SCERT class 6 Science Chapter 16 আৰ্বজনা সৃষ্টি আৰু নিষ্কাশন free study material and class notes available here for free. So, if you are looking for class 6 Science chapter 16 text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class six Science “আৰ্বজনা সৃষ্টি আৰু নিষ্কাশন” Lesson 16 free notes.
আৰ্বজনা সৃষ্টি আৰু নিষ্কাশন
পাঠ ১৬
অনুশীলনী
প্ৰশ্ন ১। (ক) ৰঙা কেচুঁৱে কোনবোৰ আৱৰ্জনা সাৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে?
উত্তৰ— ৰঙা কেচুৱে নিমখ থকা খাদ্যবস্তু, আচাৰ, তেল, ভিনেগাৰ, মাংস আৰু গাখীৰেৰে বনোৱা খাদ্য আদি পেলনীয়া বস্তুবোৰ সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে।
প্ৰশ্ন (খ) তোমালোকে গাঁতবোৰত ৰঙা কেচুঁৰ বাহিৰে আন জীৱ দেখিছিলানে? যদি দেখা পাইছা, তেতিয়াহ’লে নামবোৰ বিচাৰি উলিওৱা। সেইবোৰৰ ছবি আঁকা ।
উত্তৰ— গাঁতবোৰত ৰঙা কেচুঁৰ বাহিৰে দেখা আন জীৱবিলাক হৈছে- কুমটি, বিভিন্ন জাতৰ পৰুৱা, গুবৰুৱা, উই পোক আদি।
ছবিবোৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে আঁকিবলৈ চেষ্টা কৰা।
প্ৰশ্ন ২। আলোচনা কৰাঃ
(ক) আৱৰ্জনাবোৰ আঁতৰোৱাৰ দায়িত্ব মাথোঁ চৰকাৰৰ নে ?
উত্তৰ— মুঠেই নহয়। আৱৰ্জনাবোৰ আঁতৰ কৰাৰ দায়িত্ব চৰকাৰৰ লগত সমানে জনসাধাৰণেও গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি এখন আৱৰ্জনামুক্ত পৃথিৱী গঢ়াৰ সপোন দেখিব পাৰো। যদি দেশৰ জনসাধাৰণেই এই বিষয়ত সজাগ নহয়, তেন্তে অকল চৰকাৰে এই সমস্যা সমাধান কৰিব নোৱাৰে।
(খ) আৱৰ্জনা নিষ্কাশনৰ সমস্যাবোৰ কমাব পৰা সম্ভৱনে ?
উত্তৰ— সম্ভৱ। কিন্তু দেশৰ জনসাধাৰণ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে সজাগ হ’ব লাগিব। চৰকাৰেও জনসাধাৰণক আবৰ্জনাৰ পৰা হ’ব পৰা বিভিন্ন সমস্যাৰ বিষয়ে জনসাধাৰণক অৱগত কৰিব লাগিব। লগতে এইবোৰৰ সমাধানৰ বিভিন্ন উপায়বোৰৰ বিষয়ে জনমত গঠন কৰিব লাগিব। তেতিয়া লাহে লাহে আৱৰ্জনা নিষ্কাশনৰ সমস্যাবোৰ কমি আহিব।
প্ৰশ্ন ৩। (ক) ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য বস্তুবোৰ তোমালোকে কি কৰা ?
উত্তৰ— ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য বস্তুবোৰ আমি পোহনীয়া জন্তু, চৰাই-চিৰিকতিৰ খাদ্য হিচাপে আৰু কিছু অংশ পচনসাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰো।
(খ) যদি তোমাক আৰু তোমালোকৰ বন্ধুসকলক ভোজমেলত প্লাষ্টিকৰ প্লেট বা কল পাতত খাবলৈ দিয়ে তুমি কোনখনত খাবলৈবিচাৰিবা আৰু কিয় বিচাৰিবা?
উত্তৰ— আমি ভোজমেলত কলপাতত খাবলৈ বিচাৰিম কাৰন খোৱাৰ অন্তত কলপাতখন পেলাই দিলে ই পচি গৈ পচন সাৰলৈ ৰূপান্তৰিত হ’ব। আনহাতে প্লাষ্টিকৰ প্লেটখন কেতিয়াও পচি নাযায়।
প্ৰশ্ন ৪। (ক) বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা। এইবোৰৰ কোনবোৰক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি প্ৰস্তুত কৰিব পাৰি বিচাৰি উলিওৱা।
বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা হ’ল- পুৰণি বাতৰি কাকত ফটা বহীৰ পৃষ্ঠা, লেফাফা, উপহাৰ বন্ধা কাগজ, মিঠাইৰ পেকেট, টোকাবহী ইত্যাদি। উপহাৰ বন্ধা কাগজৰ বাহিৰে সকলোবোৰকেই পুনৰ ব্যৱহাৰৰ উপযোগী কৰি গঢ়ি তুলিব পাৰি।
(খ) লেন্সৰ সহায়ত ওপৰৰ প্ৰশ্নটোত সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰ চোৱা। তোমালোকে পুনৰাবৰ্তিত কাগজৰ আৰু এখিলা নতুন কাগজৰ টুকুৰাৰ মাজত কিবা পাৰ্থক্য দেখাছানে ?
