অনুসৰি অংকণ কৰা-

(ক) এখিলা পাত   (খ) এথোপা মুখ্যমূল আৰু    (গ) এপাহ ফুল।Class 6 English chapter 7Class 6 Science XipaClass 6 Science Chapter 7

প্ৰশ্ন ৩) তোমালোকে ঘৰত অথবা ঘৰৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা। তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা?

উত্তৰ— আমাৰ ঘৰৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা বহুত উদ্ভিদ দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত লাউ, ভেদাই লতা, কোমোৰা, ভোল, জিকা, কেৰেলা  আদি প্ৰধান।

আমি এই উদ্ভিদবোৰক লতাজাতীয় উদ্ভিদৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিম।

প্ৰশ্ন ৪) উদ্ভিদৰ কাণ্ডৰ কাম কি ?

উত্তৰ— উদ্ভিদৰ কাণ্ডই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ পাতলৈ প্ৰেৰণ কৰে। লগতে কাণ্ডই পাত, ফুল আৰু ফল বহন কৰে ।

প্ৰশ্ন ) তলৰ কোনবোৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়? 

ঘেঁহু, তুলসী, গোমধান, ঘাঁহ, ধনীয়া, জৱাফুল।

উত্তৰ— তুলসী আৰু জৱাফুলৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়।

প্ৰশ্ন ) যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্চমূলযুক্ত হয়, তেতিয়াহ’লে তুমি এই উদ্ভিদজোপাৰ পাতত কেনেকুৱা সিৰাবিন্যাস দেখিবলৈ পাবা।

উত্তৰ— গুচ্চমূলযুক্ত উদ্ভিদৰ পাতত সমান্তৰাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়।

প্ৰশ্ন ) যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহ’লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ’ব ।

উত্তৰ— যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহ’লে ইয়াৰ শিপা মুখ্যমূলৰ হ’ব।

প্ৰশ্ন ৮) এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মূখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাতো তোমাৰ পক্ষে সম্ভৱপৰ হ’বনে ?

উত্তৰ— হয়, এয়া সম্ভৱ। যদি পাতখিলাত জাল সিৰাবিন্যাস থাকে তেন্তে গছজোপাত মূখ্যমূল থাকিব; আৰু যদি পাতখিলাত সমান্তৰাল সিৰাবিন্যাস থাকে তেন্তে গছজোপাত গুচ্ছমূল থাকিব।

প্ৰশ্ন ৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।

উত্তৰ— ফুলৰ বিভিন্ন অংশবোৰ হৈছে- বেটুপাত, পাহি (বা দল), পুংকেশৰ আৰু গৰ্ভকেশৰ।

প্ৰশ্ন ১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা? তাৰ ভিতৰত কোনবোৰত ফুল আছে?

ঘাঁহ, গুমধান, ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট, শিশু, আঁহত, আম, জামু, মধুৰিয়াম, ডালিম, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ,আলু, বাদাম।

উত্তৰ— প্ৰশ্নত উল্লেখ কৰা সকলোবোৰ উদ্ভিদেই মই দেখিছো। ইয়াৰ ভিতৰত জলকীয়া, বিলাহী, তুলসী, আম, মধুৰিয়াম, ডালিম, জামু, অমিতা, কল, নেমুটেঙা, বাদাম আদিৰ ফুল দেখিবলৈ পোৱা যায়।

প্ৰশ্ন ১১) উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে? প্ৰক্ৰিয়াটোৰ নাম লিখা।

উত্তৰ— উদ্ভিদৰ পাত অংশই খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক-সংশ্লেষণ ।

প্ৰশ্ন ১২) ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা?

উত্তৰ— ফুলৰ গৰ্ভকেশৰত গৰ্ভাশয় দেখা পোৱা যায়।

প্ৰশ্ন ১৩) বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা।

উত্তৰ— বেটুপাত সংলগ্ন হৈ থকা দুবিধ ফুল- জৱাফুল,  ধতুৰা আৰু বেটুপাত পৃথককৈ থকা দুবিধ ফুল- গোলাপ, তগৰ।

Sl. No. Contents (Class 6 Science)
Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ?
Chapter 2 খাদ্যৰ উপাদান
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
Chapter 5 দ্ৰব্যৰ পৃথকীকৰণ
Chapter 6 আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ
Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8 দেহৰ চলন
Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ
Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ
Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12 বিদ্যুৎ আৰু বৰ্তনী
Chapter 13 চুম্বকৰ লগত ধেমালি
Chapter 14 পানী
Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু
Chapter 16 আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

জানো আহা

  • উচ্চতা, কাণ্ড আৰু ডালসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক সাধাৰনতে তৃণ, গুল্ম, বৃক্ষ আৰু লতাজাতীয় উদ্ভিদত ভাগ কৰা হৈছে।
  • কাণ্ডই পাত, ফুল আৰু ফল ধাৰণ কৰে।
  • এখিলা পাতৰ সাধাৰনতে ঠাৰি আৰু ফলক থাকে।
  • পাতত সিৰাৰ সাজোনকে সিৰাবিণ্যাস বোলা হয়। ই জাল বা সমান্তৰাল সিৰাবিন্যাস হ’ব পাৰে।
  • পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে।
  • সেউজীয়া পাতে সূৰ্যৰ পোহৰৰ উপস্থিতিত  কাৰ্বন-ডাই-অক্সাইড আৰু পানী ব্যৱহাৰ কৰি সালোক-সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে।
  • শিপাই মাটিৰ পৰা পানী আৰু খণিজ পদাৰ্থ শোষণ কৰি গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে।
  • শিপা প্ৰধানত দুই প্ৰকাৰৰ: মুখ্যমূল আৰু গুচ্ছমূল।
  • যিবোৰ উদ্ভিদৰ পাত জাল সিৰাবিণ্যাসযুক্ত সেইবোৰত মুখ্যমূল আৰু যিবোৰ পাতৰ সমান্তৰাল সিৰাবিন্যাস সেইবোৰ উদ্ভিদৰ শিপা গুচ্ছমূল।
  • কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিৱহন কৰে (অন্যান্য অংশলৈ) আৰু পাতৰ পৰা খাদ্য উদ্ভিদজোপাৰ আন অংশলৈ যায়।
  • এপাহ ফুলৰ অংশবোৰ হৈছে- বেটুপাত, পাহি (বা দল), পুংকেশৰ আৰু গৰ্ভকেশৰ।

মূল শব্দ

আৰোহীলতা Climbers
লতা Creepers
তৃণ Herbs
পাৰ্শ্বীয় শিপা Lateral roots
ডিম্বক Ovule
পাহি বা দল Petal
সালোক সংশ্লেষণ Photosynthesis
জালসিৰা বিন্যাস Reticulate venation
গুল্ম Shurbs
মুখ্যমূল Taproot
বৃক্ষ Tree
পৰিৱাহী Conduct
গুচ্ছমূল Fibrous roots
ফলক Lamina
মধ্যসিৰা Mid rib
সমান্তৰাল সিৰাবিন্যাস Parallel venation
ঠাৰি Petiole
গৰ্ভকেশৰ Pistil
বেটুপাত Sepal
পুংকেশৰ Stamen
প্ৰচ্ছেদন Transpiration
সিৰা Vein
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close