Class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী

SCERT class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী question answer free study material and class notes available here for free. So, if you are looking for class six social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 1 “সৌৰজগতত আমাৰ পৃথিৱী” Lesson 1 free notes.

সৌৰজগতত আমাৰ পৃথিৱী

পাঠ নং ১

অনুশীলনী :

প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা

(ক) সৌৰজগত বুলিলে কি বুজা ?

উত্তৰ— সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য, গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে।

(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।

উত্তৰ— সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰ হৈছে- বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন।

(গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা

উত্তৰ— সূৰ্য এটা অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ আনুমানিক বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য সকলো শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত জীৱন-ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সাল সলনি এই সকলোবোৰৰ প্ৰধান কাৰণ হৈছে সূৰ্য।

প্ৰশ্ন (২) উত্তৰ দিয়া

(ক) নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?

উত্তৰ— নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক নক্ষত্ৰ বোলে।

(খ) ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে?

উত্তৰ— ৰাতিৰ আকাশত গ্ৰহবোৰক সূৰ্যৰ পোহৰে পোহৰাই ৰাখে।

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ— আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য ।

(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়?

উত্তৰ— ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা পিণ্ড বুলি জনা যায়।

প্ৰশ্ন (৩) পাঠৰ চিত্ৰ-১.৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাclass 6 social science chapter 1

(ক) সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰ— সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন।

(খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ— ইউৰেনাচ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত

(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ— সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান তৃতীয় স্থানত ।

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ— সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি।

(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?

উত্তৰ— গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহ দুটাৰ মাজত দেখা যায়

প্ৰশ্ন (৪) শুদ্ধ উত্তৰটো লিখা

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?

(১) বুধ     (২) শুক্ৰ     (৩) মঙ্গল     (৪) শনি

উত্তৰ— (২) শুক্ৰ

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ’ল-

(১) ধূমকেতু    (২) গ্ৰহাণুপুঞ্জ     (৩) উপগ্ৰহ    (৪) নক্ষত্ৰ

উত্তৰ— (১) ধূমকেতু

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

অন্যান্য প্ৰশ্ন (Class 6 Social Science Chapter 1)

(ক) পৃথিৱীৰ বয়স কিমান?

উত্তৰ— পৃথিৱীৰ আনুমানিক বয়স প্ৰায় ৪৫০০ নিযুত বছৰ।

(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰ— পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন, ৫ ঘন্টা, ৪৮ মিনিট, ৪৫-৪৭ চেকেণ্ড সময় লাগে।

(গ) শুক্ৰ গ্ৰহৰ আন এটা নাম কি?

উত্তৰ— শুক্ৰ গ্ৰহৰ আন এটা নাম পুৱতি ভোটা তৰা বা সাঁজ ভোটা তৰা।

(ঘ) আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই কোন চনত প্লুটোক বাওনা গ্ৰহ হিচাপে ঘোষণা কৰিছিল?

উত্তৰ— আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই ২০০৬ চনৰ চেপ্তেম্বৰ মাহত প্লুটোক বাওনা গ্ৰহ হিচাপে ঘোষণা কৰিছিল।

(ঙ) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি?

উত্তৰ— পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ।

(চ) চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ কোন?

উত্তৰ— নীল আৰ্মষ্টং ।

(ছ) ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহৰ নাম লিখা।

উত্তৰ— ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ হ’ল- ইনছাট(INSAT), আই আৰ এছ(IRS), এডুছেট(EDUSAT)।

(জ) পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান?

উত্তৰ— পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব ১৪৯,৫৯৭,৯০০ কিঃমিঃ ।

(ঝ) গ্ৰহ আৰু নক্ষত্ৰৰ এটা পাথৰ্ক্য লিখা।

উত্তৰ— গ্ৰহৰ নিজা পোহৰ নাই, কিন্তু নক্ষত্ৰৰ নিজা পোহৰ আছে।

(ঞ) আমাৰ সৌৰজগত কোন তাৰকাৰাজ্যৰ অন্তৰ্গত?

উত্তৰ— আমাৰ সৌৰজগত হাতীপটি তাৰকাৰাজ্যৰ অন্তৰ্গত।

(ট) সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো?

উত্তৰ— বৃহস্পতি গ্ৰহ।

প্ৰশ্ন খালি ঠাই পূৰ কৰা।

১) ——— গ্ৰহৰ ঘুৰণ অন্য গ্ৰহৰ ওলোটা, পূবৰপৰা পশ্চিমলৈকেহে ঘূৰে।

উত্তৰ— শুক্ৰ গ্ৰহৰ ঘুৰণ অন্য গ্ৰহৰ ওলোটা, পূবৰপৰা পশ্চিমলৈকেহে ঘূৰে।

২) ——— সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ।

উত্তৰ— শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ।

৩) উপগ্ৰহবোৰৰ নিজা ——— আৰু তাপ নাই।

উত্তৰ— উপগ্ৰহবোৰৰ নিজা পোহৰ আৰু তাপ নাই।

চমু উত্তৰ দিয়া:

(ক) গ্ৰহ আৰু উপগ্ৰহৰ মাজত এটা পাৰ্থক্য লিখা।

উত্তৰ— গ্ৰহে সূৰ্য বা আন নক্ষত্ৰৰ চাৰিওফালে পদক্ষিণ কৰে আনহাতে উপগ্ৰহে গ্ৰহৰ চাৰিওফালে পদক্ষিণ কৰে। গ্ৰহৰ তুলনাত উপগ্ৰহৰ আকাৰ সৰু।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close