উত্তৰ— পুনৰাবৰ্তিত কাগজৰ উপৰিভাগ খহটা কিন্তু নতুন কাগজৰ উপৰিভাগ মিহি।
প্ৰশ্ন ৫। (ক) বিভিন্ন ধৰনৰ টোপোলা বন্ধা কাগজ বা সামগ্ৰী সংগ্ৰহ কৰা । কোনবিধক কি উদেশ্যত ব্যৱহাৰ কৰা হৈছিল দলত আলোচনা কৰা ।
উত্তৰ— উপহাৰ বন্ধা কাগজ, পুৰণা খবৰ কাগজ ইত্যাদি।
(খ) যিবো বস্তু সাধাৰনতে টোপোলা নাবান্ধিলেও হয় তাৰ উদাহৰন দিয়া।
উত্তৰ— জোতা, কাপোৰ, পুতলা ইত্যাদি।
(গ) কেনেদৰে টোপোলা বন্ধাৰ বাবে আৱৰ্জনাৰ বৃদ্ধি হয় বৰ্ণনা কৰা ।
উত্তৰ— টোপোলা বান্ধিবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ পাছত পেলাই দিয়া হয় । সৰহ ক্ষেত্ৰতে দেখা যায় যে সামগ্ৰী দেখনিয়াৰ কৰিবলৈহে টোপোলা বন্ধা হয় । উদাহৰণ স্বৰূপে , জন্মদিন, বিয়াৰ উপহাৰ টোপোলা আদি জকমকীয়া কাগজ, প্লাষ্টিকৰ ৰছি আদিৰে বন্ধা হয় । এইবোৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণো থাকে । পাছত এইবোৰ ডাষ্টবিনত পেলাই দিয়া হয় । এনেদৰেই টোপোলা বন্ধাৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰে আৰ্বজনা বৃদ্ধিত সহায় কৰে।
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
প্ৰশ্ন ৬। ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি তোমালোকে ভাবানে? কিয় ভাবা?
ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি ভাবো, কাৰন-
উত্তৰ— ১) পচন সাৰ প্ৰস্তুত কৰিবলৈ তেনেই সহজ । ইয়াক কম খৰচত ঘৰতে প্ৰস্তুত কৰিব পাৰি আৰু ই অপকাৰী নহয় । অন্যহতে, ৰাসায়নিক সাৰ প্ৰস্তুত কৰোতে বহু খৰচ হয় আৰু ই অপকাৰী ।
২) পচন সাৰে মাটিৰ গঠন আৰু উৰ্বৰতা বজাই ৰাখে । অন্যহতে ৰাসায়নিক সাৰে মাটিৰ প্ৰাকৃতিৰ গঠন বিনষ্ট কৰে আৰু মানৱ দেহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ।
জানো আহা (Class 6 Science Chapter 16)
সাৰাংশ
- জাবৰ পেলোৱাৰ পিটলি এনে এখন ঠাই য’ত চহৰ বা নগৰৰ পৰা আৱৰ্জনাবোৰ সংগ্ৰহ কৰি আনি দ’ম কৰা হয়। পিছত এই ঠাই পাৰ্কলৈ পৰিৱৰ্তিত কৰা হয়।
- উদ্ভিদ আৰু প্ৰাণীৰ লগতে পাকঘৰৰ পৰা পোৱা বৰ্জিত দ্ৰব্যবোৰ প্ৰাকৃতিক সাৰলৈ ৰূপান্তৰিত কৰাকে পচন সাৰ প্ৰস্তুতকৰণ বোলা হয়।
- ৰঙা কেঁচু ব্যৱহাৰ কৰি যি পদ্ধতিৰ দ্বাৰা পাকঘৰৰ আবৰ্জনাবোৰৰ পৰা পচন সাৰ প্ৰস্তুত কৰা হয় তাকে কেঁচুসাৰ প্ৰস্তুতকৰণ বোলা হয়।
- প্ৰয়োজনীয় সামগ্ৰী পাবৰ বাবে কাগজক পুণৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি।
- পচন প্ৰক্ৰিয়াৰ দ্বাৰা প্লাষ্টিকক কম অপকাৰী বস্তুলৈ পৰিৱৰ্তিত কৰিব নোৱাৰি।
- আমি আৱৰ্জনা কমকৈ সৃষ্টি কৰিব লাগে আৰু আমাৰ চৌপাশে বৃদ্ধি হৈ অহা জাবৰ-জোঁথৰবোৰৰ পৰিমাণ কেনেদৰে কমাব পাৰি তাৰ ব্যৱস্থাৰ কথা ভাবিব লাগে।
মূল শব্দ (Class 6 Science Chapter 16)
পেলনীয়া বস্তু | waste |
আৱৰ্জনা বা জাবৰ-জোথঁৰ | Garbage |
জাবৰ পেলোৱা ঠাই (পিটনি) | Land fill |
পচন সাৰ | Compost |
কেঁচুসাৰ প্ৰস্তুতকৰণ | Vermicomposting |
পুনৰাৱৰ্তন | Recycling |